অসমৰ পুৰণি স্থাপত্য বুলিলে পুৰণি কালত নিৰ্মাণ কৰা মঠ-মন্দিৰসমূহৰ কথা বুজোৱা হয়। মঠ -মন্দিৰসমূহৰ লগতে বিভিন্ন ৰজাঘৰীয়া প্ৰাসাদ-দূৰ্গ আদিয়েও পুৰণি অসমৰ স্থাপত্য নিদৰ্শন দাঙি ধৰে। সেই বিভিন্ন মঠ-মন্দিৰ তথা প্ৰাসাদ-দূৰ্গ আদিৰ গাত খোদিত কৰা বিভিন্ন মূৰ্ত্তি নক্সা আদিয়ে পুৰণি অসমৰ ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। এইবোৰৰ উপৰি বিভিন্ন শিলালেখবোৰতো বিভিন্ন ভাস্কৰ্য নিদৰ্শন পোৱা যায়। এই স্থাপত্য সমূহৰ ইতিহাস গুপ্তযুগৰ পৰা আছে। গুপ্তযুগৰ পৰা আহোম ৰাজত্বৰ আৰম্ভণিলৈকে অসমৰ স্থাপত্য কলাৰ মধ্যযুগ। এই সময়ত অসমৰ বিভিন্ন ঠাইত মঠ-মন্দিৰৰ লগতে প্ৰাসাদ, দুৰ্গ আদি নিৰ্মাণ কৰা হৈছিল। বৰ্তমান এইবোৰৰ বেছিভাগেই ভগ্নাৱশেষ অৱস্থাত সিঁচৰতি হৈ আছে।
অসমত মন্দিৰ নিৰ্মাণৰ ইতিহাস বহু পুৰণি। পুৰণি ভাৰতবৰ্ষত শিৱ, বিষ্ণু, সূৰ্য আদি দেৱতা সকলৰ নামত মন্দিৰ সাজি উছৰ্গা কৰাৰ পৰম্পৰা আছিল। পুৰণি কামৰূপ ৰাজ্যতো এনে মন্দিৰ সজাৰ উল্লেখ মাৰ্কণ্ডেয় পুৰাণত পোৱা গৈছে। চীনা পব্ৰিাজক হিউৱেনচাঙৰ টোকাতো কামৰূপত এনে দেৱ-দেৱীৰ মন্দিৰ থকা বুলি উল্লেখ আছে। সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপিত থকা মতে এই অঞ্চলত এটা মন্দিত মূৰ্ত্তি প্ৰতিষ্ঠা হৈছিল। একেদৰে বনমাল দেৱৰ তেজপুৰ তাম্ৰশাসনতো শিৱ মন্দিৰৰ উল্লেখ পোৱা গৈছে। ৰত্ন পালৰ গুৱাহাটী তাম্ৰশাসনতো বগাৰঙ সনা গম্বুজৰ নিচিনা শিখৰ থকা মন্দিৰত শিৱৰ মূৰ্ত্তি স্থাপন কৰা বুলি উল্লেখ আছে। মন্দিৰৰ উপৰি ৰজা সকলে সজোৱা প্ৰাসাদ, দুৰ্গ আদিও এই শিলালিপি বোৰত উল্লেখ আছে। অসমত আহোম ৰাজত্ব আৰম্ভ হোৱাৰ আগতেও অৰ্থাৎ প্ৰাক্ আহোম যুগতে যথেষ্ট সংখ্যক মঠ-মন্দিৰ আৰু অন্যান্য ৰাজকীয় স্থাপত্য নিৰ্মাণ হৈছিল। কিন্তু এই স্থাপত্যসমূহ ভালেমান কাৰণত ধ্বংসপ্ৰাপ্ত হৈছিল। যেনেঃ প্ৰাকৃতিক দুৰ্যোগ আৰু বহিঃশত্ৰুৰ আক্ৰমণ। প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত বিশেষকৈ ভূমিকম্প, বানপানী, ধুমুহা আদি উল্লেখযোগ্য। ইয়াৰোপৰি বাহিৰৰ শত্ৰুবিলাকে ৰাজ্যজয় কৰিবলৈ আহিও ধৰ্মীয় গোড়ামিৰ হিন্দুৰ মঠ মন্দিৰবোৰ ধ্বংসকৰাৰ তথ্য বুৰঞ্জীত পোৱা যায়। বৰ্তমান প্ৰত্নতত্ত্বৰ গৱেষণাৰে মন্দিৰৰ ভেটিৰ নক্সা, শিখৰৰ নক্সা, মন্দিৰৰ অঙ্গ, শিখৰ, শিৰপট্টীসমূহত খোদিত নক্সা আদি উদ্ধাৰ কৰি এইবোৰৰ বিষয়ে যথেষ্টখিনি অধ্যয়ন কৰিব পৰা গৈছে। এই অধ্যয়নেই প্ৰমাণ কৰিছে যে, গুপ্তযুগৰ পৰা আহোম ৰাজত্বকালৰ আৰম্ভণিলৈ অৰ্থাৎ মধ্যযুগৰ (চতুৰ্থ শতাব্দীৰ পৰা ত্ৰয়োদশ শতাব্দীলৈ) মন্দিৰৰ স্থাপত্য-ভাস্কৰ্যসমূহ উত্তৰ ভাৰতৰ স্থাপত্য আৰু ভাস্কৰ্যকলাশৈলীৰ সৈতে ওচৰ সম্পৰ্কীয়।
