মতিলাল নেহৰু

মতিলাল নেহৰু (ইংৰাজী: Motilal Nehru; ৬ মে' ১৮৬১ – ৬ ফেব্ৰুৱাৰী ১৯৩১) আছিল এলাহাবাদৰ এজন বিখ্যাত উকীল। তেখেত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ আছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কাৰ্যকৰ্তাসমূহৰ ভিতৰত এজন আছিল।

পণ্ডিত

মতিলাল নেহৰু
মতিলাল নেহৰু
ভাৰতীয় জাতীয় কংগ্ৰেছ সভাপতি
কাৰ্যকাল
১৯১৯ – ১৯২০
পূৰ্বসূৰী চৈয়দ হাছান ইমাম
উত্তৰসূৰী লালা ৰাজপত ৰায়
ভাৰতীয় জাতীয় কংগ্ৰেছ সভাপতি
কাৰ্যকাল
১৯২৮ – ১৯২৯
পূৰ্বসূৰী মুখটাৰ আহমেদ আনছাৰি
উত্তৰসূৰী জৱাহৰলাল নেহৰু
ব্যক্তিগত তথ্য
জন্ম ৬ মে', ১৮৬১
আগ্ৰা, British India
মৃত্যু ৬ ফেব্ৰুৱাৰী, ১৯৩১ (৬৯ বছৰ)
লক্ষ্ণৌ, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ভোনাশ্বুৰী
স্বৰূপ ৰাণী থুচ্চু
সন্তান জৱাহৰলাল নেহৰু
বিজয়লক্ষ্মী পণ্ডিত
কৃষ্ণা
পিতৃ-মাতৃ গংগাধৰ নেহৰু আৰু জীৱৰাণী
শিক্ষানুষ্ঠান কেম্ব্ৰিজ বিশ্ববিদ্যালয়
পেচা বেৰিষ্টাৰ
ৰাজনীতিবিদ

১৯২৮ চনৰ পৰা ১৯২৯ চনলৈ সম্পূৰ্ণ দুবছৰ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ সভাপতি আছিল।

জীৱনী

মতিলাল নেহৰুৰ জন্ম আগ্ৰাত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গংগাধৰ নেহৰু। পাশ্চাত্যত শিক্ষা লাভ কৰা গুণী-মানী ভাৰতীয় সকলৰ ভিতৰত তেখেতো আছিল। তেখেতে এলাহাবাদৰ মুইৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল যদিও বি.এ.ৰ অন্তিম পৰীক্ষা দিব নোৱাৰিলে। পাছলৈ তেখেতে কেম্ব্ৰীজৰ পৰা "বাৰ এট্ ল" উপাধি গ্ৰহণ কৰে আৰু ইংৰাজী ন্যায়ালয়সমূহত উকীল হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।

মতিলাল নেহৰুৰ পত্নীৰ নাম আছিল স্বৰুপ ৰাণী। জৱাহৰলাল নেহৰু তেখেতৰ একমাত্ৰ পুত্ৰ আছিল। তেখেতৰ দুজনী জীয়ৰীও আছিল। ডাঙৰজনীৰ নাম আছিল বিজয়লক্ষ্মী যি আগলৈ বিজয়লক্ষ্মী পণ্ডিত নামেৰে বিখ্যাত হয় আৰু সৰুজনীৰ নাম আছিল কৃষ্ণা, যি পাছলৈ কৃষ্ণা হঠীসিং নামেৰে পৰিচিত হয়। 

কিন্তু আগলৈ গৈ তেখেতে নিজৰ ওকালতি বাদ দি ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যত মনোনিৱেশ কৰে। ১৯২৩ চনত তেখেতে দেশবন্ধু চিত্তৰঞ্জন দাসৰ সৈতে কংগ্ৰেছ দল ত্যাগ কৰি নিজে স্বৰাজ দলৰ স্থাপনা কৰিছিল। ১৯২৮ চনত কলকাতাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত সভাপতিৰূপে নিৰ্বাচিত হৈছিল। ১৮২৮ চনত কংগ্ৰেছৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধান আয়োগৰ সভাপতিও হৈছিল তেখেত। এই আয়োগেই নেহৰু ৰিপোৰ্ট প্ৰকাশ কৰিছিল।

মতিলাল নেহৰুৱে এলাহাবাদত এটা বিলাসী গৃহ নিৰ্মাণ কৰিছিল । যাৰ নাম আনন্দ ভৱন ৰাখিছিল। ইয়াৰ পাছত তেখেতে নিজৰ পুৰণি ঘৰ স্বৰাজ ভৱন কংগ্ৰেছ দলক প্ৰদান কৰিছিল।

মৃত্যু

১৯৩১ চনত এলাহাবাদত মতিলাল নেহৰুৰ মৃত্যু হৈছিল।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাএলাহাবাদজৱাহৰলাল নেহৰুভাৰত

🔥 Trending searches on Wiki অসমীয়া:

অসম বিধানসভাবৈজ্ঞানিক নামকৰণ পদ্ধতিচাহেবপুৰাৰ বৰষুণঅসমত দেখা চৰাইবোৰসাত বিহুঅসমীয়া উপন্যাসঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাশালস্তম্ভ ৰাজবংশভাৰতৰ উপৰাষ্ট্ৰপতিপাৰ চৰাইযোৰহাট জিলাপাচন নলীমোহনদাস কৰমচান্দ গান্ধীঅন্তঃস্ৰাৱী তন্ত্ৰযতীন্দ্ৰ নাথ দুৱৰাঅংগৰাগ মহন্তঅসমীয়া গালি-গালাজৰাছিয়াৰবীন্দ্ৰনাথ ঠাকুৰসালোক সংশ্লেষণদেৱদাসী নৃত্যৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসসিন্ধু নদীমাটিবৰ্ণালী কলিতাঅসমীয়া জাতিজল প্ৰদূষণঅখণ্ড সংখ্যাটাই সংস্কৃতিৰ ৰূপৰেখামহীচন্দ্ৰ মিৰিহাজোবাথৌ পূজাঅসমৰ বাঁহ-বেতৰ শিল্পবাঁহী (আলোচনী)হিন্দু ধৰ্মআল-লাহাবপৃথিৱীফাকে জনগোষ্ঠীঅন্তৰীপ (উপন্যাস)পদুমমঘাই ওজাঅসমৰ পৰম্পৰাগত সাজ- পাৰকাল সংহতিৰঘুনাথ চৌধাৰীকুশান গানআলেকজেণ্ডাৰ গ্ৰাহাম বে'লশৰাইঘাট দলংমাজুলীৰ মৃৎ শিল্পসিংহ (ৰাশি)হাঁওফাঁওউষ্ণতাপচন সাৰগুণাভিৰাম বৰুৱামুহাম্মাদকীৰ্তন-ঘোষাগড়গাঁওমহাভাৰতৰ পাত্ৰঅসমৰ পুৰণি স্থাপত্যজয়মতী কুঁৱৰী (নাটক)জয়মতী কুঁৱৰীশ্ৰী সূৰ্য পাহাৰবুৰঞ্জীআৰবী ভাষাকীৰ্তন ঘোষা সংকলনৰজনীকান্ত বৰদলৈচকৰি ফেঁটী বুৰঞ্জীমামণি ৰয়ছম গোস্বামীৰ উপন্যাসচিৰিং ফুকনধেমাজি জিলাশেৱালি ফুলঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসম লোকসেৱা আয়োগৰামধেনু (আলোচনী)নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতামাখিয়তীভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ🡆 More