জীৱবিজ্ঞান

জীৱ-বিজ্ঞান (ব্ৰিটিছ ইংৰাজী: Biology, আমেৰিকান ইংৰাজী: Life sciences বা Bioscience) হৈছে বিজ্ঞানৰ এটা শাখা য’ত জীৱ (যেনে— গছ-গছনি, জীৱ-জন্তু, মানুহ ) আদিৰ ৱৈজ্ঞানিক আলোচনা কৰা হয়। জীৱ-বিজ্ঞান জীৱনৰ গুণৱতা আৰু মানৰ যথেষ্ট উন্নতিসাধন কৰিছে।

জীৱবিজ্ঞান

জীৱ বিজ্ঞানৰ প্ৰধান শাখা সমূহ হ'ল:

  • কৃষি বিজ্ঞান – শস্য উৎপাদন আৰু পশু ধনৰ অধ্যয়ন তথা ব্যৱহাৰিক প্ৰয়োগ,
  • বায়বীয় জীৱ বিজ্ঞান – বতাহত জন্মা জৈৱিক অণু সমূহৰ অধ্যয়ন,
  • শৰীৰ ৰচনা – উদ্ভিদ, প্ৰাণী, অন্য জীৱ, বা বিশেষকৈ মানুহৰ শৰীৰৰ গঠন আৰু কাৰ্যৰ অধ্যয়ন,
    • কলা বিজ্ঞান – শৰীৰ ৰচনাৰ এটা আণুবীক্ষণিক শাখা। কোষ আৰু কলাৰ অধ্যয়ন,
  • জৈৱ মহাকাশ বিজ্ঞান – বিশ্বব্ৰহ্মাণ্ডত জীৱৰ বিৱৰ্তন, বিতৰণ আৰু ভৱিষ্যত সম্পৰ্কে অধ্যয়ন,
  • জৈৱ ৰসায়ন (এনাটমী) – জীৱন নিৰ্বাহ আৰু জীৱন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া সম্পৰ্কে অধ্যয়ন,
  • জৈৱ অভিযান্ত্ৰিক বিদ্যা – প্ৰায়োগিক জ্ঞান আৰু বিশেষকৈ জীৱ প্ৰযুক্তিৰ লগত সম্পৰ্ক ৰাখি অভিযান্ত্ৰিক দৃষ্টিভংগীৰে জীৱ বিজ্ঞানৰ অধ্যয়ন,
  • জৈৱ ভূগোল – প্ৰজাতিৰ বিতৰণৰ অধ্যয়ন,
  • জৈৱ সূচনা বিজ্ঞান – তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰেৰে জিন সম্বন্ধীয় বা অন্য জীৱ বৈজ্ঞানিক তথ্য সমূহৰ অধ্যয়ন, সংগ্ৰহ, আৰু সংৰক্ষণ সম্পৰ্কে অধ্যয়ন,
  • জৈৱ গণিত (বা গাণিতিক জীৱ বিজ্ঞান) – জীৱ বৈজ্ঞানিক প্ৰক্ৰিয়া সমূহৰ পৰিমাণাত্মক বা গাণিতিক অধ্যয়ন,
  • বায়মেকানিকছ – জীৱৰ কাৰিকৰী অধ্যয়ন,
  • জৈৱ চিকিৎসা অনুসন্ধান – স্বাস্থ্য আৰু ৰোগৰ অধ্যয়ন,
    • ঔষধ বিজ্ঞান – ঔষধ আৰু কৃত্ৰিম দৰৱৰ প্ৰস্তুতি, ব্যৱহাৰ, আৰু প্ৰতিক্ৰিয়াৰ অধ্যয়ন তথা ব্যৱহাৰিক প্ৰয়োগ,
  • জৈৱ সংগীতবিজ্ঞান – জীৱ বৈজ্ঞানিক দৃষ্টিভংগীৰে সংগীতৰ অধ্যয়ন,
  • জৈৱ পদাৰ্থবিজ্ঞান – পদাৰ্থবিজ্ঞানৰ সূত্ৰ আৰু পদ্ধতি সমূহৰ প্ৰয়োগেৰে জীৱ বিজ্ঞানৰ অধ্যয়ন,
  • জৈৱ প্ৰযুক্তি বিজ্ঞান – জীৱৰ প্ৰযুক্তি সম্বন্ধীয় অধ্যয়ন,
    • সংশ্লেষণাত্মক জীৱ বিজ্ঞান – সংশ্লেষিত জৈবিক তত্ত্ব সম্বন্ধে অধ্যয়ন,
  • আবাসিক জীৱ বিজ্ঞান – ঘৰুৱা জীৱৰ অধ্যয়ন,
  • উদ্ভিদ বিদ্যা – উদ্ভিদৰ অধ্যয়ন,
  • কোষ বিজ্ঞান – কোষৰ অধ্যয়ন,
  • সংজ্ঞানাত্মক জীৱ বিজ্ঞান – জীৱ বৈজ্ঞানিক কাৰ্যত বোধ সম্বন্ধে অধ্যয়ন,
  • সংৰক্ষণ জীৱ বিজ্ঞান – প্ৰাকৃতিক পৰিৱেশ, পৰিস্থিতি, উদ্ভিদ আৰু বন্যজীৱৰ সংৰক্ষণ, সুৰক্ষা, পুনৰ সংস্থাপন সম্বন্ধে অধ্যয়ন,