দ পৰ্বতীয়াৰ স্থাপত্য(তেজপুৰ): অসমত প্ৰত্নতত্ত্বই উদ্বাৰ কৰা মন্দিৰ স্থাপত্যৰ আটাইতকৈ পুৰণি নিদৰ্শন হ'ল তেজপুৰৰ দ পৰ্বতীয়াৰ স্থাপত্য। ইয়াত প্ৰধানকৈ মন্দিৰৰ তোৰণখন অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে। এই তোৰণখন গুপ্ত স্থাপত্যৰ। এই তোৰণখন ইটাৰে নিৰ্মিত আৰু ইয়াক মন্দিৰটোত লগোৱা হৈছিল। মন্দিৰটোৰ ভেটিটোও খনন কাৰ্যত উদ্ধাৰ হোৱা। তোৰণ খনৰ দুকাষে দুটা দ্বাৰ আৰু ওপৰত এটা শিৰপট্টী আছে। দ্বাৰ শাখাদুটাৰ তলৰ ভাগত সহচৰীৰ সৈতে ক্ৰমে গঙ্গা আৰু যমুনাৰ মূৰ্তি দুটাই হাতত ফুলৰমালা লৈ নৃত্যভঙ্গীত থিয় হৈ আছে। গঙ্গা আৰু যমুনাৰ মূৰৰ পিছফালে ঘূৰণীয়াকৈ প্ৰভামণ্ডলী আছে। এই প্ৰভামণ্ডলীক ঐশ্বৰিক গুণৰ প্ৰতীক বুলি ধৰা হয়। কাষত দুটা ৰাজহাঁহ উৰি থকা ভঙ্গীমাত আছে। শিৰপট্টীত আঁঠু লৈ থকা নাগ-নাগিনীৰ মূৰ্তি, লতা, পাত, ফুল ইত্যাদি আছে। লগতে পাঁচটা চন্দ্ৰশালা আৰু এই চন্দ্ৰশালা বোৰত দেৱতাৰ মূৰ্তি আছে। সোঁমাজৰ চন্দ্ৰশালাত শিৱৰ লকুলিশ অৱতাৰ, বাওঁ আৰু সোঁ ফালৰ দুটাত ক্ৰমে গণ আৰু সূৰ্যৰ মূৰ্তি আৰু আন দুটাত কিন্নৰ আৰু সুপৰ্ণৰ মূৰ্তি আছে। এই ভাস্কৰ্য সমূহ খৃষ্টীয় পঞ্চম আৰু ষষ্ঠ শতিকাত বিকাশ হোৱা পাটলিপুত্ৰ আৰু বাৰণসীৰ ভাস্কৰ্যৰ সৈতে মিল আছে। খৃষ্টীয় পঞ্চম আৰু ষষ্ঠ শতিকাত ভাস্কৰ বৰ্মাৰ কোনোবা উপৰি পুৰুষে নিৰ্মাণ কৰা বুলি অনুমান কৰা হয়। এই মন্দিৰটো গুপ্তযুগৰ ইটাৰে নিৰ্মিত মন্দিৰ সমূহৰ ভিতৰত প্ৰাচীনতম।
বামুণী পাহাৰ(তেজপুৰ): তেজপুৰৰ দক্ষিণ-পূব কোণত থকা বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত পাহাৰটোৱেই বামুণী পাহাৰ। এই পাহাৰত উদ্ধাৰ হোৱা স্থাপত্য সমূহ অষ্টম-নৱম শতিকাৰ। এই পাহাৰত ফুল কটা অসংখ্য সুন্দৰ আকৃতিৰ শিলাখণ্ড দেখিবলৈ পোৱা যায় এই সমূহৰ ভিতৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ দুয়োকাষে বিভিন্ন প্ৰকাৰৰ গছ-লতিকা। নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি, গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নান্দীমুখ আদিয়ে প্ৰধান। বামুণী পাহাৰ, তাৰ ওচৰতে থকা লুথেৰান চাৰ্চত থকা টিলাটো আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে সাতটা মন্দিৰ আছিল বুলি জনা যায়। এই সাতোটা মন্দিৰৰ ভিতৰত এটা মন্দিৰ সৰ্ববৃহৎ আকাৰৰ আছিল বুলি অনুমান কৰা হয়।
কাছাৰী মৈদামৰ ভাস্কৰ্য(তেজপুৰ): অসমৰ আটাইতকৈ উচ্চতম মন্দিৰটো তেজপুৰৰ কাছাৰী মৈদামতে অৱস্থিত আছিল বুলি প্ৰত্নতত্ত্ববিদসকলে অনুমান কৰিছে। এই অনুমান মতে দুৱাৰৰ ওপৰত দহফুট তিনি ইঞ্চি দীঘল আৰু এফুট আঠ ইঞ্চি বহল চতি এডালৰ পৰা আৰু তলৰ দুৱাৰ দলিডালৰ পৰা দুৱাৰখন অতিকমেও পোন্ধৰফুট ওখ আৰু সেই মতে মাটিৰপৰা শিখৰলৈকে মন্দিৰৰ উচ্চতা কমেও এশফুট আছিল। এইটো সূৰ্য্য দেৱতাৰ মন্দিৰ আছিল বুলি থিৰাং কৰা হৈছে। মন্দিৰটোৰ নিৰ্মাণ কাল আনুমানিকভাৱে নৱমশতিকা। এই মন্দিৰৰ ভগ্নাৱশেষত অলেখ ভাস্কৰ্য নিদৰ্শন আৱিষ্কৃত হৈছে। ইয়াত খোদাই কৰা ফুল জালিৰ লগত ওড়িশাৰ ভাস্কৰ্যকলাৰ মিল আছে।
