তামজাৰা

তামজাৰা(ইংৰাজী: Tamzara) আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ এক স্থানীয় লোকনৃত্য। আৰ্মেনিয়াত এই নৃত্য প্ৰথম অৱস্থাত এক লোকাচাৰ হিচাপে প্ৰচলিত আছিল; ই আছিল বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা গীত আৰু নৃত্য। এতিয়া তামজাৰাই পূৰ্বৰ লোকাচাৰৰ তাৎপৰ্য্য হেৰুৱাই পেলাইছে, এতিয়া ইয়াক প্ৰায় সকলো সামূহিক অনুষ্ঠান আৰু পাৰ্টিৰ সময়ত পৰিৱেশন কৰা হয়। আজিকালি ইয়াক আৰ্মেনিয়ান, অচুৰিয়ান, আজাৰবাইজান (শ্বাৰুৰ, নাখচিভান আৰু ইৰাণী আজাৰবাইজানৰ কিছু অংশত) আৰু গ্ৰীক লোকসকলে পৰিৱেশন কৰে। উত্তৰ-ছোভিয়েট আৰ্মেনিয়াত জনসাধাৰণৰ সকলো স্তৰৰ মানুহৰ মাজত তামজাৰা নৃত্যই অধিক জনপ্ৰিয়তা লাভ কৰিছে।

এই নৃত্য পূৰ্বতে আৰ্মেনিয়াৰ জনবসতিপূৰ্ণ এৰজিনকান, এৰজুৰাম, কিগি, আৰাপগিৰ, হাৰপুট, আৰু মালাটিয়া আদি অঞ্চলত বিশেষভাৱে জনপ্ৰিয় আছিল। আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ বিভিন্ন ঠাই আৰু পুৰণি গাঁৱৰ পৰা অহা ইয়াতকৈ অলপ বেলেগ বেলেগ সংগীত আৰু পদ-চালনাৰ সৈতে তামজাৰাৰ বহু পৃথক ৰূপ আছে। ফ'ক ডান্স ফেডাৰেচন অৱ কেলিফৰ্নিয়া, ইনকৰ্পৰেটেডৰ মতে, (জুলাই, ২০০১) তামজাৰা কেৱল আৰ্মেনিয়াতে নহয়, আৰ্মেনিয়াৰ প্ৰব্ৰজনকাৰী দেশসমূহতো আৰ্মেনিয়ানসকলে পৰিৱেশন কৰে।

ইতিহাস আৰু বৰ্ণনা

নখচিৱনৰ শ্বাৰুৰ অঞ্চলৰ চৰচিবোগান, চোমাখতুৰ আদি গাঁৱত বিখ্যাত এই নৃত্যৰ অৰ্থ শব্দৰ পৰা শব্দৰ অনুবাদ হয়গৈ "গিজিলি তনবাটান" যাৰ অৰ্থ, অৰ্ধ সোণালী। তামজাৰা নৃত্যক ক্ৰমে লোক-কথা নৃত্য গোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই নৃত্য কৰা মহিলাসকলে আগতে বিলাসী সাজ-পোছাক পিন্ধি সোণৰ নানা ধৰণৰ অলংকাৰেৰে নিজৰ শোভা বৰ্ধন কৰিছিল, যিবোৰৰ ভিতৰত আঙুঠি, কাণত পিন্ধা ৰিং, ব্ৰেচলেট, চেইন আদি আছিল।

২০১৮ চনত আজাৰবাইজান শৈলীৰ তামজাৰাক ইয়ালি আৰু কোছাৰী নৃত্যৰ সৈতে ইউনেস্ক’ই তামজাৰা নৃত্যৰ বাবেও জৰুৰী সুৰক্ষাৰ প্ৰয়োজন আছে বুলি ইয়াক ইউনেস্কোৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।

নামৰ উৎপত্তি

তামজাৰা (tahm-zah-RAH)নামটো নৃত্য, গীত আৰু এজন মানুহৰ নামৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়৷ আনাতোলিয়াৰ আৰাপকিৰ নামে গাঁৱত তেওঁলোকৰ গাঁৱলৈ সঘনে আহি থকা এগৰাকী প্ৰাজ্ঞ ব্যক্তিৰ সন্মানত কৰা আয়োজনৰ পৰাই গাঁও খনৰ নাম “তাঞ্জাৰা’’ কৰা হয়৷এই অতিথিজনক আপ্যায়ন কৰিবলৈ গাঁৱৰ বৰমূৰীয়াই তেওঁৰ বোৱাৰীয়েক জাৰাক তান অৰ্থাৎ নিমখ মিহলি দৈ আনিবলৈ সঘনাই কৈ থকাৰ পৰাই এই শব্দটোৰ উৎপত্তি হয়৷

