ঘৰচিৰিকা

ঘৰচিৰিকা বা ঘনচিৰিকা (ইংৰাজী: House Sparrow, বৈজ্ঞানিক নাম: Passer domesticus) হৈছে Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়। ঘৰচিৰিকাই মূলতঃ গুটি, পোক-পতংগ আদি খাই জীয়াই থাকে। ঘৰচীয়া মেকুৰী, ফেঁচা আদি ইহঁতৰ প্ৰধান ভক্ষক (predator)।

ঘৰচিৰিকা
ঘৰচিৰিকা
অষ্ট্ৰেলিয়াত এটা মতা ঘৰচিৰিকা চৰাই
ঘৰচিৰিকা
ইংলেণ্ডত এটা মতা ঘৰচিৰিকা চৰাই
সংৰক্ষণ স্থিতি
ঘৰচিৰিকা
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Passeridae
গণ: Passer
প্ৰজাতি: Passer domesticus
বৈজ্ঞানিক নাম
Passer domesticus
(Linnaeus, 1758)
ঘৰচিৰিকা
       Native range
       Introduced range
সমাৰ্থক

Fringilla domestica Linnaeus, 1758
Passer domesticus (Linnaeus, 1758) Brisson, 1760
Pyrgita domestica (Linnaeus, 1758) G. Cuvier, 1817
Passer indicus Jardine and Selby, 1835
Passer arboreus Bonaparte, 1850 (preoccupied)
Passer confucius Bonaparte, 1853
Passer rufidorsalis C. L. Brehm, 1855
Passer engimaticus Zarudny, 1903
Passer ahasvar Kleinschmidt, 1904

বিৱৰণ

ঘৰচিৰিকা এবিধ সৰু আকাৰৰ চৰাই, সাধাৰণতে ইয়াৰ দেহৰ দৈৰ্ঘ্য ১৬ ছে: মি: হয়। ইয়াৰ মূৰটো ঘূৰণীয়া, ঠোঁট শকত আৰু নেজডাল চুটি,প্ৰায় ৫.২-৬.৫ ছে:মি: দৈৰ্ঘ্যৰ। ঘৰচিৰিকাৰ দেহৰ ওজন প্ৰায় ২৪-৩৯.৫ গ্ৰাম। মাইকী ঘৰচিৰিকাৰ দেহৰ ওজন মতাৰ তুলনাত কম হয়। ঘৰচিৰিকাৰ দেহৰ বৰণ ঠাইভেদে মুগাৰ পৰা মটিয়াধৰণৰ হোৱা দেখা যায়। মতা আৰু মাইকী চৰাইৰ বৰণ ভিন্ন। মাইকী ঘৰচিৰিকা সাধাৰণতে পাতলীয়া বৰণৰ-মতাৰ দেহৰ ৰং গাঢ় আৰু পৃষ্ঠ অংশ ৰঙচুৱা। মতা ঘৰচিৰিকাৰ ঠোঁটৰ পৰা পিঠিলৈকে গাঢ় ধোৱা বৰণৰ আৰু মূৰৰ দুইকাষে ৰঙচুৱা মটিয়া বৰণৰ হয়।

টেক্স’নমি

ঘৰচিৰিকাৰ গোত্ৰ Passer আৰু এই গোত্ৰ ২৫ বিধ প্ৰজাতিৰ সমষ্টি। এই প্ৰজাতিসমূহৰ বহুতো উপ-প্ৰজাতি পোৱা যায়। তাৰে উল্লেখযোগ্য বাৰ বিধ উপ-প্ৰজাতিৰ চমূ বৰ্ণনা তলত দিয়া হ’ল-

    বিভাগ-domesticus
  • P. d. domesticus-ইউৰোপ আৰু উত্তৰ এছিয়া
  • P. d. balearoibericus – দক্ষিণ ফ্ৰান্স আৰু বেলেৰিক দ্বীপ-পূঞ্জ (Balearic Islands)
  • P. d. tingitanus (Loche, 1867)-লিবিয়া, মৰ'ক্কো আৰু আলজেৰিয়া (Algeria)
  • P. d. niloticus Nicoll and Bonhote, 1909- ইজিপ্ট আৰু
  • P. d. persicus Zarudny and Kudashev, 1916- ইৰাণ আৰু আফগানিস্তান
  • P. d. biblicus Hartert, 1910-পেলেষ্টাইন, তুৰ্কী, কুৱেইট
    বিভাগ- indicus
  • P. d. hyrcanus Zarudny and Kudashev, 1916- ইৰাণ>
  • P. d. bactrianus Zarudny and Kudashev, 1916-কাজাখস্তান, ইৰান আৰু আফগানিস্তান
  • P. d. parkini Whistler, 1920- কাশ্মীৰ, ভাৰত আৰু নেপাল
  • P. d. indicus Jardine and Selby, 1831- ভাৰত, শ্ৰীলংকা আৰু উত্তৰ ইৰাণ
  • P. d. hufufae Ticehurst and Cheeseman, 1924- চৌদি আৰবীয়া
  • P. d. rufidorsalis C. L. Brehm, 1855- চুডান

