কাতি বিহু: অসমৰ উৎসৱ

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়। কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।

কাতি বিহু
কঙালী বিহু
কাতি বিহু কঙালী বিহু
লখিমীক আদৰিবলৈ তুলসীৰ তলত কাতি বিহু উপলক্ষে জ্বলোৱা চাকি
পালন কৰে অসমীয়া সকলে
প্ৰকাৰ কৃষিভিত্তিক লোকউৎসৱ
তাৰিখ আহিন-কাতিৰ সংক্ৰান্তি
উদযাপন তুলসীৰ তলত চাকি জ্বলোৱা, পথাৰত চাকি দিয়া, লখিমী আদৰা, আকাশ বন্তি
কাতি বিহু: অসমৰ উৎসৱ
Kati Bihu
কাতি বিহু: অসমৰ উৎসৱ
কাতি বিহুৰ উপলক্ষত পৰম্পৰাগত ভাৱে ধাননি পথাৰত ঔটেঙাৰ চকলত চাকি দিয়াৰ পৰম্পৰা

লগতে চাওক

তথ্য উৎস

Tags:

অসমআকাশ বন্তিআহিনকাতি মাহতুলসীবিহু

🔥 Trending searches on Wiki অসমীয়া:

অনুৰাধা শৰ্মা পূজাৰীকলেৰামানস ৰাষ্ট্ৰীয় উদ্যানয়মহা মৃত্যুঞ্জয় মন্দিৰঅসমীয়া গদ্য-সাহিত্যৰ গতি-পথফেইচবুকভাৰতৰ হ্ৰদসমূহৰ তালিকাঅসম আৰক্ষীমৌখিক পৰম্পৰাপূৰ্ণ স্বৰাজকৰতল কমল কমল দল নয়নআয়ুৰ্বেদগান্ধী–আৰউইন চুক্তিকালিদাসমাছবৰষুণমাৰ্টিন লুথাৰ কিং, কনিষ্ঠপ্ৰহ্লাদ চৰিত্ৰইণ্ডোনেছিয়াঅসমত দেখা চৰাইবোৰকথা কবিতাঅনাভেদী যৌনক্ৰিয়াহীৰেন ভট্টাচাৰ্যচন্দ্ৰযান-৩অসমৰ জিলাসমূহকপিৰাইটমানৰ অসম আক্ৰমণভাৰতীয় জাতীয় কংগ্ৰেছমিচিং ভাষাশিক্ষাভাৰতীয় ভাষাঅসমীয়া ভাষা আন্দোলনভূপেন্দ্ৰ সংগীতসাধুকথাকবিতাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাবিশ্বব্ৰহ্মাণ্ডসিন্ধু সভ্যতাচকলংঘিলামৰাকুচিয়া মাছঅসমৰ বনৌষধিনাৰী সবলীকৰণধ্বনিতত্ত্বজোনাকী (আলোচনী)মৃণাল কলিতাজাপিবানপানীগোপীনাথ বৰদলৈমাৰ্ক্সবাদপলাশীৰ যুদ্ধবাঁহঅসমৰ সাহিত্যিকসকলৰ তালিকাঅসমৰ চিত্ৰকলাৰ ইতিহাসডিমাছা জনগোষ্ঠীলে'ভ লাণ্ডাউজয়মতী কুঁৱৰীফুলঅসম আন্দোলনঅসমৰ মহকুমাসমূহৰ তালিকাভূমিকম্পআৰুবাবায়ু প্ৰদূষণঅসমৰ চলচ্চিত্ৰআমেৰিকা যুক্তৰাষ্ট্ৰপাঠ্যক্ৰমৰোমান সাম্ৰাজ্যভাৰতৰ জলবায়ুকৃষ্ণকান্ত সন্দিকৈঅৰুণোদইহিমালয়শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰআগ্নেয়গিৰিউৎসৱবুঢ়ী আইৰ সাধু🡆 More