ডি এন এ

ডিঅক্সিৰাইব' নিউক্লিক এচিড (i/diˌɒksiˌraɪbɵ.njuːˌkleɪ.ɨk ˈæsɪd/)(ইংৰাজী: Deoxyribonucleic acid; DNA) বা ডিএনএ হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু ভাইৰাছৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ জিনীয় তথ্য সৰবৰাহ কৰে। ডিএনএ এবিধ প্ৰ'টিন আৰু শৰ্কৰা যুক্ত নিউক্লিক এচিড। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জৈৱবহুযোগী সূত্ৰৰ দ্বাৰা গঠিত হয়। এই সূত্ৰদুডাল নিউক্লিয়টাইড নামৰ এক সৰল এককৰ বহুযোগী বাবে ইহঁতক বহুনিউক্লিয়টাইড বোলে। প্ৰত্যেকটো নিউক্লিয়টাইডত নাইট্ৰ'জেন আধাৰৰ চাইট'ছিন (C), গুৱানিন (G), এডেনিন (A), বা থাইমিন (T) নামৰ নিউক্লিয়বেছ, ডিঅক্সিৰাইব' নামৰ এটা একশৰ্কৰা আৰু এটা ফছফেট গোট থাকে। ডিএনএ সূত্ৰত এটা নিউক্লিয়টাইডৰ শৰ্কৰাৰ লগত আনটোৰ ফছফেট গোটৰ সৈতে সহযোজী বন্ধন শৃংখলৰ দ্বাৰা সংযুক্ত হৈ থাকে আৰু বৈকল্পিক শৰ্কৰা-ফছফেট মেৰুদণ্ডৰ গঠন কৰে।

ডি এন এ
দ্বি সৰ্পিলাকাৰ ডিএনএৰ এটা অংশৰ গঠন। মৌল অনুসৰি গঠনটোৰ অনুবোৰ ৰঙীন সংকেতৰ দ্বাৰা প্ৰকাশ কৰা হৈছে আৰু সোঁকাষে তলত দুযোৰ আধাৰৰ বিশদ গঠন দেখুওৱা হৈছে।
ডি এন এ
দ্বি সৰ্পিলাকাৰ ডিএনএৰ এটা অংশৰ গঠন।

কোষৰ ভিতৰত, ডিএনএ ক্ৰ'ম'জম নামৰ এক দীঘলীয়া আকাৰ গঠন কৰে। কোষ বিভাজনৰ সময়ত, ডিএনএ পুনঃউৎপাদন নামৰ প্ৰক্ৰিয়াৰ যোগেদি ক্ৰ'ম'জমৰ প্ৰতিৰূপ সৃষ্টি কৰে, ফলত প্ৰতিটো অপত্য কোষে নিজৰ নিজৰ ক্ৰ'ম'জম লাভ কৰে। সংকোষকেন্দ্ৰী জীৱবোৰৰ (প্ৰাণী, উদ্ভিদ, শেলাই আৰু প্ৰটিষ্ট) বেছিভাগ ডিএনএ কোষকেন্দ্ৰৰ মাজত আৰু কিছুমান মাইট'কন্দ্ৰিয়া বা ক্ল'ৰ'প্লাষ্টৰ দৰে কোষানুত সঞ্চত হৈ থাকে। প্ৰকোষকেন্দ্ৰী জীৱৰ (বেক্টেৰিয়া আৰু আৰ্কিয়া) ডিএনএ কেৱল সিহঁতৰ কোষপ্ৰৰসত থাকে। ক্ৰ'ম'জমৰ অন্তৰ্ভাগত হিষ্ট'নৰ দৰে ক্ৰ'মেটিন প্ৰ'টিন একত্ৰিত হয় আৰু ডিএনএ সংগঠিত কৰে। এই গঠনে ডিএনএ আৰু অন্য প্ৰ'টিনৰ আন্তঃক্ৰিয়া নিৰ্দেশিত কৰে।

১৮৬৯ চনত ফ্ৰিডৰিক মিছাৰে প্ৰথম ডিএনএ আহৰণ কৰে আৰু ১৯৫৩ চনত জেমছ ৱাটছনে প্ৰথম ইয়াৰ আনৱিক গঠন চিনাক্ত কৰে। গৱেষণাকাৰী সকলে ইয়াক ভৌতিক নীতি আৰু সূত্ৰ উদ্ভাৱনৰ আনৱিক সঁজুলি হিচাপে ব্যৱহাৰ কৰে, যেনে এৰগ'ডিক সূত্ৰ আৰু স্থিতিস্থাপকতাৰ সূত্ৰ। ইয়াৰ অনন্য ধাতৱ বৈশিষ্ট্যৰ বাবে, ই মাইক্ৰ- আৰু নেন'- ফেব্ৰিকেশ্বনৰ প্ৰতি আগ্ৰহী ধাতৱ বিজ্ঞানী আৰু অভিযন্তা সকলৰ বাবে অতি আকৰ্ষণীয় যৌগ। এই ক্ষেত্ৰত দুটা উল্লেখনীয় অগ্ৰগতি হৈছে ডিএনএ অ'ৰগামি আৰু ডিএনএ আধাৰিত সংকৰ ধাতু।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

Listenen:Help:IPA for Englishইংৰাজী ভাষাচিত্ৰ:En-us-Deoxyribonucleic acid.oggনাইট্ৰ'জেনপ্ৰ'টিনভাইৰাছশৰ্কৰাৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

দেৱকান্ত বৰুৱাভাৰতীয় দৰ্শনবিঘাঅংকীয়া নাটসন্ধিঅংকআহোম ভাষাঅসমৰ নদীসমূহৰ তালিকাবিশ্ব মেলেৰিয়া দিৱসকমলাকান্ত ভট্টাচাৰ্য্যধেমাজি জিলাদধীচিনাগালেণ্ডৰ সংস্কৃতিআৰ্যভট্টবড়ো চুক্তি ২০২০জৱাহৰলাল নেহৰুঘৰচিৰিকানিমাতী কইনাবেদব্যাসএডল্ফ হিটলাৰডিব্ৰুগড়ঋতুমঙ্গলদৈ (লোকসভা সমষ্টি)এলভিছ আলী হাজৰিকাবাল্য বিবাহআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰসূৰ্যমোৰ জীৱন সোঁৱৰণবিষ্ণুপ্ৰসাদ ৰাভাফুৰালুং ধৰ্মপ্ৰাচীন ভাৰতীয় সভ্যতাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকালক্ষ্মীনন্দন বৰাঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাচৰিত পুথিঅসমীয়া উপন্যাসলাচিত বৰফুকনশৰৎ ঋতুনাৰীঅসমৰ সাহিত্যিকসকলৰ তালিকানীলমণি ফুকন (জ্যেষ্ঠ)বাঁহশীতল যুদ্ধড়ভাৰতৰ স্বাধীনতা আন্দোলনধৰিত্ৰী দিৱসসৰ্বেপল্লী ৰাধাকৃষ্ণণৰজনীকান্ত বৰদলৈৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ জাতীয় গীতসৰ্বানন্দ সোণোৱালস্বৰাজজন গণ মনঅসমৰ মহকুমাসমূহৰ তালিকাবুঢ়ী আইৰ সাধুএৰিষ্ট'টলকুশল কোঁৱৰকম্পিউটাৰ হাৰ্ডৱেৰকাৰ্বি ভাষাতিৱা জনগোষ্ঠীপঞ্চায়তী ৰাজম’বাইল ফোনবৰপেটা (লোকসভা সমষ্টি)ফকৰা যোজনাপ্লেটোফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাসালোক সংশ্লেষণজয় দৌলমানচিত্ৰউইলিয়াম শ্বেইকছপীয়েৰবাঁহী🡆 More