গ'ল্ডেন গ্ল'ব বঁটা

গ'ল্ডেন গ্ল'ব বঁটা হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ ৯৩ জন সদস্যই দেশী বা বিদেশী চলচ্চিত্ৰ আৰু টেলিভিজন প্ৰগ্ৰেমৰ ক্ষেত্ৰত উৎকৰ্ষৰ বাবে প্ৰদান কৰা এক বাৰ্ষিক বঁটা। বঁটাসমূহ প্ৰদান কৰা অনুষ্ঠান আৰু আহাৰগ্ৰহণ চলচ্চিত্ৰ উদ্যোগৰ বাৰ্ষিক বঁটা চিজনৰ এক উল্লেখযোগ্য পৰ্ব যি প্ৰতিবছৰে একাডেমী বঁটাৰ প্ৰদানেৰে সামৰণি পৰে।

গ'ল্ডেন গ্ল'ব বঁটা
Current: ৭০তম গ'ল্ডেন গ্ল'ব বঁটা
গ'ল্ডেন গ্ল'ব বঁটা
গ'ল্ডেন গ্ল'ব প্ৰতিমূৰ্তি
বিৱৰণ চলচ্চিত্ৰ আৰু টেলিভিজনৰ ক্ষেত্ৰত উৎকৰ্ষ
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰদান কৰোঁতা হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচন (১৯৪৩ চনৰ পৰা)
প্ৰতিষ্ঠা ১৯৪৩
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ১৯৪৪
ৱেবচাইট GoldenGlobes.org

প্ৰথম গ'ল্ডেন গ্ল'ব বঁটা প্ৰদান অনুষ্ঠান ১৯৪৪ চনত টুৱেণ্টীথ চেঞ্চুৰী ফক্স ষ্টুডিঅ'ত অনুষ্ঠিত হৈছিল। ১৯৬১ চনৰ পৰা এই অনুষ্ঠান বেভাৰ্লী হিল্‌ছ, কেলিফৰ্নিয়াৰ বেভাৰ্লী হিল্টন হোটেলত অনুষ্ঠিত হৈ আহিছে আৰু ২০১২ চনৰ বঁটাও ২০১৩ চনৰ ১৩ জানুৱাৰীত ইয়াতে প্ৰদান কৰা হৈছিল।

ইতিহাস

১৯৪৩ চনত কেইজনমান লেখকে গোট খাই "হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচন" গঠন কৰে আৰু গ'ল্ডেন গ্ল'ব নামৰ এটা বঁটা আৰম্ভ কৰাৰ সিদ্ধন্ত লয়। আজিকালি তেওঁলোকে চলচ্চিত্ৰ বিপণনত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ১৯৪৩ চনৰ চলচ্চিত্ৰসমূহৰ শ্ৰেষ্ঠতা বিচাৰৰ বাবে প্ৰথম গ'ল্ডেন গ্ল'ব বঁটা প্ৰদান অনুষ্ঠান ১৯৪৪ চনত টুৱেণ্টীথ চেঞ্চুৰী ফক্স ষ্টুডিঅ'ত অনুষ্ঠিত হৈছিল। পিছলৈ এই স্থান সলনি কৰা হৈছিল আৰু বেভাৰ্লী হিল্‌ছ নাইবা হলিউড ৰ'জভেল্ট হোটেলত বঁটা প্ৰদান হৈছিল।

১৯৫০ চনত হলিউড প্ৰে'ছ এছ'চিয়েচনে মনোৰঞ্জন উদ্যোগলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে এক বিশেষ সন্মানীয় বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। এই বঁটাৰ বাবে মনোৰঞ্জন উদ্যোগত আন্তঃৰাষ্ট্ৰীয় খ্যাতি থকা ব্যক্তিক আওতালৈ আনি প্ৰথম বঁটাটো চেচিল বি ডিমিলিলৈ আগবঢ়োৱা হয়। ইয়াৰ পিছত বঁটাটোৰ আনুষ্ঠানিক নাম গ'ল্ডেন গ্ল'ব চেচিল ৱি ডিমিলি হৈ পৰে।

১৯৬৩ চনত মিছ্‌ গ'ল্ডেন গ্ল'বৰ ধাৰণা আৰম্ভ হয়। প্ৰথম বৰ্ষত চলচ্চিত্ৰ আৰু টেলিভিজনৰ বাবে দুটা মিছ্‌ গ'ল্ডেন গ্ল'ব ঘোষণা কৰা হয়। বঁটা প্ৰাপকসকল আছিল ইভা ছিক্স (অ'পাৰেচন বিকিনি আৰু বীচ্ছ পাৰ্টী বোলছবিৰ নায়িকা) আৰু ড'না ডগ্‌লাছ (বেভাৰ্লী হিলিবিলিজ টেলিভিজন চিৰিজ খ্যাত)।

