শ্বেফিল্ড: ইংলেণ্ডৰ চহৰ

শ্বেফিল্ড (Sheffield) (i/ˈʃɛfiːld/) ইংলেণ্ড ৰ চাউথ য়ৰ্কশ্বায়াৰত অৱস্থিত এখন মহানগৰী। এই মহানগৰীৰ নামটো ইয়াৰ মাজেৰে বৈ যোৱা ‘শ্বেফ (River Sheaf) নামৰ নদীখনৰ নামৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ বৰ্তমানৰ জনসংখ্যা ১,৫৬৯,০০০। জনসংখ্যাৰ ফালৰ পৰা শ্বেফিল্ডৰ স্থান ইংলেণ্ডৰ ভিতৰতে তৃতীয়।

শ্বেফিল্ড (Sheffield)
—  City & Metropolitan borough  —
Sheffield_City.jpgবাওফালৰ পৰা ঘড়ীৰ কাটাৰ দিশত: শ্বেফিল্ড টাউন হল (Sheffield Town Hall] ); চেইণ্ট পলছ টাৱাৰ (St Paul's Tower); হুইল অব শ্বেফিল্ড (Wheel of Sheffield); মিড’হল চেণ্টাৰ (Meadowhall Centre) আৰু শ্বিফ স্কুৱাৰ (Sheaf Square), শেষত পাৰ্ক হিল (Park Hill)
শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি
Coat of Arms of the City Council
অন্য নাম: “ষ্টিল চিটি (Steel City)”
নীতি বাক্য: "Deo Adjuvante Labor Proficit" "With God's help our labour is successful"
শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি
Sheffield shown within South Yorkshire
Sheffield shown within South Yorkshire
ভৌগোলিক স্থানাংক: 53°23′01″N 1°28′01″W / 53.38361°N 1.46694°W / 53.38361; -1.46694
মাটিকালি
 - City ৩৬৭.৯৪ কি.মি. 
(১৪২.১ বৰ্গ মাইল)
জনসংখ্যা (সাঁচ:English statistics year)
 - City সাঁচ:English district population ([[List of English districts by population|Ranked সাঁচ:English district rank]]) জন
 - জনঘনত্ব সাঁচ:English district density প্ৰতি বৰ্গ কি.মি. 
(এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "[" প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল ৬,৪০,৭২০
(Sheffield urban area) জন
 - চহৰাঞ্চলৰ জনঘনত্ব ৩,৯৪৯.২ প্ৰতি বৰ্গ কি.মি. 
(১০,২২৮.৪ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ১৫,৬৯,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' জন
সময় অঞ্চল Greenwich Mean Time (গ্ৰী.মা.স.+0)
Postcode S
অঞ্চল কোড 0114
যমজ চহৰ
 - চীন – Anshan China
 - জাৰ্মানী – Bochum Germany
 - ইউক্ৰেইন – Donetsk Ukraine
 - নিকাৰাগুৱাEstelí Nicaragua
 - জাপানKawasaki Japan
 - জাম্বিয়া – Kitwe Zambia
 - পাকিস্তান – Kotli Pakistan
 - আমেৰিকা যুক্তৰাষ্ট্ৰ – Pittsburgh United States of America
ৱেবছাইট www.sheffield.gov.uk

এই মহানগৰখন ডন নদী (River Don) আৰু ইয়াৰ চাৰিখন উপনৈ,একাদিক্ৰমে লক্সলি ( Loxley), পৰ্টাৰ ব্ৰুক (Porter Brook), ৰিভেলিন (Rivelin) আৰু শ্বেফ (Sheaf) ৰ উপত্যকাত অৱস্থিত। শ্বেফিল্ডৰ মুঠ মাটিকালিৰ ৬১% ই সেউজ (green space) আৰু মহানগৰৰ প্ৰায় এক-তৃতীয়াংশ ‘পিক ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যান’ৰ ভিতৰত অৱস্থিত। শ্বেফিল্ডত ২৫০ তকৈও অধিক উদ্যান আৰু মিলিয়ন জোপা গছ আছে বুলি জনা যায়। ইয়াৰদ্বাৰাই শ্বেফিল্ড ইউৰোপৰ ভিতৰতে সৰ্বাধিক গছ: মানুহ অনুপাত সম্পন্ন মহানগৰ হিচাপে পৰিগণিত হৈছে। এই মহানগৰতে বিশ্বৰ আটাইতকৈ পুৰণি ফুটবল ক্লাৱটোও অৱস্থিত।

১৯ শতিকাত, ষ্টিলৰ উৎপাদনৰ ক্ষেত্ৰত শ্বেফিল্ডে আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। ২১ শতিকাত অন্যান্য ব্ৰিটিছ মহানগৰসমূহৰ লগতে শ্বেফিল্ডৰো বহুলভাৱে বিকাশ আৰু উন্নতি হয়।


ইতিহাস

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
১৮১৯ চনৰ আলোকচিত্ৰত শ্বেফিল্ড মানৰ (Sheffield Manor) ধ্বংসাবশেষ