শৈলী

সকলো তামজাৰা নৃত্যৰেই আছে অনন্য ৯/৮টা ছন্দ, প্ৰতিটো মাপৰ শেষত দুটা উচ্চাৰণযুক্ত স্পন্দন থাকে। ইয়াৰ উপৰিও বেছিভাগ তামজাৰাৰ সুৰৰ মাজত বহুত মিল দেখা যায়; অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে। আৰ্মেনিয়াৰ উচ্চ ভূমি অঞ্চলৰ বেছিভাগ লোক-নৃত্যৰ দৰেই তামজাৰা নৃত্যও লাইন ডান্স বা চাৰ্কোল ডান্স হিচাপে পৰিৱেশন কৰা হয়। তামজাৰা নৃত্য পৰিৱেশনত মানুহৰ এটা বৃহৎ দল থাকে আৰু হাতৰ আঙুলিৰে প্ৰতিজন নৃত্য শিল্পীয়ে ইজনে সিজনক শিকলিৰ ধৰি ৰাখে। অৱশ্যে তামজাৰাৰ আন এটা প্ৰকাৰত এগৰাকী বা দুগৰাকী মহিলাৰ সৈতে এজন পুৰুষে নৃত্য কৰে আৰু তেনে নৃত্যত মহিলা নৃত্য শিল্পীয়ে দুয়োগৰাকীয়ে কান্ধে কান্ধে সমান হৈ একে দিশলৈ মুখ কৰি থিয় হৈ ইজনে সিজনৰ কঁকালত বাহু দুটাৰে ধৰি থাকে।

আমেৰিকাত বাস কৰা আৰ্মেনিয়ান-আমেৰিকান সম্প্ৰদায়ৰ মাজত তামজাৰ এক অতি জনপ্ৰিয় লোকনৃত্য। যাক আমেৰিকাত আমেৰিকাত সংৰক্ষণ কৰা হৈছে।

তথ্য সূত্ৰ

Tags:

তামজাৰা ইতিহাস আৰু বৰ্ণনাতামজাৰা নামৰ উৎপত্তিতামজাৰা শৈলীতামজাৰা তথ্য সূত্ৰতামজাৰাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মাছঅপাৰেটিং চিষ্টেমঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫কৃষ্ণচূড়াআনন্দ চন্দ্ৰ আগৰৱালাঅসমীয়া ভাষা উন্নতি সাধিনী সভামাধৱ কন্দলিযোৰানামমহেশ্বৰ নেওগগায়ন-বায়নচৰকাৰভাৰতীয় ৰেলহিন্দী ভাষাগ্ৰহনয়ন নীলিমধানউত্তৰ গুৱাহাটীজোনবিল মেলাআমযোগ দৰ্শনথমাছ আলভা এডিচনৰুদ্ৰেশ্বৰ দেৱালয়মেলেৰিয়াথাই ভাষাগগৈঅসমীয়া খাদ্যাভ্যাসগোৱালপৰীয়া লোকগীতআপংকামৰূপ ৰাজ্যৰঘুনাথ চৌধাৰীপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰজীৱনীবিপন্ন প্ৰজাতিকুলিউদ্বিগ্নতাবিশ্বনাথ চাৰিআলিআকাশবাণী গুৱাহাটীঋকবেদঋতুভীমৰাও ৰামজী আম্বেদকাৰহেমচন্দ্ৰ বৰুৱাসন্ধিমানস ৰাষ্ট্ৰীয় উদ্যানডি এন এআলেকজেণ্ডাৰ গ্ৰাহাম বে'লগৌতম বুদ্ধগুৱাহাটী (লোকসভা সমষ্টি)ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানবিশেষ শিক্ষাখোলনলিনীবালা দেৱীত্ৰিপিটকঅব্যয় পদছক্ৰেটিছসন্ধ্যাৰাগ (চলচ্চিত্ৰ)শব্দআইজাক নিউটনবিহু নৃত্যপদুমসালোক সংশ্লেষণকমলাকান্ত ভট্টাচাৰ্য্যপৰিৱেশ তন্ত্ৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিমদন কামদেৱ দেৱালয়বিহুএককোষী জীৱৰাজহুৱা ক্ষেত্ৰবৰপেটা (লোকসভা সমষ্টি)পৰ্যটনলীলা গগৈপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যসংঘাতখ্ৰীষ্টান ধৰ্মঅংকীয়া নাট🡆 More