মণিপুৰী আই গোসাঁনী থান

মণিপুৰী আই গোসাঁনী থানখন দুটা শাখাত অৱস্থিত। তাৰে প্ৰাচীন শাখাটো,ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দেওবাৰী বাণ গাঁৱত অৱস্থিত। দ্বিতীয় শাখাটো, ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তৰ বৰহমথুৰিয়নী গাঁৱত ‍(ঘিলামৰা অঞ্চলৰ সমীপত) অৱস্থিত।

মণিপুৰী আই গোসাঁনী থান
মণিপুৰী থান
—  মন্দিৰ  —
মণিপুৰী আই গোসাঁনী থান.jpg
ভৌগোলিক স্থানাংক: 27°20′24″N 94°25′23″E / 27.34°N 94.423°E / 27.34; 94.423
দেশ মণিপুৰী আই গোসাঁনী থান ভাৰত
ৰাজ্য অসম
জিলা ধেমাজি
অঞ্চল বৰদলনিৰ দেওবাৰী বাণ গাঁও আৰু লখিমপুৰ জিলাঘিলামৰাৰ ওচৰৰ বৰহমথুৰিয়নী গাঁও (ধেমাজি জিলাৰ অন্তৰ্গত)
মন্দিৰৰ সংখ্যা দুটা স্থানত দুখন থান
উপাসনা পন্থা শাক্ত

ইতিহাস

এই শক্তি পীঠ বৰদলনিৰ দেওবাৰী বাণ গাৱঁত কমতা-ভূঞাসকলৰ দিনত ১৩-১৪ শতিকামানত স্থাপিত হৈছিল।

কিংবদন্তি

স্থানীয় কিংবদন্তি মতে ইয়াত সতীৰ ডিঙিৰ মণিধাৰ পৰিছিল। পিছে ঐতিহাসিক ড° নিত্যানন্দ গগৈৰ মতে, মধ্যযুগত মণিপুৰ অঞ্চলৰ (বৰ্তমান বৰদলনিক কেন্দ্ৰ কৰি ধেমাজি-ঘিলামৰাৰ একাংশ) ৰাইজৰ বাবে এই থানেই অধিষ্ঠাত্ৰী দেৱীপীঠ স্বৰূপা হিচাপে পৰিগণিত হোৱাত মণিপুৰীয়া থান নামেৰে প্ৰসিদ্ধ হয়।

দুটা শাখা

  • বৰদলনি শাখা

এই শক্তি পীঠ প্ৰথমতে, বৰদলনিৰ দেওবাৰী বাণ গাৱঁত কমতা-ভূঞাসকলৰ দিনত ১৩-১৪ শতিকামানত স্থাপিত হৈছিল। বৰ্তমান পুৰুষৰ অৱজ্ঞাৰ বাবে বৰদলনিত থকা পুৰণি থানখনৰ নাম বদলাই ‘পদুমণি থান’ নামেৰে অভিহিত কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে।

মণিপুৰী আই গোসাঁনী থান 
লখিমপুৰ জিলাৰ প্ৰান্তৱৰ্তী বৰহমথুৰিয়নী গাঁৱত ‍(ঘিলামৰা অঞ্চলৰ সমীপ)ৰ শাখাটোৰ সন্মুখভাগৰ ফটো

