অসমৰ পৰম্পৰাগত সাজ-পাৰ

এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।

মেখেলা

মেখেলা হৈছে অসমীয়া মহিলাই পৰিধান কৰা পোচাক 'মেখেলা-চাদৰ'ৰ তলৰ অংশ। মেখেলা সাধাৰণতে কঁকালত গাঁঠি মাৰি পিন্ধা হয়; মেখেলাই কঁকালৰ পৰা ভৰিলৈকে ধাকি ৰাখে। মেখেলাখন এখন নিৰ্দিষ্ট জোখৰ কাপোৰ সমানে দুভাগ কৰি কাটি দুয়োটুকুৰা একেলগে দুইফালে চিলাই ঠিক নমনীয় চুঙাৰ আকৃতিত তৈয়াৰ কৰা হয়; আকৌ তলে ওপৰে পাতলি চিলোৱা হয়। মেখেলাৰ ৰং যিকোনো হ'ব পাৰে; তাত কোনো বাধ্যবাধকতা নাই। কিন্তু মেখেলা খন চাদৰ আৰু চোলাৰ ৰঙৰ লগত মিলাই লোৱা হয়। মেখেলা বিভিন্ন প্ৰকাৰৰ আছে; যেনে–কাৰ্চিপৰ মেখেলা, বনকৰা মেখেলা, কিংখাপৰ মেখেলা, গুণাকটা মেখেলা, কপাহী সূতাৰ মেখেলা, গোমচেঙৰ মেখেলা, চাটনৰ মেখেলা, নৰা মেখেলা, পাটৰ মেখেলা, মুগাৰ মেখেলা, বুটা বছা মেখেলা, মেজাংকৰী মেখেলা।

ৰিহা

আঁচুফুলীয়া ৰিহা, গুণাকটা ৰিহা, কেঁচ বছা ৰিহা, গাঁৰিয়লী ৰিহা, দহী অলীয়া ৰিহা, বহৈলগা ৰিহা, ফুল বছা ৰিহা, ফুল - লতাৰ পাটৰ ৰিহা, মুগাৰ ৰিহা।

চাদৰ

চাদৰ হৈছে অসমীয়া মহিলাই পৰিধান কৰা সাজ 'মেখেলা-চাদৰ'ৰ ওপৰত পিন্ধা অংশ। চাদৰ সাধাৰণতে কঁকাল আৰু গাত মেৰিয়াই বাওঁ কান্ধত চাতি মাৰি পিঠিৰ ফাললৈ আঠুৰ তললৈকে ওলোমাই পিন্ধা হয়; চাদৰ আঠুৰ পৰা ডিঙিলৈকে ধাকিবৰ বাবে পিন্ধা হয়। চাদৰখন এখন নিৰ্দিষ্ট দৈঘ্য আৰু প্ৰস্থৰ কাপোৰ। চাদৰৰ দুইমূৰক আঁচল বুলি কোৱা হয়; এই আঁচল দুটা সুন্দৰ ৰঙীন আছুৰে বা ফুলামকৈ তৈয়াৰ কৰা হয়। আঁচল দুটাৰ আছু বা ফুলৰ আকাৰ আৰু ডিজাইন একেই। তাৰোপৰি কিছুমান চাদৰৰ দুইমূৰে দহি বঁতা হয়; এই দহিয়ে চাদৰৰ সৌন্দৰ্য সোনত সুৱগা চৰায়। আকৌ চাদৰৰ দুয়োটাকে আছুৰ পতি দিয়া হয়; বা নিৰ্দিষ্ট জোখ আৰু ডিজাইনেৰে প্ৰস্তুত কৰা পতি চিলাই কৰি লগাই দিয়া হয়। চাদৰৰ ৰং যিকোনো হ'ব পাৰে; তাত কোনো বাধ্যবাধকতা নাই। কিন্তু চাদৰখন মেখেলা আৰু চোলাৰ ৰঙৰ লগত মিলাই লোৱা হয়। চাদৰ বিভিন্ন প্ৰকাৰৰ আছে; যেনে– শাৰীৰী, মৈঠনি, কাঁচু, চেলেং চাদৰ, কেঁচা সূতাৰ চাদৰ, পকোৱা সূতাৰ চাদৰ, আঁচু দিয়া চাদৰ, গাঁৰিয়লী চাদৰ, পাৰি দিয়া চাদৰ, গুণাকটা চাদৰ, বুটাবছা চাদৰ, ৰিহা চাদৰ, এৰীয়া চাদৰ, বিছনা চাদৰ(বৰ কাপোৰ) ইত্যাদি।