বিতৰণ

ঘৰচিৰিকাৰ উৎপত্তি হৈছিল মধ্যপ্ৰাচ্যত আৰু তাৰ পৰাই সমগ্ৰ বিশ্বত ই বিয়পি পৰে। নতুন নতুন ঠাইত এই চৰাইবিধ সংযোজন কৰি (introduction) মানুহেও ঘৰচিৰিকাৰ বিস্তাৰত গুৰুত্বপূৰ্ণ অংশ লৈছে। এনে নতুনকৈ ঘৰচিৰিকা সংযোজিত কৰা স্থানবোৰ হৈছে আমেৰিকা, পশ্চিম আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু বিশ্বৰ বিভিনন্ন দ্বীপ সমূহ।

বসতিস্থল

ঘৰচিৰিকা চৰাই মানুহৰ সৈতে বসবাস কৰাত অভ্যস্ত এবিধ প্ৰজাতি।ঘৰচিৠকাই মানুহৰ ঘৰৰ কিনাৰত বাহ সাজে।

আচৰণ

ঘৰচিৰিকাই প্ৰায়ে পানীত (বাওঁফালৰ চিত্ৰ) বা ধূলিত (সোঁফালৰ চিত্ৰ) গা ধুৱে

ঘৰচিৰিকাই জাক পাতি থাকি ভাল পায়। ইহঁতে পানী বা ধূলিত জাক পাতি গা ধোৱে আৰু সমজুৱাকৈ গান গায় (social singing)। খোৱাৰ সময়ত আৰু বাঁহত সাধাৰণতে মাইকী ঘৰচিৰিকাৰ আধিপত্য বেছি থাকে।

ঘৰচিৰিকাৰ মাত সাধাৰণতে চুটি আৰু নোৰোৱাকৈ মতা চি-ৰ-ৰ-প (chirrup), চি-ল-প (tschilp), বা ফি-লি-ল-প (Philip) ধৰণৰ হয়। জাকত থকা বা বাঁহ সাজি থকা চৰায়ে ইটোৱে সিটোৰ সতে যোগাযোগ কৰিবলৈ, মতা ঘৰচিৰিকাই বিশেষ স্থানত নিজৰ আধিপত্য প্ৰকাশ কৰিবলৈ আৰু মাইকী ঘৰচিৰিকাক আকৰ্ষিত কৰিবলৈ মাতে। প্ৰজননৰ সময়ত ইয়াৰ তীব্ৰতা বৃদ্ধি পায়। পূৰ্ণবয়স্ক ঘৰচিৰিকাই সাধাৰণতে বিভিন্ন গুটি খায়। নগৰ অঞ্চলত খাদ্যৰ বাবে মানুহৰ ওপৰত ইঁহত নিৰ্ভৰশীল হৈ পৰে। তদুপৰি ইহঁতে বিভিন্ন পোক-পতংগ, কেঁচু, ভেকুলী বা জেঠী আদিও খায় পোৱালি চৰাইক জন্মৰ পোন্ধৰ দিনলৈকে খুউৱা হয়

জাৰ্মানীত মাইকী ঘৰচিৰিকা চৰি থকা অৱস্থাত
চানফ্ৰান্সিছকোত এটা মতা ঘৰচিৰিকা চৰায়ে মাতি থকা অৱস্থাত

ঘৰচিৰিকা একগামী, অৰ্থাৎ এহাল চৰায়ে আজীৱনযোৰ পাতি বাস কৰে। ইহঁতে বিভিন্ন ঠাইত বাঁহ সাজে, যেনে-গছৰ খোৰোং, ঘৰৰ বিভিন্ন সুৰুঙা আদিত। সাধাৰণতে এবাৰত চাৰিৰ পৰা পাচোঁটাকৈ কণী পাৰে। বছৰত ইহঁতে চাৰিৰ পৰা সাতবাৰ পৰ্য্যন্ত কণী পাৰিব পাৰে। কণীবোৰ দেখাত বগা বা নীল-বগা বা সেউজ-বগা ধৰণৰ হয়- তাত মুগা বা মটিয়া দাগ থাকে। এটা কণীৰ দৈৰ্ঘ্য ২০-২২ মি:মি: আৰু প্ৰস্থ ১৪-১৬ মি:মি:আৰু ওজন ২.৯ গ্ৰাম হোৱা দেখা যায়।

