ৰুবুল মাউত

ৰুবুল মাউত (ইংৰাজী: Rubul Mout) হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেত, জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে তেখেতৰ বৰ্তমান গৱেষণাৰ বিষয়। তেখেতে মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। ৰুবুল মাউতৰ গৱেষণা আমেৰিকাৰ ৰাসায়নিক সমাজৰ উপৰি একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ' অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত হৈছে। বৰ্তমান তেখেত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো'। তেখেতে আত্মজীৱনী মোৰো এটা সপোন আছেত নিজৰ শৈশৱ-যৌৱনৰ সংঘাত অতিক্ৰম কৰি মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ গৱেষক হোৱাৰ কাহিনী লিপিবদ্ধ কৰিছে।

ৰুবুল মাউত
ৰুবুল মাউত
ড॰ ৰুবুল মাউত
জন্ম তিনিচুকীয়া, অসম
নাগৰিকত্ব ভাৰতীয়
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ জীৱবিজ্ঞান,
জীন-সম্পাদনা,
নতুন প্ৰটিনৰ সৃষ্টি,
নেন' প্ৰযুক্তি
কৰ্মস্থান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (TIFR), পাৰডিউ বিশ্ববিদ্যালয়
ৱাশ্বিংটন বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান তিনিচুকীয়া মহাবিদ্যালয়,
গুৱাহাটী বিশ্ববিদ্যালয়,
মাচাছ্যুচেটচ বিশ্ববিদ্যালয়
জনা যায় কোষৰ ভিতৰত জিন-সম্পাদনাৰ নতুন পদ্ধতি উদ্ভাৱন

প্ৰাৰম্ভিক জীৱন আৰু শৈশৱ

অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ওচৰৰ কৈলাসপুৰত এটি কৃষকৰ পৰিয়ালত ৰুবুল মাউতৰ জন্ম হৈছিল। শৈশৱৰ কালছোৱা তেখেতে ভীষণ দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰিব লগা হোৱাত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত তেখেতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেখেতেৰ আত্মজীৱনী "মোৰো এটা সপোন আছে"ত এই বিষয়ে তেওঁ সবিশেষ বৰ্ণনা কৰিছে। তেওঁ সৰুতেই পিতৃৰ সহযোগী হৈ ঘৰুৱা দায়িত্ব পালন কৰিছিল। গৰু চৰোৱা, বজাৰত শাক-পাচলি বিক্ৰী কৰা, তথা ৰাস্তাত বনুৱাৰ কাম কৰি তেওঁ পৰিয়ালটোক সহায় কৰিছিল।গাঁৱত শিক্ষাৰ সন্তোষজনক পৰিৱেশ নাছিল। মেট্ৰিক পৰীক্ষাত তেওঁ প্ৰথম বিভাগ সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

শিক্ষা আৰু কৰ্মজীৱন

তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল টঙনা ন গাঁও প্ৰাথমিক বিদ্যালয়ত৷ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে কৈলাসপুৰ মাধ্যমিক বিদ্যালয়ত৷ উচ্চতৰ শিক্ষা লাভ কৰে চেনিৰাম হায়াৰছেকেণ্ডৰী হাইস্কুল, তিনিচুকীয়াত৷ ২০০৩ চনত ৰুবুল মাউতে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। ৰসায়ন বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়োৱাত মহাবিদ্যালয়খনৰ পুথিভঁৰালটোৰ অশেষ ভূমিকা আছিল। এফ এ কটন আৰু জেফ্ ৰি উইলকিনচনৰ 'প্ৰিন্সিপাল অব ইনঅৰগেনিক কেমেষ্ট্ৰী', আই এল ফিনাৰৰ 'অৰগেনিক কেমেষ্ট্ৰী', জেৰি মাৰ্চৰ 'ৰিয়েকচন মেকানিজম' আদিৰ দৰে ৰসায়ন বিজ্ঞানৰ গ্ৰন্থই ৰুবুল মাউতক অণু-পৰমাণুৰ এখন সুগভীৰ পৃথিৱীলৈ লৈ গৈছিল। স্নাতক ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি ৰুবুল মাউতে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী পঢ়িবলৈ আহে। বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই তেখেতে চিএছআইআৰ-নেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। সেই প্ৰস্তুতিৰ পৰিণতিস্বৰূপে তেখেতে জুনিয়ৰ ফেল'শ্বিপৰ যোগ্যতা অৰ্জন কৰিলে।

