হিপ'ক্ৰেটিছৰ শপত

এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।

হিপ'ক্ৰেটিছৰ শপত (Hippocratic Oath) চিকিৎসকসকলে ঐতিহাসিকভাৱে গ্ৰহণ কৰা এটা শপত। বহুল পঠিত গ্ৰীক চিকিৎসা সংক্ৰান্তীয় পাঠ্যসমুহৰ ভিতৰত ই অন্যতম। মূল ৰূপ অনুসৰি নতুন চিকিৎসক এজনে কেইবাজনো দেৱতাৰ নাম লৈ শিষ্টাচাৰৰ নিৰ্দিষ্ট মান পালন কৰিবলৈ শপত লয়। ঐতিহাসিক আৰু পৰম্পৰাগত মূল্যলৈ চাই বহু দেশত শপতটোক চিকিৎসকসকলৰ প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হয়। আজিকালি ইয়াৰ বিভিন্ন আধুনিক ৰূপো ব্যৱহাৰ কৰা হয়।

হিপ'ক্ৰেটিছৰ শপত
শপতটোৰ এটা পাণ্ডুলিপি, সময় দ্বাদশ শতিকাৰ বাইজেণ্টিন সাম্ৰাজ্য

পণ্ডিতসকলে বিশ্বাস কৰে যে পশ্চিমীয়া সংস্কৃতিত চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হিপ'ক্ৰেটিছ বা তেওঁৰ এজন শিষ্যই এই শপত লিখিছিল। মূল শপতবাক্যটো পঞ্চম শতিকাৰ শেষৰফালে Ionic Greek ভাষাত লিখা হৈছিল। ইয়াক সাধাৰণতে হিপ'ক্ৰেটিক সংগ্ৰহত অন্তৰ্ভুক্ত কৰা হয়।

দ্ৰুপদী পণ্ডিত লুড্‌ৱিগ এডেল্‌ষ্টেইনে এই মত আগবঢ়ায় যে এই শপত বাক্য পাইথাগ'ৰিয়ানসকলে লিখিছিল। পাইথাগ'ৰিয়ান চিকিৎসাৰ ধাৰাৰ অভাৱত এই মতবাদক লৈ প্ৰশ্ন উঠে।

শপতটোৰ আধুনিক ৰূপৰ অসমীয়া পাঠ

মই , মোৰ সবোৰ্চ্চ সামৰ্থ আৰু বিচাৰৰ দ্বাৰা এই প্ৰতিজ্ঞা ৰক্ষা কৰাৰ শপত লৈছোঁ :

মই সেই পূৰ্বসূৰী চিকিৎসক সকলৰ কঠোৰ সাধনা-লব্ধ বৈজ্ঞানিক উপলব্ধিসমূহক শ্ৰদ্ধা কৰিম যাৰ খোজ অনুসৰণ কৰি মই খোজ দিছোঁ, আৰু এনে সমূহ জ্ঞান মোৰ আৰু সেইসকলৰ মাজত, যি এই পথেৰে আগবাঢ়িব, আনন্দমনেৰে ভগাই লম।

নিৰৰ্থক-চিকিৎসা আৰু চিকিৎসা-অসাৰ বুলি ভবা মানসিকতা, এই দুইৰ জালত নপৰাকৈ থাকি ৰুগীয়াৰ উপকাৰাৰ্থে দৰকাৰী সকলো ব্যৱস্থাৰ প্ৰয়োগ কৰিম।

মই মনত ৰাখিম চিকিৎসাশাস্ত্ৰ আৰু বিজ্ঞানতো এক কলা সোমাই আছে আৰু উমালতা, সহ-মৰ্মিতা আৰু বুজাবুজিয়ে হয়তো অস্ত্ৰোপচাৰৰ চুৰীখন বা ঔষধা্লয়ৰ ঔষধক তল পেলাব পাৰে ।

“মই নাজানো” বুলি কবলৈ মই না লাজ কৰিম, না মই মোৰ সহকৰ্মীক মাতিবলৈ কুন্ঠা কৰিম যেতিয়া এজন ৰোগীক আৰোগ্য কৰিবলৈ আন কাৰোবাৰ দক্ষতাৰ আৱশ্যক হয়।

মই মোৰ ৰোগী সকলৰ একান্ত-গোপনীয়তাক সন্মান কৰিম, কিয়নো তেওঁলোকে তেওঁলোকৰ সমস্যা সমূহ গোটেই পৃথিৱীয়ে জানক বুলি মোক নকয়। আটাইতকৈ বিশেষভাবে, জীৱন আৰু মৃত্যুৰ কথা জড়িত থকা বিষয় সমূহত মই সাৱধানতাৰে খোজ দিবই লাগিব।

মোক যদি জীৱন ৰক্ষা কৰিবলৈ দিয়া হয় , ধন্যৱাদ। কিন্তু জীৱন লোৱাটোও হয়টো মোৰ ক্ষমতাৰ ভিতৰতে আছে; মোৰ নিজৰ দুৰ্বলতাৰ প্ৰতি সচেতন থাকি অতি অমায়িকতাৰে এই ভীষন দায়িত্বৰ সন্মুখীন হবই লাগিব। সৰ্বোপৰি , মই ঈশ্বৰৰ স্থানত খেলিবলৈ কেতিয়াও নাযাওঁ।

