ৰিক খ্ৱন (ইংৰাজী ভাষা:Rik Khwan)হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি (সাধাৰণতে দীৰ্ঘ আয়ুস বুলি ধৰা হয়) স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়। নতুনকৈ চাওফাৰ আসন লাভ কৰাৰ সময়ত বা ৰণত জয়লাভ কৰাৰ পিছত অথবা কোনো অমঙ্গলৰ পৰা হাত সাৰি দীৰ্ঘ জীৱন লাভৰ কামনা কৰি এই উৎসৱ পতা হৈছিল।
ৰিক খ্বন |
---|
এখন সুসজ্জিত চাঙৰ ওপৰত চাওফাজন বহি থাকে। ম'লৌঙ সকলে মন্ত্ৰপুত পানী ৰজাৰ মূৰত ঢালি দিয়ে। চাঙৰ তলত দুগৰাকী মানুহ বহি থাকে। ৰজাৰ মূৰত ঢলা পানী ৰজাৰ গাৰে বৈ গৈ সিহঁতৰ মূৰত পৰে। স্নানৰ শষত ৰজাৰ সাজ-পাৰ সলাই নতুন সাজ-পাৰ লয়। সিহঁতক এচৰু চৰু সোণ আৰু এচৰু ৰূপ দি ৰাজ্যৰ বাহিৰ কৰি খেদি দিয়া হয়। মানুহৰ বিশ্বাস যে সিহঁতে ৰজা আৰু ৰাইজৰ অমঙ্গল নেওচি লৈ যায়। সেই কাৰণে তেওঁলোকক নেওচা যোৱা বোলে।
This article uses material from the Wikipedia অসমীয়া article ৰিক খ্বন, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.