অতিবেঙুনীয়া

অতিবেঙুনীয়া (Ultraviolet বা UV) ১০ নেন'মিটাৰৰ পৰ পৰা ৪০০ নেন'মিটাৰ তৰংগদৈৰ্ঘ্যৰ এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ। এই দৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি, কিন্তু ৰঞ্জন ৰশ্মিতকৈ দীঘল। ৰ'দত থকা অতিবেঙুনীয়া বিকিৰণ সূৰ্য্যৰ পৰা অহা মুঠ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ প্ৰায় ১০%। পৃথিৱীৰ দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ চুটি তৰংগ বেঙুনীয়াৰ সীমাৰ পাছতে ছুটি বিদুৎ চুম্বকীয় তৰংগ অতিবেঙুনী আৰম্ভ হৈ দীঘল ৰঞ্জন ৰশ্মিৰ অঞ্চললৈকে বিস্তৃত হৈ আছে। এই বিস্তৃত অতিবেঙুনী অঞ্চলক ভাগ কৰা হৈছে- (১) নিকট অতিবেঙুনী অঞ্চল (৪০০-৩০০ nm), (২) দূৰ অতিবেঙুনী অঞ্চল (৩০০-২০০ nm), (৩) চৰম অতিবেঙুনী অঞ্চল (২০০-১২২ nm)ৰ ভিতৰত।ইয়াক বৈদ্যুতিক আৰ্ক আৰু বিশেষ চাকি যেনে কাৰ্কাৰি-ভেপাৰ চাকি, টেনিং চাকি আৰু ক'লা পোহৰৰেও প্ৰস্তুত কৰিব পাৰি। অতিবেঙুনীয়া ৰশ্মিয়ে পৰমাণুক আয়নন (Ionization) কৰিব নোৱাৰে, কিন্তু ৰাসায়নিক বিক্ৰিয়া কৰি বহু বস্তুক উজ্বলাই (প্ৰতিপ্ৰভা) তুলিব পাৰে। সেইবাবে অতিবেঙুনীয়া ৰশ্মিৰ ৰাসায়নিক আৰু জৈৱিক প্ৰভাৱ কেৱল তাপ প্ৰভাৱতকৈ বেছি।

অতিবেঙুনীয়া
কঢ়িয়াব পৰা
অতিবেঙুনীয়া
বৈদ্যুতিক আৰ্কেৰেও অতিবেঙুনীয়া বিকিৰণ উৎপন্ন কৰিব পাৰি। চকু আৰু ছালৰ ক্ষতি ৰোধ কৰিবলৈ আৰ্ক ৱেল্ডাৰসকলে সাৱধানতা ল'ব লাগিব।

ছাল বেছিকৈ অতিবেঙুনীৰ সংস্পৰ্শলৈ আহিলে ৰ'দে ক'লা কৰা (Suntan) আৰু ৰ'দে পোৰা (sunburn)ৰ দৰে ঘটনা হয়। ই ছালৰ কৰ্কটৰ আশংকাও বঢ়ায়। পৃথিৱীৰ বায়ুমণ্ডলে সুৰক্ষা নিদিয়া হ'লে সূৰ্যৰ অতিবেঙুনী ৰশ্মিয়ে জীৱসমূহৰ বাৰুকৈ ক্ষতি কৰিব। বেছি শক্তিৰ, চুটি তৰংগদৈৰ্ঘ্যৰ (১২১ nm তকৈ কম) "বিষম" অতিবেঙুনীয়ে বায়ুক ইমানেই আয়'নাইজ কৰে যে মাটি পোৱাৰ আগতেই ই শোষিত হয়। মানুহকে ধৰি প্ৰায়বোৰ মাটিত থকা মেৰুদণ্ডী প্ৰাণীৰ হাড়ক শক্তিশালী কৰা ভিটামিন ডিত উৎপাদনত অতিবেঙুনীয়ে সহায় কৰে। গতিকে ইয়াৰ উপকাৰী আৰু অপকাৰী দুয়োটা প্ৰভাৱ আছে।

সাধাৰণ মানুহৰ চকুৱে ৪০০ nm তকৈ কম তৰংগদৈৰ্ঘ্যৰ পোহৰ দেখা নাপায়, সেইবাবে অতিবেঙুনী আমাৰ বাবে অদৃশ্য। পতংগ, চৰাই আৰু কিছুমান স্তন্যপায়ীয়ে এনে ৰশ্মি দেখা পায়।