পাগুৰী

উকা পাগ, কুহুমবুলীয়া পাগ, গুণাকটা পাগ, চিকন পাগ, ফচো, বৰপাগ, মথুৰা পাগ, মোগলাই পাগ।

চোলা

এঙাচোলা, গোমচেঙৰ চোলা, চাটনৰ চোলা, নৰা চোলা, বুকু চোলা, মিৰ্জাই চোলা,মোগলাই চোলা, চুটি চোলা, ফটুৱৈ চোলা।

চেলেং 

চেলেং হৈছে অসমীয়া পুৰুষ আৰু মহিলা উভয়েই পৰিধান কৰা সাজ।ইয়াক চেলেং-চাদৰ বুলিও কোৱা হয়। চেলেং সাধাৰণতে ধৰ্মীয় পৰিবেশ বা বিবাহ সম্পৰ্কীয় কামৰ বাবে পৰিধান কৰা হয়। চেলেং সাধাৰণতে কঁকাল আৰু গাত মেৰিয়াই বা নিৰ্দিষ্ট জোখত দীঘাকৈ জাপি গাত মেৰিয়াই কান্ধত চাতি মাৰি পিঠিৰ ফাললৈ ওলোমাই পিন্ধা হয়; চেলেং কঁকালৰ পৰা ডিঙিলৈকে ধাকিবৰ বাবে পিন্ধা হয়। চেলেং এখন চাদৰৰ দৰেই নিৰ্দিষ্ট দৈঘ্য আৰু প্ৰস্থৰ কাপোৰ; কিন্তু ই চাদৰতকৈ বেছি দীঘল। চেলেঙৰ আগ দুটা সুন্দৰকৈ গুণা, পাত, মূগা বা বগা সুতাৰে উকা বা ফুলামকৈ তৈয়াৰ কৰা হয়। দুয়োটা আগৰ পতি বা ফুলৰ আকাৰ আৰু ডিজাইন একেই। তাৰোপৰি কিছুমান চেলেঙৰ দুইমূৰে দহি বঁতা হয়; এই দহিয়ে চেলেঙৰ সৌন্দৰ্য সোনত সুৱগা চৰায়। চাদৰৰ দৰে চেলেঙৰ দুই কাষত কোনো পতি দিয়া নহয়। চেলেঙৰ ৰং সাধাৰণতে বগা; কিন্তু মূগা বা পাতৰ ৰঙৰো হ'ব পাৰে; তাত কোনো বাধ্যবাধকতা নাই। চেলেং বিভিন্ন প্ৰকাৰৰ আছে; যেনে– পাটৰ ৰ চেলেং, চুৰিয়া, টঙালি, ধূতি, উত্তৰীয়, চাপকণ, জামা, হাঁচতি (তামোল বন্ধা হাঁচতি, মূৰ হাঁচতি, সূতা দিয়া হাঁচতি), গামোচা, কাছনী, পটলুং, এৰীসূতাৰ চাদৰ, এৰী সূতাৰ চেলেং।

মিছিং জনজাতিৰ সাজ পাৰ

মিচিংসকলৰ লোক-সংস্কৃতিৰ এটি দিশ হৈছে ‘সাজ-পাৰ’। মিচিংসকলৰ সাজপাৰত সুনিপুণ কাৰিকৰী কৌশল দেখিবলৈ পোৱা যায়। মিচিং পৰম্পৰাগত সাজপাৰৰ ‘গামিগ’ (ফুল)ৰ জ‍্যামিতিক আৰু ৰঙৰ মনোমোহা সংমিশ্ৰণ থাকে। মিচিং শিপিনীয়ে ঘৰতে জাতীয় সাজ-পাৰ বৈ লয়।

মিচিঙৰ জাতীয় সাজপাৰবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

১) পুৰুষে ব‍্যৱহাৰ কৰা সাজ-পাৰ : মিচিংসকলৰ পুৰুষসকলে ব‍্যৱহাৰ কৰা সাজপাৰসমূহৰ ভিতৰত উগন, গন্‌বৰ, গন্‌ৰ:, গালুগ, লুগ্‌ৰ:, গন্‌কগ, গন্‌য়াব, দুমৌৰ, মৌৰ্‌পুং, মিবুগালুগ, এ:তোপ, তাপুম গাচৰ, য়াম্ব গাচৰ ইত্যাদি উল্লেখযোগ্য।

ক) উগন : সাধাৰণ ধুতি বা চুৰিয়াক মিচিঙত ‘উগন’ বুলি কোৱা হয়। মিচিং পুৰুষসকলে দৈনন্দিন ঘৰুৱা পৰিৱেশত এনে উগন ব‍্যৱহাৰ কৰে। এই উগন সাধাৰণভাৱে বোৱা আৰু কিছুমানত গামিগ থকাও দেখা যায়।

খ) গন্‌বৰ : ‘গন্‌বৰ’ সাধাৰণ উগনতকৈ বহল উন্নত ধৰণৰ আৰু নিৰ্দিষ্টকৈ গামিগ বেছি থকা উগন। সাধাৰণ অৰ্থত বৰচুৰিয়া। গন্‌বৰ পৰম্পৰাগত গামিগ আৰু বগা সূতাৰে বোৱা হয়। পুৰুষসকলে পূজা-উৎসৱ, ৰাজহুৱা অনুষ্ঠান, সভা, মিব:গৃক:(আলহী খাব যোৱা) আদিত এই গন্‌বৰ পৰিধান কৰাৰ নিয়ম মিচিং সমাজত প্ৰচলিত।

গ) গন্‌ৰ : ‘গন্‌ৰ:’ সাধাৰণভাৱে দৈনন্দিন ব‍্যৱহাৰ কৰা উগনতকৈ বেলেগ। উগন(চুৰিয়া) + আৰ:(খাঁটি) = গন্‌ৰ: অৰ্থাৎ খাঁটি চুৰিয়া। এই গন্‌ৰ: নিসিজোৱা কেঁচা বগা সূতাৰে নিৰ্দিষ্ট পাৰি আৰু গামিগেৰে বোৱা হয়। গন্‌ৰ:ক কেৱল মিবু(দেওধাই), মিৰৃ(পুৰোহিত), তাবৌ(বিধান দিব পৰা ভকত) আদিয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত।

ঘ) গন্‌কগ : মিচিং পুৰুষসকলে লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ পৰিধান কৰিবলৈ শিকি প্ৰথমে ‘গন্‌কগ’ ব‍্যৱহাৰ কৰিছিল বুলি জনা যায়। এই গন্‌কগ অসমীয়াৰ ‘পোন্ধ’ৰ সমপৰ্যায়ৰ।

ঙ) গন্‌য়াব : মিচিং পুৰুষসকলৰ অন‍্যতম সাজপাৰ ‘গন্‌য়াব’। এই গন্‌য়াব অসমীয়াৰ লেংটি, লেঙুটি, কৌপিনৰ সমপৰ্যায়ৰ। বৰ্তমান অৰুণাচলৰ মিচিংসকলৰ সমগোষ্ঠীৰ জনগোষ্ঠীসমূহৰ মাজত অলপ-অচৰপ গন্‌য়াব পৰিধানৰ অভ‍্যাস পৰিলক্ষিত হয়।

