বশিষ্ঠ

বশিষ্ঠ (সংস্কৃত: वसीष्ठ) হৈছে এগৰাকী প্ৰখ্যাত আৰু প্ৰাচীনতম বৈদিক ঋষি। তেওঁ সপ্তৰ্ষি অৰ্থাৎ ভাৰতীয় সভ্যতাৰ সাতগৰাকী মহান ঋষিৰ অন্যতম। বশিষ্ঠক ঋকবেদৰ সপ্তম মণ্ডলৰ মূল ৰচয়িতা হিচাপে কৃতিত্ব প্ৰদান কৰা হয়। ঋকবেদৰ ১০.১৬৭.৪ নং শ্লোকত বশিষ্ঠ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে উল্লেখ আছে। অন্যান্য ঋকবৈদিক মণ্ডল আৰু বৈদিক সাহিত্যতো তেওঁলোকৰ উল্লেখ পোৱা যায়। বশিষ্ঠৰ ধ্যান-ধাৰণাসমূহ প্ৰভাৱশালী আছিল আৰু আদি শংকৰে তেওঁক হিন্দু দৰ্শনৰ বেদান্ত গুৰুকুলৰ প্ৰথমগৰাকী ঋষি বুলি অভিহিত কৰিছে।

বশিষ্ঠ
বশিষ্ঠ
শিৰোনাম সপ্তৰ্ষি
ব্যক্তিগত
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসংগী অৰুন্ধতী
সন্তান
  • শক্তি মহৰ্ষি, চিত্ৰকেতু, সুৰচিছ, বিৰাজছ, মিত্ৰ, উল্বন, বসুভদ্ৰায়ন আৰু দ্যুমৎ
  • অষ্মক

যোগ বশিষ্ঠ, বশিষ্ঠ সংহিতা, অগ্নি পুৰাণৰ কোনো কোনো সংস্কৰণ আৰু বিষ্ণু পুৰাণ ৰচনাৰ কৃতিত্বও তেওঁকেই দিয়া হৈছে। ইচ্ছাপূৰণ কৰা গাইগৰু কামধেনু আৰু নন্দিনীৰ মালিকীস্বত্বকে আদি কৰি বহুসংখ্যক কাহিনীৰো বিষয়বস্তুৰ ৰূপত বশিষ্ঠক উপস্থাপন কৰা হৈছে। ঋষি বিশ্বামিত্ৰৰ সৈতে হোৱা এক মতানৈক্যৰ কাহিনীৰো তেওঁ নায়ক। ৰামায়ণত বশিষ্ঠ হৈছে ৰঘূবংশৰ কুলগুৰু তথা ৰাম আৰু তেওঁৰ ভ্ৰাতৃসকলৰ শিক্ষাগুৰু।

সাহিত্যিক সূত্ৰসমূহ

বশিষ্ঠ হিন্দু পৰম্পৰাৰ এক শ্ৰদ্ধাৰ ঋষি। প্ৰাচীন আৰু মধ্যযুগত ৰচনা কৰা অসংখ্য গ্ৰন্থ তেওঁৰ নামেৰে শ্ৰদ্ধাৰে নামকৰণ কৰা হৈছে। তেওঁৰ নামেৰে নামকৰণ কৰা বা তেওঁৰ বাবে উৎসৰ্গিত কিছুমান গ্ৰন্থ:

  • বশিষ্ঠ সংহিতা হৈছে মধ্যযুগীয় যোগ পাঠ্য। একেটা নামেৰে এক আগমাও আছে।
  • বশিষ্ঠ ধৰ্মসূত্ৰ হৈছে আন এক প্ৰাচীন পাঠ্য আৰু আধুনিক যুগতো বৰ্তি থকা ধৰ্ম-সম্পৰ্কীয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম। এই ধৰ্মসূত্ৰ (৩০০-১০০ খ্ৰীষ্টপূৰ্ব) এক স্বতন্ত্ৰ পাঠ্য। ইয়াত ১,০৩৮টা সূত্ৰ আছে।
  • যোগ বশিষ্ঠ হৈছে এক সংমিশ্ৰিত মধ্যযুগীয় পাঠ্য যি বেদান্ত আৰু যোগ দৰ্শনক উপস্থাপন কৰিছে। ইয়াক জীৱনৰ প্ৰকৃতি, মানুহৰ দুখ-কষ্ট, স্বাধীন ইচ্ছা, মানৱৰ সৃষ্টিশীল শক্তি আৰু আধ্যাত্মিক মুক্তিৰ বিষয়ে বশিষ্ঠ আৰু ৰামায়ণ খ্যাত ৰাজকুমাৰ ৰামৰ মাজত এক সংবাদৰ ৰূপত লিখা হৈছে। যোগ বশিষ্ঠৰ শিক্ষাবোৰ কাহিনী হিচাপে অদ্বৈত বেদান্তত পোৱাৰ দৰে এক দাৰ্শনিক ভেটিৰ সৈতে কাহিনী হিচাপে ৰচনা কৰা হৈছে। যোগৰ আলোচনাৰ বাবেও এই পাঠ্য উল্লেখযোগ্য। যোগ আৰু ভাৰতীয় ধৰ্মৰ বিশেষজ্ঞ ইণ্ডিক অধ্যয়নৰ অধ্যাপক ক্ৰিষ্টোফাৰ চেপলৰ মতে, যোগ বশিষ্ঠ দৰ্শনৰ সাৰাংশৰ বিষয়ে এনেদৰে ক'ব পাৰি, "মানৱ প্ৰচেষ্টাক আত্ম-উন্নতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি আৰু দেৱতাসকলে আৰোপ কৰা বাহ্যিক ভাগ্য ৰ দৰে কোনো বস্তু নাই।"
  • অগ্নি পুৰাণৰ ৰচনাও বশিষ্ঠৰ বাবেই হোৱা বুলি কোৱা হয়।

