ভীষ্ম

ভীষ্ম (সংস্কৃত: भीष्‍म, IAST: Bhīṣma, lit. 'ভীষণ') কুৰু ৰজা শান্তনু আৰু গঙ্গা দেৱীৰ অষ্টম পুত্ৰ। তেওঁক পিতামহ, গঙ্গাপুত্ৰ আৰু দেৱব্ৰত নামেৰেও জনা যায়। মহামুনি বশিষ্ঠৰ পৰা বেদ-বেদান্তৰ জ্ঞান তথা শুক্ৰাচাৰ্যৰ পৰা সকলো শাস্ত্ৰ, কলা আৰু বিজ্ঞানৰ শিক্ষা লাভ কৰা মহাবীৰ ভীষ্ম আছিল এগৰাকী অদ্বিতীয় ধনুৰ্দ্ধৰ তথা ৰাষ্ট্ৰনীতিত সুপণ্ডিত। হিন্দু মহাকাব্য মহাভাৰতত উল্লিখিত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ছোৱাত তেওঁ কৌৰৱ বাহিনীৰ মুখ্য সেনাধ্যক্ষ আছিল। পাণ্ডৱ আৰু কৌৰৱ দুয়োপক্ষৰ লগত তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আছিল।

ভীষ্ম
ভীষ্ম
তথ্য
লিঙ্গ পুৰুষ
উপাধি পিতামহ
পৰিয়াল
আত্মীয় কুৰু ৰাজবংশ-চান্দ্ৰ ৰাজবংশ

দেৱব্ৰত অৰ্থাৎ ভীষ্ম কুৰু ৰাজ্যৰ উত্তৰাধিকাৰী ৰূপে স্বীকৃত আছিল যদিও পিতৃৰ সুখৰ বাবে তেওঁ নিজৰ অধিকাৰ স্বেচ্ছাই পৰিত্যাগ কৰিছিল আৰু চিৰজীৱন ব্ৰহ্মচাৰী ৰূপে জীৱন কটাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। অতি কম বয়সতে এনেকুৱা সাংঘাতিক সিদ্ধান্তত উপনীত হোৱা বাবে তেওঁ ভীষ্ম নাম লাভ কৰে আৰু নিজে যিমান দিনলৈ জীয়াই থাকিব বিচাৰে, সিমান দিনলৈ জীয়াই থকাৰ বৰ লাভ কৰে। তেওঁ কুৰু ৰাজ্যৰ ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফালে অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ দশম দিনৰ দিনা পাণ্ডৱৰ যুৱৰাজ অৰ্জুনে শিখণ্ডীৰ সহায়ত অজস্ৰ বাণেৰে ভীষ্মক শৰবিদ্ধ কৰে। অৰ্জুনৰ আক্ৰমণত পক্ষাঘাতগ্ৰস্ত হৈ প্ৰায় একাৱন্নটা নিশা তেওঁ শৰশয্যাত কটাই আৰু অৱশেষত উত্তৰায়ণৰ (মকৰ সংক্ৰান্তি) দিনা নশ্বৰ দেহ ত্যাগ কৰে। মৃত্যুৰ আগমুহূৰ্তত তেওঁ সম্ৰাট যুধিষ্ঠিৰক বিষ্ণু সহস্ৰনামাখন হস্তান্তৰ কৰে।

হিন্দু সংস্কৃতিত ভীষ্মই বৃহৎ তাৎপৰ্য বহন কৰিছে। প্ৰতি বছৰে তেওঁৰ মৃত্যু বাৰ্ষিকীত ভীষ্ম অষ্টমী পালন কৰা হয় যি শুক্ল পক্ষৰ অষ্টম চান্দ্ৰ দিৱস অৰ্থাৎ মাঘ মাহৰ মাজভাগত (জানুৱাৰী–ফেব্ৰুৱাৰী) পৰে।

নামৰ বুৎপত্তি আৰু অভিধাসমূহ

মনিয়েৰ মনিয়েৰ-ৱিলিয়াম্‌ছৰ মতে, ভীষ্ম শব্দৰ অৰ্থ হৈছে 'ভীষণ', 'ভয়ানক' আৰু 'সাংঘাতিক তীব্ৰ'। ৰাক্ষসগণ আৰু হিংস্ৰ বৈদিক দেৱতা ৰুদ্ৰক বুজাবলৈও ভীষ্ম শব্দৰ ব্যৱহাৰ কৰা হয়। মহাভাৰতত দেৱব্ৰতে আজীৱন ব্ৰহ্মচাৰী হোৱাৰ যি ভীষণ প্ৰতিজ্ঞা কৰি তাক যথাযথভাৱে পালন কৰিছিল, তাৰেই ফলস্বৰূপে তেওঁ ভীষ্ম নাম লাভ কৰে। জন্মতে ভীষ্মৰ নাম ৰখা হৈছিল দেৱব্ৰত যাৰ অৰ্থ হৈছে নিজকে ভগৱানৰ ওচৰত সমৰ্পণ কৰা লোক।