১৯৫১ চন মানত ঘিলামৰাৰ ৰাইজে তাৰ একাংশ একে নামেৰেই ঘিলামৰা অঞ্চলৰ উত্তৰ প্ৰান্তৰ বৰহমথুৰি গাঁৱত এই থানখন স্থাপন কৰে। এই থানত বৰ্তমান কলীয়া শিলৰ দেৱী মূৰ্ত্তি এটা আছে। বছৰটোৰ বেছিভাগ সময়তে স্থানীয় মʼহমৰা দিঘলী, বৰহমথুৰিয়নী, খলিহামাৰী, পেহীয়তী, মইনাপৰা আদি গাঁৱৰ ৰাইজে বিভিন্ন ধৰ্মীয় অনুষ্ঠান পালন কৰি আহিেছ। তাৰ ভিতৰত ভাওনা, দুৰ্গা পূজা আদি। এই থানথনত দুৰ্গা পূজা ডাঙৰকৈ আয়োজন কৰা হয়। ১৯৯৭ চনৰপৰা এই দুৰ্গা পূজা পালনৰ আৰম্ভণি হৈছিল। কলীয়া শিলৰ দেৱী মূৰ্ত্তিকে কেন্দ্ৰ কৰি পূজাখন অনুষ্ঠিত হয়। গতিকে ইয়াত অস্থায়ী প্ৰতিমাৰ ব্যৱহাৰ নহয়। ইয়াৰ কাষতে একেটা চৌহদত এটা শিৱ মন্দিৰো আছে ।

মণিপুৰী আই গোসাঁনী থান 
ঘিলামৰা অঞ্চলৰ উত্তৰ প্ৰান্তৰ বৰহমথুৰিয়নী গাঁৱৰ মণিপুৰী থানত থকা শিৱ মন্দিৰৰ ফটো

তথ্যসংগ্ৰহ

Tags:

মণিপুৰী আই গোসাঁনী থান ইতিহাসমণিপুৰী আই গোসাঁনী থান কিংবদন্তিমণিপুৰী আই গোসাঁনী থান দুটা শাখামণিপুৰী আই গোসাঁনী থান তথ্যসংগ্ৰহমণিপুৰী আই গোসাঁনী থানঘিলামৰাধেমাজি জিলালখিমপুৰ জিলা

🔥 Trending searches on Wiki অসমীয়া:

যৌতুকআহোম-মোগলৰ সংঘৰ্ষঅশোকৰ অনুশাসনউদাৰনৈতিকতাবাদপ্ৰদূষণঅসমৰ ইতিহাসঅসম দিৱসমনতোলনি বিয়াসাঁচিগছভাৰতীয় জাতীয় কংগ্ৰেছঅসমীয়া খাদ্যাভ্যাসভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাবায়ু প্ৰদূষণভূপেন হাজৰিকাযোগাসনবিহু নৃত্যৰাজেন্দ্ৰ প্ৰসাদমহাযানবাজেটলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীস্বাস্থ্যদেওপাহাৰস্বৰ্গফৰাচী বিপ্লৱদুৰ্গাবৰ কায়স্থবৃত্তদশম স্কন্ধৰ আদিছোৱাবীৰবললীলা গগৈভাষাবিজ্ঞানভৰবেগঅশোকাষ্টমীচলচ্চিত্ৰফুলমোধেশ্বৰী মাতাচানডুবি বিলজয়মতী কুঁৱৰী (নাটক)ঁ (চন্দ্ৰবিন্দু)ফণী শৰ্মাৰোজাপাঁচালীচ্যু-কা-ফাদক্ষিণপাট সত্ৰবড়ো জনগোষ্ঠীকেঁচুচীনা সাম্যবাদী বিপ্লৱঅৰবিন্দ ৰাজখোৱা (লেখক)ৰম্বাছচীনদৰিদ্ৰতাহোমেন বৰগোহাঞিভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধানআল্লাহপানীমণিৰাম দেৱানউৎসেচকজয়মতী (২০০৬ চলচ্চিত্ৰ)বিৰিঞ্চি কুমাৰ বৰুৱাবেলিমাৰ (নাটক)অসমৰ লোকবাদ্যইউক্লিডচ'তৰুবুল মাউতঅসমীয়া গালি-গালাজভিয়েটনামভাৰতৰ উচ্চতম ন্যায়ালয়যোৰহাট জিলাহেম সৰস্বতীঅসমৰ পৰম্পৰাগত সাজ- পাৰনিউটনৰ গতিৰ সূত্ৰমাটিমুহাম্মাদসাঁচিপাতৰ পুথি (উপন্যাস)বৰাইল পৰ্বতগণৰাজ্য দিৱস (ভাৰত)শ্ৰী সূৰ্য পাহাৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা🡆 More