বৰ্তমানৰ শ্বেফিল্ড মহানগৰীত বহুপূৰ্বৰে পৰা প্ৰায় ১২,৮০০ বছৰৰ আগৰ অৰ্থাৎ পেলিঅ’লিথিকি যুগৰ শেষভাগৰ পৰাই মানুহৰ বসতি আছিল বুলি তথ্য পোৱা গৈছে। শ্বেফিল্ডত মানুহৰ বসতিৰ সবাতোকৈ প্ৰাচীন প্ৰমাণ পোৱা গৈছে মহানগৰীৰ পূব দিশত থকা “ক্ৰেছৱেল ক্ৰেগছ (Creswell Crags) নামৰ ঠাইখনত। লৌহযুগৰ সময়ত ইয়াত ‘ব্ৰিগেনটিছ (Brigantes)’ নামৰ এটা জনজাতি বাস কৰাৰ প্ৰমাণ পোৱা যায়। এই জাতিৰ লোকেই শ্বেফিল্ডৰ আশে পাশে থকা পাহাৰবোৰত ভালেসংখ্যক ফৰ্ট নিৰ্মাণ কৰিছিল।

ৰোমাণ আধিপত্য শেষ হোৱাৰ পিছত শ্বেফিল্ডৰ দক্ষিণ অংশটো ‘এলমেট সাম্ৰাজ্য (kingdom of Elmet)’ৰ অধীনত আছিল। শ্বেফ আৰু ডন নদীয়ে এই সাম্ৰাজ্য আৰু ‘মেৰ্চিয়া সাম্ৰাজ্য (kingdom of Mercia)’ ক পৃথক কৰিছিল। ‘ৱেলছ (Wales)’ আৰু ‘ৱেলছউড (Waleswood)’-এ এই ঐতিহাসিক এলমেট সাম্ৰাজ্যৰ নিদৰ্শন বহন কৰিছে। ‘ ৱেলছ’ শব্দটো জাৰ্মান শব্দ “Walha’'। পৰৱৰ্ত্তীকালত শ্বেফিল্ডলৈ আহি থিতাপি লোৱা এংল’-চেক্সন (Anglo-Saxon) সকলে পুৰণি আবাসীসকলক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰিছিল।

এঘাৰ শতিকাত নৰ্মানৰ ইংলেণ্ড অধিকাৰৰ ঘটনাৰ পিছত, স্থানীয় অধিবাসীসকলে প্ৰতিৰক্ষাৰ বাবে শ্বেফিল্ড কেছ’ল (Sheffield Castle) নিৰ্মাণ কৰে আৰু ইয়াকে কেন্দ্ৰ কৰি এখন সৰু চহৰ গঢ় লৈ উঠে। এই চহৰখনেই বৰ্তমানৰ আধুনিক শ্বেফিল্ড মহানগৰী।

১২৯৬ চনত শ্বেফিল্ডত ‘কেছ’ল স্কুৱাৰ (Castle Square) নামৰ বাণিজ্যকেন্দ্ৰ স্থাপন হয়। আৰু পৰ্য্যায়ক্ৰমে শ্বেফিল্ডৰ বিকাশ হ’বলৈ লয়। চৈধ্য শতিকাত ‘চুৰিকটাৰী’ৰ উৎপাদনৰ বাবে শ্বেফিল্ড প্ৰখ্যাত হৈ পৰে। ১৬ শতিকালৈ ই ইংলেণ্ডৰ ভিতৰতে বাচন-বৰ্তন নিৰ্মাণৰ এক প্ৰধানকেন্দ্ৰ হৈ পৰে।


১৭৪০ চনত শ্বেফিল্ডত সেসময়ত ব্যৱহৃত ষ্টীলতকৈ উন্নত এক বিশেষ ষ্টীল উৎপাদন পদ্ধতিৰ উৎদ্ভাৱন হয়। একেসময়তে, ৰূপৰ এক পাতল আৱৰণৰ সৈতে তাম মিহলাই ৰূপৰ প্লেটিং (silver plating) কৰা পদ্ধতিৰো আৱিষ্কাৰ হয় আৰু কালক্ৰমত ইয়ে ‘শ্বেফিল্ড প্লেট (Sheffield plate)’ হিচাপে বিশ্ববিখ্যাত হৈ পৰে। এই আৱিষ্কাৰসমূহে শ্বেফিল্ডক এখন ঔদ্যোগিক মহানগৰীৰূপে গঢ়ি তোলাত অৰিহণা যোগায়।

১৯ শতিকালৈ শ্বেফিল্ডৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়; ফলত ১৮০১ চনৰ ৬০,০৯৫ জনৰ পৰা ১৯০১ চনত ৪৫১,১৯৫ জন হয়গৈ। ১৮৯৩ চনত এই চহৰখনক মহানগৰীৰ মৰ্য্যদা প্ৰদান কৰা হয়। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়ি যোৱা প্ৰয়োজনসমূহ পূৰাবলৈ মহানগৰৰ উপকণ্ঠ অঞ্চলত কেইবাটাও বান্ধ সজা হয়। ইয়াৰে ‘ডেল ডাইক নদীবান্ধ (Dale Dike Reservoir) -ৰ বেৰা ভাঙি পৰি ১৮৬৪ চনত শ্বেফিল্ডত প্ৰলয়কাৰী বানপানীৰ সৃষ্টি কৰে যাৰ ফলত মহানগৰৰ একাংশ ক্ষতিগ্ৰস্ত হয়।

