চৰিত্ৰ হেৰী পটাৰ

হেৰী জেমছ পটাৰ (ইংৰাজী: Harry James Potter) ব্ৰিটিছ লেখিকা জে.

কে. ৰাউলিং">জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস চিৰিজৰ প্ৰধান চৰিত্ৰ। হেৰীক কেন্দ্ৰ কৰিয়ে এই চিৰিজৰ কাহিনী আগবাঢ়িছে। হেৰী ১১ বছৰ বয়সত সৰ্বপ্ৰথম জানিবলৈ পায় যে সি এজন যাদুকৰ।

কাহিনীৰ পটভূমি হৈছে হগৱাৰ্ট্‌ছ স্কুল অফ উইচক্ৰ্যাফট এণ্ড উইজাৰ্ড্ৰি, য'ত হেৰী তাৰ ঘনিষ্ঠ দুই বন্ধু ৰন ৱিজলি আৰু হাৰমাইনি গ্ৰেইঞ্জাৰৰ লগত বিভিন্ন অভিযানত অংশ লয়। হেৰী লাহে লাহে আবিষ্কাৰ কৰে যে, সি যাদুকৰ সম্প্ৰদায়ৰ মাজত অত্যন্ত বিখ্যাত। তাৰ চেহেৰাৰ আটাইতকৈ উল্লেখযোগ্য দিশ হৈছে তাৰ কপালত বিদ্যুৎ চমকৰ দৰে কটা দাগ, যিটো স্কাৰ নামে পৰিচিত। লৰ্ড ভ'লডেমৰ্ট যেতিয়া হেৰীক মাৰিবলৈ আভাডা কেডাভ্ৰা নামক অভিশাপ দিছিল তেতিয়া হেৰীৰ কপালৰ এই দাগ সৃষ্টি হৈছিল। ভ'লডেমৰ্টে হেৰীৰ পিতৃ মাতৃক হত্যা কৰিছিল। যাদুৰ পৃথিৱীত হেৰীয়েই একমাত্ৰ ব্যক্তি যিয়ে আভাডা কেডাভ্ৰা নামক মৃত্যু অভিশাপৰ পৰা বাচি গৈছে। ইয়াৰ ফলত লৰ্ড ভ'লডেমৰ্টৰ পতন হৈছে।

উপন্যাসত জেমছ আৰু লিলি পটাৰৰ একমাত্ৰ সন্তান হৈছে হেৰী। তাৰ পিতাকৰ নিচিনা হেৰীৰো ক'লা চুলি অপৰিপাটী ভাবে সজোৱা। তাৰ স্বভাব, চৰিত্ৰ, ব্যক্তিত্ব সি পাইছে তাৰ মাকৰ পৰা। মাকৰ সেউজীয়া চকুও সি পাইছে। প্ৰথম উপন্যাসত হেৰীক সৰু আকাৰ আৰু ক্ষীণ শৰীৰৰ কোৱা হ'লেও পঞ্চম কিতাপত তাক ওখ বুলি কোৱা হৈছে। সি গোলাকাৰ ফ্ৰেমৰ চশমা পৰিধান কৰিছিল।

Tags:

ইংৰাজী ভাষাজে. কে. ৰাউলিংহেৰী পটাৰ

🔥 Trending searches on Wiki অসমীয়া:

সিন্ধু সভ্যতাজলবায়ুপাইক প্ৰথাঅসমীয়া ভাষাশ্ৰীমন্ত শংকৰদেৱগড়গাঁওবিৰিঞ্চি কুমাৰ বৰুৱাগোলাঘাট জিলাগৰু বিহুকাৰেঙৰ লিগিৰীশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহমাঘ বিহুপৰ্যটনজল সংৰক্ষণউত্তৰ-পূব ভাৰতসালোক সংশ্লেষণঅসমত দেখা পোৱা মাছৰ তালিকাবধকাব্যমহিম বৰাদিনৰজনীগন্ধাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকায়নীলপৱন বৰুৱাসত্যনাথ বৰামানৱ ভূগোলআৰ্দ্ৰতাহিউৱেন-চাংহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)শিৱসাগৰৰ শিৱদৌলভূমি প্ৰদূষণমহা মৃত্যুঞ্জয় মন্দিৰমোপিন উত্‍সৱৰামআধুনিকতাবাদবিহুগীতৰামধেনুঅসমৰ লোকবাদ্যঅসমত দেখা চৰাইবোৰসাহিত্যৰ সমাজতত্ত্বনিমাতী কইনাওডিছীপথৰুঘাটৰ ৰণঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঅসমীয়া গালি-গালাজচ্যু-কা-ফাব্ৰজাৱলী ভাষাপদুমবিশ্বকোষগণতন্ত্ৰবাঁহীভবেন্দ্ৰ নাথ শইকীয়াঅশ্বিনী কুমাৰ বৰুৱাঅৰ্থব্যৱস্থাজাপিজল প্ৰদূষণৰুক্মিণীডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়আত্মজীৱনীআহোম ৰাজবংশঅসমৰ চিত্ৰকলাৰ ইতিহাসকলিতা জনগোষ্ঠীঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাচৰিত পুথিবাল্য বিবাহকথা কবিতাপ্ৰথম বিশ্বযুদ্ধভাৰতীয় টকাকম্পিউটাৰধানঅশোকৰ অনুশাসনফুলগুৰি ধেৱা🡆 More