হানবক

হানবক কোৰিয়ান জনসাধাৰণৰ পৰম্পৰাগত সাজ-পোছাক। হানবক শব্দটো মূলতঃ দক্ষিণ কোৰিয়াৰ লোকে ব্যৱহাৰ কৰে; উত্তৰ কোৰিয়াৰ লোকসকলে কাপোৰক chosŏn-ot (কোৰিয়ান কাপোৰ) বুলি কয়। কোৰিয়াৰ প্ৰব্ৰজনকাৰীসকলেও এই কাপোৰ পিন্ধে, বিশেষকৈ চীনৰ কোৰিয়ানসকলে।

হানবক
হানবক পিন্ধি এহাল পুৰুষ-মহিলা
জনসাধাৰণৰ পোছাক (এহাল পুৰুষ-মহিলা)
পদাৰ্থ অনেক
উৎপত্তিৰ স্থান কোৰিয়া
পৰিচয় গ’গুৰীয় যুগৰ (Goguryeo period)
হানবক
আক্ষৰিক অৰ্থ কোৰিয়াৰ জাতীয় সাজ

কোৰিয়ানসকলে প্ৰাচীন কালৰ পৰাই হানবক পিন্ধি আহিছে। হানবকৰ অতি পুৰণি চিত্ৰগত প্ৰমাণ কোৰিয়াৰ তিনিওটা ৰাজবংশীয় যুগৰ (খ্ৰীষ্টপূৰ্ব ৫৭ৰ পৰা ৬৬৮ খ্ৰীষ্টাব্দলৈকে)ৰ পৰাই পোৱা যায়, যাৰ শিপা বৰ্তমানৰ উত্তৰ কোৰিয়া আৰু মানচুৰিয়াৰ আদি-কোৰিয়ান জনগোষ্ঠীৰ মাজত দেখা পোৱা যায়। গ’গুৰীয়েও যুগৰ (খ্ৰীষ্টীয় চতুৰ্থৰ পৰা ষষ্ঠ শতিকা) সমাধিৰ প্ৰাচীৰ চিত্ৰসমূহতো এই কাপোৰসমূহ অংকন কৰা আছে আৰু অনুমান কৰা হয় এই সময়ৰ পৰাই “হানবক’’ৰ মৌলিক গঠনে থিতাপি লয়। প্ৰাচীন “হানবক’’ত মুঠ চাৰিটা উপাদান জেওগৰী(ওপৰ), বাজী(পেণ্ট), চিমা(স্কাৰ্ট), আৰু প'(কোট) আছিল। হানবকৰ মূল গঠনটো পৰিৱৰ্তনৰ বাবে সহজকৈ ডিজাইন কৰা হৈছিল আৰু ইয়াত মু-ইজমৰ বহুতো উদ্দেশ্যসম্বলিত আৰ্হি একত্ৰিত কৰা হৈছিল। হাজাৰ হাজাৰ বছৰ ধৰি কোৰিয়াত বেছিভাগ মানুহে বগা কাপোৰ পিন্ধিছিল আৰু কোনো অলংকাৰ পিন্ধা নাছিল। জাকজমকীয়া হানবক পিন্ধাটো সাধাৰণতে বিয়াৰ দৰে বিশেষ অনুষ্ঠানৰ বাবে সংৰক্ষিত আছিল। কিছু সময়ৰ বাবে সাধাৰণ কোৰিয়াৰ লোকসকলক আনকি নিয়মিতভাৱে ৰঙীন হানবক পিন্ধাটোও নিষিদ্ধ কৰা হৈছিল।(পৃষ্ঠা১০৪) কিন্তু আন কিছুমান সময়ত যেনে, জাপান অধিকৃত কোৰিয়াত সাধাৰণ মানুহক বগা কাপোৰ পিন্ধিবলৈ দিয়া হোৱা নাছিল। আধুনিক হানবক সাধাৰণতে জোচেন বংশত পিন্ধা হানবকৰ আৰ্হিৰ, বিশেষকৈ আভিজাত্য আৰু ৰাজকীয় লোকে পিন্ধাবোৰ।(পৃষ্ঠা১০৪) ২০ শতিকাৰ শেষৰ ফালে কোৰিয়ানসকলে ইজনে সিজনৰ পৰা আপেক্ষিকভাৱে পৃথক হোৱাৰ ফলত দক্ষিণ কোৰিয়া, উত্তৰ কোৰিয়া আৰু চীনৰ কোৰিয়ানসকলৰ মাজত হানবকৰ ডিজাইনৰ কিছু আঞ্চলিক তাৰতম্য দেখা গৈছে।(পৃষ্ঠা246) অৱশ্যে ইয়াৰ পিছতো নব্বৈৰ দশকৰ পৰা হানবকৰ আৰ্হি কিছু পৰিমাণে পুনৰ একত্ৰিত হৈছে, বিশেষকৈ চীনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছত আন দেশৰ সৈতে বৃদ্ধি পোৱা সাংস্কৃতিক আৰু অৰ্থনৈতিক বিনিময়ৰ বাবে।(পৃষ্ঠা২৪৬) আজিকালি সমসাময়িক কোৰিয়ানসকলে আনুষ্ঠানিক বা অৰ্ধ-আনুষ্ঠানিক অনুষ্ঠান আৰু বিয়া, উৎসৱ, অন্যান্য উদযাপন অনুষ্ঠানৰ বাবে হানবক পিন্ধে। ১৯৯৬ চনত দক্ষিণ কোৰিয়াৰ “সংস্কৃতি, ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰালয়’’এ দক্ষিণ কোৰিয়াৰ নাগৰিকসকলক হানবক পিন্ধিবলৈ উৎসাহিত কৰিবলৈ হানবক দিৱস প্ৰতিষ্ঠা কৰিছিল।