২০০৯ চনত হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ লগত এবছৰীয়া সহযোগিতাৰে নিউ য়ৰ্ক ফাৰ্মে গ'ল্ডেন গ্ল'ব বঁটা প্ৰতিমূৰ্তিৰ ডিজাইনটো নতুন কৰা হয়। ইয়াক অনুষ্ঠানৰ পূৰ্বে বেভাৰ্লী হিল্টনত এক প্ৰে'ছ কন্‌ফাৰেন্সত উন্মোচন কৰা হয়।

বাৰ্ষিক অনুষ্ঠানৰ জৰিয়তে আহৰণ কৰা ৰাজহৰ একাংশ হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনে মনোৰঞ্জন উদ্যোগৰ লগত জড়িত দাতব্য প্ৰতিষ্ঠান, বা জলপানি আৰু বোলছবি-টেলিভিজনৰ ডেকা পেছাদাৰীলৈ আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত মুখ্য প্ৰাপক হৈছে য়ং আৰ্টিষ্ট এৱাৰ্ড। ১৯৭৮ চনত হলিউড ফৰেইন প্ৰে'ছ সদস্য ম'ৰিন ড্ৰেগনে প্ৰতিষ্ঠা কৰা "য়ং আৰ্টিষ্ট ফাউণ্ডেছনে" হলিউডত উৎকৰ্ষৰ পৰিচয় দিয়া ২১ বছৰ অনুৰ্ধ শিল্পী আৰু শাৰীৰিক/আৰ্থিকভাৱে বাধাগ্ৰস্ত শিল্পীক এই বঁটা প্ৰদান কৰ হয়।

তথ্যসূত্ৰ

বহিঃ সংযোগ

Tags:

একাডেমী বঁটাচলচ্চিত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

ব'হাগ বিহুব্যাকৰণপিঠাঅসমৰ শাক-পাচলিৰ তালিকাকিতাপডি এন এভাৰতৰ উপৰাষ্ট্ৰপতিফুল২৪ এপ্ৰিলনুৰ জাহান (মোগল সম্ৰাজ্ঞী)কছাৰী ৰাজ্যফাকে জনগোষ্ঠীপথেৰ পাঁচালীচুতীয়া ৰাজ্যপৃথুনামচিংবহল ব্যাকৰণবিহুৰ বাদ্যযন্ত্ৰচৰকাৰদামোদৰ দেৱপাৰ চৰাইভটিমাউপভাষাগণৰাজ্য দিৱস (ভাৰত)জলসিঞ্চনশ্বিলংখামটি জনগোষ্ঠীঅপৰিমেয় সংখ্যানীলমণি ফুকনৰ সম্পূৰ্ণ কবিতামহেশ্বৰ নেওগৰাজিয়া চুলতানামে ডাম মে ফিশব্দ প্ৰদূষণজুবিন গাৰ্গঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসম সাহিত্য সভা২৫ এপ্ৰিলবিশেষ শিক্ষাশাল গছমুগা (ৰেচম)আপংনেপোলিয়ন বোনাপাৰ্টবাৰেচহৰীয়া ভাওনা মহোৎসৱমই আৰু নেফাসমাজবাদকলাখাৰৰামায়ণমাজুলীমহেঞ্জোদাৰোৰসায়ন বিজ্ঞানসাম্যবাদী সমাজঅম্বিকাগিৰি ৰায়চৌধুৰীতথ্য জনাৰ অধিকাৰ আইন, ২০০৫বকুল ফুলৰ দৰে (গ্ৰন্থ)উগ্ৰতাৰা দেৱালয়উপনিষদযতীন্দ্ৰ নাথ দুৱৰাবহুকোষী জীৱএৰী ৰেচমমোহনদাস কৰমচান্দ গান্ধীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানৰাভা ভাষাচ'মাংকাননগাঁও জিলাযোৰহাট জিলাৰ ইতিহাসঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলভাৰতত মহিলা শিক্ষাকোকৰাঝাৰ (লোকসভা সমষ্টি)মৌখিক ইতিহাসব্ৰহ্মপুত্ৰ উপত্যকাঅসমত দেখা চৰাইবোৰমঙ্গলদৈ (লোকসভা সমষ্টি)🡆 More