  • হিম জীৱ বিজ্ঞান – নিম্ন উষ্ণতাত জীৱৰ প্ৰতিক্ৰিয়াৰ অধ্যয়ন,
  • বিকাশ সম্বন্ধীয় জীৱ বিজ্ঞান – বিকাশ সম্বন্ধীয় অধ্যয়ন,
    • ভ্ৰূণ বিদ্যা – ভ্ৰূণৰ বিকাশ সম্বন্ধে অধ্যয়ন,
  • পৰিস্থিতি বিজ্ঞান – পৰিৱেশৰ জীৱবোৰৰ পাৰস্পৰিক সম্পৰ্ক আৰু অজৈৱিক পদাৰ্থৰ সৈতে সম্পৰ্ক সম্বন্ধে অধ্যয়ন,
  • পৰিৱেশ বিজ্ঞান – প্ৰাকৃতিক পৰিৱেশৰ অধ্যয়ন,
  • মহামাৰী বিজ্ঞান – জন স্বাস্থ্যৰ অধ্যয়ন,
  • বিৱৰ্তনিক জীৱ বিজ্ঞান – জীৱ প্ৰজাতিৰ উৎপত্তি আৰু বংশ সম্বন্ধে অধ্যয়ন,
  • বংশগতি বিদ্যা – জিন আৰু বংশগতিৰ অধ্যয়ন,
    • বংশগত ৰোগ বিজ্ঞান – বংশগত ৰোগৰ অধ্যয়ন,
  • ৰক্ত বিজ্ঞান – তেজ সম্পৰ্কীয় অধ্যয়ন,
  • সম্পূৰ্ণ জীৱ বিজ্ঞান – সমস্ত জীৱৰ অধ্যয়ন,
  • সৰোবৰ বিজ্ঞান – সৰোবৰ সম্বন্ধে অধ্যয়ন,
  • সামুদ্ৰ বিজ্ঞান – সাগৰৰ ৰকিস্থিতি, উদ্ভিদ, প্ৰাণী আৰু অন্য জীৱৰ অধ্যয়ন,
  • অণুজীৱ বিদ্যা – অণুজীৱৰ অধ্যয়ন,
    • পৰজীৱী বিজ্ঞান – পৰজীৱী আৰু পৰজীৱিতাৰ ন
    • ভাইৰাছ বিজ্ঞান – ভাইৰাছ আৰু ভাইৰাছ সদৃশ জীৱৰ অধ্যয়ন,
  • আনৱিক জীৱবিজ্ঞান – আনৱিক পৰ্য্যায়ত জীৱৰ কাৰ্য আৰু জীৱবিজ্ঞানৰ অধ্যয়ন,
  • ভেঁকুৰ বিজ্ঞান – ভেঁকুৰৰ অধ্যয়ন,
  • স্নায়ু বিজ্ঞান – স্নায়ুতন্ত্ৰৰ অধ্যয়ন,
  • জৈৱ জনসংখ্যা বিজ্ঞান – জীৱৰ সজাতীয় জনসমস্তিৰ অধ্যয়ন,
    • জনসাংখ্যিক পৰিস্থিতি বিজ্ঞান – জনসংখ্যা কিদৰে পৰিবৰ্তন আৰু লুপ্ত হয় তাৰ অধ্যয়ন,
    • জনসাংখ্যিক বংশ গতি বিদ্যা – জীৱৰ জনসংখ্যাৰ জিনৰ অনুক্ৰম পৰিবৰ্তনৰ অধ্যয়ন,
  • জীৱাশ্ম বিজ্ঞান – জীৱাশ্মৰ অধ্যয়ন,
  • ৰোগ বিজ্ঞান – ৰোগ সম্বন্ধে অধ্যয়ন,
  • শৰীৰ বিজ্ঞান – জীৱৰ কাৰ্য আৰু অংগৰ অধ্যয়ন,
  • উদ্ভিদ ৰোগ বিজ্ঞান – উদ্ভিদৰ ৰোগ সম্বন্ধে অধ্যয়ন,
  • জৈৱ মনোবিজ্ঞান – মনোবিজ্ঞানৰ জীৱ বৈজ্ঞানিক ভিত্তি সম্বন্ধে অধ্যয়ন,
  • সামাজিক জীৱ বিজ্ঞান – সমাজতত্ত্বৰ জীৱ বৈজ্ঞানিক ভিত্তি সম্বন্ধে অধ্যয়ন,
  • গঠনাত্মক জীৱ বিজ্ঞান – আনৱিক জীৱ বিজ্ঞান, জৈৱ ৰসায়নবিজ্ঞান, আৰু জৈৱ পদাৰ্থবিজ্ঞানৰ এটা শাখা। বৃহৎ জৈৱিক অণু বোৰৰ আনৱিক গঠনৰ অধ্যয়ন,
  • প্ৰাণী বিদ্যা – প্ৰাণীৰ শ্ৰেণীবিভাজন, শৰীৰ তত্ত্ব, বিকাশ, আৰু আচৰণ সম্বন্ধে অধ্যয়ন। ইয়াৰ উপ শাখা সমূহ হ'ল: প্ৰাণীৰ আচৰণ, পতংগ বিদ্যা, সৰীসৃপবিদ্যা আৰু উভচৰবিদ্যা, মৎস বিজ্ঞান, স্তন্যপায়ী বিজ্ঞান, আৰু পক্ষী বিজ্ঞান।