২০০৫ চনত ৰুবুল মাউতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে পুণেস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক প্ৰয়োগাগাৰ (National Chemical Laboratory, NCL)ত আসন লাভ কৰে আৰু ডক্তৰেট ডিগ্ৰীত যোগদান কৰে। সেইসময়ত তেখেত জীৱিকাৰ সন্ধানত আছিল। সেয়েহে তেখেতে এনচিএলৰ পৰা আহি টিআইএফআৰত "বিজ্ঞান বিষয়া" পদবীত যোগদান কৰিলে। ইয়াৰ ফলত তেখেতৰ জীৱিকাৰো এটা বাট মুকলি হ'ল। টিআইএফআৰত কৰ্মৰত হৈ থাকোঁতেই তেখেতে আমেৰিকাৰ ইণ্ডিয়ানাস্থিত পাৰডিউ বিশ্ববিদ্যালয় (Purdue University) তিনিমহীয়া প্ৰশিক্ষণ এটা লৈ আহে। তাত তেখেতে উচ্চপৰ্যায়ৰ গৱেষণাকাৰ্য দেখিবলৈ পায়। ইয়াৰ ফলত তেখেতৰ দীৰ্ঘদিনীয়া গৱেষণাকেন্দ্ৰিক সপোনটোৱে পুনৰ প্ৰাণ পাই উঠে। ইংৰাজী ভাষাটো ভালকৈ ক'ব নোৱাৰাৰ বাবে তেখেতে প্ৰায়েই হতাশাত ভুগিছিল। সেই দুৰ্বলতা অতিক্ৰম কৰিবলৈ ৰুবুল মাউতে পাঁচ মাহতে প্ৰায় ছহাজাৰ ইংৰাজী শব্দ মুখস্থ কৰি পেলাইছিল। তেখেত জি.আৰ.ই. আৰু টফেল পৰীক্ষাত একেবাৰতে সফলতাৰে উত্তীৰ্ণ হ'ল আৰু বহুকেইখন বিশ্ববিদ্যালয়ৰ বাবে আৱেদন কৰিবলৈ যোগ্য হৈ উঠিল। ২০১৭ চনত আৰ্মহাষ্টস্থিত মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা ৰুবুল মাউতে জিন-সম্পাদনাৰ বিষয়ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ৰুবুল মাউতে স্কটলেণ্ডৰ গ্লাচগ' বিশ্ববিদ্যালয়তো অতিথি গৱেষক হিচাপে কৰ্মৰত আছিল।

পৰৱৰ্তী সময়ত ৰুবুল মাউতে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডছেন'ৰ প্ৰটিন ডিজাইনৰ ইনোভেশ্যন ফেলো' হিচাপে গৱেষণা কৰে। তেখেতৰ মেণ্টৰ আছিল জিম দে য়েৰেও (Jim De Yoreo) আৰু ডেভিড বেকাৰ। ৰুবুল মাউতে নেনো প্ৰযুক্তিৰ জৰিয়তে কোষৰ ভিতৰত জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ ত্ৰিশখনতকৈও অধিক গৱেষণাপত্ৰ 'নেছাৰ নেনোটেকন'লজি', 'নেচাৰ কেমিষ্ট্ৰী' আৰু 'এচিএছ নেনো' আদি জাৰ্ণেলত প্ৰকাশিত হৈছে। বৰ্তমান তেওঁ হাৰ্ভাড বিশ্ববিদ্যালয়ৰ গৱেষক৷

লেখক হিচাপে

ৰুবুল মাউত 
ৰুবুল মাউতৰ আত্মজীৱনীখনৰ বেটুপাত

ৰুবুল মাউতে এতিয়ালৈকে দুখন কিতাপ লিখিছে। তেওঁৰ প্ৰথমখন গ্ৰন্থ "ধূসৰতাত সংহত শ্ৰৱণ" হৈছে এখনি গল্প সংকলন। গ্ৰন্থখন ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ হৈছিল। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা ১৩৬ পৃষ্ঠাৰ গল্প সংকলনৰ প্ৰসংগত অসমৰ সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে, “ভাষা, প্ৰকাশভংগী, বিশ্লেষণ অপূৰ্ব”। আনহাতে সাংবাদিক, লেখক দিগন্ত ওজাই কয় যে, “প্ৰাঞ্জল ভাষা, বিষয়বস্তু আৰু চমৎকাৰ প্ৰকাশভংগীয়ে মোৰ হৃদয় স্পৰ্শ কৰিছে।”

তেওঁৰ দ্বিতীয়খন গ্ৰন্থ হৈছে আত্মজীৱনী 'মোৰো এটা সপোন আছে'। শৈশৱৰ সংগ্ৰামৰ পৰা মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈকে লেখকে অতিক্ৰম কৰা বৈচিত্ৰ্যময় যাত্ৰা এই গ্ৰন্থখনিৰ মূল বিষয়বস্তু। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ তৃতীয়টো সংস্কৰণ ২০১৮ চনৰ জানুৱাৰী মাহত মুকলি কৰা হৈছিল। গ্ৰন্থখনৰ এতিয়ালৈকে একাধিক সংস্কৰণ মুকলি হৈছে। গ্ৰন্থখনত ৰুবুল মাউতে জীৱনটোক এটা ট্ৰেজাৰ হাণ্টৰ লগত তুলনা কৰি কৈছে যে, “জীৱনটো ঠিক তেনেকুৱাই (ট্ৰেজাৰ হাণ্ট খেলবিধৰ দৰে। ) আৰম্ভণিতে এটা লক্ষ্য থাকে। সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে, ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে। এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও এটা মহামূল্যৱান সম্পদ পাই যাব পাৰে। মনত ৰাখিব লক্ষ্যৰপৰা বিচলিত হ’লেই আপুনি সেই মহা মূল্যৱান সম্পদটি আয়ত্ত কৰাৰপৰা বঞ্চিত হ’ব পাৰে!”