আখ্যানসমূহ

জন্ম

ঋকবেদৰ সপ্তম মণ্ডলৰ মতে, দেৱতা মিত্ৰ-বৰুণ আৰু অপ্সৰা উৰ্বশীক তেওঁৰ পিতৃ-মাতৃ বুলি উল্লেখ কৰা হৈছে। কাহিনীটোৰ মতে মিত্ৰ আৰু বৰুণে যজ্ঞ কৰি থাকোঁ‌তে সেই ঠাইত তেওঁলোকে উৰ্বশীক দেখে আৰু যৌন উত্তেজিত হৈ পৰে। তেওঁলোকে নিজৰ বীৰ্য্য কলহ এটাত স্খলিত কৰে আৰু পৰৱৰ্তী সময়ত ইয়াৰ পৰাই বশিষ্ঠৰ জন্ম হয়।

বসিষ্ঠৰ জন্মকাহিনী পৰৱৰ্তী সময়ৰ হিন্দু শাস্ত্ৰত পুনৰ কোৱা হৈছে। পুৰাণসমূহৰ মতে তেওঁ তিনিবাৰ জন্ম লাভ কৰে। প্ৰথমবাৰত তেওঁ আছিল ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি কৰা মানসপুত্ৰ। দক্ষ যজ্ঞ ধ্বংস হোৱাৰ পিছত, বশিষ্ঠক হত্যা কৰা হয় কিন্তু ব্ৰহ্মাই পুনৰ সৃষ্টি কৰে। বশিষ্ঠ ৰজা নিমিৰ ৰাজগুৰু আছিল। অৱশ্যে নিমিয়ে বশিষ্ঠক যজ্ঞলৈ নিমন্ত্ৰণ কৰিবলৈ পাহৰি যায় আৰু খঙত বশিষ্ঠই নিমিক সোনকালে মৃত্যু হ'বলৈ অভিশাপ দিয়ে। নিমিয়েও একেদৰেই প্ৰতি-অভিশাপ দিয়ে। ভয় খাই বশিষ্ঠ তেওঁৰ পিতৃ ব্ৰহ্মাৰ কাষ চাপে। ব্ৰহ্মাই তেওঁক বৰুণ আৰু মিত্ৰৰ পৰা নিৰ্গত হ'বলৈ পৰামৰ্শ দিয়ে। যেতিয়া উৰ্বশীক বৰুণ আৰু মিত্ৰই দেখা পায় বশিষ্ঠ তেওঁলোকৰ পৰা নিৰ্গত হয়। [উদ্ধৃতিৰ প্ৰয়োজন]

টোকা

তথ্য সংগ্ৰহ

Tags:

বশিষ্ঠ সাহিত্যিক সূত্ৰসমূহবশিষ্ঠ আখ্যানসমূহবশিষ্ঠ টোকাবশিষ্ঠ তথ্য সংগ্ৰহবশিষ্ঠঋকবেদসংস্কৃত ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ফাকুৱাঅসমৰ পৰম্পৰাগত সাজ- পাৰব্যাকৰণসমবাহু ত্ৰিভুজহাতীঅসহযোগ আন্দোলনঅৰ্থনীতিইয়াত এখন অৰণ্য আছিলপলাশীৰ যুদ্ধপাৰ্ৱতি প্ৰসাদ বৰুৱাঅসমত দেখা চৰাইবোৰকল্পনা চাওলাভাৰতীয় ৰেলআমলখিপাচন তন্ত্ৰমহামায়া ধামঅসমৰ জিলাসমূহবাগ্‌ধ্বনিসাধুকথাপদ (ব্যাকৰণ)অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিপঞ্চতন্ত্ৰশিৱসাগৰ জিলাসূৰ্যবতাহকাৰাটেবেদজৰ্জ বেকাৰমৌখিক পৰম্পৰাজোনবিল মেলাভাওনাৰঘুনাথ দাস মহন্তশৰাইঘাটৰ যুদ্ধঅসমৰ ৰাজ্যপালসকলৰ তালিকাকৃষ্ণ ভূঞাগোৱালপাৰা জিলাকুচিয়া মাছশিক্ষা মনোবিজ্ঞানডিব্ৰুগড় বিশ্ববিদ্যালয়হিমালয়বিশ্ব বাণিজ্য সংস্থাআউনীআটী সত্ৰঅসমৰ নদীসমূহৰ তালিকাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাৰংসত্যেন্দ্ৰনাথ শৰ্মাব্ৰহ্মপুত্ৰ উপত্যকাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লনামদাঙৰ শিলৰ সাঁকোএককোষী জীৱআত্মজীৱনীঁ (চন্দ্ৰবিন্দু)বাল্য বিবাহঅসমৰ চিত্ৰকলাৰ ইতিহাসইছলামঅসমীয়া সাহিত্যত মালিতাগোলকীয় উষ্ণতা বৃদ্ধিপৰিৱেশ তন্ত্ৰভূপেন্দ্ৰ সংগীতচ্যু-কা-ফামেজিচি এছ এছচাৰ্লছ ডাৰউইনশ্ৰীনিবাস ৰামানুজনগাঁও পঞ্চায়তদেৱকান্ত বৰুৱাকনকলতা বৰুৱাগৱেষণামুদ্ৰাফ্লোৰেন্স নাইটিংগেলভাষাবিজ্ঞানজন গণ মনবেদব্যাস২০২৪প্লাষ্টিক🡆 More