গজেন্দ্ৰ মোক্ষ (সংস্কৃত: गजेन्द्रमोक्षः) অথবা গজেন্দ্ৰৰ মুক্তি হিন্দু ধৰ্মৰ পৱিত্ৰ ধৰ্মশাস্ত্ৰ ভাগৱত পুৰাণৰ অষ্টম স্কন্ধত বৰ্ণিত এক আখ্যান। ভগৱান বিষ্ণুৰ সৈতে জড়িত প্ৰখ্যাত আখ্যানসমূহৰ ভিতৰত গজেন্দ্ৰ মোক্ষও অন্যতম। এই খণ্ডটিত, ভগৱান বিষ্ণুৱে গজেন্দ্ৰ নামৰ হাতীটোক এটা ঘঁৰিয়ালৰ হাঁতোৰাৰ পৰা ৰক্ষা কৰিবলৈ মৰ্ত্যলৈ নামি আহিছিল। এই ঘঁৰিয়ালটোক মকৰ বা হুহু নামেৰেও জনা যায়। গজেন্দ্ৰই বিষ্ণুৰ সাহায্যত মোক্ষ অৰ্থাত জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰিছিল। ইয়াৰ পিছত গজেন্দ্ৰই দেৱতাৰ দৰে ৰূপ লাভ কৰি বিষ্ণুৰ সৈতে বৈকুণ্ঠলৈ গমন কৰিলে।
এই আখ্যানটো ৰজা পৰীক্ষিতক শুক মুনিয়ে বৰ্ণনা কৰি শুনাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মূল পুৰাণৰ আধাৰত এই কাহিনীটো অসমীয়াত গজেন্দ্ৰ উপাখ্যান শীৰ্ষক গ্ৰন্থত লিপিবদ্ধ কৰিছিল।
এটা সময়ত গজেন্দ্ৰ নামৰ এটা হাতীয়ে বৰুণৰ দ্বাৰা সৃষ্ট এখন উদ্যানত বাস কৰিছিল। এই উদ্যানখন ত্ৰিকূট পৰ্বত প্ৰবত নামেৰে জনাজাত তিনিটা চূড়াৰ প্ৰবতত আছিল, আৰু গজেন্দ্ৰই তাত আন আন হাতীসমূহক শাসন কৰিছিল। সচৰাচৰ দিনবোৰৰ দৰেই এদিনাখন গজেন্দ্ৰ ভগৱান বিষ্ণুৰ উপাসনাত আগবঢ়োৱাৰ উদ্দেশ্যে পদুম ফুল ছিঙিবলৈ ওচৰৰে এটা হ্ৰদলৈ গৈছিল। সেই হ্ৰদতে বাস কৰা এটা ঘঁৰিয়ালে হঠাতে গজেন্দ্ৰক আক্ৰমণ কৰিলে আৰু তাৰ ঠেঙত ধৰি টানিবলৈ ধৰিলে। গজেন্দ্ৰই বহু সময় ধৰিও ঘঁৰিয়ালৰ হাঁতোৰাৰ পৰা মুকলি হ'বলৈ চেষ্টা কৰিও পৰা নাছিল। গজেন্দ্ৰৰ পৰিয়ালৰ সকলো সদস্য, আত্মীয়-কুটুম্ব আৰু বন্ধু-বান্ধৱ গোট খাই সহায় কৰিবলৈ চেষ্টা চলাইও ব্যৰ্থ হ'ল, ঘঁৰিয়ালটোৱে গজেন্দ্ৰক কোনোধৰণেই এৰি নিদিয়ে। তেওঁলোকে যেতিয়া উপলব্ধি কৰিলে যে গজেন্দ্ৰৰ মৃত্যু সমাগত, তেওঁলোকে তাক তাতে এৰি গুছি গ'ল। গজেন্দ্ৰই যন্ত্ৰণাত অসহায় হৈ কাতৰভাৱে চিঞৰিবলৈ ধৰিলে। এই সংগ্ৰামৰ যেন কোনো শেষ নাছিল। দেহৰ শেষ বিন্দু শক্তিও নোহোৱা হোৱাত গজেন্দ্ৰই এপাহ পদুম ফুল বায়ুতে উৰ্ধমুখী কৰি উতসৰ্গা কৰি ভগৱান বিষ্ণুলৈ আগবঢ়াই তাক উদ্ধাৰ কৰিবলৈ আহ্বান জনালে।
