যোৰহাট জিমখানা ক্লাব

যোৰহাট জিমখানা ক্লাব (ইংৰাজী: Jorhat Gymkhana Club) হৈছে যোৰহাট জিলাত অৱস্থিত এটা ক্লাব। ১৮৭৬ চনত চেকনীধৰা গাঁৱত এই ক্লাবটো প্ৰতিষ্ঠা কৰা হৈছিল। স্থাপন হোৱা বছৰৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে। ইয়াত থকা নাইন হ'ল গ'ল্ফ ক'ৰ্ছ এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ৰ্ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। যোৰহাট নগৰৰ পৰা ক্লাবলৈ যোৱা পথটো ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত যোৰহাটৰ প্ৰথমটো পকী পথ।

যোৰহাট জিমখানা ক্লাব
Jorhat Gymkhana Club
যোৰহাট জিমখানা ক্লাব
যোৰহাট জিমখানা ক্লাব
ক্লাবৰ তথ্য
অৱস্থান যোৰহাট, অসম
প্ৰতিষ্ঠা ১৮৭৬; ১৪৮ বছৰ  আগতে (1876)
মুঠ গাঁত

ইতিহাস

১৮৬০ আৰু ১৮৭০ দশকত সমগ্ৰ যোৰহাট জিলাতে বহুতো চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল। সেয়েহে চাহ খেতিৰ লগত জড়িত লোকসকলে বিনোদনৰ বাবে এটা ক্লাব প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিল। ১৮৭৬ চনত চেকনীধৰা গাঁৱত সেই সময়ৰ যোৰহাট টি কম্পেনীৰ অধীক্ষক জে. হাটমেনে এই ক্লাবটোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰে। প্ৰথমে নিৰ্মাণ কৰা ঘৰটো বৰ্তমানৰ ক্লাবটোৰ পৰা পূবে প্ৰায় ২ কিঃমিঃ মান দূৰত আছিল। সেই সময়ত ক্লাবটো অৱস্থিত থকা খেলপথাৰখন আছাম লাইট ইনফেণ্ট্ৰি ব্ৰিগেড-ই পেৰেড আৰু আন আন কামত ব্যৱহাৰ কৰিছিল। সেয়ে ক্লাবটো অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। বৰ্তমানৰ ক্লাবটো ১৮৮৫ চনত নিৰ্মাণ কৰা হৈছিল।

সুবিধাসমূহ

    ক্ৰীড়া

যোৰহাট জিমখানা ক্লাব স্থাপন হোৱা বছৰৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাৰ বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। বৰ্তমান, যোৰহাট জিমখানা ক্লাবত ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্‌, প'ল' খেলাৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে যোৰহাট জিমখানা খেলপথাৰ আছে। ইয়াত ৰঞ্জি ট্ৰফীৰ লগতে বহুতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ আৰু মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ খেলো অনুষ্ঠিত হৈছে।

    গ'ল্ফ ক'ৰ্ছ

যোৰহাট জিমখানা ক্লাবত নটা গাঁত থকা গ'ল্ফ ক'ৰ্ছ আছে। এই গ'ল্ফ ক'ৰ্ছটো হৈছে এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ৰ্ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

যোৰহাট জিমখানা ক্লাব ইতিহাসযোৰহাট জিমখানা ক্লাব সুবিধাসমূহযোৰহাট জিমখানা ক্লাব লগতে চাওকযোৰহাট জিমখানা ক্লাব তথ্য সংগ্ৰহযোৰহাট জিমখানা ক্লাব বাহ্যিক সংযোগযোৰহাট জিমখানা ক্লাবইংৰাজী ভাষাএছিয়াযোৰহাটযোৰহাট জিলা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ কুঁহিলা শিল্পচুটিগল্পগুৱাহাটী উচ্চ ন্যায়ালয়ভাৰতীয় ৰিজাৰ্ভ বেংকভৌতিক সংস্কৃতিঈয়াৰুইঙ্গমদশম স্কন্ধৰ আদিছোৱাঅসমীয়া ভাষা আন্দোলনবিজয় (অভিনেতা)নামঘোষাডিম্পু বৰুৱামাহভীমৰাও ৰামজী আম্বেদকাৰনীতি আয়োগসংস্কৃত ভাষাবৰহমথুৰিদৰং জিলাভবেন্দ্ৰ নাথ শইকীয়াকবিতাবিবাহভাৰতৰ প্ৰধানমন্ত্ৰীমৌখিক লোকসাহিত্যমোধেশ্বৰী মাতাপ্ৰাকৃতিক সম্পদচলচ্চিত্ৰসোণগোলোকচন্দ্ৰ গোস্বামীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীতিনিচুকীয়া জিলাঅসমীয়া যুক্তাক্ষৰনাহৰফণী শৰ্মাকোষ (জীৱবিজ্ঞান)সাঁচিগছৰাভা জনগোষ্ঠীকাৰ্বি ভাষাঅশোক বনহিমালয়ডালিমীসাঁথৰসদৌ অসম ছাত্ৰ সন্থাঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতসমাজপিয়লি ফুকনদেৱকান্ত বৰুৱাবেদবৰপেটাকপিলীপৰীয়া সাধুআনন্দৰাম ঢেকিয়াল ফুকনঅনুৰাধা শৰ্মা পূজাৰীপাঠ পৰিকল্পনাঋকবেদহনুমানবিহুৰ খাদ্যগোলাঘাটWhat is A Dscr Loan?হিউৱেন-চাংবৰষুণকপৌ ফুলঅসমীয়া গালি-গালাজঅসমৰ ইতিহাসমাধৱদেৱভাৰত ৰত্নলক্ষ্মীধৰ শৰ্মাহাজং জনগোষ্ঠীনীলমণি ফুকন (জ্যেষ্ঠ)মৰাণ জনগোষ্ঠীৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅৰ্কিডঅৰুণাচল প্ৰদেশৰুবুল মাউতভঠেলিঅসম চুক্তিবৃত্তনৱকান্ত বৰুৱা🡆 More