তথ্য সংগ্ৰহ

Tags:

en:Biologyইংৰাজীজীৱবিজ্ঞানবৃক্ষমানুহ

🔥 Trending searches on Wiki অসমীয়া:

বুলু ফিল্মকপৌ ফুলএজাৰকোচ ৰাজবংশপদাৰ্থ বিজ্ঞানপালি ভাষাদৰিদ্ৰতাৰুবুল মাউতভানুমতীঅসমৰ বয়ন শিল্প১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনঅসমীয়া ব্যাকৰণতোলনি বিয়াবাংলাদেশব্যক্তিত্ববিশেষ শিক্ষাঅসম বৈভৱ বঁটাঅসমৰ মাছ ধৰা সঁজুলিঅসমৰ সাহিত্যিকসকলৰ তালিকামানুহকুমাৰীত্বএচিদ বৰষুণপাঠ পৰিকল্পনালোকসভাৰ অধ্যক্ষভূমি প্ৰদূষণয়আনন্দৰাম ঢেকিয়াল ফুকনসুশোভন সোনু ৰায়অসমীয়া বৰ্ণমালালিংগভিত্তিক অধ্যয়নকুলিএছিয়াগুৱাহাটী বিশ্ববিদ্যালয়মাদাৰ টেৰেছাএ পি জে আব্দুল কালামপায়ু সংগমদানৱ ৰাজবংশঅসমৰ সমস্যাঅসমৰ সত্ৰসমূহৰ তালিকামামণি ৰয়ছম গোস্বামীৰ উপন্যাসবিহুএৰিষ্ট'টলভাৰতৰ সংসদ ভৱনসিন্ধু নদীনলিনীবালা দেৱীজন গণ মননতুন দিল্লীশেৱালি ফুলঅসমৰ বাঁহ-বেতৰ শিল্পজোনবিল মেলাবট গছসুঁৱৰিসত্যনাথ বৰামাধৱদেৱমৌলানা আব্দুল হামিদ খান ভাসানীঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅনুৰাধা শৰ্মা পূজাৰীবৰপুণিবিৰিঞ্চি কুমাৰ বৰুৱাযুগ্ম সংখ্যা১৯ এপ্ৰিলঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমনোমতীপ্ৰতিমা বৰুৱা পাণ্ডেঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকামিচিং ভাষাৰঙিয়া (বিধানসভা সমষ্টি)ফুলউপভাষাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাফাকুৱা🡆 More