ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী

ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী (ইংৰাজী: Culture and menstruation) এক গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই প্ৰক্ৰিয়াটো বহুতো সমাজত কিছু বিশেষ ধাৰণা, গোপনীয়তা আৰু পৌৰাণিক কাহিনীৰ দ্বাৰা পৰিবেষ্টিত হৈ আহিছে। ঋতুস্ৰাৱ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া যি ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে ১১ ৰ পৰা ১৪ৰ বছৰ বয়সৰ ভিতৰত প্ৰথম হয় আৰু ই তেওঁলোকৰ মাজত বয়ঃসন্ধি আৰম্ভ হোৱাৰ এটা সূচক। ঋতুস্ৰাৱক লৈ কৰা কিছুমান সামাজিক আৰু সাংস্কৃতিক দৃষ্টিভঙ্গী এজনী ছোৱালীৰ জীৱনত বহুতো দিশৰ পৰা বাধাৰ সৃষ্টি কৰে। বহুতো ধৰ্মই পৰম্পৰাগতভাৱে ঋতুস্ৰাৱক ৰীতি-নীতিৰে অশুচি বুলি বিবেচনা কৰে যদিও নৃতত্ত্ববিদসকলে কয় যে 'পবিত্ৰ' আৰু 'অশুচি' ধাৰণাবোৰ ঘনিষ্ঠভাৱে সংযোজিত হ'ব পাৰে।

ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী
অষ্ট্ৰেলিয়াখিলঞ্জীয়া নিবাসীসকলৰ শৈল-কলাত দুগৰাকী ৰজস্বলা নৃত্যৰতা নাৰী

ঋতুস্ৰাৱ সম্পৰ্কীয় পৌৰাণিক ধাৰণা

অতীতত ভাৰতীয় সমাজত এই বিষয়টোৰ উল্লেখ বা চৰ্চা নহৈছিল। আধুনিক যোগতো সাংস্কৃতিক আৰু সামাজিক প্ৰভাৱবোৰৰ বাবে বিষয়টোৰ ওপৰত জ্ঞানৰ প্ৰসাৰ হোৱাত বাধা জন্মা দেখা গৈছে। ভাৰতৰ বহু ঠাইত ঋতুস্ৰাৱ এতিয়াও লেতেৰা আৰু অশুদ্ধ বুলি গণ্য কৰা হয়। বহুতো গ্ৰাম্য আৰু অনুন্নত অঞ্চলত ঋতুস্ৰাৱ হোৱা অৱস্থাত মহিলাসকলক স্বাভাৱিক জীৱনত অংশগ্ৰহণ কৰাৰ পৰা নিষিদ্ধ কৰা হয়। ৰান্ধনি শালত প্ৰৱেশ নকৰাটো ঋতুস্ৰাৱৰ সময়ত গ্ৰাম্য মহিলাসকলৰ মাজত মুখ্য প্ৰতিবন্ধকতা। বিশ্বাস কৰা হয় যে ঋতুস্ৰাৱ হোৱা মহিলাসকল অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰ আৰু সেয়েহে তেওঁলোকে প্ৰস্তুত কৰা বা পৰিচালনা কৰা খাদ্য দূষিত হ'ব পাৰে। অৱশ্যে, কোনো বৈজ্ঞানিক পৰীক্ষায়েই এনেবোৰ ধাৰণাৰ প্ৰমাণ দেখোৱাব পৰা নাই।

ভাৰতৰ কিছুমান অংশত, ঋতুস্ৰাৱৰ সময়ত কিছুমান আহাৰৰ প্ৰতিবন্ধকতা অনুসৰণ কৰা দেখা যায় যেনে দৈ, তেঁতেলি, আৰু আচাৰ। লোকবিশ্বাস এয়ে যে এনে খাদ্যে ঋতুস্ৰাৱৰ প্ৰবাহ বৃদ্ধি পাব বা কমি যাব। ভাৰত আৰু আন ঠাইৰ বহুতো অধ্যয়নে প্ৰকাশ কৰিছে যে বহুতো কিশোৰীয়ে বিশ্বাস কৰে যে ঋতুস্ৰাৱৰ সময়ত ব্যায়াম বা শাৰীৰিক কাৰ্যকলাপ কৰিলে প্ৰবাহ বৃদ্ধি হয়, কিন্তু প্ৰকৃততে সঠিক ব্যায়াম আৰু কাৰ্যকলাপে এই লক্ষণসমূহ উপশম কৰাতহে সহায় কৰে। ব্যায়ামে আমাৰ দেহত চেৰোটোনিন নামৰ হৰম'ন এবিধ নিৰ্গত কৰে, যাৰ ফলত আমি মনত আনন্দ অনুভৱ কৰো।