যিহেতু ভীষ্ম গঙ্গাৰ একমাত্ৰ জীৱিত পুত্ৰ, গতিকে তেওঁক বহুতো অভিধা দিয়া হৈছিল, যেনে — গঙ্গাপুত্ৰ, গঙ্গ, গঙ্গাসূত আৰু গঙ্গেয়। গঙ্গাদত্ত শব্দৰ অৰ্থ হৈছে গঙ্গাই দিয়া। ৰজা শান্তনুৰ পুত্ৰ হোৱা হেতুকে ভীষ্ম‌ই শান্তনৱ, শান্তনুপুত্ৰ, শান্তনুসূত আৰু শান্তনুজ নাম লাভ কৰিছে। তদুপৰি ভীষ্মক গৌৰাঙ্গ, স্বেতবীৰ, ভৰতবংশী, পিতামহ আদি নামেৰেও জনা যায়।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

ভীষ্ম 
শান্তনুৱে গঙ্গা দেৱীৰ অনৈতিক কাৰ্যত বাধা দিয়া মূহুৰ্তত। ৰাজা ৰবি বৰ্মাৰ তুলিকাত।

ভীষ্মৰ জন্ম আৰু কৈশোৰৰ কালছোৱা মূলতঃ মহাভাৰতৰ আদি পৰ্বত বৰ্ণনা কৰা হৈছে। ভীষ্ম কুৰু ৰজা শান্তনু আৰু তেওঁৰ প্ৰথম পত্নী গঙ্গা দেৱীৰ একমাত্ৰ জীৱিত সন্তান আছিল। ভীষ্ম দ্যুৰ মানৱ অৱতাৰ। দ্যু অষ্টবসুৰ এজন যাক প্ৰভাস নামেৰেও জনা যায়।

কিংবদন্তি মতে, শান্তনু আছিল প্ৰতীপ ৰজাৰ কনিষ্ঠতম পুত্ৰ তথা কুৰু ৰাজ্যৰ ৰজা। এদিনাখন তেওঁ চিকাৰলৈ ওলাই গৈছিল আৰু এনেতে গঙ্গা নদীৰ পাৰত এগৰাকী সুন্দৰী যুৱতীৰ লগত তেওঁৰ সাক্ষাৎ হয়। শান্তনু সেই যুৱতী গৰাকীৰ প্ৰেমত পৰে আৰু বিবাহৰ বাবে তেওঁৰ পাণি গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। যুৱতী গৰাকীয়েও শান্তনুৰ প্ৰস্তাৱত মান্তি হয় কিন্তু এটা চৰ্ততহে যে তেওঁ যিয়েই নকৰক কিয় তেওঁৰ কাৰু-কাৰ্যৰ ওপৰত শান্তনুৱে কোনো দিনে কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব আৰু যদিহে কেতিয়াবালৈ এই চৰ্তৰ উলংঘন হয়, তেতিয়াই তেওঁ ৰজাক পৰিত্যাগ কৰিব। শান্তনুৱে যুৱতী গৰাকীৰ চৰ্ত মানি লয় আৰু তেওঁৰ লগত এটি সুন্দৰ বৈবাহিক জীৱন কটাবলৈ লয়। তেওঁলোকৰ প্ৰথমটি সন্তানৰ জন্ম হোৱাৰ লগে লগেই শান্তনুৰ পত্নীয়ে তাক গঙ্গা নদীত পেলাই দিলে। এনেদৰে এটা এটাকৈ মুঠ সাতটা নৱজাত শিশুক তেওঁ গঙ্গা নদীত পেলাই দিয়ে। শান্তনুৱেও পত্নীয়ে দিয়া চৰ্ত উলংঘন নকৰাকৈ মনে মনে থাকিবলৈ বাধ্য হয়। কিন্তু অষ্টম পুত্ৰৰ জন্মৰ পিছত তাকো তেওঁ নদীত পেলাবলৈ ধৰোঁতে শান্তনুৱে ধৈৰ্য্যৰ সীমা হেৰুৱাই তেওঁক বাধা দিয়ে আৰু তেওঁলোকৰ অষ্টম পুত্ৰক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰে। শান্তনুৰ কথা শুনি তেওঁ শান্তনুক নিজৰ প্ৰতিজ্ঞাৰ কথা সোঁৱৰাই দিলে আৰু তেওঁৰ পৰা বিদায় ল'লে। বিদায় লোৱাৰ আগতে তেওঁ ৰজাক তেওঁলোকৰ সাতটি সন্তান বধ কৰাৰ কাৰণ ক'লে। ইয়াৰ আঁৰত থকা ঘটনাটো এনে ধৰণৰ—

