চলচ্চিত্ৰ শৃংখলা হেৰী পটাৰ

হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাটি ব্ৰিটিছ লেখিকা জে কে ৰাউলিং ৰচিত সাত খণ্ডৰ হেৰী পটাৰ উপন্যাস শৃংখলাৰ কাহিনীৰ আধাৰত নিৰ্মিত। শৃংখলাটিৰ কিতাপৰ সংখ্যা সাতখন আৰু, চলচ্চিত্ৰৰ সংখ্যা আঠখন। অন্তিমখন কিতাপৰ কাহিনী অপেক্ষাকৃত ভাবে দীঘল আৰু জটিল হোৱাৰ বাবে কিতাপখনৰ আধাৰত দুটা খণ্ডত চলচ্চিত্ৰ নিৰ্মিত কৰা হৈছে।

হেৰী পটাৰ
চলচ্চিত্ৰ শৃংখলা হেৰী পটাৰ
আঠঁখন চলচ্চিত্ৰৰ ডিভিডি বক্স ছেট
পৰিচালক ক্ৰিছ কলম্বাচ (১-২)
আলফানচো কোৱান (৩)
মাইক নিউয়েল (৪)
ডেভিড য়েটচ (৫-৭)
ৰচনা চিত্ৰনাট্য
ষ্টিভ ক্লোভচ (১-৪, ৬-৭)
মাইকেল গোল্ডেনবাৰ্গ (৫)
উপন্যাস
জে কে ৰাউলিং
প্ৰযোজক ডেভিড হেইমেন
ক্ৰিছ কলম্বাচ (৩)
মাৰ্ক ৰেডক্লিফ (৩)
ডেভিড বেইৰন (৫-৭)
জে কে ৰাউলিং (৭)
অভিনয়ত ডেনিয়েল ৰেডক্লিফ
ৰুপাৰ্ট গ্ৰিণ্ট
এমা ৱাটচন
ৰিচাৰ্ড হেচিছ
মেগি স্মিথ
ৰ’বি কলট্ৰেন
এলেন ৰেকমেন
জন হাৰ্ট
ইয়ান হাৰ্ট
কেনেথ ব্ৰানাফ
ৰিচাৰ্ড গ্ৰিফিথচ
ফায়োনা শ্য
মাইকেল গেমবন
ডেভিড থেউলিচ
গেৰি অ’ল্ডমেন
টিমথি স্প’ল
ৰাল্ফ ফাইনেচ
ইমেল্ডা ষ্টনটন
হেলেনা বনহাম কাৰ্টাৰ
মিৰাণ্ডা ৰিচাৰ্ডছন
জিম ব্ৰডবেণ্ট
বিল নাইৰি
ৰ’বাৰ্ট হাৰ্ডি
ৰ’বাৰ্ট পেটিনচন
মাৰ্ক উইলিয়ামছ
জুলি ৱাল্টাৰ্ছ
ৱাৰৱিক ডেভিছ
ডেভিড বেডলি
ব্ৰেণ্ডন গ্লিচন
চিত্ৰগ্ৰহণকাৰী জন চিল (১)
ৰ’জাৰ পেট (২, ৪)
মাইকেল চেৰেছিন (৩)
শ্লাভোমিৰ ইদজিয়াক (৫)
ব্ৰুনো ডেলবনেল (৬)
এডোয়াৰ্ডো সিয়েৰা (৭)
সম্পাদনা ৰিচাৰ্ড ফ্ৰান্সিস-ব্ৰুচ (১)
পিটাৰ অনেচ (২)
ষ্টিভেন ৱেজবাৰ্গ (৩)
মাইক অ’ডচলি (৪)
মাৰ্ক ডে (৫-৭)মাৰ্ক ডে
সংগীত পৰিচালক জন উইলিয়ামচ (১-৩)
পেট্ৰিক ডয়েল (৪)
নিকোলাচ হুপাৰ (৫,৬)
আলেকজেণ্ডাৰ ডেচপ্লেট (৭)
থিমস:
জন উইলিয়ামচ
অৰ্কেষ্ট্ৰ্যাটৰ
কনৰাড পোপ (১-৩, ৭)
প্ৰযোজনা
কোম্পানী
হেয়ডে ফিল্মচ
পৰিবেশক ৱাৰ্ণাৰ ব্ৰাদাৰ্চ
মুক্তি
৪ নভেম্বৰ ২০০১ (১)
৩ নভেম্বৰ ২০০২ (২)
৩১ মে ২০০৪ (৩)
১৮ নভেম্বৰ ২০০৫ (৪)
১১ জুলাই ২০০৭ (৫)
১৫ জুলাই ২০০৯ (৬)
১৯ নভেম্বৰ ২০১০ (৭, পৰ্ব-১)
১৫ জুলাই ২০১১ (৭, পৰ্ব-২)
দৈৰ্ঘ্য
১০৪৯ মিনিট
দেশসমূহ যুক্তৰাজ্য
যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজি
বাজেট $১,২৮০,০০০,০০০
সৰ্বমুঠ আয় $৬,৩৪৩,৮৬৫,৮৪২