ঘৰচিৰিকাৰ পোৱালি সাধাৰণতে ১১-২৩ দিনলৈকে বাহত থাকে। এই সময়ত পিতৃ-মাতৃয়ে দুয়ো মিলি পোৱালিক খাদ্য খুৱায়। জন্মৰ চাৰি দিনৰ পিছত পোৱালিয়ে চকু মেলে আৰু আঠ দিনৰ পিছত প্ৰথম পাখি গজে।

ঘৰচিৰিকাৰ মুখ্য ভক্ষক হৈছে মেকুৰী, মাংসভোজী চৰাই আৰু কেৰ্কেটুৱা।

স্থিতি তথা সংৰক্ষণ

ঘৰচিৰিকাৰ বহুল বিস্তৃতি তথা জনসংখ্যাৰ বাবে ইয়াক আই ইউ চি এন ৰঙা তালিকাত Least Concern হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে শেহতীয়া তথ্য অনুসৰি ঘৰচিৰিকাৰ জনসংখ্যা বিশ্বৰ বিভিন্ন অঞ্চলত দ্ৰুতগতিত হ্ৰাস পাইছে।

আলোকচিত্ৰ

তথ্যসূত্ৰ

বহিঃসংযোগ

Tags:

ঘৰচিৰিকা বিৱৰণঘৰচিৰিকা টেক্স’নমিঘৰচিৰিকা বিতৰণঘৰচিৰিকা বসতিস্থলঘৰচিৰিকা আচৰণঘৰচিৰিকা স্থিতি তথা সংৰক্ষণঘৰচিৰিকা আলোকচিত্ৰঘৰচিৰিকা তথ্যসূত্ৰঘৰচিৰিকা অন্যান্য উৎসঘৰচিৰিকা বহিঃসংযোগঘৰচিৰিকাইংৰাজী ভাষাফেঁচামেকুৰী

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষাৰ শব্দসম্ভাৰনগাঁও (লোকসভা সমষ্টি)কামিনী কাঞ্চনপ্ৰদূষণশ্ৰীনিবাস ৰামানুজনদেওপাহাৰৰাষ্ট্ৰসংঘকাৰেংঘৰপূৰ্ণ স্বৰাজআৱাহন (আলোচনী)নাগাৰা নামলুৰিন জ্যোতি গগৈডাকৰ বচনঅংগৰাগ মহন্তইংৰাজী ভাষাকাতি বিহুবানপানীবড়ো জনগোষ্ঠীসাম্যবাদদ্বিতীয় বিশ্বযুদ্ধভট্টদেৱৰ গদ্যশৈলীমনোবিজ্ঞানঅসমৰ ৰাজ্যপালসকলৰ তালিকাব্যাকৰণভাষাগৱেষণানাৰীবাদঅসমীয়া প্ৰতিদিনচীনা-তিব্বতীয় ভাষাপ্লাষ্টিকচন্দ্ৰযান-৩ৰূপালীমহিতেশ্বৰ শইকীয়াকুলিবিল গেট্‌ছভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰাজহুৱা ক্ষেত্ৰবাঁহীটিকেন্দ্ৰজিৎআন্তৰ্জাতিক শ্ৰমিক দিৱসয়মাম্প্‌ছসূৰ্য (দেৱতা)চ্যু-লিক-ফাবংগ বিভাজন (১৯০৫)জুইফলৰ তালিকাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামুগা (ৰেচম)অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকামিজানুৰ ৰহমান আজহাৰীঅসমনেপোলিয়ন বোনাপাৰ্টঅসম সাহিত্য সভাঅসমৰ চাহ জনগোষ্ঠীসালোক সংশ্লেষণভেঁকুৰজ্যোতিপ্ৰসাদ আগৰৱালাভাৰতীয় ৰিজাৰ্ভ বেংকমহেশ্বৰ নেওগবেটুপাতভৌতিক সংস্কৃতিবেক্টেৰিয়াজাতীয়তাবাদদেউৰী জনগোষ্ঠীকুচিয়া মাছএলবাৰ্ট আইনষ্টাইনবামুণী পাহাৰকল্প (সময়)ইন্দ্ৰবৃক্ষঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাদিহানামমাইলছ ব্ৰনছনসংবিধান দিৱস (ভাৰত)🡆 More