চাবোন

চাবোন এবিধ পৰিষ্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন। খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই। খৃষ্টপূৰ্ব ২২০০চনত জন্তুৰ চৰ্বিৰ সলনি কেচিয়া গছৰ তেলক পানী আৰু খাৰৰ সৈতে মিহলাই সিজাই চাবোন বনোৱা পদ্ধতিৰ আৰম্ভ হ'ল। খৃষ্টপূৰ্ব ৫৫৬-৫৩৯ চনত বেবিলন সভ্যতাৰ শেষ সম্ৰাট নবোনিডাচৰ দিনত চাইপ্ৰাচ তেল, চিচামি তেল আৰু ছাইৰ দ্বাৰা তৈয়াৰী চাবোন দাসীবিলাকক শিলৰ আচবাব পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব দিয়া হৈছিল।


নামকৰণ (etymology)

ইংৰাজী চো'প (soap) শব্দটো লেটিন SAPO চেপোৰ পৰা উদ্ভৱ হৈছে। খৃষ্টপূৰ্ব ৩১২ চনৰ পৰা প্ৰচলিত এটি কাহিনী অনুসৰি ৰোমানসকলে চেপো পৰ্বতত নানা জন্তু উৎসৰ্গা কৰিছিল। মুকলি জুইত জন্তুৰ মাংস সিজাওঁতে চৰ্বিবিলাক জুইত পৰি ছাইৰ সৈতে মিহলি হৈছিল। বৰষুণৰ পানীৰ সৈতে সেই ছাই উটি গৈ টিবাৰ নৈৰ পলসৰ সৈতে মিলি গৈছিল। ৰোমান মহিলাসকলে সেই পলস মাটি ব্যৱহাৰ কৰিছিল অনায়াসে শৰীৰ পৰিষ্কাৰ আৰু উজ্জ্বল কৰিবলৈ। ইয়াৰ পিছত দিন বাগৰিল।

ইতিহাস

চাবোন 
১৮৮৯ চনৰ পিয়েৰছ চাবোনৰ এক বিজ্ঞআপন
চাবোন 
১৯২২ চনৰ এখন আলোচনীত পালম'লিভ চাবোনৰ এক বিজ্ঞাপন

অষ্টম শতিকাত ইটালি, স্পেইন, ফ্ৰান্স আৰু জাৰ্মানী চাবোন নিৰ্মাতা হিচাবে বিখ্যাত হৈ উঠিল। ১২শতিকাত ব্ৰিটেইনত চাবোন নিৰ্মাণ আৰম্ভ হ'ল। ১৬শতিকাত ইউৰোপ আৰু আমেৰিকাত চাবোনৰ প্ৰচলন আৰম্ভ হ'ল। ১৭৮৯ চনত প্ৰথম পাৰদৰ্শী Transp চাবোন লণ্ডনত নিৰ্মাণ হ'ল। ১৮৭৯ চনত প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে হাতি দাঁতৰ নিচিনা বগাচাবোন তৈয়াৰ কৰি উলিয়ালে। ১৮৯৫ চনত ব্ৰিটিছ লিভাৰ কোম্পানীয়ে “লাইফবয়” নামেৰে চাবোন বজাৰত মেলি দিলে। ইয়াৰ মাজতে ১৮৬৫ চনত ৱিলিয়াম চেফাৰ্ড নামৰ এজন ব্যক্তিয়ে জুলিয়া চাবোন উলিয়াৰ বাবে পেটেণ্ট সত্ত্ব লাভ কৰে। আমাৰ চিনাকি “কলগেট” টুথপেষ্ট ১৮৭৭ চনত বজাৰলৈ আহে। সেই একে কোম্পানীয়ে ১৮৯৮ চনত পাম তেল আৰু অলিভ তেলক মিলাই বনোৱা “পালমোলিভ” চাবোনৰ উৎপাদন আৰম্ভ কৰে। জাৰ্মানীৰ প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে ১৯১৬ চনত "কাচকেড" নামেৰে চিনথেটিক ডিটাৰজেণ্ট বনাবলৈ লয়। ১৯৩০ চনত আমেৰিকাই ঘৰুৱা ব্যৱহাৰৰ উপযোগী ডিটাৰেণ্ট চাবোন বনাবলৈ ধৰে। দ্বিতীয় শতিকাত বিখ্যাত গ্ৰীক চিকিৎসক গেলনে মানৱ জাতিক চাবোনৰ উপযোগিতা সম্পৰ্কে অৱগত কৰায়। পোনতে মহঙা হোৱা বাবে ইয়াৰ ব্যৱহাৰ ধনীবৰ্গৰ মাজতে সীমিত আছিল যদিও কালক্ৰমত ই সুলভ মূল্যৰ হৈ পৰাত বিশ্বৰ সৰ্বত্ৰে সকলো শ্ৰেনীৰ লোকৰ জীৱনৰ এৰাব নোৱৰা সাৰথি হৈ পৰিল।