ভগৱান বিষ্ণুয়ে তেওঁৰ ভক্তৰ আহ্বান আৰু প্ৰাৰ্থনা শুনি ততাতৈয়াকৈ সেই স্থানত আহি উপস্থিত হ'ল। গজেন্দ্ৰই যেতিয়া তাৰ উপাস্য্য দেৱতা অহা দেখিলে, তেতিয়া নিজৰ শুৰেৰে এপাহ পদুম ওপৰলৈ তুলি ধৰিলে। এই দৃশ্য দেখি বিষ্ণু প্ৰসন্ন হ'ল আৰু তেওঁৰ সূদৰ্শন চক্ৰৰ দ্বাৰা ঘঁৰিয়ালটোত বশ কৰিলে। গজেন্দ্ৰই ভগৱানৰ সম্মুখত সাষ্টাংগে প্ৰণিপাত কৰি নিজকে সমৰ্পণ কৰিলে। বিষ্ণুয়ে গজেন্দ্ৰক ক'লে যে, পূৰ্বৰ এক জন্মত গজেন্দ্ৰ প্ৰখ্যাত ৰজা ইন্দ্ৰদ্যুম্ন আছিল। ইন্দ্ৰদ্যুম্ন বিষ্ণুৰ মহান সেৱক আছিল যদিও, এবাৰ মহাঋষি অগস্ত্যৰ প্ৰতি দেখুওৱা অসন্মানৰ বাবে মুনিৰ কোপত পৰিল। অগস্ত্যই তেতিয়া ইন্দ্ৰদ্যুম্নক পিছৰ জন্মত হাতী হিচাপে পুনৰজনম ল'বলৈ শাপ দিলে।
যিহেতু ইন্দ্ৰদ্যুম্ন বিষ্ণুৰ উপাসক আছিল, ভগৱানে তেওঁক গজেন্দ্ৰ হিচাপে জন্ম দিয়ালে আৰু অনুধাৱন কৰোৱালে যে, স্বৰ্গ আৰু উৰ্ধ্বলোকৰ উপৰিও কৈৱল্য নামৰ এক দেৱতাসকলৰ পৰিধিৰ এক মনোজগত আছে। ইন্দ্ৰদ্যুম্নই যেতিয়া তেওঁৰ গজেন্দ্ৰ ৰূপৰ জৰিয়তে নিজৰ সকলো অহংকাৰ, শংকা, আৰু সন্দেহ পৰিত্যাগ কৰি বিষ্ণুৰ চৰণক নিজকে সমৰ্পন কৰিলে, তেতিয়া তেওঁ মোক্ষ লাভ কৰিবলৈ সমৰ্থ হ'ল।
এই উপলক্ষত গজেন্দ্ৰই বিষ্ণুৰ উপাসনাৰ বাবে আগবঢ়োৱা প্ৰাৰ্থনাভাগ "গজেন্দ স্তুতি" নামেৰে এক প্ৰখ্যাত স্তুতিত পৰিণত হ'ল।
शुक्लांबरधरं विष्णुं शशि वर्णं चतुर्भुजं।
प्रसन्न वदनं ध्यायेत सर्व विघ्नोपशान्तये॥
পূৰ্বজন্মত গজেন্দ্ৰ ইন্দ্ৰদ্যুম্ন ৰজা আছিল, আৰু তেওঁ ভগৱান বিষ্ণুৰ একনিষ্ঠ সেৱক আছিল। এদিনাখন, মহাঋষি অগস্ত্য ৰজাক দেখা কৰিবলৈ আহিছিল। কিন্তু ইন্দ্ৰদ্যুম্নই মুনিক সম্ভাষণ জনাবৰ বাবে উপযুক্ত সন্মান প্ৰদৰ্শন কৰিব নোৱাৰিলে। ৰজা ইন্দ্ৰদ্যুম্ন নিজৰ আসনতে আসীন থাকিল। এই কথাত অগয্ত্য মুনি ৰুস্ত হ'ল আৰু তেওঁ উপলব্ধি কৰিলে যে, ৰজা ইন্দ্ৰদ্যুম্ন নিজৰ সতকৰ্মৰ জৰিয়তে মহানতাৰ পৰিচয় দিছিল যদিও তেওঁৰ মাজত অহংকাৰ বা অহস্মমতাৰ বীজ তেতিয়াও ৰোপিত আছিল। মুনিয়ে তেতিয়া ৰজা ইন্দ্ৰদ্যুম্নক শাও দিলে যে, পিছৰ জনমত তেওঁ এটা হাতী হিচাপে জন্ম ল'ব, আৰু সেই জন্মতেই তেওঁ কঠিন বাস্তৱৰ সৈতে মুখামুখি হৈ আত্ম-অহংকাৰ ত্যাগ কৰি ভগৱন্তৰ ওচৰত নিজকে সঁপি দিব।
ঘঁৰিয়ালটো তাৰ পূৰ্বজন্মত হুহু নামৰ গন্ধৰ্ৱ ৰজা আছিল। ঋষি দেৱলা এবাৰ তেওঁক দৰ্শন দিবলৈ আহিছিল। তেওঁ আৰু ঋষিয়ে স্নান কৰি থকা অৱস্থাত ঋষিয়ে সূৰ্য দেৱতাক স্তুতি-অৰ্চনা কৰি থাকোঁতে ৰজাই ধেমালি কৰিবৰ নিমিত্তে ঋষিৰ ভৰিত ধৰি টানিছিল। এই কথাত ক্ৰোদ্ধান্বিত হৈ ঋষিয়ে গন্ধৰ্ৱ ৰাজক পিছৰ জন্মত ঘঁৰিয়ালৰ ৰূপ লৈ জন্ম ল'বলৈ শাও দিলে। ৰজাই নিজৰ ভুল বুজি পাই ঋষিক ক্ষমা প্ৰাৰ্থনা কৰিলে। ঋষি দেৱলাই তেতিয়া ৰজাক ক'লে, সেই শাপ উঠাই লোৱা সম্ভৱ নহয়। তথাপিও তেওঁক এইবুলি আশিস প্ৰদান কৰিলে যে, ভগৱান বিষ্ণুৱে সেই ঘঁৰিয়ালক নিধন কৰি তেওঁঅ জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি প্ৰদান কৰিব।
গজেন্দ্ৰৰ কাহিনীভাগ বৈষ্ণৱবাদৰ এক অভিন্ন সাৰবস্তু আৰু ইয়াৰ এক মহত প্ৰতীকি মূল্য আছে: গজেন্দ্ৰ হৈছে মানৱ, ঘঁৰিয়ালটো পাপ আৰু হ্ৰদটোৰ বোকাময় পানী হৈছে পাৰ্থিৱি সংসাৰ।
এই আখ্যানটোৰ প্ৰতীকি অৰ্থ হৈছে যে, এই সংসাৰৰ পাৰ্থিৱ মোহ-মায়া, অজ্ঞানতা আৰু পাপে এই ধৰাত এক অন্তবিহীন কৰ্মৰ শৃংখল সৃষ্টি কৰে, আৰু ই পংকিল পুখুৰীত আৱদ্ধ হাতীক ঘঁৰিয়ালে চিকাৰ হিচাপে আক্ৰমণ কৰাৰ সৈতে ৰিজোৱা হৈছে। মানুহ মৃত্যু আৰু পুনৰ-জন্মৰ এক অৱিছিন্ন চক্ৰত এইদৰেই আৱৰ্তিত হৈ থাকে। এই ধৰাৰ পাৰ্থিৱ ধাৰণাৰ সকলোখিনিৰে পৰা মুক্ত হৈ মানুহে যেতিয়া চাবলৈ সামৰ্থ্য অৰ্জন কৰে, আৰু পৰমপুৰুষ বিষ্ণুৰ ওচৰত নিজকে সমৰ্পন কৰে তেতিয়াহে এই চক্ৰৰ পৰা মুক্তি পাবলৈ সক্ষম হয়।
This article uses material from the Wikipedia অসমীয়া article গজেন্দ্ৰ মোক্ষ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.