অসমৰ কবি-লেখক জীৱন নৰহে আত্মজীৱনীমূলক গ্ৰন্থখনক নতুন প্ৰজন্মৰ সাহসৰ দলিল বুলি অভিহিত কৰে আৰু মন্তব্য কৰে যে-"লক্ষ্য আৰু একাগ্ৰতাই মানুহক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ জীয়া কাহিনী এই গ্ৰন্থখনত আছে। কেৱল এয়াই নহয়, বিজ্ঞানী হোৱাৰ পাছতো নিজৰ পৰিয়াল, গাঁৱক পাহৰি নগৈ তেওঁৰ দায়িত্ববোধ সঠিকভাৱে ৰাখিছে। তদুপৰি অতীতত তেওঁ কষ্ট স্বীকাৰ কৰাসকলৰ প্ৰতি এতিয়াও শ্ৰদ্ধানত। এয়া নতুন পুৰুষৰ বাবে আদৰ্শস্বৰূপ। "

বঁটা আৰু সন্মান

  • T32 NIH training grant, ২০২১-২০২২ বৰ্ষ
  • Washington Research Foundation Innovation বৃত্তি, ২০১৭
  • Travel Award (মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰপৰা ), Massachusetts Institute of Technology, ২০১৬
  • Marvin D. গৱেষণা বৃত্তি বঁটা, ২৫ত্বম বাৰ্ষিক অধিৱেশন,মাচাছ্যুচেটচ বিশ্ববিদ্যালয়, ২০১৫
  • Marvin D. Rausch Scholarship Poster award, ২৪ত্বম বাৰ্ষিক অধিৱেশন,মাচাছ্যুচেটচ বিশ্ববিদ্যালয়, ২০১৪
  • Discovery Park Research Internship, পূৰ্ডে বিশ্ববিদ্যালয়, ইণ্ডিয়ানা, আমেৰিকা, ২০০৮
  • Junior Research Fellowship (JRF),ভাৰত, ২০০৬

তথ্যসংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ৰুবুল মাউত প্ৰাৰম্ভিক জীৱন আৰু শৈশৱৰুবুল মাউত শিক্ষা আৰু কৰ্মজীৱনৰুবুল মাউত লেখক হিচাপেৰুবুল মাউত বঁটা আৰু সন্মানৰুবুল মাউত তথ্যসংগ্ৰহৰুবুল মাউত বাহ্যিক সংযোগৰুবুল মাউতঅসমীয়াইংৰাজী ভাষাজীৱবিজ্ঞানপ্ৰটিনমোৰো এটা সপোন আছে

🔥 Trending searches on Wiki অসমীয়া:

জতুৱা ঠাঁচসংস্কৃত ভাষাধুবুৰী জিলামাঘ বিহুৰাজনীতিকালিদাসভূমিকম্পধানভাওনাবাল্য বিবাহ নিষেধ আইন, ২০০৬কুলিখোলৱিকিপিডিয়াষড়ভুজফ্ৰান্সহেমচন্দ্ৰ গোস্বামীখেৰাইহুঁচৰিলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসবড়ো জনগোষ্ঠীসৰ্বশিক্ষা অভিযানকনকলতা বৰুৱামালিতাজন গণ মনলোকসভাৰ অধ্যক্ষবকুল ফুলৰ দৰেঅসমীয়া গীতি সাহিত্যঅসমৰ পৰম্পৰাগত সাজ-পাৰসিংহ (ৰাশি)উৎসৱপদুমৰাষ্ট্ৰীয় বিজ্ঞান দিৱসকলাডিম্পু বৰুৱাঅনুভৱ তুলসীমনোমতীঅসমৰ নদীসমূহৰ তালিকাকুমাৰ ভাস্কৰ বৰ্মাকেতেকীনৱ-বৈষ্ণৱ ধৰ্মকোণআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবাসুদেৱ থানৰাম সৰস্বতীভূঁই ৰোৱা উৎসৱযোৰহাট জিলাখৰ্গেশ্বৰ তালুকদাৰচিপাহী বিদ্ৰোহ ১৮৫৭ৰামধেনুহস্তীবিদ্যাৰ্ণৱঅসমৰ মন্ত্ৰ-সাহিত্যদেওধনী নৃত্যদ্বিতীয় বিশ্বযুদ্ধহেমচন্দ্ৰ বৰুৱাআইজাক নিউটনগোলাপসূত্ৰধাৰ নৃত্য২৮ এপ্ৰিলঅসমীয়া খাদ্যাভ্যাসমায়ামৰা সত্ৰপাৰ চৰাইঅৰ্জুন গছসৌৰভ কুমাৰ চলিহাঅণুবীক্ষণ যন্ত্ৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঅসমৰ মাছ ধৰা সঁজুলিফাকে জনগোষ্ঠীগোলকীয় উষ্ণতা বৃদ্ধিগান্ধীবাদঅসমীয়া ভাষা উন্নতি সাধিনী সভাজুবিন গাৰ্গ🡆 More