অসমৰ বয়ন শিল্প

অসমৰ বয়ন শিল্প বা হস্ততাঁত শিল্প অসমৰ এক গুৰুত্বপূৰ্ণ কুটিৰ শিল্প। অসমৰ বাবে গৌৰৱৰ কথা যে ভাৰতৰ মুঠ ২৮ লাখ তাঁতশালৰ ১৩ লাখ তাঁতশাল অসমতে আছে। বেছিভাগ তাঁতশালেই ভৰিৰে চলোৱা হয়। বাণিজ্যিকভাৱে বস্ত্ৰ উৎপাদন কৰা শুৱালকুছিৰ একাংশ তাঁতশালহে যন্ত্ৰচালিত।

অসমৰ বয়ন শিল্প
তাঁতীশাল

ইতিহাস

প্ৰাচীন কালৰে পৰা ই অসমৰ এক পৰম্পৰাগত উদ্যোগ হিচাপে পৰিগণিত হৈ আহিছে। পূৰ্বতে অসমৰ মহিলাসকলে বয়ন শিল্পক তেওঁলোকৰ ঘৰুৱা জীৱনৰ অন্তৰ্গত এক কাম হিচাপে ধৰি লৈছিল। এই বয়ন শিল্পৰ যোগেদিয়েই অসমৰ নাৰীসকল ভাৰতৰ আন ঠাইতো বিখ্যাত হৈছিল। অসমৰ প্ৰতিঘৰত, বিশেষকৈ, গ্ৰাম্য অঞ্চলৰ ঘৰত একোখন হ'লেও তাঁতশাল থাকেই। কোনো মহিলাই ঘৰুৱা কামৰ পৰা খন্তেক আজৰি হ'লেই তাঁতশালত বহেগৈ আৰু পৰম্পৰাগত কাপোৰ বৈ উলিয়ায়।

বাণিজ্যিক দৃষ্টিকোণ

বয়নশিল্পৰ এক বৃহৎ বাণিজ্যিক ক্ষেত্ৰ আছে। কিন্তু অসমৰ হাতে বোৱা বস্ত্ৰশিল্প এই ৰাজ্যৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্কিত হৈ থাকিলেও, এই উদ্যোগ বাণিজ্যিক দিশত উপযুক্তভাৱে বিকশিত হৈ উঠা নাই। বৰ্তমান মাত্ৰ ২.৮০ লাখ তাঁতশালহে কাপোৰৰ বাণিজ্যিক উৎপাদনৰ লগত জড়িত হৈ আছে। আনহাতে আন প্ৰায় ৫.৭০ লাখ তাঁতশাল অৰ্ধ বাণিজ্যিকৰূপে নিয়োজিত। বাকীবোৰ হ'ল ঘৰুৱা তাঁতশাল আৰু ঘৰুৱা চাহিদা পূৰণ কৰিবৰ বাবেহে সেইবোৰ ব্যৱহাৰ কৰা হয়।

বিভিন্ন সঁজুলিসমূহ

তাঁতশালত ব্যৱহৃত সঁজুলিসমূহ এনেধৰণৰ-

  • যঁতৰ
  • সূতা
  • মহুৰা
অসমৰ বয়ন শিল্প 
মুগা সূতাৰে সৈতে এটা মহুৰা
  • উঘা(আজিকালি সাধাৰণতে ববিন ব্যৱহাৰ কৰে)
  • ববিন ফ্ৰেম
  • চেৰেকী
  • লেটাই
  • মাকো
  • টোলোঠা
  • চিৰি
  • হলি
  • খুঁটি
  • ৰাঁচ
  • ৰাঁচভৰা
  • দোৰপতি
  • নাচনী
  • কাণত দিয়া
  • পুতল
  • ফুলৰ কাঠি
  • ফুল বছা কাঠি
  • দাঙি মাৰি
  • ৰছী (বান্ধোনবোৰ দিবলৈ ব্যৱহৃত)

প্ৰকাৰ

তাঁতশাল দুই প্ৰকাৰৰ।

  1. তাঁতীশাল
  2. মাটিশাল

তাঁতীশাল

তাঁতীশালত মাকো হাতেৰে চলাবলগীয়া নহয়। সেইবাবে বোৱনত সোনকালে হয়। লগতে ৰাঁচখন ৰখাৰ ব্যৱস্থাটোও অলপ সুকীয়া। বাকী মাটিশালৰ সৈতে একেই। সাধাৰণতে কম সময়ত অধিক ববলৈ তাঁতীশাল বেছি উপযোগী।

