একতাৰ মূৰ্তি

একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত। নৰ্মদা নদীৰ বুকুত অৱস্থিত এটি নদীদ্বীপৰ পৰা চৰ্দাৰ সৰোবৰ বান্ধলৈ মুখ কৰি কেৱদিয়া কলনীত এই মূৰ্তি অৱস্থিত।

একতাৰ মূৰ্তি
ঐক্যৰ মূৰ্তি
ষ্টেচু অফ ইউনিটি
একতাৰ মূৰ্তি
স্থানাঙ্ক 21°50′17″N 73°43′09″E / 21.8380°N 73.7191°E / 21.8380; 73.7191 73°43′09″E / 21.8380°N 73.7191°E / 21.8380; 73.7191
অৱস্থান কেৱদিয়া কলনী, নৰ্মদা জিলা, গুজৰাট, একতাৰ মূৰ্তি ভাৰত
ডিজাইনাৰ ৰাম ভি. চুতাৰ
প্ৰকাৰ মূৰ্তি
পদাৰ্থ ষ্টীল ফ্ৰেমিং, ৰেইনফৰ্চড কংক্ৰীট, ব্ৰঞ্জ ক্লেডিং
উচ্চতা
  • মূৰ্তি: ১৮২ মিটাৰ (597 ফুট)
  • বেদীৰ সৈতে: ২৪০ মিটাৰ (790 ফুট)
নিৰ্মাণ আৰম্ভ ৩১ অক্টোবৰ ২০১৪ (2014-10-31)
নিৰ্মাণ সমাপ্তি অক্টোবৰ ২০১৮
মুকলি ৩১ অক্টোবৰ ২০১৮
নৰেন্দ্ৰ মোদী
উছৰ্গিকৃত চৰ্দাৰ বল্লভভাই পেটেল
ৱেবছাইট statueofunity.in

এই প্ৰকল্প নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে ২০১০ চনত ঘোষণা কৰা হৈছিল। ২০১৪ চনৰ অক্টোবৰ মাহৰ পৰা লাৰ্চন এণ্ড টাৰব' কোম্পানীয়ে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। ৰী মূৰ্তিৰ মুঠ ব্যয় ₹২,৯৮৯ কোটি। ভাস্কৰ্যবিদ ৰাম ভি. চুতাৰে ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছিল। ২০১৮ চনৰ ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৩তম জন্মবাৰ্ষিকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে এই মূৰ্তি মুকলি কৰে।

বল্লভভাই পেটেলে ভাৰতৰ স্বাধীনতাৰ পিছত বহুতো স্থানীয় ৰজা-মহাৰজাৰ ৰাজ্য মূল ভাৰতৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সকলোকে একতাৰ দোলেৰে বান্ধি ভাৰতত ঐক্য স্থাপন কৰাৰ বাবে এই মূৰ্তিৰ নাম একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ৰখা হ'ল।

ইতিহাস

২০১০ চনৰ ৭ অক্টোবৰ তাৰিখে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ দহবছৰীয়া বৰ্ষৰ আৰম্ভণিৰ মুহূৰ্তত তেওঁ চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত মূৰ্তি নিৰ্মাণৰ প্ৰকল্পৰ কথা ঘোষণা কৰে। সেই সময়ত ইয়াক কাৰ্যকৰী কৰিবলৈ গুজৰাট চৰকাৰৰ দ্বাৰা চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় একটা ট্ৰাষ্ট গঠন কৰা হৈছিল।

চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহপুৰুষ বুলি কোৱা হয় সেয়ে মূৰ্তিৰ বাবে লাগতিয়াল লোৰ বাবে গোটেই দেশৰ কৃষক সকলক নিজৰ লোৰ সঁজুলি দান দিবলৈ আহ্বান জনোৱা হৈছিল। এনেকৈ ২০১৬ চনলৈ ১৩৫ টন লো সংগ্ৰহ কৰা হ'ল আৰু তাৰে ১০৯ টন লো মূৰ্তিৰ বেদীত ব্যৱহাৰ কৰা হ'ল।

তথ্যউৎস

বাহ্যিক সংযোগ

Tags:

গুজৰাটবল্লভভাই পেটেল

🔥 Trending searches on Wiki অসমীয়া:

মৌখিক লোকসাহিত্যনৰেন্দ্ৰ মোদীলোকচিকিৎসাচাণক্যইটো সিটো বহুতোৰামধেনু (আলোচনী)পোহৰসূৰ্যবিহুৰ খাদ্যম'হৰ শিঙৰ পেঁপাএৰিষ্ট'টলসংস্কৃত ভাষাজুবিন গাৰ্গমামণি ৰয়ছম গোস্বামীপৰিৱেশ তন্ত্ৰপ্ৰযুক্তিইয়াত এখন অৰণ্য আছিলকয়লাবধকাব্যনীলিম কুমাৰসমাজতত্ত্বঅম্বিকাগিৰি ৰায়চৌধুৰীমহাযানঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলদিহানামভূমি প্ৰদূষণআনন্দৰাম বৰুৱাচুতীয়া ৰাজ্যঅসমৰ সাহিত্যিকসকলৰ তালিকাঅনন্ত কন্দলি২০২২ ফিফা বিশ্বকাপমৌৰ্য সাম্ৰাজ্যশ্বজিবু নোংমা পানবাএলক'হলমায়ংমাজুলীকামৰূপ জিলাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ভাৰত-আৰ্য ভাষা পৰিয়ালপুথিভঁৰালঅভিধানবানপানীচ্যু-খ্ৰং-ফানীলমণি ফুকন (কনিষ্ঠ)স্বাস্থ্যব্ৰাহ্ম সমাজকাঞ্চন (উপন্যাস)তাল (বাদ্যযন্ত্ৰ)তলাতল ঘৰআইনামঅশোক ফুলহিন্দু ধৰ্মভক্তি ৰত্নাৱলীমহাভাৰতছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)অসমৰ কুঁহিলা শিল্পচিত্ৰ-ভাগৱতমুদ্ৰাস্ফীতিবড়ো জনগোষ্ঠীবিহুৰ বাদ্যযন্ত্ৰঅসমীয়া যুক্তাক্ষৰনগাঁওলাচিত বৰফুকনপৃথিৱীছক্ৰেটিছঅভিমন্যুশিৱনাথ বৰ্মনভাৰতত বাল্য বিবাহপৰ্যটনকাৰ্ল মাৰ্ক্স🡆 More