গ্ৰীণ টী: এক প্ৰকাৰৰ চাহ

গ্ৰীণ টী বা সেউজ চাহ হৈছে এক প্ৰকাৰৰ চাহ। ইয়াক কেমেলিয়া চাইনেনচিছৰ (Camellia sinensis) অ'লং চাহ আৰু ৰঙা চাহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শুষ্ককৰণ আৰু অক্সাইড প্ৰক্ৰিয়া প্ৰয়োগ নকৰা পাত আৰু কোঁহৰ পৰা প্ৰস্তুত কৰা হয়। গ্ৰীণ টীৰ উৎপত্তি হৈছিল চীন দেশত, আৰু তেতিয়াৰে পৰা ইয়াৰ উৎপাদন পূব এছিয়াৰ আন দেশসমূহলৈ বিয়পি পৰিছে।

গ্ৰীণ টী বা সেউজ চাহ
গ্ৰীণ টী: ইতিহাস, উৎপাদন, তথ্য সংগ্ৰহ
প্ৰকাৰ চাহ
উৎপত্তিৰ দেশ চীন
ৰং সেউজীয়া
আনুষংগিক পণ্য চাহ

গ্ৰীণ টীৰ বিভিন্ন প্ৰকাৰ আছে। এইসমূহ C. sinensis-ৰ প্ৰকাৰ, বৃদ্ধিৰ অৱস্থা, উদ্যান কৃষি পদ্ধতি, উৎপাদন প্ৰক্ৰিয়া, আৰু শস্য সংগ্ৰহ কৰাৰ সময়ৰ ওপৰত আধাৰিত।

গ্ৰীণ টীৰ একমাত্ৰ দুটা প্ৰধান উপাদান হ'ল "কেটচিনছ" আৰু "থিয়েনিন," আৰু এই উপাদানসমূহে স্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱে জাপান আৰু বিদেশত যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছে।

ইতিহাস

চাহ খোৱাৰ উৎপত্তি হৈছিল চীনদেশৰ কিংবদন্তি সম্ৰাট শ্বেন্নঙৰ ৰাজত্বকালত।

৬১৮-৯০৭ খ্ৰীষ্টাব্দত (টাং ৰাজবংশ) লু য়ুৰ দ্বাৰা ৰচিত 'দ্য ক্লাছিক অৱ টী' নামৰ গ্ৰন্থখন গ্ৰীণ টীৰ ইতিহাসত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

কৰ্কট ৰোগ

ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰি গুণাগুণৰ ওপৰত ভিত্তি কৰি গ্ৰীণ টীয়ে "কোষৰ ক্ষতি" প্ৰতিৰোধ কৰি কৰ্কট ৰোগৰ বিকাশ আৰু বৃদ্ধি প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হৈছে।

ওজন হ্ৰাস

এই বিষয়ে কোনো উপযুক্ত প্ৰমাণ নাই যে গ্ৰীণ টীয়ে ওজন হ্ৰাস বা ওজন ধৰি ৰখাত সহায় কৰে।

উৎপাদন

২০১৩ চনত, সমগ্ৰ বিশ্বৰ গ্ৰীণ টীৰ উৎপাদন আছিল প্ৰায় ১.৭ নিযুত টন। ২০২৩ চনৰ ভিতৰত ইয়াৰ পৰিমাণ দুগুণ হ'ব বুলি আশা কৰা হৈছিল। ২০১৫ চনলৈকে চীনে বিশ্বৰ ৮০% গ্ৰীণ টীৰ যোগান ধৰিছিল। ইয়াৰ ফলত গ্ৰীণ টীৰ ৰপ্তানি বছৰি ৯% বৃদ্ধি পায়। ২০১৫ চনত চীনৰ পৰা ৩২৫,০০০ টন সেউজ চাহ ৰপ্তানি কৰা হৈছিল। ২০১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ চীনৰ গ্ৰীণ টীৰ (৬,৮০০ টন) সৰ্ববৃহৎ আমদানিকাৰী আছিল আৰু ই ২০১৪ চনৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছিল। ব্ৰিটেইনে ১,৯০০ টন আমদানি কৰিছিল যি আছিল ২০১৪ চনৰ তুলনাত ১৫ শতাংশ অধিক।

তথ্য সংগ্ৰহ

Tags:

গ্ৰীণ টী ইতিহাসগ্ৰীণ টী উৎপাদনগ্ৰীণ টী তথ্য সংগ্ৰহগ্ৰীণ টীৰঙা চাহ

🔥 Trending searches on Wiki অসমীয়া:

পাণবাৰী মছজিদভাস্কৰ (প্ৰথম)কাৰেংঘৰতেজপুৰআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিসংস্কৃতিপ্ৰশান্ত মহাসাগৰঅস্বাভাৱিক মনোবিজ্ঞানভাৰতীয় মহাকাশ গৱেষণা সংস্থাআইজাক নিউটনসত্যনাথ বৰাঅসমীয়া উপন্যাসভূমি প্ৰদূষণভাৰতৰ নিৰ্বাচন আয়োগআফগানিস্তানসম্পাদনাযাদৱ পায়েংসংক্ৰমণজন গণ মননিৰুপমা বৰগোহাঞিশ্ৰী শ্ৰী বটদ্ৰৱা থানচন্দ্ৰকুমাৰ আগৰৱালামহেন্দ্ৰ বৰাজ্যোতিপ্ৰসাদ ৰচনাৱলীপৃথুসংগীতবিহু নৃত্যঢেঁকীদীৰ্ঘেশ্বৰী দেৱালয়বিশেষ্য পদভাওনাসাহিত্যৰঘুনাথ চৌধাৰীদুৰ্যোগঅপাৰেটিং চিষ্টেমখ্ৰীষ্টান ধৰ্মঅসমৰ ৰেচম শিল্পভাৰতীয় জাতীয় কংগ্ৰেছঅনিৰুদ্ধদেৱৰামমাৰ্ঘেৰিটা মহকুমামানৰ অসম আক্ৰমণঅসমীয়া লোক-সংস্কৃতিশেৱালি ফুলঅৰুণোদইঅসমৰ সত্ৰসমূহৰ তালিকাঅসমত দেখা চৰাইবোৰশিৱসাগৰ জিলাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাg987zতাল (বাদ্যযন্ত্ৰ)হুমায়ুনৰ সমাধিক্ষেত্ৰপ্ৰতিমা (কাব্য গ্ৰন্থ)ৰাষ্ট্ৰসংঘ দিৱসঅসমৰ শাক-পাচলিৰ তালিকাইন্দিৰা মিৰিমানুহব্যষ্টিবাদী অৰ্থনীতিদ্বিতীয় বিশ্বযুদ্ধচ্যু-কা-ফাগদ্যধৰ্মকলিতা জনগোষ্ঠীশীতল যুদ্ধডিগবৈ তেল শোধনাগাৰভাইৰাছপুঁজিবাদইণ্টাৰনেটঅসমীয়া লিপিৰ বুৰঞ্জীমাঘ বিহুমাইলছ ব্ৰনছনভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাহৰপ্পাআনন্দৰাম ঢেকিয়াল ফুকন🡆 More