বিশ্ব ঘৰচিৰিকা দিৱস

বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয়। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত। এই সংস্থা ভাৰতীয় সংৰক্ষণবিদ মহম্মদ দিলৱাৰে প্ৰতিষ্ঠা কৰিছিল। ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে তেওঁৰ অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৮ চনত টাইম আলোচনীয়ে তেওঁক ‘প্ৰকৃতিৰ বীৰ’ (Heroes of the Environment) তালিকাত স্থান দিছিল।

এটা মাইকী ঘৰচিৰিকাই নৱজাতকক খুৱাই আছে
এটা মাইকী ঘৰচিৰিকাই নৱজাতকক খুৱাই আছে
ইংলেণ্ডৰ গ্লচেষ্টাৰশ্বায়াৰৰ কাউলীত ৰেকৰ্ড কৰা ঘৰচিৰিকা গান আৰু মাত

ঘৰচিৰিকাৰ সংকট

বিশ্বত দেখা পোৱা বহু প্ৰজাতিৰ ঘৰচিৰিকাৰ ভিতৰত ভাৰতত মুঠতে পাঁচবিধ ঘৰচিৰিকাৰ প্ৰজাতি আছে। অৱশ্যে অসমত ইয়াৰে তিনিবিধ প্ৰজাতিহে দেখা পোৱা যায়। এইকেইবিধ হৈছে- ঘৰচিৰিকা (House Sparrow), ইউৰেছিয়ান ট্ৰী স্পেৰ’ (Eurasian Tree Sparrow) আৰু ৰাছেট স্পেৰ’ (Russet Sparrow)। ঘৰচিৰিকাই ইহঁতে বেছিভাগ গুটি শস্য আৰু মাজে-সময়ে কীট-পতংগ আদি খায়। ই মানুহৰ বাবে বহুতো উপকাৰো কৰে। বিশেষকৈ মহৰ কণী আদি খাই ইহঁতে বিভিন্ন ৰোগ যেন মেলেৰিয়া আৰু ডেংগু আদি নিয়ন্ত্ৰণ কৰিব পাৰে। তদুপৰি ইহঁতে গছে গছে উৰি ফুৰি পৰাগ ৰেণু কঢ়িয়াই পৰাগযোগতো সহায় কৰে। প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি ঘৰচিৰিকা খুবেই সংবেদনশীল। গতিকে এই চৰাইবিধক নগৰীয়া পৰিৱেশৰ স্বাস্থ্যৰ পৰিচায়ক (Bioindicator) বুলিও গণ্য কৰা হয়।

শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিবলৈ লৈছে। ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ’ল, মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনৰ ফলত ঘৰচিৰিকাৰ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱ। তেনেদৰে নগৰীকৰণ (urbanization), খেতি-পথাৰত কীটনাশক (insecticide) আৰু পতংগনাশকৰ বহুল ব্যৱহাৰ, বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে।

দিৱসৰ তাৎপৰ্য্য

ঘৰচিৰিকা দিৱসৰ মূল উদেশ্য হ’ল ঘৰচিৰিকাকে ধৰি নগৰীয়া জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু সঠিক ব্যৱস্থা লোৱা। ইয়াৰ যোগেদি ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে জনসাধাৰণক অনুপ্ৰেৰণা যোগোৱা হয় আৰু এইক্ষেত্ৰত প্ৰচেষ্টা কৰি থকা লোকসকলক মতবিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰা হয়। প্ৰতিবছৰে এই দিৱসৰ এটা বিষয় (theme) ঠিক কৰি দিয়া হয়। উদাহৰণস্বৰূপে ২০২১ চনৰ বিষয় আছিল  ‘I Love Sparrows’।  এই দিনটোত বিভিন্ন কাৰ্য্যসূচী যেনে চিত্ৰ প্ৰতিযোগিতা, ঘৰচিৰিকাৰ সমদল, সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ আদিৰে উদযাপন কৰা হয়।

তথ্যউৎস

বাহ্যিক সংযোগ

Tags:

বিশ্ব ঘৰচিৰিকা দিৱস ঘৰচিৰিকাৰ সংকটবিশ্ব ঘৰচিৰিকা দিৱস দিৱসৰ তাৎপৰ্য্যবিশ্ব ঘৰচিৰিকা দিৱস তথ্যউৎসবিশ্ব ঘৰচিৰিকা দিৱস বাহ্যিক সংযোগবিশ্ব ঘৰচিৰিকা দিৱসঘৰচিৰিকাটাইম (আলোচনী)ভাৰত

🔥 Trending searches on Wiki অসমীয়া:

ৰুদ্ৰেশ্বৰ দেৱালয়দেওপাহাৰঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫যোৰহাট জিলাৰ ইতিহাসলেটিন ভাষাঅসমৰ জিলাসমূহআন্তৰ্জাতিক মানৱ অধিকাৰ আইনগোলকীয় উষ্ণতা বৃদ্ধিউইলিয়াম শ্বেইকছপীয়েৰঅসমৰ জাতীয় গীতওজাপালিব্ৰহ্মপুত্ৰ উপত্যকাৰাজহুৱা ক্ষেত্ৰকুলধৰ শইকীয়াএৰিষ্ট'টলকমলাকান্ত ভট্টাচাৰ্য্যকপৌ ফুলশিৱসাগৰ পুখুৰীআনন্দৰাম ঢেকিয়াল ফুকনমহাকাব্যচৰকাৰলুৰিন জ্যোতি গগৈব্লগইষ্ট ইণ্ডিয়া কোম্পানীভাৰতত মহিলা শিক্ষাঅসমৰ পৰম্পৰাগত খেল-ধেমালিকছাৰী ৰাজ্যনাগৰিকত্বফুলগুৰি ধেৱাকাৰেঙৰ লিগিৰীভাৰতীয় মহাকাশ গৱেষণা সংস্থাশৰৎ ঋতুহোমেন বৰগোহাঞিঅৰ্জুন ভঞ্জনসাধুকথাভাষাড়ৰসায়ন বিজ্ঞানহাবুংশিৱসাগৰৰ শিৱদৌলব্ৰজাৱলী ভাষাঅসমীয়া কবিতাভবেন্দ্ৰ নাথ শইকীয়াশ্ৰীমন্ত শংকৰদেৱগৌতম বুদ্ধশূন্যঅসমৰ শাক-পাচলিৰ তালিকাশ্বিলংতিনিচুকীয়া জিলাভাৰতৰ ৰাষ্ট্ৰপতিভট্টদেৱৰ গদ্যশৈলীপৰ্যাবৃত্ত তালিকাহুঁচৰিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅসমৰ ধান খেতিৰ সঁজুলিসমূহপায়ু সংগমৰমন্যাসবাদবাগ্‌ধ্বনিবিশ্ব বেংকঅসম আন্দোলনইয়াত এখন অৰণ্য আছিলচন্দ্ৰকুমাৰ আগৰৱালাতাল (বাদ্যযন্ত্ৰ)ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানসমাৰ্থক শব্দমাঘ বিহুঅসমীয়া লিপিৰ বুৰঞ্জীচৈয়দ আব্দুল মালিককৰতল কমল কমল দল নয়নজৈৱিক কৃষিআধা লেখা দস্তাবেজভাৰতসেউজ গৃহ প্ৰভাৱভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য🡆 More