বলো সুত

বলো সুত(ইংৰাজী: Bolo Sut) ওৰফে বালিৰাম সুত নগাঁও জিলাৰ চলচলি বিৰহীগাঁৱৰ৷ তেওঁৰ পিতৃৰ নাম আছিল ভেবেলা সুত আৰু মাতৃ শুকুৰী৷ কৃষক সন্তান বলো সুত বিয়াল্লিছৰ গণ-আন্দোলনত নগাঁৱৰ বঢ়মপুৰত “পঞ্চবীৰ শ্বহীদ দিৱস’’ পালনৰ কাৰ্যসূচীত আৰক্ষীৰ অতৰ্কিত আক্ৰমণত নিহত হয়৷ শ্বহীদ হোৱাৰ পৰত তেওঁ পত্নী বাউলী, দুটি ল’ৰা, ক’লাই আৰু সৰুল’ৰা আৰু একমাত্ৰ কন্যা পাতৈক এৰি যায়৷ তেওঁৰ পত্নী বাউলীৰ ১৯৮৩ চনত মৃত্যু হয়৷ বলো সুত আনুষ্ঠানিক শিক্ষাত বেছি আগুৱাব পৰা নাছিল, কিন্তু অসমৰ থলুৱা বাদ্যযন্ত্ৰ বজোৱাত পাকৈত হোৱাৰ উপি বিহুনাম গোৱাতো পাৰ্গত আছিল৷ সকলো ৰাজহুৱা কামতে আগবঢ়া বলো সুতে আনসকলৰ লগত কংগ্ৰেছৰ আহ্বানত দেশৰ হকে ওলাই আহিছিল৷ ১৯৪২ চনৰ ১৬ আগষ্টত পালন কৰা “পঞ্চবীৰ শ্বহীদ দিৱস’’ৰ দিনা ভোগেশ্বৰী ফুকননী আৰু পুলিচ-মিলিটাৰীৰ সৈতে হোৱা টনা-আজোঁৰাত কামাণ্ডাৰ ফিন্সৰ টুপী খুলি পৰাৰ অপৰাধত ভোগেশ্বৰীক গুলীয়াই আহত কৰা উন্মত্ত হৈ বলো সুত, ঠগী সুত আৰু লক্ষী হাজৰিকাই পুলিচক আগচি ধৰাত পুলিচে নিৰ্বিচাৰে গুলী কৰিবলৈ ধৰে আৰু আনসকলৰ লগতে বলো সুতো পুলিচৰ গুলীত বাগৰি পৰে৷ মৃত্যুৰ সময়ত বলো সুতৰ বয়স আছিল ২৭ বছৰ৷

বলো সুত
জন্ম বলো সুত
চলচলি বিৰহী গাঁও, নগাঁও
মৃত্যু বঢ়মপুৰ, নগাঁও
পেচা স্বাধীনতা সংগ্ৰামী
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
জনা যায় শ্বহীদ

তথ্য সূত্ৰ

Tags:

ইংৰাজী ভাষাভোগেশ্বৰী ফুকননী

🔥 Trending searches on Wiki অসমীয়া:

ৰোমাণ্টিক কবিতাপৃথিৱীস্বৰাজশব্দ (অভিধান)হীৰেন ভট্টাচাৰ্যপুঁজিবাদজৱাহৰলাল নেহৰুৰুদ্ৰেশ্বৰ দেৱালয়সত্ৰকৃষ্ণগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকামৌখিক ইতিহাসশোণিত কুঁৱৰীতুলসীনামঘোষাবহুকোষী জীৱকৰ্কট ক্ৰান্তিযাদৱ পায়েংমাটিসংখ্যা২৫ এপ্ৰিলমাধৱী লতাকল২৭ এপ্ৰিলমই আৰু নেফাহেম বৰুৱাঅসমৰ ধান খেতিৰ সঁজুলিসমূহবৰপেটা সত্ৰইষ্ট ইণ্ডিয়া কোম্পানীৰসায়ন বিজ্ঞানহুমায়ুনৰ সমাধিক্ষেত্ৰচন্দ্ৰকুমাৰ আগৰৱালাৰাজ্যসভাআনন্দ চন্দ্ৰ আগৰৱালাআলোচনীহিমন্ত বিশ্ব শৰ্মামোৱামৰীয়া বিদ্ৰোহটুক্ৰেশ্বৰী দেৱালয়কবিতানৰকাসুৰঅসমৰ পুৰণি স্থাপত্যঅৰুণাচল প্ৰদেশগণতন্ত্ৰচ্যু-খ্ৰুং-ফালাচিত বৰফুকনