ছিলঠীয়া নাগৰী: ছিলঠীয়া লিপি

ছিলঠীয়া নাগৰী লিপি বা জালালাবাদী নাগৰী লিপি (ইংৰাজী: Sylheti Nagari, ছিলঠীয়া: ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ Silôṭi Nagôri) হৈছে ছিলঠীয়া ভাষা লিখাৰ বিলাকৰ মাজৰ এবিধ লিপি। এই লিপিবিধ বিলুপ্তপ্ৰায়, ইয়াৰ কাৰণ হৈছে বঙালী বৰ্ণমালাৰ প্ৰসাৰ। বিশেষকৈ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াক বঙালী ভাষাৰ এবিধ উপভাষা বুলি ধৰা হৈছিল আৰু সেইবাবে ইয়াৰ বাবে নিজা কোনো লিপি থকাৰ প্ৰয়োজন বোধ কৰা হোৱা নাছিল। সেইবাবে ছিলঠীয়া ভাষাৰ বাবে পূৰ্বী নাগৰী লিপি (বঙালী-অসমীয়া লিপি) গ্ৰহণ কৰা হৈছিল যি বিধ অসমীয়া আৰু বঙালী ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। ছিলঠীয়া নাগৰী লিপিক জালালাবাদী নাগৰী, মছলমানী নাগৰী আৰু ফুল নাগৰী বুলিও জনা যায়।

ছিলঠীয়া নাগৰী
ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ
ছিলঠীয়া নাগৰী: বৰ্ণমালা, নমুনা পাঠ, ইউনিক’ড
প্ৰকাৰ আবুগিদা
ভাষা ছিলঠীয়া, বঙালী
সময় আনুমানিক ১৩০৩ খ্ৰীষ্টাব্দ
ISO 15924 Sylo, 316
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Syloti Nagri
ইউনিক'ড ৰে'ঞ্জ U+A800–U+A82F

বৰ্ণমালা

ছিলঠীয়া নাগৰী লিপিত মুঠ ৩২টা আখৰ চিনাক্ত কৰা হৈছে। ইয়াৰে ৫টা স্বৰবৰ্ণ আৰু আৰু ২৭টা ব্যঞ্জনবৰ্ণ।

স্বৰবৰ্ণ

ছিলঠীয়া নাগৰী লিপিৰ সৰ্বসম্মত স্বৰবৰ্ণ সংখ্যা আছিল ৫টা। যদিও বিভিন্ন গ্ৰন্থত আৰু কেইটামান স্বৰবৰ্ণৰ উল্লেখ পোৱা যায়। যেনেদৰে, শ্ৰী অচ্যুতচৰণ চৌধুৰীৰ শ্ৰীহট্টেৰ ইতিবৃত্ত (শ্ৰীহট্টৰ/ছিলঠৰ ইতিবৃত্ত) কিতাপৰ পৰিশিষ্টত "শ্ৰীহট্টেৰ মোছলমানী নাগৰাক্ষৰ" শিৰোনামত উল্লেখ কৰা নাগৰী বৰ্ণমালাত স্বৰবৰ্ণ দেখা যায় ৬টা। তাত সৰ্বসম্মত ৫টা বৰ্ণৰ লগতে "ঐ" উচ্চাৰণৰ আৰু এটা চিহ্নৰ উল্লেখ আছে। উল্লেখ্য যে, বৰ্ণমালাৰ স্বৰবৰ্ণৰ আশ্ৰসমূহৰ ধাৰাবাহিকতা হুবহু অসমীয়া বৰ্ণমালা আৰু বঙালী বৰ্ণমালাৰ ধাৰাবাহিকতাৰ অনুসৰণ নকৰে।

ছিলঠীয়া নাগৰী লিপি
অসমীয়া লিপ্যন্তৰ

ব্যঞ্জনবৰ্ণ

ছিলঠীয়া নাগৰী লিপিত ২৭টা ব্যঞ্জনবৰ্ণ আছে। ইয়াৰ বাহিৰেও বিভিন্ন প্ৰতীক এই লিপিত অন্তৰ্ভুক্ত হৈছে।

ছিলঠীয়া নাগৰী লিপি
অসমীয়া লিপ্যন্তৰ ড়

স্বৰচিহ্ন আৰু অন্যান্য বৰ্ণ

ছিলঠীয়া নাগৰী লিপি
অসমীয়া লিপ্যন্তৰ ি

নমুনা পাঠ

ছিলঠীয়া নাগৰী: বৰ্ণমালা, নমুনা পাঠ, ইউনিক’ড 
১৯ শতিকাৰ মাজত ছিলঠৰ চাদেক আলিৰ দ্বারা ৰচিত "হালতুন্নবি" (Halot-un-Nobi) কিতাপৰ প্ৰচ্ছেদ।