ৰসায়ন

ৰসায়ন শাস্ত্ৰৰ মতে চাবোন হ'ল এবিধ ফেটি এচিডৰ নিমখ। বনস্পতি বা জন্তুৰ চৰ্বিৰ তেল হ'ল এবিধ ট্ৰাইগ্লিচাৰাইড (৩বিধ ফেটি এচিড আৰু এটা গ্লিচাৰলৰ মিশ্ৰণ)। ইয়াক যেতিয়া খাৰুৱা (এলকেলি) পদাৰ্থৰে (সাধাৰণতঃ ছ'ডিয়াম/পটাছিয়াম হাইড্ৰক্সাইড) -অৰ বিক্ৰিয়া কৰোৱা হয় (Saponification - চোপনিফিকেচন ক্ৰিয়া বোলে)- ফেটি এচিডে এলকেলিৰ লগ লাগি চাবোন ৰ সৃষ্টি কৰে। বাইপ্ৰডাক্ট হিচাবে ওলায় গ্লিচাৰিন।

চাবোনৰ কাৰ্য

চাবোনত জীৱানুসমূহ বা আন মলিয়ন তত্ত্বসমূহ লাগি আমাৰ শৰীৰৰ পৰা আতৰ হয়। এই ক্ৰিয়াক চাৰফেক্টেণ্ট ক্ৰিয়া (Surfactant action) বোলে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

চাবোন নামকৰণ (etymology)চাবোন ইতিহাসচাবোন ৰসায়নচাবোন ৰ কাৰ্যচাবোন তথ্য সংগ্ৰহচাবোন বাহ্যিক সংযোগচাবোন

🔥 Trending searches on Wiki অসমীয়া:

গণৰাজ্য দিৱস (ভাৰত)অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাতাজমহলবিষ্ণুপ্ৰসাদ ৰাভাক্ষমৌখিক পৰম্পৰাৰূপালীমৰামঅসম সাহিত্য সভাগড়গাঁওঅসমীয়া গীতি সাহিত্যপৰম্পৰাদুৰ্গাগোলকীয় উষ্ণতা বৃদ্ধিপাইক প্ৰথায়মুগা (ৰেচম)ৰংমৃণাল কলিতাভট্টদেৱপ্ৰাক-ইতিহাসলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীহেম বৰুৱালিমাৰিক (কবিতা)যতীন গোস্বামীদূৰদৰ্শন (চেনেল)গোলকীকৰণযৌন নিৰ্যাতনভাৰতঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিভাৰতীয় সাহিত্যপিম্পৰা গুচোৱাঅসীমত যাৰ হেৰাল সীমাৰঙিয়াসংমিশ্ৰিত মীন-পালনবাণীকান্ত কাকতিউদ্ভিদঅসম চাহবিয়া নামদৌল গোবিন্দ মন্দিৰমিঠু বৰুৱাসাম্যবাদকাৰ্ল মাৰ্ক্সকামৰূপী লিপিছোৱাইন ফ্লুৰামধেনুকুলধৰ শইকীয়াকামৰূপ জিলাভগ্নাংশ (গণিত)শীতল যুদ্ধবেলি ফুলনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ভাৰতৰ ৰাষ্ট্ৰপতিজ'মাট'মানুহআহোম ভাষাভাৰতীয় জনতা পাৰ্টিধুবুৰী (লোকসভা সমষ্টি)নাঙলশকুন্তলাউমাচল শিলালিপিভাৰতীয় টকাশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাহয়গ্ৰীৱ মাধৱ মন্দিৰভাৰতৰ নিৰ্বাচন আয়োগকালিদাসবধকাব্যদুৰ্যোগআন্তৰ্জাতিক শ্ৰমিক দিৱসভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসোণোৱাল কছাৰীগোলাঘাট জিলানাগৰিকত্বঅৰণ্য🡆 More