১৯৫০ আৰু ৬০ৰ দশত শ্বেফিল্ডৰ বহুখিনি অঞ্চলৰ পুনৰ্নিমাণ হয়।পৰৱৰ্ত্তী কালত ১৯৯১ চনত শ্বেফিল্ডত আন্তঃৰাষ্ট্ৰীয় ষ্টুডেণ্ট গেমছ (World Student Games) অনুষ্ঠিত কৰাৰ সময়ত ইয়াৰ তীব্ৰতা বৃদ্ধি পায়।

প্ৰশাসন

শ্বেফিল্ডৰ স্থানীয় পৰ্য্যায়ত পৰিচালনা কৰে ‘শ্বেফিল্ড চিটি কাউন্সিল (Sheffield City Council)’-এ। এই কাউন্সিল ২৮টা ৱাৰ্ডক প্ৰতিনিধিত্ব কৰা মুঠ ৮৪ জন (প্ৰতিটো ৱাৰ্ডৰ পৰা তিনিজনকৈ প্ৰতিনিধি) কাউন্সিলৰেৰে গঠিত। বৰ্তমান ই শ্ৰমিক দল (Labour Party) ৰ অধীনত কাৰ্যনিবাহ কৰি আছে। মহানগৰখনত ‘লৰ্ড মেয়ৰ’ৰ পদবীও আছে, কিন্তু ই নিতান্তই আলংকৰিক।

এই মহানগৰখনক ক্তৰাজ্যৰ হাউছ অব কমনছ (House of Commons of the United Kingdom) ৰ সাংসদত পাচজন সদস্যই আৰু ষষ্ঠ এগৰাকীয়ে শ্বেফিল্ডৰ একাংশৰ লগতে বাৰ্ণছলীৰ প্ৰতিনিধিত্ব কৰে। পূৰ্বৰ উপ-প্ৰধানমন্ত্ৰী নিক ক্লেগ (Nick Clegg)-এ সংসদত শ্বেফিল্ড হালাম (Sheffield Hallam) সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।

ভৌগোলিক অৱস্থিতি

ভৌগোলিক ভাৱে শ্বেফিল্ড 53°23′N 1°28′W / 53.383°N 1.467°W / 53.383; -1.467 ত অৱস্থিত। ই ৰ’থাৰহাম (Rotherham) ৰ কাষৰীয়া অঞ্চল আৰু দুয়োকে এম ৱান মটৰৱে (M1 motorway) -ই পৃথক কৰিছে। ইয়াৰ উত্তৰে ‘বাৰ্ণছলী (Barnsley)’ আৰু পশ্চিম তথা দক্ষিণ দিশত ডাৰ্বিশ্বায়াৰ (Derbyshire) অৱস্থিত। i

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
‘ডেল ডাইক নদীবান্ধ (Dale Dike Reservoir) অৱস্থিত উপত্যকাটো, এই বান্ধৰ বেৰা ভাঙি পৰি ১৮৬৪ চনত শ্বেফিল্ডত প্ৰলয়কাৰী বানপানীৰ সৃষ্টি কৰিছিল
শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
শ্বেফিল্ড ৰে’লৱে ষ্টেচন


ভৌগোলিকভাৱে শ্বেফিল্ড বৈচিত্ৰপূৰ্ণ।এই মহানগৰখন সাতটা পাহাৰে গঠন কৰিছে বুলি কোৱা হয় যদিও প্ৰকৃততে মুঠতে আঠোটা পাহাৰৰ ওপৰত শ্বেফিল্ড অৱস্থিত। তদুপৰি ইয়াৰ মাজেৰে পাচখন নৈ ক্ৰমান্বয়ে ’ডন’, শ্বেফ’, ’ৰিভেলিন’, ’লক্সলি’ আৰু ’পৰ্টাৰ ব্ৰুক’ প্ৰবাহিত হৈছে। চহৰখন সাগৰপৃষ্ঠৰ পৰা সৰ্বনিম্ন উচ্চতা ২৯ মিটাৰ আৰু সৰ্ব্বোচ্চ ৫৪৮ মিটাৰ। অৱশ্যে মহানগৰৰ আৱাসিক এলেকাসমূহ ১০০-২০০ মিটাৰ উচ্চতাতে অৱস্থিত।