মদন কামদেৱ দেৱালয়(গুৱাহাটী): মদন কামদেৱ দেৱালয়ত উদ্ধাৰ হোৱা ভাস্কৰ্য সমূহ দশম-একাদশ শতিকাৰ (৯৯০ খৃঃ)। এই স্থানত পোন্ধৰটা মন্দিৰৰ ভেটি উদ্ধাৰ হৈছে। এই মন্দিৰৰ বেৰত অসংখ্য মৈথুনৰত নৰ-নাৰীৰ মূৰ্তি খোদিত আছে। মন্দিৰটোৰ গৰ্ভগৃহত উমা মহেশ্বৰৰ মূৰ্তি অক্ষত অৱস্থাত আছে। শিলত খোদিত স্থাপত্য সমূহৰ উপৰিও এই মন্দিৰত পোৰামাটিৰ ভাস্কৰ্যও উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা বিভিন্ন ভাস্কৰ্য সমূহ হৈছে- যুদ্ধৰত সিংহ, সঙ্গমৰত পশু, স্বল্পবসনা নাৰী, বৃষভ, যোনীমণ্ডল, শিৱলিঙ্গ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তিয়ে প্ৰধান। ইয়াৰ নিৰ্মাণ কাৰ্যত মাত্ৰ শিল ব্যৱহাৰ হৈছিল। অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে ১৯৭৭ আৰু ১৯৮২ চনত দুবাৰকৈ খনন কাৰ্য কৰি এই ভাস্কৰ্য সমূহ উদ্ধাৰ কৰিছে। বিভিন আসনবিশিষ্ট শৃংগাৰ ৰসপ্ৰধান মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ খাজুৰাহো আখ্যা দিয়া হৈছে।
শুক্ৰেশ্বৰ পাহাৰৰ স্থাপত্য(গুৱাহাটী): গুৱাহাটীৰ শুক্ৰেশ্বৰ পাহাৰৰ জনাৰ্দন আৰু শিখৰ মন্দিৰ প্ৰাক্ আহোমযুগৰ মন্দিৰ স্থাপত্যৰ নতুন সংস্কাৰ। ইয়াত উদ্ধাৰ হোৱা ভাস্কৰ্য সমূহৰ ভিতৰত পদ্মাসন কৰি থকা প্ৰকাণ্ড বুদ্ধ মূৰ্তি, একেটা শিলত কটা সূৰ্য, গণেশ, দুৰ্গা আদিৰ মূৰ্তি আদিয়ে প্ৰধান।
উত্তৰ গুৱাহাটীৰ বিষ্ণু মূৰ্তি:
আমবাৰীৰ তেৰাকটা(গুৱাহাটী):
নগাঁও জিলাৰ স্থাপত্য:
শিলঘাটৰ কামাখ্যা মন্দিৰ(নগাঁও):
শিৱসাগৰ জিলাৰ স্থাপত্য: শিৱসাগৰ জিলাৰ স্থাপত্য বুলিলে আহোম যুগৰ স্থাপত্য সমূহৰ কথাকে বুজোৱা হয়।
তলাতল ঘৰ:তলাতল ঘৰটো শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো অসমৰ আহোম স্থাপত্যকলাৰ এক অপৰূপ আৰু আশ্চৰ্যকৰ নিদৰ্শন। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত মহলটোৰ বহুখিনি সালসলনি কৰা হয় আৰু ইয়াৰ আকৃতি অনিয়মিত হৈ পৰে। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল।
পূবৰ পৰা পশ্চিমলৈ দীঘলীয়া কৰিড'ৰ থকা কেইবাটাও কোঠালী আছে আৰু উত্তৰৰ পৰা দক্ষিণলৈ কেইবাটাও সৰু লানি আছে। প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে। তলৰ মহলটো আস্তাবল, ভঁৰাল আৰু লগুৱাৰ কোঠা হিচাপে ব্যৱহৃত হৈছিল। ৰাজকীয় কোঠালীবোৰ ওপৰৰ মহলাত আছিল। উত্তৰফালৰ ফালৰ লানিৰ আঠকোণীয়া 'পূজা ঘৰ'ৰ ওচৰত থকা ৰাজকীয় কোঠাকেইটাৰ বাহিৰে আনবোৰ বৰ্তমান দেখা নাযায়। দক্ষিণফালে থকা অকলশৰীয়া কোঠাটো ৰানীয়ে ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হয়।