মাটিশাল

গাঁৱৰ ঘৰে ঘৰে সততে পোৱা শালখনেই মাটিশাল‌। ইয়াত মাকো হাতেৰে মৰা হয় বাবে তাঁতীশালতকৈ অলপ সময় লাগে বোৱনত। শালখনৰ সজ্জাটোও তেনেই সাধাৰণ। সততে পোৱা সামগ্ৰীৰে ঘৰতে পাতি ল’ব পাৰি। ন শিকাৰুৰ বাবেও এইখন বেছি উপযোগী।

চিত্ৰভঁৰাল

অসমৰ বয়ন শিল্প 
কাঠেৰে নিৰ্মিত দুটা মাকো
কাঠেৰে নিৰ্মিত দুটা মাকো  
অসমৰ বয়ন শিল্প 
ৰঙা আঁঁচু সুঁঁতাৰ এটা মহুৰা
ৰঙা আঁঁচু সুঁঁতাৰ এটা মহুৰা  
অসমৰ বয়ন শিল্প 
তাঁঁতৰ ৰাঁঁচ
তাঁঁতৰ ৰাঁঁচ  
অসমৰ বয়ন শিল্প 
তাঁঁতৰ দীঘৰ সুঁতা বান্ধিবলৈ ব্যৱহৃত খুঁটি
তাঁঁতৰ দীঘৰ সুঁতা বান্ধিবলৈ ব্যৱহৃত খুঁটি  
অসমৰ বয়ন শিল্প 
নাচনী-জৰী
নাচনী-জৰী  
অসমৰ বয়ন শিল্প 
তাঁঁতৰ গৰকা
তাঁঁতৰ গৰকা  

তথ্য সূত্ৰ

Tags:

অসমৰ বয়ন শিল্প ইতিহাসঅসমৰ বয়ন শিল্প বাণিজ্যিক দৃষ্টিকোণঅসমৰ বয়ন শিল্প বিভিন্ন সঁজুলিসমূহঅসমৰ বয়ন শিল্প চিত্ৰভঁৰালঅসমৰ বয়ন শিল্প তথ্য সূত্ৰঅসমৰ বয়ন শিল্প

🔥 Trending searches on Wiki অসমীয়া:

দীনবন্ধু (চলচ্চিত্ৰ)চিপাহী বিদ্ৰোহ ১৮৫৭গোৱালপৰীয়া লোকগীতঅসমীয়া যুক্তাক্ষৰ১ মে'কীৰ্তন-ঘোষাএ পি জে আব্দুল কালামঅসমৰ ইতিহাসইষ্ট ইণ্ডিয়া কোম্পানীভাষাবিজ্ঞান উপক্ৰমণিকাসুতুলী২০২২ ফিফা বিশ্বকাপভক্তি ৰত্নাৱলীসৰ্বশিক্ষা অভিযানমৰুভূমিবাঁহ পূজাযতি-চিনকপৌ ফুলজ্যোতিপ্ৰসাদ আগৰৱালামণিৰাম দেৱানউষ্ণতাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকামৌৰ্য সাম্ৰাজ্যজৱাহৰ নৱোদয় বিদ্যালয়গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকাভাৰতৰ স্বাধীনতা আন্দোলনসাহিত্যপুৰাণমণিকূটওচেনিয়াদেৱদাৰুকাৰেংঘৰনেঘেৰিটিং শিৱদৌলৰাজনীতিআগ্নেয়গিৰিভ্ৰাম্যমাণ থিয়েটাৰনিমভাৰতীয় দৰ্শনসংখ্যামিচিং ভাষাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকামাজুলীৰ মৃৎ শিল্পনীল প্ৰজাপতিবল্লভভাই পেটেলআঙঠি পিন্ধোৱাঅসমীয়া কবিতাৰ ইতিহাসঈদ-উল-ফিটৰপদ্মনাথ গোহাঞি বৰুৱামাধৱ কন্দলিসৌৰজগতজুবিন গাৰ্গভাৰতীয় ৰেলচৰিত পুথিঅসমৰ ধান খেতিৰ সঁজুলিসমূহহিমবাহসৌৰ শক্তিশিক্ষাৰ অধিকাৰঅসমৰ বনৌষধিসাম্যবাদী সমাজমৌখিক লোকসাহিত্যসিংহ (ৰাশি)গোলকীয় উষ্ণতা বৃদ্ধিধুবুৰী জিলাসংস্কৃত ভাষাযাদৱ পায়েংবুঢ়ী আইৰ সাধুদৈনিক বাতৰিসিন্ধু নদীটাই সংস্কৃতিৰ ৰূপৰেখাবিহুগীতগোলোকচন্দ্ৰ গোস্বামীযক্ষ্মানামঘৰ🡆 More