শ্বেফিল্ডত বৰ্তমান প্ৰায় দুই মিলিয়নৰো অধিক গছ আছে বুলি জনা যায়। সমগ্ৰ ইউৰোপৰ ভিতৰতে প্ৰত্যেক ব্যক্তিৰ বিপৰীতে সৰ্বাধিক গছ সম্পন্ন এই মহানগৰখন ইংলেণ্ডৰ ভিতৰতে আটাইতকৈ সেউজ মহানগৰ হিচাপে প্ৰখ্যাত। শ্বেফিল্ডত কমেও ১৭০খন সৰু বৰ কাঠনি (woodlands) আছে যি প্ৰায় ১০.৯১ বৰ্গ কিমি জুৰি বিস্তৃত হৈ আছে। মহানগৰৰ এক তৃতীয়াংশ জুৰি থকা পিক ডিষ্ট্ৰিক ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও ইয়াত ৭৮খন উদ্যান, ১০খন অন্যান্য উদ্যান আছে। সকলো মিলি মহানগৰৰ মুঠ মাটিকালিৰ প্ৰায় ৬১% সেউজ ঠাই। শ্বেফিল্ডৰ প্ৰায় এক-তৃতীয়াংশ পিক ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত। ইংলেণ্ডৰ ভিতৰতে কেৱল শ্বেফিল্ডেই মহানগৰৰ সীমাত এইদৰে এক ৰাষ্ট্ৰীয় উদ্যানৰ অংশ অন্তৰ্ভুক্ত কৰিছে।

জলবায়ু

যুক্তৰাজ্যৰ অন্য ঠাইসমূহৰ দৰেই শ্বেফিল্ডৰ জলবায়ু temperate। মহানগৰৰ পশ্চিম দিশত থকা পেনাইনজ পৰ্বতমালা (The Pennines) ৰ বাবে অঞ্চলটোৰ বতৰ ঠাণ্ডা, সেমেকা আৰু প্ৰায়ে ডাৱৰীয়া হৈ থাকে যদিও এই পৰ্বতে পশ্চিমীয়া তইব্ৰ বতাহ নিয়ন্ত্ৰণ কৰি "rain shadow" হিচাপেও কাম কৰে। ১৯৭১ চনৰ পৰা ২০০০ চনৰ ভিতৰত শ্বেফিল্ডত বাৰ্ষিক গড়ে ৮২৪.৭ মিমি বৰষুণ হৈছিল। সাধাৰণতে ডিচেম্বৰ আটাইতকৈ সেমেকা আৰু জুলাই শুকান মাহ।

জনসংখ্যা

জনসংখ্যাৰ পৰিৱৰ্তন
বছৰ জনসংখ্যা ±%
1801 60,095
1821 84,540 +40.7%
1841 1,34,599 +59.2%
1861 2,19,634 +63.2%
1881 3,35,953 +53.0%
1901 4,51,195 +34.3%
1921 5,43,336 +20.4%
1941 5,69,884 +4.9%
1951 5,77,050 +1.3%
1961 5,74,915 −0.4%
1971 5,72,794 −0.4%
1981 5,30,844 −7.3%
1991 5,28,708 −0.4%
2001 5,13,234 −2.9%
2007 5,30,300 +3.3%
2011 5,51,800 +4.1%

যুক্তৰাজ্যৰ ২০০১ চনৰ লোকপিয়ল (United Kingdom Census 2001) অনুসৰি শ্বেফিল্ডৰ জনসংখ্যা ১৯৯১ চনৰ পৰা প্ৰায় ২% হ্ৰাস পাই ৫১৩,২৩৪ হৈছেগৈ। ২০১১ চনৰ পৰিসংখ্যা অনুসৰি, শ্বেফিল্ডত ৮৪% শ্বেতাংগ (৮১%- ব্ৰিটিছ, ০.৫% আইৰিছ, ০.১% জিপছী, ২.৩% অন্যান্য) , ২.৪% সানমিহলি, ৮% এছিয়া বংশোদ্ভৱ ব্ৰিটিছ (British Asian) (১.১% ব্ৰিটিছ ভাৰতীয়, ৪% ব্ৰিটিছ পাকিস্তানী, ০.৬% ব্ৰিটিছ বাংলাদেশী, ১.৩% ব্ৰিটিছ চীনা আৰু ১% অন্যান্য) , ৩.৬% কৃষ্ণাংগ ব্ৰিটিছ , ১.৫% ব্ৰিটিছ আৰৱ আৰু ০.৭% অন্যান্য জনগোষ্ঠীৰ লোক আছে। ধৰ্মৰ ফালৰ পৰা, মুঠ জনসংখ্যাৰ ৫৩% খ্ৰীষ্টান, ৬% মুছলমান, ০.৬% হিন্দু, ০.৪% বৌদ্ধধৰ্মী, ০.২% শিখ, ০.১% জিউ, ০.৪% অন্যান্য ধৰ্মাৱলম্বী লোক আছে। বাকী ৩১% নাস্তিক লোক আছে ( ইয়াৰ দুখন প্ৰখ্যাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মহানগৰত ২০-২৪ বছৰ বয়সৰ লোকৰ সংখ্যাই অধিক।


অৰ্থনীতি

Labour profile
Total employee jobs 255,700
Full-time 168,000 65.7%
Part-time 87,700 34.3%
Manufacturing 31,800 12.4%
Construction 8,500 3.3%
Services 214,900 84.1%
Distribution, hotels & restaurants 58,800 23.0%
Transport & communications 14,200 5.5%
Finance, IT, other business activities 51,800 20.2%
Public admin, education & health 77,500 30.3%
Other services 12,700 5.0%
Tourism-related 18,400 7.2%

