গান্ধী স্মৃতি

গান্ধী স্মৃতি, যি পূৰ্বতে 'বিৰলা হাউচ' বা 'বিৰলা ভৱন' বুলি জনাজাত, ভাৰতৰ নতুন দিল্লীৰ টিচ জানুৱাৰী ৰোড (পূৰ্বৰ আলবুকুৰ্ক ৰোড)-ত অৱস্থিত মহাত্মা গান্ধীৰ বাবে উৎসৰ্গিত এক যাদুঘৰ। ই সেই স্থান য'ত মহাত্মা গান্ধীয়ে জীৱনৰ অন্তিম ১৪৪ দিন অতিক্ৰম কৰিছিল আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মৃত্যু হৈছিল। ই মূলত বিৰলা পৰিয়াল, ভাৰতীয় ব্যৱসায়িক ব্যৱসায়ীসকলৰ ঘৰ আছিল। ই এতিয়া ইটাৰলেন গান্ধী মাল্টিমিডিয়া মিউজিয়াম, যিটো ২০০৫ চনত স্থাপন কৰা হৈছিল।

গান্ধী স্মৃতি
'গান্ধী স্মৃতি' (পূৰ্বৰ 'বিৰলা হাউচ'), নতুন দিল্লী, ভাৰত

সোমবাৰ আৰু ৰাষ্ট্ৰীয় ছুটিৰ বাহিৰে প্ৰতিদিনে যাদুঘৰটো খোলা থাকে। সকলোৰে বাবে প্ৰৱেশ বিনামূলীয়া।

ইতিহাস

গান্ধী স্মৃতিৰ ইটাৰলেন গান্ধী মাল্টিমিডিয়া মিউজিয়ামৰ এটা প্ৰদৰ্শনী (বাঁওফাল); গান্ধী স্মৃতিৰ 'স্বহীদৰ স্তম্ভ', এই স্থানতে মহাত্মা গান্ধীক হত্যা কৰা হৈছিল (সোঁফাল)

১৯২৮ চনত, ১২টা শোৱা কোঠা থকা এই ঘৰটো ঘনশ্যামদাস বিৰলাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। বল্লভভাই পেটেল আৰু মহাত্মা গান্ধী প্ৰায়ে এই ঘৰৰ অতিথি আছিল। মহাত্মা গান্ধীয়ে শেষবাৰ ১৯৪৭ চনৰ ৯ ছেপ্টেম্বৰৰ পৰা ১৯৪৮ চনৰ ৩০ জানুৱাৰীলৈ এই ঘৰত বাস কৰিছিল। অন্তিম তাৰিখে গান্ধীক হত্যা কৰা হৈছিল। ঘনশ্যামদাস বিৰলাক জৱাহৰলাল নেহৰুৱে বিৰলা গৃহৰ এটা অংশ গান্ধী স্মৃতি হিচাপে গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ দিছিল। ঘনশ্যামদাসৰ গান্ধীৰ স্মৃতিত এই ঘৰটো এৰি যাবলৈ ইচ্ছুক নাছিল।

১৯৭১ চনত, ভাৰত চৰকাৰে দীৰ্ঘম্যাদী বুজাবুজিৰ পিছত, কৃষ্ণ কুমাৰ বিৰলাৰ পৰা ঘৰটো ক্ৰয় কৰে। কিছুমান প্ৰতিবেদনৰ পৰা জনা যায় যে, কৃষ্ণ কুমাৰে ঘৰৰ দামৰ সৈতে ফলৰ গছসমূহৰো দাম লৈছিল। কৃষ্ণ কুমাৰে ঘৰটো ৪.৫ মিলিয়ন টকাত বিক্ৰী কৰে আৰু বিনিময়ত উপনগৰত সাত একৰ ভূমি পাইছিল। ১৯৭৩ চনৰ ১৫ আগষ্টত এই ঘৰটো জনসাধাৰণৰ বাবে খোলা হয় আৰু তাৰ নাম 'গান্ধী স্মৃতি' কৰা হয়। যাদুঘৰটো গান্ধীৰ জীৱন আৰু মৃত্যুৰ সৈতে সম্পৰ্কিত বহুতো সামগ্ৰী আছে। দৰ্শনাৰ্থীসকলে গান্ধীৰ বাসগৃহৰ ভৱন আৰু ওচৰৰ অঞ্চল আৰু তেওঁক হত্যা কৰা স্থানলৈ যাব পাৰে। প্ৰাৰ্থনা কৰোঁতে গান্ধীক গুলি কৰা হৈছিল। সেই স্থানত এখন শ্বহীদ বেদী স্থাপন কৰা হৈছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নতুন দিল্লীভাৰতমহাত্মা গান্ধী

🔥 Trending searches on Wiki অসমীয়া:

কপৌ ফুলশংকৰপালীভীমৰাও ৰামজী আম্বেদকাৰহেম বৰুৱামান ভাষাআন্তৰ্জাতিক নাৰী দিৱসভাৰতীয় শিল্পকলাজয়সাগৰ পুখুৰীউৎসৱডিব্ৰুগড়৩১ মাৰ্চকলিতা জনগোষ্ঠীপাচন তন্ত্ৰশিৱসাগৰ পুখুৰীবচন (ব্যাকৰণ)ভৌতিক সংস্কৃতিঅসমৰ গামোচাধোদৰ আলিআই এম ডি টি আইন, ১৯৮৩কালিদাসসন্ধিশিলঅৰুণ শৰ্মাখামটি জনগোষ্ঠীলখিমপুৰ জিলাআমৰলি টোপবৰাক নদীৰামমোহন ৰায়নাৰীবাদপিঠামাধৱদেৱভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যস্বাভাৱিক সংখ্যাগণতন্ত্ৰঅসমৰ সত্ৰসমূহৰ তালিকাপোলেণ্ডবাবৰী মছজিদভাওনাচ'জুনঘিলাধাৰী ঘাটৰ সন্ধিনগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰিয়ান পৰাগদৌল গোবিন্দ মন্দিৰৰাজনীতিজয়মতী কুঁৱৰীকুঁহিয়াৰভাৰত-আৰ্য ভাষা পৰিয়ালইছলামমিচিং ভাষাফৰাচী বিপ্লৱৰঘুনাথ চৌধাৰীলুৰিন জ্যোতি গগৈলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানহোলীগীতশ্ৰীনিবাস ৰামানুজনগামখাৰু২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনকোচ ৰাজবংশখেৰাইঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅসমীয়া কবিতাঅন্তৰীপ (উপন্যাস)কোৰআনবিজ্ঞাপনজাপিনগা জনগোষ্ঠীকুচিয়া মাছহেমচন্দ্ৰ গোস্বামীবলঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভূ-বিজ্ঞানঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাভটিমাহেম সৰস্বতীৰমন্যাসবাদ🡆 More