ব্যুৎপত্তিবিজ্ঞান

হানবক শব্দটো তুলনামূলকভাৱে শেহতীয়াকৈ সম্মুখলৈ আহিছে আৰু ইয়াৰ লগত ঐতিহাসিক প্ৰেক্ষাপটৰ সৈতে এক সম্পৰ্ক আছে। এই শব্দটোৰ উন্মেষ ঘটিছিল জো’চেন যুগৰ শেষৰ ফালে, যেতিয়া জাপানী সাম্ৰাজ্য আৰু অন্যান্য পশ্চিমীয়া দেশসমূহে কোৰিয়াক নিজৰ নিজৰ প্ৰভাৱেৰে অধীনলৈ আনিবলৈ প্ৰতিযোগিতাত নামিছিল। এই শব্দটোৰ প্ৰথম ব্যৱহাৰ ১৮৮১ চনৰ জো’চেন যুগৰ শেষৰ ফালে Chŏngch'iilgi শীৰ্ষক এখন নথিত পোৱা গৈছে। তাত কোৰিয়ান কাপোৰক জাপানী আৰু পশ্চিমীয়া শৈলীৰ কাপোৰৰ পৰা পৃথক কৰিবলৈ হানবক শব্দটো ব্যৱহাৰ কৰা হৈছিল। কোৰিয়ান আৰু জাপানীজ কাপোৰৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিবলৈ ১৮৯৫ চনৰ আন এখন নথিত পুনৰ হানবক শব্দ ব্যৱহাৰ কৰা হৈছিল। ​

বৰ্ণনা

মহিলাৰ বাবে পৰম্পৰাগত হানবক জেওগৰী(পোছাক) আৰু চিমা(স্কাৰ্ট)ৰে গঠিত। দুয়োটাৰে সমষ্টিক সাধাৰণতে ‘চিমা জেওগৰী’ বুলি জনা যায়। পুৰুষৰ বাবে হানবক জেওগৰী আৰু ঢিলা-ফিটিং বাজি(পায়জামা)ৰে গঠিত।

তদুপৰি, আজিকালি হানবক গঠিত হয় বিভিন্ন ধৰণৰ ভেষ্ট, জেকেট আৰু কোটেৰে। মহিলাৰ বাবে জাংছাম, ডানছাম, ৱনছাম আৰু বহুতো আছে। পুৰুষৰ বাবে কিছুমান উদাহৰণ হ’ল দুৰুমাগী, দোপো, ডানৰিয়ং-উই, জং-চিমাক, ছ’চাং-উই, ডায়েচাং-উই ইত্যাদি।

তথ্য সূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

সন্ধিমিজোৰামপদ্মধৰ চলিহাঅসমৰ সত্ৰসমূহৰ তালিকামেখেলা চাদৰগৌতম বুদ্ধমিঠু বৰুৱাপ্ৰেমচন্দবাল্মীকিবিহু নৃত্যস্বদেশী আন্দোলনঅসমৰ পুৰণি স্থাপত্যধুবুৰী (লোকসভা সমষ্টি)ছ'ভিয়েট সংঘপ্ৰকৃতিৰাতি বিহুৰুদ্ৰ কন্দলীসাধুকথাসিন্ধু সভ্যতাপৰম্পৰাঅসমত দেখা পোৱা মাছৰ তালিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকাৰ্বি ভাষাজীৱনীতামোলপ্ৰাচীন গ্ৰীচদানৱ ৰাজবংশইয়াত এখন অৰণ্য আছিলআহোম ৰাজ্যভেঁকুৰজয়মতী কুঁৱৰীনাৰীআমেৰিকা যুক্তৰাষ্ট্ৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিমৃত্যুৰূপালীমমোপিন উত্‍সৱঅম্বিকাগিৰি ৰায়চৌধুৰীঈয়াৰুইঙ্গমপৰিয়ালৰঙিয়াব্ৰিটিছ ৰাজখনিকৰ (নাট)অৰুণ শৰ্মাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহতলাতল ঘৰআহোম বিবাহ পৰম্পৰাহুঁচৰিমহঅশ্বিনী কুমাৰ বৰুৱাআধুনিকতাবাদঅসমৰ জাতীয় গীতপঞ্চায়তী ৰাজঅৰূপা পটংগীয়া কলিতাপ্ৰাকৃতিক দুৰ্যোগঅসমৰ ৰাজ্যপালসকলৰ তালিকালিংগ (জৈৱিক)গোৱালপাৰাব্ৰহ্মগুপ্তকামৰূপ জিলাআলাবৈৰ ৰণএ পি জে আব্দুল কালামকীৰ্তন-ঘোষাশাল গছবৰপেটাঅসমীয়া খাদ্যাভ্যাসনেতাই ধুবুনী ঘাটনাগৰিকত্বকৰ্কট ক্ৰান্তিঘৰচিৰিকা🡆 More