মহিলাৰ জীৱনৰ ওপৰত প্ৰভাৱ

ঋতুস্ৰাৱৰ সম্পৰ্কিয় নিষিদ্ধতাই ছোৱালী আৰু মহিলাৰ মানসিকতা অৱস্থা, জীৱনশৈলী আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে, স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। বহুতো অৰ্থনৈতিকভাৱে অনুন্নত দেশসমূহত বহু সংখ্যক ছোৱালীয়ে ঋতুস্ৰাৱ আৰম্ভ হʼলেই বিদ্যালয়ৰ শিক্ষা এৰিবলগীয়া হয়। এই ক্ষত্ৰত ভাৰতৰ ২৩%তকৈও অধিক ছোৱালী অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, মাহিলী ঋতুস্ৰাৱৰ সময়ত মহিলা শিক্ষকসকলৰ বাবেও বাধাৰ সৃষ্টি হয়। এনেদৰে, মহিলা শিক্ষক আৰু ছোৱালীৰ বাবে বিদ্যালয়বোৰত পৰ্যাপ্ত সুৰক্ষা, বিকল্প আৰু আন্তঃগাঁথনিৰ অভাৱে বহুতো অসুবিধাৰ সৃষ্টি কৰে। ভাৰতৰ ৭৭% তকৈও অধিক ঋতুস্ৰাৱ হোৱা ছোৱালী আৰু মহিলাই অস্বাস্থ্যকৰ পুৰণি কাপোৰ পুনঃপুনঃ ব্যৱহাৰ কৰে। কাপোৰ ব্যৱহাৰ কৰোঁতে পৰিচ্ছন্নতাৰ অভাৱে ৰোগ আৰু সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে। তদুপৰি, বহুত পিছপৰা অঞ্চলত মহিলাই শোষণত সহায় হʼব বুলি ছাই, বাতৰি কাকত, শুকান পাত আদিও ব্যৱহাৰ কৰে। এনেবোৰ অসুৰক্ষিত অভ্যাসে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে। সীমিত জ্ঞান আৰু সজাগতাৰ অভাৱে ঋতুস্ৰাৱৰ সামাজিক নিষিদ্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰত্যাহ্বানটো আৰু অধিক জটিল কৰি তুলিছে।

অৱশ্যে কিছুমান সমাজত, মহিলাসকলে ঋতুস্ৰাৱৰ ৰীতি-নীতিবোৰ সুৰক্ষামূলক আৰু শক্তিশালী হিচাপে বিবেচনা কৰে কিয়নো এই সময়ত পুৰুষৰ দৃষ্টি, অবাঞ্ছিত যৌন সম্ভোগৰ দাবী বা ঘৰুৱা কামকাজৰ পৰা তেওঁলোকে কিছু ৰেহাই পায় বুলি ভাবে।