পূৰ্বৰ নিম্নগামী ধাৰাৰ বিপৰীতে বৰ্তমান শ্বেফিল্ডৰ অৰ্থনীতিৰ দ্ৰুতগতিত সম্প্ৰসাৰণ আৰম্ভ হৈছে। ২০০৪ চনৰ এক তথ্য অনুসৰি , ২০০৩ চনত শ্বেফিল্ডৰ হালাম জিলা (Sheffield district of Hallam) লণ্ডণৰ বাহিৰত আটাইতকৈ সমৃদ্ধিশালী অঞ্চল আছিল। অন্য এক তথ্যই প্ৰকাশ কৰে যে, লণ্ডণৰ বাহিৰে শ্বেফিল্ড আটাইতকৈ দ্ৰুতগামী মহানগৰী। শ্বেফিল্ডৰ আৰ্থনীতি ১৯৯৭ ৰ ৫.৬ বিলিয়ণ পাউণ্ডৰ পৰা ২০০৭ চনত ৯.২ বিলিয়ন পাউণ্ডলৈ বৃদ্ধি পায়।

যাতায়ত

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় যাতায়ত

পথ

শ্বেফিল্ড দুটা ৰাষ্ট্ৰীয় পথেৰে অন্য প্ৰান্তৰ সৈতে সংযোজিত হৈছে-এম ৱান মটৰৱে (M1 motorway) আৰু এম ১৮ মটৰৱে (M18 motorway)। এম ৱান মটৰৱে মহানগৰৰ উত্তৰ-পূব দিশত বিস্তাৰিত। ই শ্বেফিল্ডক দক্ষিণে লণ্ডণৰ সৈতে আৰু উত্তৰে লীডছৰ সৈতে সংযোগ কৰিছে। এম ১৮ এ মহানগৰ খনক ডংকেষ্টাৰ, ৰবিন হুড ডংকেষ্টাৰ শ্বেফিল্ডৰ সৈতে সংযোগ কৰিছে। ’শ্বেফিল্ড পাৰ্কৱে’ নামৰ ঘাইপথে মহানগৰৰ কেন্দ্ৰীয় অঞ্চলটোক এই মটৰৱে সমূহৰ সৈতে লগ লগাইছে।

ৰেল

শ্বেফিল্ড ৰেলৱে ষ্টেচনে (Sheffield railway station) ৰে ’মিডলেণ্ড মেইনলাইন’ (Midland Main Line) পাৰ হৈ গৈছে যি মহানগৰখনক লণ্ডন হৈ পূব মিডলেণ্ড (East Midlands) ৰ লগত সংযোগ কৰিছে। তদুপৰি, ক্ৰছ কান্ত্ৰি ৰুট (Cross Country Route) -এ স্কটলেণ্ড আৰু উত্তৰ-পূব ইংলেণ্ডক পশ্চিম মিডলেণ্ড (West Midland) আৰু মানচেষ্টাৰক হাল আৰু ইষ্ট এংলিয়া ৰ সৈতে সংযোগ কৰিছে।

শিক্ষা

শ্বেফিল্ডত দুখন বিশ্ববিদ্যালয় আছে, শ্বেফিল্ড বিশ্ববিদ্যালয় আৰু শ্বেফিল্ড হাল্লাম বিশ্ববিদ্যালয়। দুয়োখন বিশ্ববিদ্যালয় লগ লাগি প্ৰতিবছৰে প্ৰায় ৬৫,০০০ ছাত্ৰ–ছাত্ৰী নগৰখনলৈ আনে। ইউনিভাৰচিটি কলেজ শ্বেফিল্ড হিচাপে ১৮৯৭ চনত শ্বেফিল্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় আৰু ১৯০৫ চনত শ্বেফিল্ড বিশ্ববিদ্যালয় হয়।

শ্বেফিল্ড হাল্লাম বিশ্ববিদ্যালয়(Sheffield Hallam University) শ্বেফিল্ডৰ দুটা অৱস্থানত অৱস্থিত এক বিশ্ববিদ্যালয়। নগৰ চৌহদ আছে নগৰখনৰ কেন্দ্ৰস্থলৰ শ্বেফিল্ড ৰেলৱে ষ্টেচনৰ ওচৰত, আৰু কলেজিয়েট ক্ৰিচেণ্ট চৌহদ(Collegiate Crescent Campus) প্ৰায় দুমাইল দূৰত্বৰ দক্ষিণ-পশ্চিম শ্বেফিল্ডৰ একক্লেচল ৰোড (Ecclesall Road)ৰ কাষত অৱস্থিত। ৩৭,০০০ ছাত্ৰ-ছাত্ৰী(যাৰ ৪,০০০তকৈ অধিক আন্তৰাষ্ট্ৰীয় বিদ্যাৰ্থী), ৪,১৭০ জন কৰ্মচাৰী আৰু ৭৪৭টা পাঠ্যক্ৰমৰে সৈতে বিশ্ববিদ্যায়খন যুক্তৰাজ্যৰ ভিতৰতে তৃতীয় বৃহৎ বিশ্ববিদ্যালয়। শ্বেফিল্ড হাল্লাম বিশ্ববিদ্যালয়ৰ বুৰঞ্জীৰ আৰম্ভণি ১৮৪৩ চনত, যেতিয়া শ্বেফিল্ড স্কুল অৱ ডিজাইনৰ প্ৰতিষ্ঠা কৰা হয়। ১৯৬০ চনৰ সময় চোৱাত ভালেমান স্বতন্ত্ৰ কলেজে(স্কুল অৱ ডিজাইনকে ধৰি) শ্বেফিল্ড পলিটেকনিক গঠনৰ বাবে লগ লাগে (১৯৭৬ ৰ পৰা শ্বেফিল্ড চিটি পলিটেকনিক) আৰু অৱশেষত ১৯৯২ চনত শ্বেফিল্ড হাল্লম বিশ্ববিদ্যালয় হিচাপে পুনৰ নামকৰণ কৰা হয়।

