আলোচনী আৱাহন: আলোচনী

আৱাহন (ইংৰাজী: Abahan) নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু ডাঃ দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)ৰ প্ৰচেষ্টাত জন্ম পোৱা এখন অধুনালুপ্ত মাহেকীয়া অসমীয়া আলোচনী। ১৯২৯ চনত ডাঃ দীননাথ শৰ্মাৰ সম্পাদনাত কলিকতাৰ পৰা আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশিত হয়। সম্পাদকীয়ত দীননাথ শৰ্মাই লিখিছে, অসমত আজি নতুন যুগৰ সূচনা। সকলোপিনে এটি নৱজাগৰণৰ ভাৱ। আজি সাহিত্য ফুলনিৰ ভক্তি চন্দন ফুলৰ আধা ফুলা ফুলৰ আঁজলি লৈ জননী চৰণ বন্দনাৰ অৰ্থে আৱাহন প্ৰতিজ্ঞা কৰি আমি আগবাঢ়িলোঁ। আমাৰ কাকতত সকলো বিষয়ৰে আলোচনা নিৰপেক্ষভাৱে কৰিবলৈ যত্ন কৰা হ’ব। আৱাহনে অসমকে মুখ্য কৰি ভাৰতবৰ্ষৰ প্ৰতিটো জাতিৰ কলাকৃষ্টিৰ মুক্ত প্ৰকাশত গুৰুত্ব আৰোপ কৰি প্ৰবন্ধ-পাতি প্ৰকাশ কৰিছিল।

স্থান

১৯২৯ চনত প্ৰথম সংখ্যাটো কামৰূপ প্ৰেছত অপূৰ্ব কুমাৰ ভূঞাৰ দ্বাৰা ছপা হৈ ডাঃ দীননাথ শৰ্মাৰ দ্বাৰা ৪২ নং বাদুৰ বাগান ষ্ট্ৰীট, কলিকতাৰ পৰা প্ৰকাশিত হৈ কিছু বছৰলৈ এনেকৈয়ে চলে। তাৰপাছত, ১৪ নং জগন্নাথ দত্ত লেন, লক্ষ্মীবিলাস প্ৰেছ কলিকতা, গণশক্তি প্ৰিণ্টাৰ্ছ প্ৰাঃ লিঃ কলিকতা, মনোহৰ পুকুৰ ৰোড আৱাহন আৰ্ট প্ৰিণ্টাৰ্ছত মুদ্ৰিত হৈছিল। ১৯৫০ চনত আৱাহনৰ কাৰ্যালয় গুৱাহাটীলৈ আনে যদিও পিছত পুনৰ কলিকতালৈ নিব লগীয়া হয়। ১৯৬৪ চনত আৱাহনৰ কাৰ্যালয় পুনৰ গুৱাহাটীলৈ অনা হয় আৰু ইয়াতে নিগাজি হৈছিল।

বিষয়বস্তু

আৱাহনৰ বিষয়বস্তু বেলেগ বেলেগ আছিল। তথ্যগধুৰ প্ৰবন্ধ, পুৰাতত্ত্ব আৰু ভাস্কৰ্য, বুৰঞ্জীমূলক লেখা, ভ্ৰমণ কাহিনী, সমসাময়িক বিশ্বৰ ঘটনাৱলী, জীৱন বৃত্তান্ত, চিত্ৰ, পুথিচিত্ৰ, বিশ্ব সাহিত্যৰ অনুবাদ, নাট্য সাহিত্য, চিত্ৰশিল্প, নাটকৰ ধাৰাবাহিক প্ৰকাশ, সংগীত, গৱেষণামূলক পুথি পৰিচয়, কাহিনী, নাট্যশিল্পী পৰিচয়, মহিলা জগতৰ বতৰা, নৃত্য, সমসাময়িক ভাৰতবৰ্ষ, দৃশ্যকাব্য, কথাছবি, বিভিন্ন প্ৰবন্ধ আৰু ভাষণাৱলী, আন দেশৰ বিৱৰণ, ধাৰাবাহিক উপন্যাস, চিকাৰ কাহিনী, যৌন চিকিৎসা সম্বন্ধীয়। বিবিধ শিতান, বিচিত্ৰা শিতান, কবিতা, গল্প, আদি অলেখ বিষয় সামৰি আৱাহনৰ প্ৰতিটো সংখ্যা প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছিল।

