লেখা, গ্ৰন্থ, দৈনিক, সাপ্তাহিক, মাহেকীয়া বা পষেকীয়া কাকত বা আলোচনী অথবা কবিতাৰ পাঠ, ভাষা, ভাব বা শৃংখলক ব্যাৱস্থিত কৰিবলৈ তথা আৱশ্যকতা অনুসৰি তাত সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন ঘটাই তাক সাৰ্বজনীন প্ৰয়োগ অথবা প্ৰকাশযোগ্য কৰি তোলাকে সম্পাদনা কৰা বোলে। লেখা বা কিতাপৰ ভাষা, ভাব তথা শৃংখলৰ সৈতে তালৈ অহা তথ্য আৰু পাঠৰো সংশোধন আৰু পৰিস্কাৰ কৰি সম্পাদনা কৰা হয়। এই পৰিস্কৰণ প্ৰক্ৰিয়াত উচিত শীৰ্ষক বা উপশীৰ্ষক, অধ্যায় বা ক্ৰম ঠিক কৰি, ব্যাকৰণৰ দৃষ্টিৰে ভাষাৰ শুধৰণি কৰি, শৈলী আৰু প্ৰভাৱৰ সামঞ্জস্য সংস্থাপিত কৰি, নাম, ঘটনা, তিথি আৰু প্ৰসংগৰ উচিত ভাবে সংযোগ কৰি, আৱশ্যকতা অনুসৰি বিষয়, শব্দ, বাক্য বা উদাহৰণ বঢ়ায়, অৱতাৰণা সংযোগ কৰি, তলত টোকা লিখি বোধগম্য ব্যৱস্থাৰো সংযোগ কৰা হয়।
সাময়িক ঘটানা বা বিষয়ৰ ওপৰত সম্পাদকীয় লিখা, বিভিন্ন প্ৰকাৰৰ বাতৰিৰ ওপৰত তাৰ তুলনাত্মক মহত্ব অনুসৰি তাৰ ওপৰত বিভিন্ন আঁকাৰ প্ৰকাৰৰ শীৰ্ষক বা শিৰোনাম (headline, flash, banner) দিয়া, অশ্লীল, অপমানজক তথা আপত্তিজনক কথা নিলিখাকৈ সত্যতা, তেজস্বিতা, স্পষ্টবাদিতা, নিৰ্ভীকতা তথা নিৰপেক্ষতাৰ লগতে অন্যায়ৰ বিৰোধিতা কৰা, ৰাইজৰ ভাবনাৰ প্ৰতিনিধিত্ব কৰা, জনতাক পথ প্ৰদৰ্শন কৰা আৰু জনমত নিৰ্মাণ কৰাটো দৈনিক কাকতৰ সম্পাদনাৰ অন্তৰ্গত বিষয়। সাপ্তাহিক কাকতৰ অন্য সকলো কথা দৈনিক কাকতৰ দৰেই হয়, কিন্তু তাত বিচাৰপূৰ্ণ নিৱন্ধ, কাহিনী বা গল্প, বিৱৰণ, বিবেচনা আদিৰ তথ্য-সমৃদ্ধ, পঠনীয় আৰু মননশীল সামগ্ৰীও থাকিব লাগিব। সেয়ে, তাৰ লেখা সমূহ, সাপ্তাহিক বাতৰি, অন্য মনোৰঞ্জক তথা কিশোৰ, মহিলা আদি বিশেষ বৰ্গৰ বাবে সংকলিত সামগ্ৰীৰ নিৰ্বাচন আৰু সম্পাদনা সেই বিশেষ বৰ্গৰ যোগ্যতা আৰু আৱস্থালৈ লক্ষ্য ৰাখি জনহিতৰ দৃষ্টিৰে কৰিব লাগিব। এইদৰেই নিৰ্বাচকৰ দ্বাৰা প্ৰেৰিত পক্ষৰ উত্তৰ জনহিত তথা তথ্যৰ দৃষ্টিৰে পৰীক্ষণ কৰি সমাৱেশিত কৰাৰ আৱশ্যকতা থাকে।