চ) গালুগ : সাধাৰণভাৱে বোৱা মিচিং চোলাক ‘গালুগ’ বুলি কোৱা হয়। সম্প্ৰতি বজাৰত পোৱা যিকোনো চোলাকো মিচিং ভাষাত গালুগ বুলি কয়।

ছ) লুগ্‌ৰ: : লুগ্‌ৰ: অৰ্থাৎ খাঁটি চোলা। ই সৰ্বসাধাৰণভাৱে দৈনন্দিন ব‍্যৱহাৰ কৰা গালুগতকৈ বেলেগ। এই লুগ্‌ৰ: কেঁচা বগা সূতাৰে পৰম্পৰাগত নক্সা আৰু গামিগেৰে বোৱা হয়। পুৰুষসকলে ৰাজহুৱা অনুষ্ঠানত এই লুগ্‌ৰ: পৰিধান কৰাৰ নিয়ম প্ৰচলিত।

জ) মিবু গালুগ : ‘মিবু গালুগ’ সৰ্বসাধাৰণ লোকে ব‍্যৱহাৰ কৰা গালুগতকৈ সম্পূৰ্ণ বেলেগ। নিসিজোৱা কেঁচা বগা সূতাৰে ‘ঙচিগ গামিগ’ (মাছৰ বাকলিৰ আৰ্হি থকা ফুল) থকা নিৰ্দিষ্ট ঘাই গামিগ লগাই শুদ্ধি হাতেৰে বোৱা হয়। এই সাজ কেৱল মিবু, তাবৌ আদিয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত।

ঝ) দুমৌৰ : মিচিঙৰ ‘দুমৌৰ’ আৰু অসমীয়াৰ ‘গামোচা’ প্ৰায় সমাৰ্থক। দুমৌৰ কাৰোবাক সন্মান জনোৱাৰ্থে বা প্ৰীতি উপহাৰ হিচাপে যচাৰ কামতো ব‍্যৱহাৰ হয়।

ঞ) মৌৰপুং : মৌৰপুং হৈছে মূৰত পাগুৰি হিচাপে পিন্ধা একধৰণৰ দীঘল গামোচা জাতীয় পোছাক।

ট) তাপুম গাচৰ : এৰী পলু পুহি সূতা কাটিব জনাৰেপৰা মিচিং সমাজত ‘তাপুম গাচৰ’ অৰ্থাৎ এৰী চাদৰৰ ব‍্যৱহাৰ প্ৰচলিত হৈ আহিছে। এই সাজৰ সূতা টান, মসৃণ, ডাঠ আৰু দুই মূৰে দহি বটা থাকে। আগৰ দিনত ঘৰৰ প্ৰতিগৰাকী পুৰুষৰ বাবে তাপুম গাচৰ এখন বৈ দিয়াটো মিচিং মহিলাৰ কৰ্তব‍্য আছিল।

ঠ) য়াম্ব গাচৰ : দৰাঘৰৰ বিয়াত দৰা-ক‌ইনাৰ যুগ্ম জীৱনৰ বাবে আদৰি আনিবলৈ মূৰৰ ওপৰত ওৰণি হিচাপে ব‍্যৱহাৰ কৰা ‘গাচৰ’ক (চাদৰ) য়াম্ব গাচৰ নামেৰে জনা যায়। এই ‘য়াম্ব গাচৰ’ ‘উৰম উই’ অৰ্থাৎ উপৰিপুৰুষক পিণ্ডদান পূজা, বংশভিত্তিক পূজা আদি মাংগলিক কাৰ্যত পুৰুষ-মহিলাই একেলগে ব‍্যৱহাৰ কৰা দেখা যায়।

