ৰেৱতী মোহন দত্তচৌধুৰী: ভাৰতীয় লেখক

ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ (ইংৰাজী: Rebati Mohan Dutta Choudhury) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰই বহু গল্প-উপন্যাস হিন্দী, বঙালী আদি ভাষালৈ অনূদিত কৰে। ভাৰতীয় জ্ঞানপীঠে 'অনুুসন্ধান' আৰু 'অপৰাজেয়' উপন্যাস হিন্দীলৈ আৰু নেচনেল বুক ট্ৰাষ্টে 'অবিচ্ছিন্ন' আৰু 'গধূলি' উপন্যাস বঙালী আৰু হিন্দীলৈ অনুবাদ হৈছে।

ৰেৱতী মোহন দত্তচৌধুৰী
ৰেৱতী মোহন দত্তচৌধুৰী: জন্ম আৰু শিক্ষা, কৰ্মজীৱন, গ্ৰন্থৰাজী
জন্ম ৰেৱতী মোহন দত্তচৌধুৰী
১৮ ছেপ্টেম্বৰ, ১৯২৪
গৌৰীপুৰ,ধুবুৰী, অসম
মৃত্যু ২৯ ফেব্ৰুৱাৰী, ২০০৮
ছদ্মনাম শীলভদ্ৰ
পেচা সহিত্যিক, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি মধুপুৰ বহুদূৰ
আকৌ মধুপুৰ
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৯৪)
অসম উপত্যকা সাহিত্য বঁটা (২০০১)

জন্ম আৰু শিক্ষা

১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত শীলভদ্ৰৰ জন্ম হয়। পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। গৌৰীপুৰৰ পি. চি. ইনষ্টিটিসনৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা আই.এচ.ছি পৰীক্ষাত উত্তীৰ্ণ হয়। পূৰ্ববংগৰ ৰংপুৰৰ কাৰমাইকেল কলেজৰ পৰা বি.এছ.ছি আৰু কলকাতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম.এছ.ছি পাছ কৰে।

কৰ্মজীৱন

চাকৰিৰ বাবে শীলভদ্ৰলৈ প্ৰথম আহ্বান আহে এম.চি. কলেজৰ পৰা। পিছত প্ৰৱক্তা কটন মহাবিদ্যালয় ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ চাকৰি কৰে যদিও চাকৰি ইস্তফা দি ঠিকাদাৰ (১৯৪৯-৫৪) হয়। তাৰপিচতে তেওঁ দ্যা আছাম ট্ৰিবিউন (১৯৫৫)ৰ কামত যোগদান দিয়ে যদিও কিছুদিন চাকৰি কৰি এছিচটেণ্ট মেনেজাৰ ৰূপে চাহ-বাগানত সোমায়। চাহ বাগিচাত ১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ কাম কৰে। ইয়াৰ পিচত ৰেৱতী মোহন দত্তচৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজত গণিতৰ শিক্ষক হিচাপে যোগদান কৰে। অসম অভিযান্ত্ৰিক কলেজত তেওঁ ১৯৫৭ চনৰ পৰা ১৯৮২ চনলৈকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো (১৯৬৫ - ৮৫) অংশকালীন শিক্ষক হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়ায়।

গ্ৰন্থৰাজী

১৯৬৪ চনত 'অসম বাতৰি' কাকতত প্ৰকাশিত 'অভিযোগ' চুটিগল্পৰে আত্মপ্ৰকাশ।

উপন্যাস

শীলভদ্ৰই ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৭১ চনত প্ৰকাশিত 'মধুপুৰ আৰু তৰংগিনী' উপন্যাসখনৰ জৰিয়তে। তেওঁৰ বাকী উপন্যাসকেইখন হ'ল: 'আগমনীৰ ঘাট' (১৯৭৩), 'আহঁতগুৰি' (১৯৭৩), 'অবিচ্ছিন্ন' (১৯৮০) 'প্ৰাচীৰ' (১৯৮০), 'গধূলি' (১৯৮১), 'অনুসন্ধান' (১৯৮৭), উপন্যাস সমগ্ৰ।

গল্প সংগ্ৰহ

শীলভদ্ৰই মুঠ ২৬ খনমান গল্পপুথি ৰচনা কৰে। ১৯৬৪ চনত 'অসম বাতৰি' পূজা সংখ্যাত তেওঁৰ প্ৰথম গল্প 'অভিযোগ' প্ৰকাশ হৈছিল। শীলভদ্ৰই ৰচনা কৰা গল্পপুথিবোৰ হ'ল:

