অসম জাতীয় পৰিষদ: ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল

অসম জাতীয় পৰিষদ চমুকৈ অজাপ (ইংৰাজী: Assam Jatiya Parishad) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল। অসমৰ দুটা জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰামৰ্শত কা আন্দোলনৰ পটভূমিত ৰাজনৈতিক অভিবৰ্তন দ্বাৰা গঠন কৰা হৈছে। শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কাম-কাজৰ বিৰোধিতা কৰি আৰু বিশেষকৈ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধী প্ৰতিবাদৰ ফলত এই দল অস্তিত্বলৈ আহিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি। ভাৰতৰ নিৰ্বাচন আয়োগে অসম জাতীয় পৰিষদক 'জাহাজ' চিহ্ন প্ৰদান কৰিছে। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত আৰু বৰ্তমান সাধাৰণ সম্পাদক জগদীশ ভূঞা। অসম জাতীয় পৰিষদে প্ৰথমবাৰ ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কিন্তু এই নিৰ্বাচনত জাতীয় পৰিষদে এখনো আসন পাবলৈ সক্ষম নহ'ল। দলৰ সভাপতি গৰাকীও এই নিৰ্বাচনত পৰাজিত হৈছিল।

অসম জাতীয় পৰিষদ
সভাপতি লুৰীণজ্যোতি গগৈ
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১৪ ছেপ্টেম্বৰ ২০২০ (2020-09-14) (৩ বছৰ পূৰ্বে)
মূখ্য কাৰ্যালয় ঘৰ নং ৩৩, প্ৰথম মহলা, লেম্ব ৰোড, গুৱাহাটী - ৭৮১০০১
ৰাজনৈতিক মতাদৰ্শ আঞ্চলিকতাবাদ
ৱেবছাইট assamjatiyaparishad.org

নিৰ্বাচনী প্ৰদৰ্শন

২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা কৰি একেলগে প্ৰতিদ্বন্দিতা কৰিছিল। এই দল হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা শাখা। আসন ভাগ-বতৰা চুক্তি অনুসৰি অসম জাতীয় পৰিষদে ৬৮ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৰাইজৰ দলে অসমৰ ২৯ খন আসনত প্ৰতিদ্বন্দিতা কৰে। এই নিৰ্বাচনত অসম জাতীয় পৰিষদৰ এজনো প্ৰাৰ্থী বিধানসভালৈ নিৰ্বাচিত হব নোৱাৰিলে।

তথ্য উৎস

Tags:

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদইংৰাজী ভাষাগুৱাহাটীজগদীশ ভূঞানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ভাৰতীয় জনতা পাৰ্টিলুৰিন জ্যোতি গগৈসদৌ অসম ছাত্ৰ সন্থা

🔥 Trending searches on Wiki অসমীয়া:

বড়োলেণ্ডবনফুলশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহৰাতি বিহুচকৰি ফেঁটী বুৰঞ্জীস্বাস্থ্যদৰং জিলাতামোলহেম বৰুৱাঅসমীয়া প্ৰতিদিনফলৰ তালিকাসমাজতত্ত্বফাকে জনগোষ্ঠীআজান পীৰপাইথেগাৰাছসমাজৰাষ্ট্ৰসংঘব্যষ্টিবাদী অৰ্থনীতিশ্ৰীমদ্ভগৱতগীতাঅন্নপ্ৰাশনখামটি ভাষাঅসমৰ লোকবাদ্যগণেশঅসমৰ পৰম্পৰাগত খেল-ধেমালিওজাপালিঅসমৰ পৰম্পৰাগত সাজ-পাৰশিশু সাহিত্যমদন কামদেৱ দেৱালয়সমোচ্চাৰিত শব্দভঠেলিযোৰহাট জিলাসত্ৰভাৰতৰ জাতীয় পতাকাসাহিত্যৰ সমাজতত্ত্বজোৰোণকেশৱ মহন্তধাতু আৰু অধাতুবিহুৰ খাদ্যবিহুৰ বাদ্যযন্ত্ৰসাত বিহুবতৰম’বাইল ফোনকানাই বৰশী বোৱা শিলালিপিঅসমীয়া খাদ্যাভ্যাসউত্তৰ-পূব ভাৰতঅংকীয়া নাটহীৰেন্দ্ৰ নাথ দত্তভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহভাস্কৰ (প্ৰথম)আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰভাৰত-চীন যুদ্ধশুৱালকুছিজল সংৰক্ষণভাৰতৰ স্বাধীনতা আন্দোলনযতীন গোস্বামীৰাণী লক্ষ্মীবাইৰাধাগোবিন্দ বৰুৱাপথেৰ পাঁচালীসংঘাতহেপাটাইটিছ বিহৃদযন্ত্ৰতগৰউত্তৰ গুৱাহাটীবিজ্ঞানএ পি জে আব্দুল কালামসংক্ৰমণব'হাগ বিহুবৌদ্ধ ধৰ্মঅভিধানসন্ধিঅসমৰ পোক - পৰুৱাসমাজবাদ🡆 More