আকাশী গংগা জলপ্ৰপাত

আকশী গংগা অসমৰ নগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত এক জলপ্ৰপাত। লগতে এই অঞ্চলত ভালেসংখ্যক প্ৰত্নতাত্বিক ধ্বংসাৱশেষ পোৱা যায়। কালিকা পুৰাণতো এই অঞ্চলৰ উল্লেখ আছে বুলি জনা যায়।

ভৌগোলিক অৱস্থান

আকাশী গংগা জলপ্ৰপাত ডবকা-ডিমাপুৰ পথত অৱস্থিত। ই নগাঁও জিলাৰ পূব-দক্ষিণ দিশত ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই অঞ্চলৰ নিকটৱৰ্ত্তী ৰে'লৱে ষ্টেচনটো হৈছে চাপৰমুখ।

ইতিহাস

কিংবদন্তি অনুসৰি মহাদেৱৰ পত্নী সতীৰ পিতৃ দক্ষ ৰজাই মহাদেৱক নিজৰ যজ্ঞস্থলীত কৰা অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হয় আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰে। এনেদৰে ঘূৰি ফুৰোতে লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত তাত একোখন তীৰ্থস্থান গঢ়ি উঠিল। ইয়াৰে এটা অংশ আকাশী গংগাতো পৰা বুলি জনা যায়। লোকবিশ্বাস অনুসৰি, আকাশী গংগাই সৃষ্টি কৰা হ্ৰদটোত স্নান কৰিলে দেৱীৰ আশিস পোৱা যায়।

এই জলপ্ৰপাতৰ আশে পাশে শৈল মন্দিৰৰ ধ্বংসাৱশেষো পোৱা যায়। এইবোৰ দশম আৰু বাৰশ শতিকাৰ দুটা মন্দিৰৰ অৱশেষ বুলি জনা যায়। কালিকা পুৰাণত আকাশী গংগাক পীঠস্থান বুলি উল্লেখ কৰা হৈছে।

পৰ্যটন

আকাশী গংগা বৰ্তমান এক পৰ্যটনস্থলী হিচাপে খ্যাত। তদুপৰি সমগ্ৰ বছৰ জুৰি ইয়াত ভক্তৰ সমাগম দেখা পোৱা যায়। এই ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদো দেখা পোৱা যায়।

তথ্য সংগ্ৰহ

Tags:

আকাশী গংগা জলপ্ৰপাত ভৌগোলিক অৱস্থানআকাশী গংগা জলপ্ৰপাত ইতিহাসআকাশী গংগা জলপ্ৰপাত পৰ্যটনআকাশী গংগা জলপ্ৰপাত তথ্য সংগ্ৰহআকাশী গংগা জলপ্ৰপাতঅসমকালিকা পুৰাণজলপ্ৰপাতনগাঁও জিলা

🔥 Trending searches on Wiki অসমীয়া:

বুৰঞ্জী সাহিত্যনাৰী সবলীকৰণওৰাং ৰাষ্ট্ৰীয় উদ্যানসুতুলীগণিতমহা মৃত্যুঞ্জয় মন্দিৰমৃত্যুঞ্জয়হাজোকামৰূপী উপভাষাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপাইথাগোৰাছৰ উপপাদ্যপ্ৰাকৃতিক পৰিৱেশবিহুৰ খাদ্যঅসমৰ সমস্যাবৰাক উপত্যকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাপ্ৰাচীন গ্ৰীচপুঁজিবাদসোণোৱাল কছাৰীপৰিয়ালশৰাইঘাটৰ যুদ্ধৰুদ্ৰেশ্বৰ দেৱালয়অসমত দেখা চৰাইবোৰআলেকজেণ্ডাৰ ফ্লেমিংনৱ-বৈষ্ণৱ ধৰ্মঅসমৰ কাঁহ শিল্পবিশ্বকোষবুলু ফিল্মবব্ৰুবাহনৰ যুদ্ধআহোম ৰাজবংশযৌন সংগমবেদশিক্ষাকীৰ্তন ঘোষা সংকলনছোৱাইন ফ্লুমিৰি জীয়ৰীব্যৱস্থাপনাপৰিৱেশ তন্ত্ৰআলোচনীনীলমণি ফুকন (জ্যেষ্ঠ)মামৰে ধৰা তৰোৱালআহোম-মোগলৰ সংঘৰ্ষফাকুৱাবচন (ব্যাকৰণ)হিন্দী ভাষাটুক্ৰেশ্বৰী দেৱালয়নামঘৰৰাজনীতিভাৰতীয় শিল্পকলাপুথিভঁৰালবৰাইল পৰ্বতশকুন্তলা (চলচ্চিত্ৰ)ভটিমাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়জিএছটিসত্যনাথ বৰাআৱাহন (আলোচনী)অৰ্জুন ভঞ্জননৱগ্ৰহ মন্দিৰ, গুৱাহাটীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাবিহুগীতফকৰা যোজনাবতৰআত্মসহায়ক গোটমৌখিক ইতিহাসদেওপাহাৰমিয়া খলিফাআহোম জনগোষ্ঠীউমানন্দহৰপ্পা🡆 More