খেল

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
Brazilian legend Pelé (left) in Sheffield in November 2007, marking the 150th anniversary of the world's oldest football club, Sheffield F.C.

শ্বেফিল্ডৰ ক্ৰীড়াজগতত এক সুনাম আছে। ১৮৫৭ চনত ইয়াতেই বিশ্বৰ সৰ্বপ্ৰথম আৰু দ্বিতীয় দুয়োটা ফুটবল ক্লাব ক্ৰমে ’ শ্বেফিল্ড এফ. চি.’ (Sheffield F.C.) আৰু হালাম এফ. চি.(Hallam F.C.) নামেৰে প্ৰতিষ্ঠা হৈছিল। এই দুয়োটা ক্লাবেই বিশ্বৰ সবাটোকৈ পুৰণি ফুটবল গ্ৰাউণ্ডৰউপে খ্যাত ক্ৰছপুলত খেলিছিল।

১৮৬০ চনলৈ শ্বেফিল্ডত ১৫টা ফুটবল ক্লাব গঠন হয় আৰু পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন প্ৰতিযোগিতাবোৰ অনুষ্ঠিত হ’বলৈ লয়। বৰ্তমান ফুটবল লীগত দুটা ব্যৱহাৰিক ক্লাব আছে, শ্বেফিল্ড ইউনাইটেড (Sheffield United) আৰু শ্বেফিল্ড ৱেডনেছডে (Sheffield Wednesday)। শ্বেফিল্ড ইউনাইটেডে ফুটবল লীগ ৱান ( Football League One) আৰু শ্বেফিল্ড ৱেডনেছডেই ফুটবল লীগ চেম্পিয়নশ্বিপ (Football League Championship) ত অংশগ্ৰহণ কৰে।

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
Bramall Lane, the home of Sheffield United is situated in close proximity to the city centre

আকৰ্ষণ

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
বিছপৰ আবাসগৃহ
শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
মেপিন আৰ্ট গেলেৰী

শ্বেফিল্ডৰ চিটি চেণ্টাৰত হলিউডৰ অনুকৰণত আৰম্ভ কৰা ’শ্বেফিল্ড ৱাক অব ফেম (Sheffield Walk of Fame) ত এই মহানগৰৰ অতীত আৰু বৰ্তমানৰ জনপ্ৰিয় ব্যক্তিসকলক সন্মান জনোৱা হয়। তদুপৰি শ্বেফিল্ডৰ ফাৰগেটত হুইল অব শ্বেফিল্ড (Wheel of Sheffield) অৱস্থিত আছিল। ২০১০ চনত অৱশ্যে ইয়াক লণ্ডণৰ হাইড পাৰ্ক (Hyde Park) লৈ স্থানান্তৰিত কৰা হয়। হিলি চিটি ফাৰ্ম (Heeley City Farm) আৰু গ্ৰেভছ পাৰ্ক (Graves Park) শ্বেফিল্ডত পশুপালনৰ মুখ্য স্থান।

সংগীত

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
Sheffield Arena

শ্বেফিল্ডত ভালেসংখ্যক জনপ্ৰিয় বেণ্ডৰ জন্ম হৈছে। ইয়াৰ ভিতৰত দ্য হিউমেন লীগ (The Human League),হেভেন ১৭ , এবিচি আদি প্ৰধান। ইলেক্ট্ৰনিক পৰম্পৰা অব্যাহত ৰাখি টেকন’ লেবেল ৱাৰ্প ৰেকৰ্ডছ (Warp Records) নব্বৈ শতিকাত য়ৰ্কশ্বায়াৰ ব্লীপছ আৰু বাছ (Yorkshire Bleeps and Bass) ৰ এক প্ৰভাৱশালী অংশ আছিল আৰু বৰ্তমান ইয়েই যুক্তৰাজ্যৰ সবাটোকৈ পুৰণি আৰু জনপ্ৰিয় সংগীত লেবেল হিচাপে পৰিগণিত হৈছে। শ্বেফিল্ডত ভালেসংখ্যক জনপ্ৰিয় নাইট-ক্লাবো আছে।