ডেভিড হেইমেনে প্ৰযোজনা কৰা হেৰী পটাৰ শৃংখলাটিৰ চলচ্চিত্ৰৰ বিপণন কৰিছে ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ পিকচাৰ্ছে। শৃংখলাটিৰ আটাইকেইখন চলচ্চিত্ৰৰ প্ৰধান তিনিটা চৰিত্ৰ হেৰী পটাৰ, ৰন ৱিজলি আৰু হাৰমাইনি গ্ৰিঞ্জাৰৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে, ডেনিয়েল ৰেডক্লিফ, ৰুপাৰ্ট গ্ৰিণ্ট আৰু এমা ৱাটচনে। হেৰী পটাৰ শৃংখলাটি বৰ্তমানে সমগ্ৰ বিশ্বৰ শিশুসকলৰ মাজত এক আইকনত পৰিণত হৈছে তদুপৰি ইতিমধ্যেই শৃংখলাটি সৰ্বকালৰ সকলোতকৈ ব্যৱসায়িকভাবে সফল চলচ্চিত্ৰ শৃংখলা হিচাপে পৰিগণিত হৈছে। এই পৰ্যন্ত হেৰী পটাৰে প্ৰায় ৬ বিলিয়ন ডলাৰ আয় কৰিছে আৰু সৰ্বোচ্চ উপাৰ্জনকাৰী ৩০খন চলচ্চিত্ৰৰ তালিকাত শৃংখলাটিৰ প্ৰত্যেকখন ছবিয়েই অন্তৰ্ভুক্ত হৈছে।

অন্তিমখন কিতাপ হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জ ৰ আধাৰত দুটা খণ্ডত চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। দ্বিতীয়খণ্ডৰ হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জৰ মুক্তিৰে ইতিমধ্যে সমাপ্তি ঘটিছে গোটেই বিশ্বত আলোড়ন সৃষ্টি কৰা এই অতীব জনপ্ৰিয় শৃংখলাটিৰ।

কাহিনী বিন্যাস

চলচ্চিত্ৰ শৃংখলা হেৰী পটাৰ 
হগৱাৰ্টচ যাদুশিক্ষা স্কুলৰ গ্ৰেট হল

হেৰী পটাৰ এণ্ড দ্য ফিল'ছ’ফাৰ্চ ষ্টোন

হেৰী পটাৰ নামৰ এটি অনাথ শিশুৱে তেওঁৰ মায়ামমতাহীন খুড়াকৰ ঘৰত এক দুখৰ জীৱন অতিবাহিত কৰিছে। এঘাৰ বছৰ বয়সত, হঠাৎ ৰুবিয়াচ হেগ্ৰিড নামৰ এজন আধা দানৱ যেন লোকে হেৰীক জনায় তেওঁ আচলতে এজন যাদুকৰ। তেওঁৰ পৰা হেৰীয়ে জানিব পাৰে যে তেওঁৰ বয়স যেতিয়া এবছৰ আছিল, তেতিয়া সেই সময়ৰ সকলোতকৈ ভয়ঙ্কৰ ক’লা যাদুকৰ লৰ্ড ভলডেমৰ্ট তাৰ মাক দেউতাকক হত্যা কৰে। ভলডেমৰ্টে হেৰীকো হত্যা কৰিবৰ চেষ্টা কৰিছিল, কিন্তু কোন এক ৰহস্যময় কাৰণত হেৰী বাচি যায় আৰু ভলডেমৰ্টৰ পতন ঘটে। ফলত যাদুকৰসকলৰ বিশ্বত হেৰীৰ অজানিতে তেওঁ অত্যন্ত জনপ্ৰিয় ব্যক্তি ৰূপে পৰিগণিত হয়। হেগ্ৰিডে হেৰীক যাদুশিক্ষাৰ বিদ্যালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে আৰু এদিন হেৰী হগৱাৰ্টচ যাদুশিক্ষা স্কুলত ভৰ্তি হয আৰু নতুন নতুন যাদু শিকাত ব্ৰতী হয়। হগৱাৰ্টচত হেৰীয় ৰন ৱিজলি আৰু হাৰমায়নি গ্ৰিঞ্জাৰক লগ পায়, তিনিওৰে মাজত গভীৰ বন্ধুত্ব গঢ়ি উঠে। সেই বছৰেই হেৰী আৰু তেওঁৰ তিনি বন্ধুৱে ঘটনাক্ৰমে স্কুলত সংৰক্ষিত ৰহস্যময় পৰশমনিৰ অস্তিত্ব সম্পৰ্কে জানিবলৈ পায় আৰু মনিটিক অশুভ শক্তিৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হয়।

হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অফ ছিক্ৰেটচ (২০০২)

চলচ্চিত্ৰ শৃংখলা হেৰী পটাৰ 
হেৰী পটাৰ ছবিত ব্যৱহৃত তিনিমহলীয়া বাছ

হেৰী, ৰন আৰু হাৰমাইনি হগৱাৰ্টচলৈ তাওঁলোকৰ দ্বিতীয় বৰ্ষৰ শিক্ষাগ্ৰহণৰ বাবে ঘূৰি আহে। আগৰ বছৰৰ তুলনাত এই বছৰটো তেওঁলোকৰ বাবে আৰু অধিক প্ৰত্যাহ্বানজনক হৈ পৰে। কোনোৱে হগৱাৰ্টচ স্কুলৰ চেম্বাৰ অফ ছিক্ৰেটছ (গোপন কক্ষ)ৰ দুৱাৰ খুলি দিয়ে, যাৰ ফলত হগৱাৰ্টচ ছাত্ৰছাত্ৰী আৰু ভূতবোৰ কোনো অপশক্তিৰ হাতত পৰি এটি এটিকৈ শিললৈ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰে। এসময়ত হেৰীয়ে অবশ্যেই লৰ্ড ভলডেমৰ্টৰ আন এক ৰূপৰ সৈতে যুদ্ধ কৰে আৰু এখন ৰহস্যময় ডায়েৰিক ধ্বংস কৰে যিখন আছিল এই সকলো অশুভ কাৰ্যকলাপৰ উৎস।

হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবান (২০০৪)

হগৱাৰ্টচত হেৰী পটাৰৰ তৃতীয় বৰ্ষ, হেৰী আৰু তেওঁৰ বন্ধুসকল পুনৰ স্কুললৈ আহে। ৰেমাচ লুপিন হগৱাৰ্টচৰ কা’লা যাদুৰ বিৰুদ্ধে প্ৰতিৰোধ বিষয়ৰ নতুন শিক্ষক হিচাবে নিযুক্ত হয়। এনেতে এদিন কুখ্যাত হত্যাকাৰী চিৰিয়াচ ব্লেকে আজকাবানৰ কাৰাগাৰ ভঙি পলায় আহে। ব্লেকৰ হাতৰ পৰা হগৱাৰ্টচক ৰক্ষাৰ বাবে যাদু মন্ত্ৰণালয়ে ভয়ঙ্কৰ আৰু অশুভ ডিমেণ্টৰবিলাকক নিয়োগ কৰে। এইসময়তে হেৰীয়ে তাৰ অতীত সম্পৰ্কে অনেক নজনা কাহিনী জানিবলৈ পায় আৰু লগতে জানিব পাৰে, এই চিৰিয়াচ ব্লেক কোন, আৰু তেওঁ আচল পৰিচয় কি?