প্ৰতিৰোধমূলক ব্যৱস্থা

কম ব্যয়ৰ চেনিটাৰী নেপকিন বা চেনিটেৰী পেড স্থানীয়ভাৱে তৈয়াৰ কৰিব পাৰি আৰু বিশেষকৈ গ্ৰাম্য আৰু বস্তি অঞ্চলত বিতৰণ কৰিব পাৰি। ভাৰত চৰকাৰে ২০১০ চনৰ পৰা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ অধীনত গ্ৰাম্য অঞ্চলত কম ব্যয়ৰ চেনিটাৰী নেপকিন বিতৰণ কৰি ১.৫ কোটি কিশোৰীসকলৰ বাবে ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা উন্নত কৰাৰ বাবে এটা আঁচনি অনুমোদন কৰিছে। তথাপিও আঁচনিখন পাইলট পৰ্যায়ত আছে, আৰু এই ক্ষেত্ৰত আৰু বহুত জ্ঞান প্ৰাপ্ত কৰাৰ প্ৰয়োজন। পুৰুষ সঙ্গীৰ ভূমিকা বৃদ্ধি কৰা, পুৰুষ সঙ্গীৰ মনৰ অন্ধবিশ্বাস দুৰ কৰা আৰু সামাজিক নিষিদ্ধতাৰ মোকাবিলা কৰাটো প্ৰয়োজনীয়। পুৰুষ আৰু ল'ৰাসকলৰ সাধাৰণতে এই বিষয়ে জ্ঞান কম। তেওঁলোকৰ বাবে ঋতুস্ৰাৱ বুজি পোৱাটো গুৰুত্বপূৰ্ণ যাতে তেওঁলোকে তেওঁলোকৰ পত্নী, কন্যা, মাতৃ, শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সহকৰ্মীসকলক সহায় কৰিব পাৰে। ঋতুস্ৰাৱ এটা অতি স্বাভাৱিক জৈৱিক ঘটনাৰ বাহিৰে একো নহয়, আৰু কিশোৰী আৰু মহিলাসকলে বুজিব লাগে যে কেৱল এই গুণৰ বাবেই তেওঁলোকৰ শৰীৰে প্ৰজনন কৰাৰ ক্ষমতা লাভ কৰিছে।

তথ্য সংগ্ৰহ

Tags:

ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী ঋতুস্ৰাৱ সম্পৰ্কীয় পৌৰাণিক ধাৰণাঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী মহিলাৰ জীৱনৰ ওপৰত প্ৰভাৱঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী প্ৰতিৰোধমূলক ব্যৱস্থাঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী তথ্য সংগ্ৰহঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গীইংৰাজী ভাষাঋতুস্ৰাৱ

🔥 Trending searches on Wiki অসমীয়া:

স্বাধীনতা দিৱস (ভাৰত)গাঁঠিয়ন খুন্দাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহজেঠশীতল যুদ্ধকাঠৰ জোখ মাপঅন্তঃস্ৰাৱী তন্ত্ৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাস্বামী বিবেকানন্দহেমচন্দ্ৰ গোস্বামীঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমীয়া গালি-গালাজসংগীতইয়াণ্ডাবু সন্ধিঅন্তৰীপ (উপন্যাস)মহাদেশচিৰ চেনেহী মোৰ ভাষা জননীঅসমৰ মাছ ধৰা সঁজুলিবুটমণিৰাম দেৱানপাচন তন্ত্ৰমাতৃভাষাবড়ো ভাষাসৌৰজগতসমাজতত্ত্বব'হাগ বিহুভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅৰুণোদইগৰু বিহুঅৰ্ণৱ, আস্থা আৰু JECশব্দগোলাপপূৰবী বৰমুদৈচকলংঅসমীয়া লোক কবিতাঅসমৰ মহকুমাসমূহৰ তালিকাবেলি ফুলৰাজনৈতিক দলজৱাহৰ নৱোদয় বিদ্যালয়খামটি জনগোষ্ঠীপদুম কুঁৱৰীভেঁকুৰশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰমহাভৈৰৱ মন্দিৰবাথৌ পূজাচৈয়দা আনোৱাৰা টাইমূৰভাষাঅসমীয়া বৰ্ণমালাযোগিনী তন্ত্ৰতেজলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসমৰ পুৰণি স্থাপত্যজোনাকী (আলোচনী)জৈৱ বৈচিত্ৰ্যহিউৱেন-চাংবুৰঞ্জীঅসমীয়া বান্দৰভিয়েটনামপলাশীৰ যুদ্ধবিহুমোৰ জীৱন সোঁৱৰণযোগাসনকাকৈজানা সংৰক্ষিত বনাঞ্চলখোলবৃশ্চিক (ৰাশি)অৰূপা পটংগীয়া কলিতাবুৰঞ্জী সাহিত্যশিৱসাগৰৰ শিৱদৌলজয়মতী (১৯৩৫ চলচ্চিত্ৰ)বিল গেট্‌ছভবানন্দ দত্তচুতীয়া ৰাজ্য🡆 More