ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ (ইংৰাজী: Rebati Mohan Dutta Choudhury) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰই বহু গল্প-উপন্যাস হিন্দী, বঙালী আদি ভাষালৈ অনূদিত কৰে। ভাৰতীয় জ্ঞানপীঠে 'অনুুসন্ধান' আৰু 'অপৰাজেয়' উপন্যাস হিন্দীলৈ আৰু নেচনেল বুক ট্ৰাষ্টে 'অবিচ্ছিন্ন' আৰু 'গধূলি' উপন্যাস বঙালী আৰু হিন্দীলৈ অনুবাদ হৈছে।
ৰেৱতী মোহন দত্তচৌধুৰী | |
---|---|
জন্ম | ৰেৱতী মোহন দত্তচৌধুৰী ১৮ ছেপ্টেম্বৰ, ১৯২৪ গৌৰীপুৰ,ধুবুৰী, অসম |
মৃত্যু | ২৯ ফেব্ৰুৱাৰী, ২০০৮ |
ছদ্মনাম | শীলভদ্ৰ |
পেচা | সহিত্যিক, শিক্ষাবিদ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | মধুপুৰ বহুদূৰ আকৌ মধুপুৰ |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৯৪) অসম উপত্যকা সাহিত্য বঁটা (২০০১) |
১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত শীলভদ্ৰৰ জন্ম হয়। পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। গৌৰীপুৰৰ পি. চি. ইনষ্টিটিসনৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা আই.এচ.ছি পৰীক্ষাত উত্তীৰ্ণ হয়। পূৰ্ববংগৰ ৰংপুৰৰ কাৰমাইকেল কলেজৰ পৰা বি.এছ.ছি আৰু কলকাতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম.এছ.ছি পাছ কৰে।
চাকৰিৰ বাবে শীলভদ্ৰলৈ প্ৰথম আহ্বান আহে এম.চি. কলেজৰ পৰা। পিছত প্ৰৱক্তা কটন মহাবিদ্যালয় ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ চাকৰি কৰে যদিও চাকৰি ইস্তফা দি ঠিকাদাৰ (১৯৪৯-৫৪) হয়। তাৰপিচতে তেওঁ দ্যা আছাম ট্ৰিবিউন (১৯৫৫)ৰ কামত যোগদান দিয়ে যদিও কিছুদিন চাকৰি কৰি এছিচটেণ্ট মেনেজাৰ ৰূপে চাহ-বাগানত সোমায়। চাহ বাগিচাত ১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ কাম কৰে। ইয়াৰ পিচত ৰেৱতী মোহন দত্তচৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজত গণিতৰ শিক্ষক হিচাপে যোগদান কৰে। অসম অভিযান্ত্ৰিক কলেজত তেওঁ ১৯৫৭ চনৰ পৰা ১৯৮২ চনলৈকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো (১৯৬৫ - ৮৫) অংশকালীন শিক্ষক হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়ায়।
১৯৬৪ চনত 'অসম বাতৰি' কাকতত প্ৰকাশিত 'অভিযোগ' চুটিগল্পৰে আত্মপ্ৰকাশ।
শীলভদ্ৰই ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৭১ চনত প্ৰকাশিত 'মধুপুৰ আৰু তৰংগিনী' উপন্যাসখনৰ জৰিয়তে। তেওঁৰ বাকী উপন্যাসকেইখন হ'ল: 'আগমনীৰ ঘাট' (১৯৭৩), 'আহঁতগুৰি' (১৯৭৩), 'অবিচ্ছিন্ন' (১৯৮০) 'প্ৰাচীৰ' (১৯৮০), 'গধূলি' (১৯৮১), 'অনুসন্ধান' (১৯৮৭), উপন্যাস সমগ্ৰ।
শীলভদ্ৰই মুঠ ২৬ খনমান গল্পপুথি ৰচনা কৰে। ১৯৬৪ চনত 'অসম বাতৰি' পূজা সংখ্যাত তেওঁৰ প্ৰথম গল্প 'অভিযোগ' প্ৰকাশ হৈছিল। শীলভদ্ৰই ৰচনা কৰা গল্পপুথিবোৰ হ'ল:
ৰিপ ভ্যান উইংকল আৰু অন্যান্য কেইটামান গল্প, মেটামৰফ’চিছ। তেওঁৰ বহুকেইখন গল্প সংকলন ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।
২০০৮ চন ২৯ ফেব্ৰুৱাৰী তাৰিখে ৰেৱতী মোহন দত্তচৌধুৰীৰ মৃত্যু হয়।
This article uses material from the Wikipedia অসমীয়া article ৰেৱতী মোহন দত্তচৌধুৰী, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.