তদুপৰি অন্যান্য বহুতো জনপ্ৰিয় আৰু প্ৰখ্যাত সংগীতজ্ঞৰ গৃহভূমি শ্বেফিল্ড। ইয়াৰ ভিতৰত জ’ ক’কাৰ (Joe Cocker), ডেফ লেপাৰ্ড Def Leppard, প’ল কাৰাক Paul Carrack আদি। প্ৰখ্যাত সংগীত বেণ্ডৰ ভিতৰত আৰ্কটিক মাংকিজ (Arctic Monkeys), Bring Me the Horizon, Pulp and Moloko আদি উল্লেখযোগ্য।

থিয়েটাৰ

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
The Crucible Theatre (centre) and Lyceum Theatre (right)

শ্বেফিল্ডত দুটা মুখ্য থিয়েটাৰ গৃহ আছে- লিচিয়াম থিয়েটাৰ (Lyceum Theatre) আৰু ক্ৰুচিব’ল থিয়েটাৰ।

সংগ্ৰহালয়

শ্বেফিল্ডৰ ৱেষ্টাৰ্ণ পাৰ্ক মিউজিয়াম, মিলেনিয়াম গেলেৰী আৰু গ্ৰেভছ আৰ্ট গেলেৰী ’মিউজিয়ামছ শ্বেফিল্ড’ সংগঠনে পৰিচালনা কৰে। আকৌ শ্বেফিল্ডৰ ঔদ্যোগিক ইতিহাস সম্পৰ্কীয় তিনিটা মূল সংগ্ৰহালয় শ্বেফিল্ড ইণ্ড্ৰাষ্ট্ৰিয়েল মিউজিয়ামছ ট্ৰাষ্টে পৰিচালনা কৰে। এই তিনিটা সংগ্ৰহালয় হ’ল- Kelham Island Museum, Abbeydale Industrial Hamlet আৰু Scheduled Ancient Monument.

সেউজ অঞ্চল (Greenspace)

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
Sheffield Winter Garden

শ্বেফিল্ডত ২৫০ তকৈও অধিক উদ্যান আৰু মিলিয়ন জোপা গছ আছে বুলি জনা যায়। ইয়াৰদ্বাৰাই শ্বেফিল্ড ইউৰোপৰ ভিতৰতে সৰ্বাধিক গছ: মানুহ অনুপাত সম্পন্ন মহানগৰ হিচাপে পৰিগণিত হৈছে। শ্বেফিল্ডৰ মুঠ মাটিকালিৰ ৬১% ই সেউজ (green space)। ১৮৩৬ চনতে স্থাপন হোৱা শ্বেফিল্ড ব’টানিকেল গাৰ্ডেন (Sheffield Botanical Gardens) মহানগৰৰ দক্ষিণ-পশ্চিম দিশত আছে আৰু ইয়াৰ মাটিকালি প্ৰায় ১৯ একাৰ। ইয়াত ভিক্ট’ৰিয়া যুগৰে এক বৃহৎ কাঁচৰ ঘৰ আছে। তেনেদৰে সমগ্ৰ মহানগৰ খনতে আৰু ভালেসংখ্যক বৃহৎ উদ্যান আছে।

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
Sheffield Winter Garden – inside 2013

তদুপৰি মহানগৰৰ পৰিসীমাৰ ভিতৰতে মুঠ ১,৬০০ একৰ (6.5 বৰ্গ কি.মি.) মাটিকালি জুৰি কেইবাখনো সংৰক্ষিত বনাঞ্চল আছে। মহানগৰত ১৭০খন মুঠ কাঠনি (woodland) আছে।

মহানগৰৰ প্ৰায় এক-তৃতীয়াংশ ‘পিক ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যান’ৰ ভিতৰত অৱস্থিত। ১৯৫১ চনতে প্ৰতিষ্ঠা হোৱা এইখন ইংলেণ্ডৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানৰ অপূৰ্ব প্ৰাকৃতিক সম্পদসমূহৰ উপৰিও ইয়াত মানুহৰ দ্বাৰা নিৰ্মিত ভালেসংখ্যক উল্লেখযোগ্য কৃতীচিহ্নও আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল চেষ্টফৰ্ড হাউচ (Chatsworth House), য’ত বিবিচি ৰ দ্বাৰা পৰিচালিত Pride and Prejudice চিৰিজৰ শ্বুটিং হৈছিল।

মনোৰঞ্জন

শ্বেফিল্ড: ইতিহাস, প্ৰশাসন, ভৌগোলিক অৱস্থিতি 
The Oasis food court at Meadowhall Centre

শ্বেফিল্ডত চাৰিটা মূল চিনেমা হল আছে-ইয়াৰে দুটা চিটি চেণ্টাৰত আৰু আন দুটা লৱাৰ ধন উপত্যকাত অৱস্থিত।