হেৰী পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰ (২০০৫)

হগৱাৰ্টচত হেৰীৰ চতুৰ্থ বৰ্ষত অশুভ আত্মা ভলডেমৰ্টৰ পুনৰ উত্থান ঘটে। ভলডেমৰ্টৰ ষড়যন্ত্ৰৰ জালত পৰি হেৰীয়ে মুখামুখি হ’ব লগা হয় এক নিৰ্মম অগ্নিপৰীক্ষাৰ। ছলে বলে কৌশলে হেৰীক ব্যবহাৰ কৰি ভলডেমৰ্টে তেওঁৰ হেৰুওৱা দেহটো পুনৰ ঘূৰাই পায়। এইবোৰৰ মাজত অশুভ শক্তিৰ উত্থানৰ বলি হয় চেডৰিক ডিগৰি নামৰ এজন ছাত্ৰ। সৰ্বত্ৰ ক’লা যাদুৰ এক বাতাবৰণ সৃষ্টি হয়। ভলডেমৰ্টৰ নেতৃত্বত পুনৰ সুসংগঠিত হয় ডেথ ইটাৰ (মৃত্যু খাদক) সকলৰ।

হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্স (২০০৭)

হগৱাৰ্টচত হেৰীৰ পঞ্চম বৰ্ষ আৰম্ভ হয় আন এক অনাকাঙ্খিত এক ঘটনাৰ মাজেদি, হেৰীয়ে ডিমেণ্টৰৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হয়। হগৱাৰ্টচৰ সৰ্বত্ৰতে মাত্ৰ অবিশ্বাস আৰু আতঙ্কৰ ছাপ দেখিবলৈ পোৱা যায়। ভলডেমৰ্টক দমন কৰাৰ উদ্দেশ্যে ডাম্বলড’ৰে এই সময়তে পুনৰগঠন কৰে এটি পুৰণি সংগঠন, অৰ্ডাৰ অফ দ্য ফিনিক্স। হেৰীয়েও নিজৰ বন্ধুসলকৰ সতে লগ লাগি গঢ়ি তোলে ডাম্বলডৰৰ সেণা নামৰ এক ছাত্ৰ সংগঠন। অন্যদিশে যাদু মন্ত্ৰনালয়ত সংৰক্ষিত এটি গোপন সামগ্ৰী নিজৰ হাতলৈ আনাৰ বাবে ভলডেমৰ্টে পুনৰ নতুন জাল পাতে, যি ষড়যন্ত্ৰত ধৰা পৰি, হেৰীয়ে নিজেকে আৰু বন্ধুসকলক ঠেলি দিয়ে এক অনিশ্চিত বিপদৰ দিশে।

হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স (২০০৯)

হগৱাৰ্টচত হেৰীৰ ষষ্ঠ বৰ্ষ, ভলডেমৰ্টে নিজৰ ক্ষমতা ক্ৰমাত আৰু বৃদ্ধি কৰি গৈ থাকে। এইপিনে নতুন শিক্ষক হিচাপে হগৱাৰ্টচট যোগদান কৰে ডাম্বলড’ৰৰ পুৰণি বন্ধু হোৰেচ স্লাগহৰ্নে। হেৰী আৰু ডাম্বলডৰে ভলডেমৰ্টক পৰাজিত কৰাৰ নতুন পন্থা বিচৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখে। সেইসময়তে স্লাগহৰ্নে ভলডেমৰ্টেৰ অমৰত্বৰ চাবিকাঠি হ'ৰক্ৰাক্স সমূহৰ সম্পৰ্কে জানিব পাৰে, লগতে জানিব পাৰে যে ভলডেমৰ্টক হত্যা কৰিবলৈ হ’লে প্ৰথমে এই হৰক্ৰাক্সসমূহক ধ্বংস কৰিব‍ই লাগিব।

হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জ

পৰ্ব-১ (২০১০)

হেৰী, ৰন আৰু হাৰমায়নিৰ সমুখত কেৱলমাত্ৰ এটাই পথ খোলা থাকে, ভলডেমৰ্টৰ অমৰত্বৰ চাবিকাঠি হ’ৰক্ৰাক্সসমূহ বিচৰা আৰু এইবোৰ ধ্বংস কৰা। ভলডেমৰ্টৰ উত্থান আৰু ক্ষমতা দখলৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে প্ৰতিপলে মুখামুখি হয় চৰম অৱস্থাৰ। তেওঁলোকৰ অভিযানৰ প্ৰতিটো খোজে খোজে বিপদে হেতালি খেলে। কিন্তু সকলো প্ৰতিবন্ধকতা নেউচি তেওঁলোকে লক্ষ্যেৰ দিশে আগবাঢ়ি যায়। এই দীৰ্ঘতম অভিযানত তেওঁলোকে মুখামুখি হয় আন এক ৰসহ্য, ডেথলি হেল’জ (মৃত্যুৰ উপহাৰ) সমূহৰ।