মাহেকীয়া বা সাপ্তাহিক আলোচনী মুখ্যতঃ বিচাৰপত্ৰৰ দৰে হয়, য'ত গভীৰ তথা চিন্তাশীল লেখাৰ আধিক্য থাকে। ইয়াত স্বাভাৱিকতেই লেখনিৰ সম্পাদনা লেখনি বা গ্ৰন্থৰ সম্পাদনাৰ দৰেই হয়। বিতৰ্কমূলক বিষয়ত বিভিন্ন পক্ষৰ পৰা পোৱা লিখনিৰ এনেপ্ৰকাৰে পৰীক্ষণ কৰা হয় যে তাত কোনো প্ৰকাৰে কোনো ব্যক্তি, পক্ষ, সমাজ অথবা গ্ৰন্থৰ ওপৰত কোনো ধৰণৰ ব্যাংগাত্মক বা আক্ৰোশপূৰ্ণ আক্ষেপ নাথাকে আৰু ক'তোৱেই যেন অশ্লীল (অমংগল তথা গ্ৰাম্য) শব্দৰ প্ৰয়োগ নাথাকে। এনে পত্ৰিকা বা আলোচনীত বিভিন্ন শৈলীৰ দ্বাৰা আকৰ্ষক ৰচনাকৌশলেৰে লিখা পঠনীয়, মননশীল, মনোৰঞ্জক, জ্ঞানবিস্তাৰক, বিচাৰপ্ৰৱণ আৰু প্ৰেৰণাশীল লেখাৰ সংগ্ৰহ কৰাটো, তাৰ সৈতে আৱশ্যকীয় সম্পাদকীয় টিপ্পনী দিয়া, স্পষ্টীকৰণৰ বাবে টোকা, পৰিচয় অথবা ব্যাখ্যা আদি সংলগ্ন কৰা আৰু প্ৰাপ্ত লেখা সমূহক বোধগম্য তথা স্পষ্ট কৰাৰ কাৰণে অনাৱশ্যক অংশ পৰিহাৰ কৰা, আৱশ্যক অংশ সংলগ্ন কৰা, যি বিশেষ কৌশলেৰে লেখকে লিখিছে সেই কৌশলৰ প্ৰকৃতি অনুসৰি ভাষা আৰু শৈলীক উপস্থাপন কৰা, যদি লেখকে উচিত কৌশলৰ প্ৰয়োগ কৰা নাই- তেন্তে উচিত কৌশল অনুসৰি লিখনি সলনি কৰা, ভাষাত প্ৰয়োগ কৰা শব্দ আৰু বাক্যৰ ৰূপ শুদ্ধ কৰা বা লিখনিৰ প্ৰভাৱ ধৰি ৰখা অথবা তাক অধিক প্ৰভাৱশালী কৰি তোলাৰ বাবে শব্দ আৰু বাক্যৰ সংযোজন কৰা আদি ক্ৰিয়া সম্পাদনাৰ অন্তৰ্গত বিষয়।
কবিতা বা কাব্যৰ সম্পাদনাৰ ক্ষেত্ৰত ছন্দ, যতি, গতি, প্ৰভাৱ, মাত্ৰা, শব্দৰ উচিত যোজনা বা সংযুক্তকৰণ, অলংকাৰৰ উচিত আৰু প্ৰভাৱকাৰী সংযোগ আদি কথালৈ বিশেষ ধ্যান দিয়া হয়। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সম্পাদনাৰ দ্বাৰা কোনো লিখনি, গ্ৰন্থ বা আলোচনী, কাকতৰ সামগ্ৰী সমূহক উচিত অনুপাত, ৰূপ, শৈলী আৰু ভাষাৰ ক্ষেত্ৰত এনে প্ৰকাৰে মিলোৱা হয়- যাতে সেয়া যি প্ৰকাৰ পাঠকলৈ উদ্দেশ্য কৰা হৈছে, তেওঁলোকক ইয়ে প্ৰভাৱিত কৰিব পাৰে, তেওঁলোকে বুজিব পাৰে আৰু তেওঁলোকৰ ভাবনা, বিচাৰ তথা ভাষাবোধক পৰিমাৰ্জিত, সৱল, প্ৰেৰণাদায়ক আৰু প্ৰবুদ্ধ কৰিব পাৰে তথা লেখককো পথ প্ৰদৰ্শন কৰিব পাৰে।
This article uses material from the Wikipedia অসমীয়া article সম্পাদনা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.