চ্যু-ণেণ-ফা

চাওফা চ্যু-ণেণ-ফা বা প্ৰমত্তসিংহ (ৰাজত্বকাল ১৭৪৪–১৭৫১) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ। তেওঁৰ ভাতৃ শিৱ সিংহৰ মৃত্যুৰ পিছত প্ৰমত্ত সিংহ নাম লৈ আহোম ৰাজপাটত উঠে। স্বৰ্গদেউ প্ৰমত্তসিংহ এগৰাকী দয়ালু ৰজা আছিল। তেওঁ ৰাজত্ব কৰা সময়ত অসমৰ দিনবোৰ বৰ সুখেৰে অতিবাহিত হৈছিল। ১৭৪৫ চনত এওঁ পুনৰায় জমিৰ জৰীপ কৰায় আৰু মানুহৰ পিয়ল কৰায়। ৰজাৰ কাৰেংঘৰ এওঁ পকী কৰে। ১৭৪৬ চনত প্ৰমত্ত সিংহই ৰংপুৰত ৰংঘৰ নিৰ্মাণ কৰে। এই ৰংঘৰৰ সন্মুখৰ বহল পথাৰত বিহু-নাচ, ম’হ-যুঁজ, হাতী-যুঁজ আদি নানা ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰা হৈছিল। ৰজা আৰু ডা-ডাঙৰীয়া সকলে ৰংঘৰৰ ওপৰৰ পৰা সেই ধেমালি উপভোগ কৰিছিল।

চাওফা চ্যু-ণেণ-ফা
চাওফা
অসমৰ ৰজা
১৭৪৪–১৭৫১
সম্পূৰ্ণ নাম
চাওফা চ্যু-ণেণ-ফা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম হিন্দু ধৰ্ম
চ্যু-ণেণ-ফা
ৰংঘৰ
চ্যু-ণেণ-ফা
প্ৰমত্তসিংহৰ দিনৰ ৰূপৰ মুদ্ৰা

প্ৰমত্ত সিংহই ৰাজত্ব কালত বিভিন্ন দৌল আৰু অট্টালিকা নিৰ্মাণ কৰিছিল। গুৱাহাটীশুক্লেশ্বৰ দেৱালয় আৰু উত্তৰ গুৱাহাটীত ৰুদ্ৰেশ্বৰ দেৱালয় এইজন ৰজাই নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ ৰাজত্বকালত হাজোত এটা গণেশ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৭৫১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্তসিংহৰ মৃত্যু হয়।

লগতে চাওক


তথ্য সংগ্ৰহ

  • Baruah, S L (1993), Last Days of Ahom Monarchy: A History from 1769 to 1826, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi.

Tags:

চাওফাশিৱ সিংহৰংঘৰৰুদ্ৰসিংহ

🔥 Trending searches on Wiki অসমীয়া:

হেমচন্দ্ৰ বৰুৱাব্ৰহ্মপুত্ৰ নদৰংবং তেৰাংমহাভাৰতভূগোলবেটুপাতচৰ্যাপদভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যআৰবী ভাষাকলাউৰ্দু ভাষাদিল্লীকাঠৰ জোখ মাপমৰাণ জনগোষ্ঠীআহোম ধৰ্মকথা কবিতাঅগ্নিগড়তাল (বাদ্যযন্ত্ৰ)জ্যোতিপ্ৰসাদ আগৰৱালাআগালমাকাঅনুবাদমানৱ শৰীৰভাষাবিজ্ঞানবৰাক নদীঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাউপেন্দ্ৰচন্দ্ৰ লেখাৰুভোলানাথ দাসসমাজতত্ত্বঅসমৰ নদীসমূহৰ তালিকাভাৰত ত্যাগ আন্দোলননাৰীচীনআৰ্যভট্টডিমাছা জনগোষ্ঠীঅষ্ট্ৰেলিয়া (মহাদেশ)নাটোচিতল মাছঅসমৰ চাহ জনগোষ্ঠীনগাঁওগেলিলিঅ’ গেলিলিমৌৰ্য সাম্ৰাজ্যকোচ হাজোআজান পীৰৰ দৰগাহসাঁচিপাতভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগভাৰতত নাৰীবাদভাৰতৰ উচ্চতম ন্যায়ালয়আলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅংগৰাগ মহন্তপ্ৰাকৃতিক পৰিৱেশবিজয় (অভিনেতা)অসমত দেখা চৰাইবোৰপৰিৱেশ অধ্যয়নস্বৰাজসত্ৰীয়া নৃত্যপাণিনিৰংঘৰনাৰী সবলীকৰণলক্ষ্মীধৰ শৰ্মাউমাচল শিলালিপিআন্তৰ্জাতিক শ্ৰমিক দিৱসপৃথিৱীহিন্দু ধৰ্মভাৰতৰ স্বাধীনতা আন্দোলনজেঠআব্দুছ ছাত্তাৰঅসমীয়া গীতি সাহিত্যচৰাইঅৰুন্ধতী দেৱীপ্ৰফুল্ল দত্ত গোস্বামীফেইচবুকঅজামিলৰমন্যাসবাদ🡆 More