এসময়ত সৰগৰ অষ্টবসুৱে তেওঁলোকৰ ভাৰ্যাসহিতে প্ৰমোদ ভ্ৰমণৰ বাবে এখন বনলৈ গৈছিল। দৈৱক্ৰমে সেই বনখনতে বশিষ্ঠ মুনিৰ আশ্ৰমো (বশিষ্ঠাশ্ৰম) আছিল। এনেতে বশিষ্ঠাশ্ৰমত চৰি ফুৰা নন্দিনী (সুৰভিৰ জিয়ৰী) নামৰ গাইজনীৰ সৌন্দৰ্য দেখি দ্যুৰ (অষ্টবসুৰ এজন) পত্নী বিমোহিতা হয় আৰু নন্দিনীক নিজৰ লগত লৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁৰ ইচ্ছা পূৰণ কৰাৰ খাতিৰত দ্যুৱে বাকী সাতজন বসুৰ সহায়ত নন্দিনীক চুৰ কৰিবলৈ চেষ্টা চলায়। এই সকলোবোৰ কথা গম পাই বশিষ্ঠ মুনি ক্ৰোধান্বিত হৈ বসুসকলক অভিশাপ দিলে যে তেওঁলোকে পৃথিৱীত মনুষ্যজন্ম ল'ব লাগিব। অৱশেষত ভুল স্বীকাৰ কৰি অষ্টবসুৱে মুনিজনাৰ ওচৰত বহুতো কাকূতি-মিনতি কৰাত মুনিয়ে সাতজন বসুৰ অভিশাপ চুটি কৰিলে, অৰ্থাৎ জন্মৰ লগে লগেই তেওঁলোকে মুক্তি লাভ কৰিব পাৰিব। আনহাতে দ্যুৱে দীৰ্ঘকাল মনুষ্যজীৱন কটাব লাগিব যিহেতু দ্যুৱেই এই চুৰিকাৰ্যৰ প্ৰধান নায়ক আছিল। এই দ্যুৱেই অৱশেষত ভীষ্মৰ ৰূপত মানৱ হৈ জন্ম গ্ৰহণ কৰিলে। বাকী সাতজন বসুক জন্ম লাভ কৰাৰ পাছতেই গঙ্গা দেৱীয়ে নৈত পেলায় দিয়ে আৰু মুনিয়ে কোৱাৰ দৰেই সিহঁতে জন্মৰ লগে লগেই শাপমুক্ত হয়। শান্তনুৰ সেই পত্নী গৰাকীয়েই আছিল গঙ্গা দেৱী। অৱশেষত তেওঁলোকৰ অষ্টম পুত্ৰক লগত লৈ গঙ্গা দেৱীয়ে শান্তনুক পৰিত্যাগ কৰে আৰু ৰজাক তেওঁৰ উত্তৰাধিকাৰী দেৱব্ৰতক উপযুক্ত সময়ত ওভোতাই দিয়াৰ কথা দিয়ে।

ভীষ্ম 
গঙ্গাই দেৱব্ৰতক শান্তনুলৈ ওভোটাই দিয়া মূহুৰ্তত। বিপি বেনাৰ্জীৰ তুলিকাত।

গঙ্গা দেৱীয়ে তেওঁৰ পুত্ৰৰ নাম ৰাখিছিল দেৱব্ৰত। গঙ্গা দেৱীয়ে দেৱব্ৰতক বিভিন্ন ঠাইলৈ লৈ গৈছিল য'ত সি ডাঙৰ-দীঘল হোৱাৰ উপৰিও প্ৰসিদ্ধ ঋষি-মুনিৰ পৰা শিক্ষা-দীক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল।