সমগ্ৰ মহানগৰ খনতে ভালেসংখ্যক পাব (pub) অৱস্থিত। মহানগৰৰ নৈশ জীৱনত এক শেহতীয়া সংযোজন হৈছে লিঅ’পল্ড স্কুৱাৰ (Leopold Square) ইয়াতে থকা আগ্ৰহ (Aagrah) নামৰ ভাৰতীয় ৰেষ্টুৰেণ্টখনে কাশ্মীৰি খাদ্যৰ পৰিবেশনেৰে ’যুক্তৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট ("Best Restaurant Group in the UK") ’ মৰ্য্যদা আৰু সন্মানীয় ব্ৰিটিছ কাৰী এৱাৰ্ড (British Curry Award) ও লাভ কৰিছে।

প্ৰচাৰ মাধ্যম

শ্বেফিল্ডৰ পৰা দুখন বাতৰি কাকত প্ৰকাশ পায়- দ্য ষ্টাৰ (The Star ) আৰু শ্বেফিল্ড টেলিগ্ৰাফ (Sheffield Telegraph)ল দুয়োখন জনষ্টন প্ৰেছ (Johnston Press PLC) ৰ দ্বাৰা প্ৰকাশিত। দ্য ষ্টাৰ ১৮৯৭ চনৰ পৰাই দৈনিক প্ৰকাশ পাই আহিছে। আনহাতে শ্বেফিল্ড টেলিগ্ৰাফ ১৮৫৫ চনৰ পৰা সাপ্তাহিক ভাৱে প্ৰকাশ পাই আহিছে।

ভালেসংখ্যক প্ৰখ্যাত বোলছবিৰ শ্বুটিং শ্বেফিল্ডত সম্পন্ন হৈছে। ইয়াৰ ভিতৰত The Full Monty, Threads, Looks and Smiles, When Saturday Comes, Whatever Happened to Harold Smith?, The History Boys , Four Lions আদি প্ৰধান।

তথ্যসূত্ৰ

Tags:

শ্বেফিল্ড ইতিহাসশ্বেফিল্ড প্ৰশাসনশ্বেফিল্ড ভৌগোলিক অৱস্থিতিশ্বেফিল্ড জনসংখ্যাশ্বেফিল্ড অৰ্থনীতিশ্বেফিল্ড যাতায়তশ্বেফিল্ড শিক্ষাশ্বেফিল্ড খেলশ্বেফিল্ড আকৰ্ষণশ্বেফিল্ড প্ৰচাৰ মাধ্যমশ্বেফিল্ড তথ্যসূত্ৰশ্বেফিল্ড বাহ্যিক সংযোগশ্বেফিল্ডListenen:Help:IPA for Englishইংলেণ্ডচিত্ৰ:En-uk-Sheffield.oggৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

মধুপুৰ সত্ৰপাল ৰাজবংশদেওধাই অসম বুৰঞ্জীউমাচল শিলালিপিহিন্দ স্বৰাজৰমা দাশঅৰবিন্দ ৰাজখোৱা (লেখক)লেছবিয়ানসোণঅংকীয়া নাটভাৰতীয় শিল্পকলাঅসমৰ কুঁহিলা শিল্পস্বদেশী আন্দোলনজৈন ধৰ্মআলি আঃয়ে লৃগাংনৱকান্ত বৰুৱাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅজন্তা গুহাসমূহগীতি-ৰামায়ণদৰিদ্ৰতাভাষা-বিজ্ঞান (গ্ৰন্থ)মাজুলীআৰ্যভট্টইমেইলদেউৰী জনগোষ্ঠীজৱাহৰলাল নেহৰুঅসমৰ জাতীয় গীতভাৰত-আৰ্য ভাষা পৰিয়ালজাহ্নু বৰুৱাজল প্ৰদূষণকোৰআনভাৰতীয় দৰ্শনজয়মতী (২০০৬ চলচ্চিত্ৰ)উপভাষাঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাস্বচ্ছ ভাৰত অভিযানবাইখো পূজাঅসমৰ ইতিহাসবন্দে মাতৰম্‌উপেন্দ্ৰনাথ ব্ৰহ্মঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকাচলচ্চিত্ৰপথেৰ পাঁচালীৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানবেলিমাৰ (নাটক)পূৰবী বৰমুদৈউৎসেচকভূতাপীয় শক্তিচন্দ্ৰগুপ্ত মৌৰ্যমহাযানঋকবেদবুৰঞ্জীভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাWhat is A Dscr Loan?আহোম ৰাজবংশচৰাইশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহবিহু যোজনা আৰু বিহু নামসাত বিহুঅসমৰ পৰম্পৰাগত সাজ- পাৰঅসমৰ সাধুকথাৱেষ্ট ইণ্ডিজসত্ৰৰামমোহন ৰায়মাৰ্ক্সবাদভাৰতীয় জাতীয় কংগ্ৰেছৰামচৰণ ঠাকুৰভাৰতীয় ৰিজাৰ্ভ বেংকযোগেশ দাসবিবাহসিন্ধু সভ্যতাৰবীন্দ্ৰনাথ ঠাকুৰপ্ৰশান্ত মহাসাগৰগামখাৰুভঠেলিচাহেবপুৰাৰ বৰষুণ🡆 More