ছিলঠীয়া নাগৰী লিপিত ছিলঠীয়া ভাষা

    ꠗꠣꠞꠣ ১: ꠢꠇꠟ ꠝꠣꠘꠥ ꠡꠣꠗꠤꠘꠜꠣꠛꠦ ꠢꠝꠣꠘ ꠁꠎ꠆ꠎꠔ ꠀꠞ ꠢꠇ ꠟꠁꠀ ꠙꠄꠖꠣ ‘ꠅꠄ। ꠔꠣꠞꠣꠞ ꠛꠤꠛꠦꠇ ꠀꠞ ꠀꠇꠟ ꠀꠍꠦ। ꠅꠔꠣꠞ ꠟꠣꠉꠤ ꠢꠇꠟꠞ ꠄꠇꠎꠘꠦ ꠀꠞꠇꠎꠘꠞ ꠟꠉꠦ ꠛꠤꠞꠣꠖꠞꠤꠞ ꠝꠘ ꠟꠁꠀ ꠀꠌꠞꠘ ꠇꠞꠣ ꠃꠌꠤꠔ।

অসমীয়া অনুবাদ

    দফা ১: সকলো মানুহে স্বাধীনভাৱে সমান ঠাকুৰালি আৰু অধিকাৰৰ সৈতে জন্ম লয়। সকলোৰে বিবেক আৰু জ্ঞান-বুদ্ধি আছে আৰু সকলোৱে এজনে আনজনক ভাই-ভাই হিচাপে ব্যৱহাৰ কৰিব লাগে।

ইউনিক’ড

ইউনিক’ডৰ ২০০৫ চনৰ মাৰ্চত প্ৰকাশিত ৪.১ সংস্কৰণত ছিলঠীয়া নাগৰী লিপিক অন্তৰ্ভুক্ত কৰা হয়। ছিলঠীয়া নাগৰীৰ ইউনিক’ড ব্লকটো U+A800 ৰ পৰা U+A82F ক'ড বিন্দুলৈ বিয়পি আছে।

ছিলঠীয়া নাগৰী[1][2]
ছিলঠীয়া নাগৰীৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+A80x
U+A81x
U+A82x
বি. দ্ৰ.
    ১.^ ইউনিক'ড সংস্কৰণ ১১.০ অনুসৰি
    ২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

Tags:

ছিলঠীয়া নাগৰী বৰ্ণমালাছিলঠীয়া নাগৰী নমুনা পাঠছিলঠীয়া নাগৰী ইউনিক’ডছিলঠীয়া নাগৰীঅসমীয়া ভাষাইংৰাজী ভাষাছিলঠীয়া ভাষাবঙালী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

গান্ধী–আৰউইন চুক্তিউত্তৰ আমেৰিকাহেমচন্দ্ৰ গোস্বামীঅজন্তা গুহাসমূহমহেশ্বৰ নেওগচম্পু কাব্যনৱকান্ত বৰুৱাঅসম আন্দোলনমহাদেশভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভূমিকম্পযাদুমন্ত্ৰজল প্ৰদূষণকেশৱ মহন্তবেংগালুৰুঅসমৰ লোকবাদ্যপাইথেগাৰাছসিন্ধু নদীমোৰ জীৱন সোঁৱৰণলোকাচাৰআলি আঃয়ে লৃগাংসংগীতশৰ্মা মন্ত্ৰীসভাইউক্লিডপাঁচালীজেং বিহুআগ্নেয়গিৰিপৰিস্থিতি বিজ্ঞানসিন্ধু সভ্যতাহিমবাহসপ্তকাণ্ড ৰামায়ণনীলপৱন বৰুৱাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানজুবিন গাৰ্গজাতীয়তাবাদতথ্যড্যাউ ম্যা থ্বিনগগনাচানডুবি বিলশংকৰপালীবিশ্বকোষমৌন ওঁঠ মুখৰ হৃদয়কলাপ্ৰফুল্ল দত্ত গোস্বামীবৰ্মণ ৰাজবংশছুনামিআমৰলি টোপঅৰ্জুন ভঞ্জননাৰী সবলীকৰণপৰিৱেশ বিজ্ঞানপুথিভঁৰালঅন্নপ্ৰাশনগণতন্ত্ৰহাজোঅসমীয়া যুক্তাক্ষৰহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)ব্যৱস্থাপনাপুঁজিবাদশিৱঅসমীয়া ভাষাৰ শব্দসম্ভাৰএংকৰ ৱাটযোৰানামইণ্টাৰনেটজুইবিত্তীয় ব্যৱস্থাসত্ৰমোহনদাস কৰমচান্দ গান্ধীশিক্ষাকোৰআন২৯ মাৰ্চকৰ'নাভাইৰাছ ৰোগ ২০১৯যৌন সংগম২০২২ ফিফা বিশ্বকাপসাঁচিগছআজান পীৰ🡆 More