  • দেৱব্ৰতক ৰজাৰ কৰ্তব্য (দণ্ডনীতি) বা ৰাজনীতি আৰু অন্যান্য শাস্ত্ৰৰ জ্ঞান দিছিল বৃহস্পতি আৰু শুক্ৰাচাৰ্যই।
  • বেদ আৰু বেদাঙ্গৰ শিক্ষা দিছিল বশিষ্ঠ আৰু চ্যাৱন ঋষিদ্বয়ে।
  • ব্ৰহ্মাৰ জ্যেষ্ঠ পুত্ৰ সনতকুমাৰে মানসিক আৰু আধ্যাত্মিক বিজ্ঞান সম্পৰ্কে জ্ঞান দান কৰিছিল।
  • মৃকাণ্ডুৰ অমৰ পুত্ৰ মাৰ্কেণ্ডেয়ই যতিসকলৰ কৰ্তব্যসমূহ শিকাইছিল।
  • পৰশুৰামৰ পৰা লাভ কৰে যুদ্ধবিগ্ৰহৰ শিক্ষা।
  • দেৱৰাজ ইন্দ্ৰৰ পৰা লাভ কৰিছিল দিব্যাস্ত্ৰ।

বহু বছৰ পিছত, শান্তনু গঙ্গা নৈৰ পাৰত ফুৰি থাকোঁতে এদিন লক্ষ্য কৰিলে যে এজন সুশোভন বালকে হাতত ধনু লৈ ধাৰাষাৰে বাণবৰ্ষণ কৰি গঙ্গা নৈৰ সোঁতত ভেটা বান্ধিছে। এবাৰ নৈৰ গতি স্তব্ধ কৰি দিয়ে আৰু পিছ মূৰ্হুততে আকৌ খুলি দিয়ে। এনেতে শান্তনুৰ সন্মুখত গঙ্গা দেৱী আৱিৰ্ভূত হয় আৰু কয় যে এইজনেই তেওঁলোকৰ অষ্টম সন্তান দেৱব্ৰত। তেওঁৰ প্ৰতিশ্ৰুতি অনুসৰি গঙ্গা দেৱীয়ে শান্তনুক তেওঁৰ উত্তৰাধিকাৰীজন গটাই দিয়ে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ভীষ্ম নামৰ বুৎপত্তি আৰু অভিধাসমূহভীষ্ম জন্ম আৰু প্ৰাৰম্ভিক জীৱনভীষ্ম তথ্যসূত্ৰভীষ্ম বাহ্যিক সংযোগভীষ্মen:International Alphabet of Sanskrit Transliterationগঙ্গা দেৱীবশিষ্ঠমহাভাৰতশান্তনুসংস্কৃত ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাআন্তৰ্জাতিক শ্ৰমিক দিৱসউৎপাদন (অৰ্থনীতি)মৰিগাঁও জিলাভিটামিনমোৱামৰীয়া বিদ্ৰোহধৰ্মসংস্কৃতিজুবিন গাৰ্গথাই ভাষাঅম্বুবাচীশৰৎচন্দ্ৰ গোস্বামীশকুন্তলানাৰী সবলীকৰণনামঘোষাচ'মাংকানশ্ৰী সূৰ্য পাহাৰহুঁচৰিএৰিষ্ট'টলচিপাহী বিদ্ৰোহ ১৮৫৭পঞ্চভুজসংখ্যাঅসমৰ জনগোষ্ঠীম’বাইল ফোন২৪ এপ্ৰিলপ্ৰশান্ত মহাসাগৰবাইখো পূজাঅসমৰ ইতিহাসতগৰজিকিৰশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘপ্ৰাক-ইতিহাসমহাভাৰতপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যবীৰেন্দ্ৰনাথ দত্তহাড়ভূমিস্খলনকম্পিউটাৰৰজনীকান্ত বৰদলৈভাৰতীয় সাহিত্যঅপৰিমেয় সংখ্যাঅসমৰ ৰেচম শিল্পসোণোৱাল কছাৰীঅণুজীৱঅসমৰ বনৌষধিআওৰাশামুকমানস ৰাষ্ট্ৰীয় উদ্যানহৰপ্পাৰুদ্ৰেশ্বৰ দেৱালয়পাইক প্ৰথাপঞ্চায়তী ৰাজপৰিৱেশ তন্ত্ৰঅতুল চন্দ্ৰ হাজৰিকাপ্লেটোসৰ্বেপল্লী ৰাধাকৃষ্ণণকলিতা জনগোষ্ঠীকলাখাৰভেদাই লতাসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাবিশ্ব পৰিৱেশ দিৱসঢোলঅসমৰ পুৰণি স্থাপত্যৰাভা জনগোষ্ঠীঅসমীয়া গালি-গালাজদৰং জিলাইয়াণ্ডাবু সন্ধিতেজপুৰসাধুকথাআলি আঃয়ে লৃগাংঅসমত দেখা চৰাইবোৰবাণীকান্ত কাকতি🡆 More