  • বাস্তৱ
  • কোনো ক্ষোভ নাই
  • সমুদ্ৰ তীৰ
  • তৰুৱা কদম
  • বীৰ সৈনিক
  • শীলভদ্ৰৰ কুৰিটা গল্প
  • মেজাজ
  • ৰতুবাবুৰ গেৰেজ
  • প্ৰতীক্ষা
  • উত্তৰণ
  • বিশ্বাস আৰু অন্যান্য গল্প
  • দায়িত্ব আৰু অন্যান্য গল্প
  • জীৱন আৰু অন্যান্য গল্প
  • আকৌ মধুপুৰ
  • দূৰগত আৰু অন্যান্য গল্প
  • মধুপুৰ বহুদূৰ
  • তৰ্পণ
  • চিঠি আৰু অন্যান্য গল্প
  • নিৰ্বাচিত গল্প
  • লগৰীয়া
  • অন্য এক মধুপুৰ
  • মধুপুৰৰ মধুকৰ
  • উত্তৰ নাই
  • আপোন মানুহ
  • জীৱনৰ ৰং
  • সায়াহ্ন

আত্মজীৱনী

  • স্মৃতিচাৰণ
  • মধুপুৰৰ স্মৃতি
  • অতীতৰ খণ্ডিত চিত্ৰ

অনুবাদ গ্ৰন্থ

ৰিপ ভ্যান উইংকল আৰু অন্যান্য কেইটামান গল্প, মেটামৰফ’চিছ। তেওঁৰ বহুকেইখন গল্প সংকলন ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।

স্বীকৃতি আৰু সন্মান

মৃত্যু

২০০৮ চন ২৯ ফেব্ৰুৱাৰী তাৰিখে ৰেৱতী মোহন দত্তচৌধুৰীৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

Tags:

ৰেৱতী মোহন দত্তচৌধুৰী জন্ম আৰু শিক্ষাৰেৱতী মোহন দত্তচৌধুৰী কৰ্মজীৱনৰেৱতী মোহন দত্তচৌধুৰী গ্ৰন্থৰাজীৰেৱতী মোহন দত্তচৌধুৰী স্বীকৃতি আৰু সন্মানৰেৱতী মোহন দত্তচৌধুৰী মৃত্যুৰেৱতী মোহন দত্তচৌধুৰী তথ্য সংগ্ৰহৰেৱতী মোহন দত্তচৌধুৰীঅসমঅসম উপত্যকা সাহিত্য বঁটাইংৰাজী ভাষাসাহিত্য অকাডেমি বঁটা

🔥 Trending searches on Wiki অসমীয়া:

বিবাহআহোম ৰাজবংশঅসমীয়া পুৰণি সাহিত্যসাহিত্যমহেঞ্জোদাৰোঁ (চন্দ্ৰবিন্দু)ব্ৰজাৱলী ভাষাদ্বিতীয় বিশ্বযুদ্ধযাদৱ পায়েংঅসমীয়া লিপিৰ বুৰঞ্জীডি এন এক্ৰিকেটহিমবাহএহাত ডাবাভাৰতদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানহেমকোষলাচিত বৰফুকনশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯গুৱাহাটীমাটিইন্দ্ৰপৰিৱেশ অধ্যয়নদৈনিক বাতৰিকাৰ্বি আংলং জিলাস্বামী বিবেকানন্দসমাজবাদশেৱালি ফুলমাইলছ ব্ৰনছনযতি-চিনমহাকাব্যমানচিত্ৰভাৰতত মহিলা শিক্ষাবেটুপাতঅস্বাভাৱিক মনোবিজ্ঞানৰাভা জনগোষ্ঠীউচ্চ ৰক্তচাপশৰাইঘাট দলংপদ্মনাথ গোহাঞি বৰুৱাবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণঅষ্ট্ৰেলিয়াসত্ৰগড়গাঁওৱিকিপিডিয়ানেপোলিয়ন বোনাপাৰ্টনাৰীসুশোভন সোনু ৰায়উগ্ৰতাৰা দেৱালয়যোৰহাটমই আৰু নেফাবিশেষ শিক্ষাঅনুবাদঅৰ্থনীতিপৰিমেয় সংখ্যাভলিবলবহনক্ষম উন্নয়নৰ লক্ষ্যইণ্টাৰনেটঅতুল চন্দ্ৰ হাজৰিকাযোৰানামবিশ্ব মেলেৰিয়া দিৱসনগাঁও (লোকসভা সমষ্টি)অসমৰ কাঁহ শিল্পপৰিয়াললক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানভূপেন হাজৰিকাচুটিগল্পকানাই বৰশী বোৱা শিলালিপিভাইৰাছআমেৰিকা যুক্তৰাষ্ট্ৰপাঁচালীপৰিসংখ্যাকীৰ্তন-ঘোষাবৰদৈচিলা🡆 More