মই মনত ৰাখিম যে মই জ্বৰৰ ৰেখাংকন এখন, কৰ্কটৰ বাঢ়ি অহা টেমুনা এটাক চিকিৎসা নকৰোঁ, কৰিম এজন ৰুগীয়া ব্যক্তিক, যাৰ ৰোগটোৱে হয়টো সেইজনৰ পৰিয়াল আৰু আৰ্থিক ভাৰসাম্যতাক প্ৰভাৱিত কৰে। মোৰ দায়িত্ব এই সম্পৰ্কীয় সমস্যাবোৰো, যদিহে মই ৰোগীজনৰ পৰ্যাপ্ত যত্ন লওঁ।

মই যেতিয়ায়ে পাৰো, বেমাৰ প্ৰতিৰোধ কৰিম, কিয়নো প্ৰতিৰোধ উপশমতকৈ শ্ৰেয়।

মই মনত ৰাখিম যে মোৰ লগৰ সকলো মানৱ, যাৰ মন আৰু শৰীৰ টনকিয়াল অথবা যাৰ নহয়, সকলোৰে প্ৰতি বিশেষ দায়বদ্ধতাৰে মই সমাজৰে এজন সদস্য হৈ থাকিম।

যদি মই এই শপত উলংঘা নকৰো, তেন্তে মই যাতে জীৱন আৰু কলাসমূহ উপভোগ কৰিব পাৰো, জীয়াই থকাৰ দিনত সন্মানিত হওঁ, আৰু তাৰপাচত যাতে মৰমেৰে ৰোমন্থিত হওঁ। মই যাতে সদায় মোৰ বৃত্তিৰ উত্তম ঐতিহ্যসমূহৰ সংৰক্ষণাৰ্থে কাম কৰো আৰু মই যাতে সুদীৰ্ঘ সময় সেইসকলৰ ৰোগ-উপশম কৰাৰ আনন্দ লভিব পাৰো, যিসকলে মোৰ সহায় বিচাৰিব।

তথ্য সংগ্ৰহ

অতিৰিক্ত পঠন

বাহ্যিক সংযোগ

Tags:

হিপ'ক্ৰেটিছৰ শপত শপতটোৰ আধুনিক ৰূপৰ অসমীয়া পাঠহিপ'ক্ৰেটিছৰ শপত তথ্য সংগ্ৰহহিপ'ক্ৰেটিছৰ শপত অতিৰিক্ত পঠনহিপ'ক্ৰেটিছৰ শপত বাহ্যিক সংযোগহিপ'ক্ৰেটিছৰ শপত

🔥 Trending searches on Wiki অসমীয়া:

ফলৰ তালিকামায়ামৰা সম্প্ৰদায়ৰঘুনাথ চৌধাৰীচিত্ৰ-ভাগৱতলোকসভাৰ অধ্যক্ষমাছবহুৱা নাচসূত্ৰধাৰ নৃত্যসাহিত্যবাঁহ পূজালভিতাসমাজতত্ত্বগোলাঘাট জিলাঅসমৰ পৰম্পৰাগত সাজ-পাৰশূন্যষড়ভুজপ্ৰতিমা (কাব্য গ্ৰন্থ)শিক্ষাৰ অধিকাৰঅসমীয়া লোক কবিতানামেৰি ৰাষ্ট্ৰীয় উদ্যানলিংগবাণাসুৰজৈৱিক কৃষি২০২২ ফিফা বিশ্বকাপনিৰুপমা বৰগোহাঞিভাৰতৰ জাতীয় পতাকাকথা কবিতাকৰবী ডেকা হাজৰিকাপুৰুষমাতৃভাষাদেবেন্দ্ৰ নাথ আচাৰ্যস্বাধীনতা দিৱস (ভাৰত)সত্যনাথ বৰাপৰ্যাবৃত্ত তালিকাশব্দজুবিন গাৰ্গৰংঘৰদুৰ্গা পূজাফুলশামুকভাৰতীয় জাতীয় কংগ্ৰেছমিচিং জনগোষ্ঠীজৈন ধৰ্মহেম ভৰালীকাঠৰ জোখ মাপদূৰবীক্ষণ যন্ত্ৰচকলংবৰাইল পৰ্বতবেলি ফুলপ্ৰহ্লাদ চৰিত্ৰজন গণ মনমনোবিজ্ঞানজিকিৰনাগামিজভৌতিক সংস্কৃতিঅসমীয়া ব্যাকৰণজয়মতী (১৯৩৫ চলচ্চিত্ৰ)প্ৰথম বিশ্বযুদ্ধনাৰ্জীশৰাইঘাট দলংদেউৰী জনগোষ্ঠীচন্দ্ৰকুমাৰ আগৰৱালাকলিমামামৰে ধৰা তৰোৱালগ্ৰহৰাধাগোবিন্দ বৰুৱাগদ্যগড়গাঁওজোনবিল মেলাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যসিন্ধু সভ্যতাহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যমাটি আখৰাউত্তৰ-পূব ভাৰতৰাজনীতিদেৱদাসী নৃত্যএলবাৰ্ট আইনষ্টাইনতগৰ🡆 More