সম্পাদকীয়সমূহ

আৱাহনৰ সম্পাদকীয় শিতানত দেশৰ বিভিন্ন সমস্যাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোকপাত কৰি লেখা হৈছিল। অসমত বিদেশী সমস্যা, শ্বিলং ৰাজধানী হোৱাৰ পৰা অসমৰ ক্ষতি, বিদেশী কাকত বৰ্জন, ৰে’লৱে বিভাগত অসমীয়া কৰ্মচাৰী, ভাৰতৰ জাতীয় ফৌজ, মহাত্মাজী আৰু বৰলাট, নিবনুৱা সমস্যা, প্ৰাদেশিক কৰ্তৃত্ব, ৰাউণ্ড টেবুল কনফাৰেন্সৰ পৰিণতি আৰু ভাৰতৰ ভৱিষ্যত, ভাৰতীয় ছাত্ৰৰ সামাজিক শিক্ষা, মহাসমৰৰ আশংকা, ইউৰোপৰ নতুন ৰয়েলিষ্ট দলৰ কীৰ্তি, আয়াৰলেণ্ডৰ নতুন সমস্যা আদি গুৰুত্বপূৰ্ণ বিষয়ত সম্পাদকীয় লেখা প্ৰকাশ কৰা হৈছিল।

ভাষাৰীতি

আৱাহন আলোচনীৰ ভাষাৰীতি মাৰ্জিত আছিল। পৰীক্ষামূলকভাৱে ১৯৪৮ চনৰ পৰা কিছুদিনলৈ আৱাহন আলোচনীয়ে হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণ বিন্যাস অনুসৰণ কৰা নাছিল। যুক্তাক্ষৰ ভাঙি শব্দ সৰলীকৰণ কৰাৰ এটা ক্ষীণ চেষ্টা আৱাহনে কৰিছিল। দুটামান সংখ্যাত এই প্ৰচেষ্টা লোৱাৰ পাছত আন কাকত আলোচনীয়ে ইয়াক গ্ৰহণ নকৰা দেখি পুনৰ হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণবিন্যাসকেই আৱাহনে গ্ৰহণ কৰিছিল।

তথ্য সূত্ৰ

Tags:

আলোচনী আৱাহন স্থানআলোচনী আৱাহন বিষয়বস্তুআলোচনী আৱাহন সম্পাদকীয়সমূহআলোচনী আৱাহন ভাষাৰীতিআলোচনী আৱাহন তথ্য সূত্ৰআলোচনী আৱাহনইংৰাজী ভাষাকলিকতাদীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)নগেন্দ্ৰ নাৰায়ণ চৌধুৰী

🔥 Trending searches on Wiki অসমীয়া:

যাদৱ পায়েংঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাদুৰ্গাবৰ কায়স্থপৰ্যাবৃত্ত তালিকাঅসমৰ বনৌষধিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাচানডুবি বিলবিজ্ঞানচৰ্যাপদপোৱামক্কাভঠেলিমহাভাৰতৰুক্মিণী হৰণ নাটঢ়বৰহমথুৰিঅসমৰ সত্ৰসমূহৰ তালিকাব্লগএলভিছ আলী হাজৰিকাজ্ঞানপীঠ বঁটাঅসমীয়া গীতি সাহিত্যনিমাতী কইনাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহপুষ্টিকাৰকপ্ৰথম বিশ্বযুদ্ধমহো-হো উৎসৱকৃষ্ণসত্যজিৎ ৰায়ৰামধেনুভবেন্দ্ৰ নাথ শইকীয়াভাৰতৰ উচ্চতম ন্যায়ালয়অসমৰ মন্ত্ৰ-সাহিত্যমঙ্গলদৈ (লোকসভা সমষ্টি)কাৰ্বি জনগোষ্ঠীঅতুল চন্দ্ৰ হাজৰিকাহিউমাছৰবীন্দ্ৰনাথ ঠাকুৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমৰ চলচ্চিত্ৰশুৱালকুছিআইজাক নিউটনচাৰ্লছ ডাৰউইনধুবুৰী (লোকসভা সমষ্টি)বুলু ফিল্মৰংঘৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীউৎসৱকালিয়দমন নাটঅসমৰ পৰম্পৰাগত সাজ- পাৰঅসমীয়া প্ৰতিদিনবাগ্‌ধ্বনিভূমিকম্পগুৱাহাটীফৰাচী বিপ্লৱআত্মজীৱনীমহাকাব্যব্ৰহ্মপুত্ৰ উপত্যকামৌখিক লোকসাহিত্যএশিঙীয়া গঁড়মাতৃভাষাকেঁচুদিহানামঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিৰাভা জনগোষ্ঠীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)মহাসাগৰসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাদৰ্শনজল সংৰক্ষণদশাৱতাৰসাম্যবাদঢোলচৈয়দ আব্দুল মালিকছাইমন কমিশ্যনপ্ৰাক-ইতিহাস২৭ এপ্ৰিলকামৰূপী উপভাষাগোপাল কৃষ্ণ গোখলে🡆 More