মহা মৃত্যুঞ্জয় মন্দিৰ

মহা মৃত্যুঞ্জয় মন্দিৰ (ইংৰাজী: Maha Mrityunjay Temple) অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।

মহা মৃত্যুঞ্জয় মন্দিৰ
মহা মৃত্যুঞ্জয় মন্দিৰ
নগাঁও জিলাৰ মহামৃত্যুঞ্জয় মন্দিৰ
মহা মৃত্যুঞ্জয় মন্দিৰ is located in Assam
মহা মৃত্যুঞ্জয় মন্দিৰ
মহা মৃত্যুঞ্জয় মন্দিৰ
অসমৰ মানচিত্ৰত মহা মৃত্যুঞ্জয় মন্দিৰৰ অৱস্থান
ভূ-স্থানাংক 26°20′35″N 92°46′34″E / 26.34305°N 92.77606°E / 26.34305; 92.77606
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা নগাঁও জিলা
এলেকা পুৰণিগুদাম
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ মহা মৃত্যঞ্জয় যজ্ঞ, শিৱৰাত্ৰি
স্থাপত্য শৈলী শিৱ লিংগ
মন্দিৰৰ সংখ্যা
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
ফেব্ৰুৱাৰী ২০২১

ইতিহাস

মন্দিৰ নিৰ্মাণৰ কাম ২০০৩ চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যয়ে প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল। নিৰ্মাণৰ প্ৰাৰম্ভিক পৰিকল্পনা ২০০৩ চনত আৰম্ভ হৈছিল কিন্তু আন স্থপতিবিদ আৰু অভিযন্তাসকলৰ কেইবাটাও প্ৰচেষ্টাৰ পিছত, চূড়ান্ত অভিযান্ত্ৰিক আৰু ডিজাইনৰ কাম এৰ নাৰায়ণ শৰ্মাই বহন কৰিছিল। অভিযান্ত্ৰিক বিদ্যাত নিপুণতাৰ প্ৰতিফলনৰ বাবে মন্দিৰটো অতি গুৰুত্বপূৰ্ণ।

উদ্বোধন আৰু প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ

মন্দিৰটোৰ উদ্বোধন প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱেৰে কৰা হৈছিল। ২০২১ চনৰ ২২ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ২৫ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হোৱা এই মহোৎসৱত বিশেষ অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে মহা মৃত্যুঞ্জয় মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল। যজ্ঞৰ বাবে ১০৮ যজ্ঞ কুণ্ড স্থাপন কৰা হৈছিল আৰু প্ৰায় ২৫০জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ কৰিবলৈ আহিছিল। প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছত ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰ মুকলি কৰা হয়।

অৱস্থান

মহা মৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলাৰ পুৰণিগুদামৰ কালাজুগিত মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথত অৱস্থিত। গুৱাহাটীৰ পৰা প্ৰায় ই প্ৰায় ১২০ কিলোমিটাৰ দূৰত অৱস্থিত।

ভূমিকম্পৰ প্ৰভাৱ

২০২১ চনৰ ২৮ এপ্ৰিলত অসম আৰু উত্তৰ-পূব অঞ্চলত হোৱা প্ৰচণ্ড ভূমিকম্পৰ পৰিমাপ ৰিখটাৰ স্কেলত ৬.৭ আছিল আৰু ইয়াৰ ফলত মন্দিৰৰ ওপৰৰ অংশত সামান্য ফাঁট মেলিছিল। অৱশ্যে কোনো গাঁথনিগত ক্ষতি হোৱা নাছিল।

চিত্ৰভঁৰাল

তথ্য উৎস

Tags:

মহা মৃত্যুঞ্জয় মন্দিৰ ইতিহাসমহা মৃত্যুঞ্জয় মন্দিৰ উদ্বোধন আৰু প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱমহা মৃত্যুঞ্জয় মন্দিৰ অৱস্থানমহা মৃত্যুঞ্জয় মন্দিৰ ভূমিকম্পৰ প্ৰভাৱমহা মৃত্যুঞ্জয় মন্দিৰ চিত্ৰভঁৰালমহা মৃত্যুঞ্জয় মন্দিৰ তথ্য উৎসমহা মৃত্যুঞ্জয় মন্দিৰ বাহ্যিক সংযোগমহা মৃত্যুঞ্জয় মন্দিৰঅসমইংৰাজী ভাষানগাঁও জিলাপুৰণিগুদামশিৱহিন্দু ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

বাঁহীঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগধৰিত্ৰী দিৱসজৈৱ বৈচিত্ৰ্যৰুবুল মাউতমিচিং নৃত্য আৰু গীত মাতবৰপেটা (লোকসভা সমষ্টি)প্ৰাকৃতিক পৰিৱেশৰংজোৰোণহৰপ্পাঅসমীয়া উপন্যাস২৭ এপ্ৰিলহীৰেন্দ্ৰ নাথ দত্তভাৰত-ইউৰোপীয় ভাষা পৰিয়ালডিমাছা জনগোষ্ঠীমূলা গাভৰুঅসমীয়া ভাষাঅসমীয়া লোকসাহিত্যচাহআলাবৈৰ ৰণমেলেৰিয়ামোপিন উত্‍সৱপাঠ পৰিকল্পনাআহোম জনগোষ্ঠীসপ্তকাণ্ড ৰামায়ণভাৰতত মহিলা শিক্ষাফকৰা যোজনাহনুমানশাল গছজিকিৰবাণীকান্ত কাকতিপাচনকানাই বৰশী বোৱা শিলালিপিদিনঅসমীয়া ভাষা আন্দোলনচন্দ্ৰকান্ত অভিধানথাই ভাষাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅৰুণ শৰ্মাঅনুবাদশকুন্তলাজেং বিহুএৰিষ্ট'টলটুক্ৰেশ্বৰী দেৱালয়পাকস্থলীনদীহাঁচতিচক্ৰধ্বজ সিংহ (নাটক)জোনাকী (আলোচনী)পাৰিপাৰ্শ্বিক সংঘাতমৰিগাঁও জিলাকাতি বিহুঅসমীয়া ব্যাকৰণগমধৰ কোঁৱৰবিপৰীতাৰ্থক শব্দমহপদুমঅসমৰ ৰাজ্যপালসকলৰ তালিকামহাকাব্যসমাজকাৰেঙৰ লিগিৰীনলবাৰী জিলাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাভাৰতীয় জনতা পাৰ্টিমই আৰু নেফাভাষাচৰকাৰদঁতাল হাতীৰ উঁয়ে খোৱা হাওদানেতাই ধুবুনী ঘাটঅসমৰ পুৰণি স্থাপত্যশিৱ🡆 More