প্ৰকাৰ

অতিবেঙুণী পোহৰৰ বিদ্যুতচুম্বকীয় ফলনৰ দৈৰ্ঘ্য আৰু নিকটবৰ্তী দৈৰ্ঘ্যৰ ভিত্তিত ইয়াক কেইবাটাও ভাগত ভাগ কৰা হৈছে৷

নাম সংক্ষিপ্তকৰণ তৰংগদৈৰ্ঘ্য
(নেন'মিটাৰত)
শক্তি, প্ৰতি ফ'টনত
(ইলেক্ট্ৰনভল্টত)
অন্যান্য নাম/টোকা
দৃশ্যমান পোহৰ VIS ৭৬০ – ৩৮০ nm ১.৬৩ – ৩.২৬ eV
অতিবেঙুনী UV ৪০০– ১০০nm ৩.১০– ১২.৪ eV
অতিবেঙুনী A UVA ৪০০ – ৩১৫ nm ৩.১০ – ৩.৯৪ eV দৈৰ্ঘ্য তৰংগ
অতিবেঙুনী B UVB ৩১৫– ২৮০ nm ৩.৯৪ – ৪.৪৩ eV মধ্যমীয়া তৰংগ
অতিবেঙুনী C UVC ২৮০ – ১০০ nm ৪.৪৩– ১২.৪ eV হস্ৰ তৰংগ
নিকট বেঙুনী NUV ৪০০ – ৩০০ nm ৩.১০ – ৪.১৩ eV চৰাই, মাছ, কীট আদিৰ বাবে দৃশ্যমান
মধ্যৱৰ্তী বেঙুনী MUV ৩০০ – ২০০ nm ৪.১৩ – ৬.২০ eV
দূৰ বেঙুনী FUV ২০০ – ১২২ nm ৬.২০ – ১০.১৬ eV
হাইড্ৰ'জেন লাইমান-আলফা H Lyman-α ১২২ – ১২১ nm ১০.১৬– ১০.২৫ eV
অতি বেঙুনী EUV ১২১ – ১০ nm ১০.২৫ – ১২৪ eV
ভেকুৱাম বেঙুনী VUV ২০০ – ১০ nm ৬.২০ – ১২৪ eV
ৰঞ্জন ৰশ্মি ১০ – ০.০০১ nm ১২৪ eV – ১.২৪ MeV
নৰম এক্স ৰে XUV ১০ – ০.১ nm ১২৪ eV – ১২.৪ keV এক্স ৰে অতিবেঙুণী
কঠিন এক্স ৰে ০.১ – ০.০০১ nm ১২.৪ keV – ১.২৪ MeV

ব্যৱহাৰ

বহুতো বস্তুত ৰাসায়নিক বিক্ৰিয়া আৰু প্ৰতিপ্ৰভা কৰিব পৰা গুণৰ বাবে অতিবেঙুনীক নানা কামত ব্যৱহাৰ কৰা হয়। তলৰ তালিকাখনত নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্য সাপেক্ষে অতিবেঙুনীৰ কিছুমান ব্যৱহাৰ দেখুওৱা হৈছে।

  • ১৩.৫ নেন'মিটাৰ: বিষম অতিবেঙুনী লিথ'গ্ৰাফী (Extreme ultraviolet lithography)
  • ৩০-২০০ নেন'মিটাৰ: ফটোআয়নন,অতিবেঙুনী ফটৈলেক্‌ট্ৰন স্পেক্‌ট্ৰ'স্ক'পী
  • 230–365 নেন'মিটাৰ: UV-পৰিচয়পত্ৰ, লেবেল চিনাক্তকৰন, বাৰক'ড
  • 230–400 নেন'মিটাৰ: আলোকীয় চেন্সৰ, নানা যন্ত্ৰ
  • 240–280 নেন'মিটাৰ: জীৱাণুনাশ, পৃষ্ঠ আৰু পানীৰ পৰিশোধন
  • 200–400 নেন'মিটাৰ: ফৰেন্‌ছিক বিশ্লেষণ, ঔষধ চিনাক্তকৰণ
  • 270–360 নেন'মিটাৰ: প্ৰ'টিন বিশ্লেষণ, ডি এন এ সংশ্লেষণ, ঔষধ আৱিষ্কাৰ
  • 280–400 নেন'মিটাৰ: কোষৰ চিকিৎসা সম্বন্ধীয় ইমেজিং
  • 300–320 নেন'মিটাৰ: চিকিৎসা বিজ্ঞানত পোহৰ চিকিৎসা
  • 300–365 নেন'মিটাৰ: পলিমাৰ আৰু ছপা চিঞাহীৰ সংস্কাৰ
  • 350–370 নেন'মিটাৰ: পতংগ নাশক যন্ত্ৰ (মাখি ৩৬৫ নেন'মিটাৰ পোহৰৰ প্ৰতি সৰ্বাধিক আকৰ্ষিত হয়)।