২) মহিলাই ব‍্যৱহাৰ কৰা সাজ-পাৰ : মিচিং সকলৰ মহিলাসকলৰ সাজ-পাৰৰ ভিতৰত এগে, মচা:নাম, য়াকান এগে, গাচৰ, গাজগ এগে, গাৰে, গাপা, ৰি:বি, গাচৌং, ৰুম্বং, য়েত্‌চাং, গেৰ:, প: তোপ, পায়েগ ইত্যাদি উল্লেখযোগ্য।

(ক) এগে : মিচিং মহিলাই পিন্ধা মেখেলাক সাধাৰণতে ‘এগে’ বুলি কোৱা হয়। এইসমূহ যিকোনো ৰঙৰ হ’ব পাৰে। ভিন্নৰঙী আৰু গামিগেৰে ভৰা এই এগেসমূহ বৰ মোহনীয়।

(খ) গাচৌং : গাচৌং হৈছে মিচিং মহিলাই চাদৰ বা শীতত শ্ব’ল হিচাপে ব‍্যৱহাৰ কৰা ৰি:বিৰ দৰেই এবিধ ডাঠ বস্ত্ৰ। গাচৌং ৰঙা বা মদাৰ ৰঙৰ কপাহী সূতাৰে বয় আৰু দুইমূৰে চাৰি-পাঁচটা প্ৰায় এক ইঞ্চি বহল বগা-ক’লা ৰেখা টনা থাকে। পূজা-উৎসৱ, ৰাজহুৱা অনুষ্ঠান, মিব:গৃক: আদিত গাচৌং পিন্ধা প্ৰচলিত আছিল। বৰ্তমান এই নিয়ম কমিব ধৰা পৰিলক্ষিত হৈছে।

(গ) গাপা আৰু গাৰে : গাপা আৰু গাৰে হৈছে পকোৱা সূতাৰে ডাঠকৈ বোৱা মেখেলাজাতীয় বস্ত্ৰ। গাপা কেৱল গাভৰু ছোৱালীয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত আছিল। আনহাতে, ‘গাৰে’ সকলো বয়সৰ মহিলাই পৰিধান কৰা দেখা যায়।

(ঘ) গেৰঃ : গেৰঃ মিচিং মহিলাই পৰিধান কৰা এবিধ আকৰ্ষণীয় বস্ত্ৰ। মেখেলাৰ ওপৰত পৰিধান কৰা গেৰঃ এবিধ মেঠনিজাতীয় সাজ। গাভৰুৱে কঁকালৰ পৰা আৰু বোৱাৰীয়ে বুকুৰ পৰা মেৰিয়াই গেৰঃ পৰিধান কৰে। দুৰ্ঘটনাগ্ৰস্ত হৈ ৰক্তক্ষৰণ হ’লে গেৰঃ এখন দুৰ্ঘটনাগ্ৰস্তজনৰ গাত ঢাকি দিলে ৰক্তক্ষৰণ বন্ধ হৈ বিষ কাটি সুস্থ হয় বুলি মিচিং পৰম্পৰাগত লোকবিশ্বাসত আছে।

(ঙ) পঃতোপ : ‘পঃ তোপ’ মিচিং মহিলাই মূৰত পৰিধান কৰা গামোচাজাতীয় এবিধ বস্ত্ৰ। মিচিং মহিলাই দৈনন্দিন জীৱনত, পথাৰত আদিত কাম কৰোঁতে পঃতোপ মূৰত মেৰিয়াই লয়।

(চ) কোঃপব : ‘কোঃপব’ হৈছে মিচিং চেমনীয়া ছোৱালীয়ে গাত পৰিধান কৰা এবিধ চেলেং চাদৰজাতীয় বস্ত্ৰ। ইয়াক চাদৰৰ দৰে দীঘলকৈ বোৱা হয়।

(ছ) পায়েগ : ‘পায়েগ’ হৈছে মিচিং বিবাহিতা মহিলাই তামোলৰ টোপোলা নিবলৈ ব‍্যৱহাৰ কৰা এবিধ সৰু আকৃতিৰ গামোচা। বৃদ্ধাৱস্থাত মহিলাই পায়েগ লৈ ফুৰাটো একপ্ৰকাৰৰ নিয়ম আছিল।