পৰ্ব-২ (২০১১)

এটি হৰক্ৰাক্স ধ্বংস আৰু মৃত্যুৰ উপহাৰ সমূহৰ তাৎপৰ্য আবিষ্কাৰ কৰাৰ পাছত হেৰী, ৰন আৰু হাৰমায়নি পুনৰ বাকীবোৰ হৰক্ৰাক্স বিচৰাৰ বাবে নিজকে নিয়োগ কৰে। ভলডেমৰ্ট ক্ৰমাত অসামান্য ক্ষমতাৰ অধিকাৰী হৈ পৰে, সেইসময়তে তেওঁ দ্য এল্ডাৰ ৱাণ্ড নামৰ এক শক্তিশালী যাদুদণ্ডও লাভ কৰে। ভলডেমৰ্টে হগৱাৰ্টচত পুনৰ ক্ষমতা লাভ কৰাৰ উদ্দেশ্যে হগৱাৰ্টচ আক্ৰমণ কৰে। আৰু অন্যদিশে হেৰীৰ নেতৃত্বত সংঘটিত হয় পোহৰ পথৰ যাদুকৰ, ডাইনী আৰু অন্যান্য যাদুৰ প্ৰাণী সকলৰ দ্বাৰা যাদু আৰু মাগলবিশ্ব (সাধাৰণ মানুহৰ বিশ্ব)ক ভলডেমৰ্টৰ অশুভ ছায়াঁৰ পৰা মুক্ত কৰাৰ অভিযান।

তথ্যসূত্ৰ

বহিঃসংযোগ

Tags:

চলচ্চিত্ৰ শৃংখলা হেৰী পটাৰ কাহিনী বিন্যাসচলচ্চিত্ৰ শৃংখলা হেৰী পটাৰ তথ্যসূত্ৰচলচ্চিত্ৰ শৃংখলা হেৰী পটাৰ বহিঃসংযোগচলচ্চিত্ৰ শৃংখলা হেৰী পটাৰজে কে ৰাউলিংহেৰী পটাৰ

🔥 Trending searches on Wiki অসমীয়া:

গঙ্গা নদীকৰতল কমল কমল দল নয়নভঠেলিযোৰহাটঅপৰিমেয় সংখ্যাশব্দ প্ৰদূষণৰাজ্যসভাহিমন্ত বিশ্ব শৰ্মাব্যষ্টিবাদী অৰ্থনীতিসংগীতহিমাংশু প্ৰসাদ দাসভাৰতৰ সংবিধানপৰিৱেশ বিজ্ঞানলোকভাষাআউনীআটী সত্ৰপ্ৰাকৃতিক পৰিৱেশৰাভা ভাষানৱ-বৈষ্ণৱ ধৰ্মপথেৰ পাঁচালীনৰনাৰায়ণভূমি প্ৰদূষণহাড়শদিয়াভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাউদাৰনৈতিকতাবাদঘৰফাট বিহুউমানন্দঅসমৰ তেল শোধনাগাৰসাম্যবাদআনন্দ চন্দ্ৰ আগৰৱালাশোণিত কুঁৱৰীঅসমীয়া ভাষাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ইন্দিৰা মিৰিজামুগুৰিহাটম’বাইল ফোনকৰ'নাভাইৰাছ ৰোগ ২০১৯ব'হাগ বিহুশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘসোণোৱাল কছাৰীমেঘালয়ৰ মাতৃবংশীয় সমাজফলৰ তালিকা২৬ এপ্ৰিলজোনাকী (আলোচনী)অসমৰ শাক-পাচলিৰ তালিকাপৃথুসংঘাতকাতি বিহুহিন্দী ভাষাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকানাৰীবাদকমলাকান্ত ভট্টাচাৰ্য্যহিমবাহআধুনিকতাবাদআৰবী ভাষামঙ্গলদৈ (লোকসভা সমষ্টি)সুশোভন সোনু ৰায়দিল্লীজ্যোতিপ্ৰসাদ আগৰৱালামানৰ অসম আক্ৰমণভোলানাথ দাসড়দৰং জিলাপ্ৰথম বিশ্বযুদ্ধপৃথিৱীঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমেলেৰিয়াপাইথেগাৰাছহীৰেন ভট্টাচাৰ্যপদ (ব্যাকৰণ)ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা২০২৩ জি-২০ নতুন দিল্লী সন্মিলন🡆 More