অপকাৰিতা

অতিবেঙুণী তৰংগৰ সৈতে সংশ্লিষ্ট পৰিঘটনাবোৰ হ'ল- জৈৱিক প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰয়োগ, অনুপ্ৰভাৰ সৃষ্টি বা বিশিষ্ট শোষণৰ দ্বাৰা ৰাসায়নিক বিশ্লেষণ। অতিবেঙুণী ৰশ্মিৰ প্ৰভাৱত চালৰ কৰ্কট ৰোগ হ'ব পাৰে। ৰ'দত গাৰ ছাল ক'লা হোৱাৰ কাৰণো সূৰ্যৰ বিকীৰণৰ অতিবেঙুণী তৰংগৰ দ্বাৰা হোৱা মেলানিনৰ সৃষ্টি (Pigmentation)। অতিবেঙুণী ৰশ্মি চকুৰ বাবে হানিকাৰক।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

  • অতিবেঙুনীয়া  ৱিকিমিডিয়া কমন্সত Ultraviolet light সম্পৰ্কীয় মিডিয়া ফাইল।

Tags:

অতিবেঙুনীয়া প্ৰকাৰঅতিবেঙুনীয়া ব্যৱহাৰঅতিবেঙুনীয়া অপকাৰিতাঅতিবেঙুনীয়া তথ্যসূত্ৰঅতিবেঙুনীয়া অতিৰিক্ত পাঠঅতিবেঙুনীয়া বাহ্যিক সংযোগঅতিবেঙুনীয়াপৰমাণুসূৰ্য্যৰ'দৰঞ্জন ৰশ্মি

🔥 Trending searches on Wiki অসমীয়া:

ৰূপনাথ ব্ৰহ্মমহাকাব্যৰাজনৈতিক দলশ্ৰীকৃষ্ণকীৰ্তনপৰিমেয় সংখ্যাদৈনিক অসমএংকৰ ৱাটকাৰ্বি ভাষাভূপেন হাজৰিকাৰ সাহিত্যচীনা সাম্যবাদী বিপ্লৱঅনুৰাধা শৰ্মা পূজাৰীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিচ্যু-খ্ৰং-ফাবিদ্যুৎডিমাছা ভাষাভাৰতৰ সংবিধানসাঁথৰভাৰতীয় নাগৰিকত্ব আইনহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যতোলনি বিয়াআহোম ৰাজ্যমিৰি জীয়ৰীহিউৱেন-চাংপিয়লি ফুকনকপিলীপৰীয়া সাধুমাৰ্কাছ টুলিয়াছ চিচেৰোনেপালসুমিত্ৰা চৰত ৰামচুতীয়া ৰাজ্যব্যাকৰণউৎসেচকনগাঁওবড়ো জনগোষ্ঠীঅসমৰ জিলাসমূহনীলিম কুমাৰগোলকীয় নাগৰিকত্বনতুন দিল্লীচৰ্যাপদঅগ্নিগড়অশোক বনঅনন্ত কন্দলিঅসম সাহিত্য সভাদৰং জিলামোৱামৰীয়া বিদ্ৰোহডিমাছা জনগোষ্ঠীজোনবিল মেলাবিজয় (অভিনেতা)বধকাব্যবিঘাভবেন্দ্ৰ নাথ শইকীয়াকলাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাবুৰঞ্জীৱিকিপিডিয়াভূমিদান প্ৰথাভাৰতৰ উচ্চতম ন্যায়ালয়কল্পনা সাহিত্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহসমাজঅসমৰ পৰম্পৰাগত সাজ-পাৰচন্দ্ৰপ্ৰভা শইকীয়ানীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)নেলছন মেণ্ডেলাঅসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহবিহু যোজনা আৰু বিহু নামকাঞ্চন (উপন্যাস)নলবাৰী জিলাৰমন্যাসবাদপদ্মা-পুৰাণঅৰুণাচল প্ৰদেশবাৰেচহৰীয়া ভাওনা মহোৎসৱএমিবাবেদজৱাহৰলাল নেহৰু🡆 More