(৩) পুৰুষ আৰু মহিলা উভয়ে ব‍্যৱহাৰ কৰা বস্ত্ৰ বা সাজ :

মিচিং পুৰুষ-মহিলা উভয়ে ব‍্যৱহাৰ কৰা আপুৰুগীয়া বস্ত্ৰবিধ হৈছে – গাদুক। ই অসমীয়াত ‘মিৰিজিম’ নামে খ‍্যাত। গাদুক কপাহৰ সূতাৰে প্ৰতি সূতাৰ মাজত আঁহ লগাই বোৱা হয়। গাদুক জাৰকালি কম্বলৰ দৰে ব‍্যৱহাৰ কৰিব পাৰে। তাৰোপৰি ৰি:বি, গাচৌং, তাপুম গাচৰ, য়াম্ব আদি মিচিং পুৰুষ-মহিলা উভয়ৰেই কম-বেছি পৰিমাণে ব‍্যৱহাৰ কৰা দেখা যায়।

ৰাভা জনজাতিৰ সাজপাৰ

ৰিফান, কামবুং, থপ্ৰং, তৌগু, পাজাল, লুফুন, পৗগৌ, খচনে, ছেংকানেন, পাসাৰ আলন।

তিৱা জনজাতিৰ সাজপাৰ

কাছং ( মেখেলাজাতীয় ), ফাচকাই, টাগলা, ফালি ( এবিধ গামোচা ), জচকাই ( মহিলাৰ বুকুত পিন্ধা কাপোৰ )।

ডিমাচা জনজাতিৰ সাজপাৰ

বিসা ( গামোচা ), ৰিগু ( মেখেলা ), ৰিজামপাই, ৰিথাউছা ( উৰণা ), ৰিমচাৰ্ড ( চাদৰ )।

খাচী জনজাতিৰ সাজপাৰ 

কা - জামিয়েন, কা-জেইনজেম্, কা-জেইনকুপ, কা - টাপ্ মখ্লি।

ফাকিয়ালৰ সাজপাৰ

চিন্ ( মেখেলাৰ দৰে ), নাংবাৎ ( চাদৰৰ দৰে )।

কাৰ্বিৰ সাজপাৰ 

ৰিকং ( লেংটি ), ছাতৰ ( চুৰিয়া ), পহ ' ( পাগুৰি ), চই ( চুটি হাতৰ চোলা ), জি ( চাদৰ ), পীবা ( কেঁচুৱা লোৱা কাপোৰ ), পীবান ( মেঠনি ), ৱানক ( পেটি ), পিনি কামফ্লাক ( ক’লা মেখেলা ), পেক ( চাদৰৰ দৰে )।

নক্টে জনজাতিৰ সাজপাৰ( নগা )

জেং চমৰ চোলা।

মিজোৰ সাজপাৰ 

পুৱান ( পাতলি )।

মণিপুৰীৰ সাজপাৰ

ফানেক্।

টাইৰ সাজপাৰ

ছিন্, চুৎ, ফা - মাই, ছাইকাল, লংবা, ফালৰ। আৰু চেংলেঙ , ৰিহা , মুগা মেখেলা।

হাজং জনজাতিৰ সাজপাৰ

ৰাঙা পাটিন ( তিৰোতাৰ ), ভেঝা নেংটি ( পুৰুষৰ ), আগৰুণ ( ফুলাম চাদৰ ), কানপেছ।

খামটি জনজাতিৰ সাজপাৰ 

পাটছো

( টীৰাপ সীমান্তৰ ) টাংছা জনজাতিৰ সাজপাৰ 

খুফাক্ ( মূৰত বন্ধা ) খোছা।

বড়ো কছাৰীৰ সাজপাৰ 

দখ্না, আন্নাই।

আবৰৰ সাজপাৰ

 উগন্।

Tags:

অসমৰ পৰম্পৰাগত সাজ-পাৰ মেখেলাঅসমৰ পৰম্পৰাগত সাজ-পাৰ ৰিহাঅসমৰ পৰম্পৰাগত সাজ-পাৰ চাদৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ পাগুৰীঅসমৰ পৰম্পৰাগত সাজ-পাৰ চোলাঅসমৰ পৰম্পৰাগত সাজ-পাৰ চেলেং অসমৰ পৰম্পৰাগত সাজ-পাৰ মিছিং জনজাতিৰ সাজ পাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ ৰাভা জনজাতিৰ সাজপাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ তিৱা জনজাতিৰ সাজপাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ ডিমাচা জনজাতিৰ সাজপাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ খাচী জনজাতিৰ সাজপাৰ অসমৰ পৰম্পৰাগত সাজ-পাৰ ফাকিয়ালৰ সাজপাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ কাৰ্বিৰ সাজপাৰ অসমৰ পৰম্পৰাগত সাজ-পাৰ নক্টে জনজাতিৰ সাজপাৰ( নগা )অসমৰ পৰম্পৰাগত সাজ-পাৰ মিজোৰ সাজপাৰ অসমৰ পৰম্পৰাগত সাজ-পাৰ মণিপুৰীৰ সাজপাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ টাইৰ সাজপাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ হাজং জনজাতিৰ সাজপাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ খামটি জনজাতিৰ সাজপাৰ অসমৰ পৰম্পৰাগত সাজ-পাৰ ( টীৰাপ সীমান্তৰ ) টাংছা জনজাতিৰ সাজপাৰ অসমৰ পৰম্পৰাগত সাজ-পাৰ বড়ো কছাৰীৰ সাজপাৰ অসমৰ পৰম্পৰাগত সাজ-পাৰ আবৰৰ সাজপাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰ

🔥 Trending searches on Wiki অসমীয়া:

মোগল সাম্ৰাজ্যসৰস্বতী পূজাপুৰন্দৰ সিংহঅসমীয়া কবিতাসোণোৱাল কছাৰীসন্ধিজল প্ৰদূষণজোৰোণপাতভাৰত-ইউৰোপীয় ভাষা পৰিয়ালযৌন সংক্ৰামক ৰোগভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবহুমূত্ৰ ৰোগঅসমত মহাত্মাআমএলুমিনিয়ামঅসমীয়া উপন্যাসগোলকীয় উষ্ণতা বৃদ্ধিকীৰ্তন-ঘোষাৰাৱণতেজমুদ্ৰাএলবাৰ্ট আইনষ্টাইনকিতাপকোচ ৰাজবংশজৈৱ বৈচিত্ৰ্যবিহুগীতস্বামী বিবেকানন্দঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতগুৰু আসনচি এছ এছসাধুকথাকৰম পূজাএণ্ড্ৰইডঅলিম্পিকবিজ্ঞানযোগাসনপাঠ পৰিকল্পনাকামৰূপ ৰাজ্যগদ্যআহোম ৰাজবংশৰাজনৈতিক দলগোলকীকৰণবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসীমত যাৰ হেৰাল সীমাকামৰূপ জিলাকেওঁট জনগোষ্ঠীকাল সংহতিপোহৰসত্যেন্দ্ৰনাথ শৰ্মানাহৰৰ গীতপ্ৰাকৃতিক পৰিৱেশলাচিত বৰফুকনকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলনাৰী সবলীকৰণছনেটফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কানুৰ জাহান (মোগল সম্ৰাজ্ঞী)কৰ্কট ক্ৰান্তিনীলমণি ফুকন (কনিষ্ঠ)শাল গছৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসঅভিধানউমাকান্ত শৰ্মানগাঁও (লোকসভা সমষ্টি)খেৰাইমাইলছ ব্ৰনছনভঠেলিশুৱালকুছিশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯হিমবাহআলেকজেণ্ডাৰ গ্ৰাহাম বে'ল🡆 More