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰসাদটোত মাটিৰ তলত তলাতল ঘৰ নামৰ তিনিটা মহল যোগ দিয়ে। এইকেইটা ইটা আৰু এবিধ থলুৱা চিমেণ্টেৰে সজা হৈছিল। ইয়াৰ স্থাপত্যৰ সমসাময়িক মোগলসকলৰ মিল আছে। লগত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনৰ আন চাৰিটা মহল কাঠেৰে নিৰ্মিত আছিল যিবোৰ সম্পূৰ্ণভাৱে ধ্বংস হয়। তলাতল ঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগই তলাতল ঘৰক গড়গাঁৱৰ কাৰেং ঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবেএইকেইটা নিৰ্মাণ কৰা হৈছিল। তলাতল ঘৰৰ চাৰিওফালে ইটাৰ দেৱাল আৰু পানীৰে আৱৰি থকা মাটিৰ গড় আছিল। প্ৰসাদটোৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ জমা ৰখা 'খাৰ ঘ'ৰ এটা আছে।
কাৰেংঘৰ বা কা-ৰৌণ আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে এটা দ খাৱৈ আছে। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত। আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হোলোং বুলি কোৱা হৈছিল। মিৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ'ল, "ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটূৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ'ল গড়গাঁৱৰ কাৰেং ঘৰ। "
ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। ৰংঘৰৰ নিৰ্মাণ-শৈলীত ইচলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ৰংঘৰৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, এটা ওভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত ঘৰীয়াল মুখৰ আকৃতিৰ নাওৰে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰ মিশ্ৰণ ব্যৱহাৰ কৰা হৈছিল।
অসমত উদ্ধাৰ হোৱা প্ৰাচীন মন্দিৰ স্থাপত্যৰ নক্সা সমূহ ধৰণ সমূহৰ ভিতৰত-
ক) তোৰণ: এই তোৰণ সমূহমূল মন্দিৰৰ পৰা কিছু আঁতৰত মন্দিৰলৈ সোমোৱা পথত নিৰ্মাণ কৰা হয়।
খ) মুখ্য দুৱাৰ: মন্দিৰৰ প্ৰৱেশদ্বাৰ। এই প্ৰবেশ দ্বাৰত দুটা দ্বাৰ শাখাৰ সৈতে ওপৰত শিৰট্টী থাকে। দ পৰ্বতীয়া মন্দিৰৰ এনে মুখ্য দ্বাৰ উদ্ধাৰ হৈছে।
গ) মণ্ডপ বা নাটমন্দিৰ: মন্দিৰৰ ভিতৰত সমবেত হোৱা কক্ষ।
ঘ) অন্তৰাল বা প্ৰৱেশ কক্ষ: মণ্ডপৰ পৰা গৰ্ভগৃহলৈ সোমোৱা পথ বা কক্ষ।
ঙ) গৰ্ভগৃহ বা মণিকূট: অসমত উদ্ধাৰ হোৱা মন্দিৰৰ ভেটিসমূহত পূৰ্ণাঙ্গ মন্দিৰতকৈ মঠৰ সংখ্যা বেচি। মঠসমূহত অকল মাথোন গৰ্ভগৃহ বা মণিকূট আৰু গৰ্ভগৃহৰ সমুখত অন্তৰাল থাকে। তদুপৰি তেনে মঠবোৰত কেৱল এজন দেৱতাৰহে মূৰ্তি থাকে।
This article uses material from the Wikipedia অসমীয়া article অসমৰ পুৰণি স্থাপত্য, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.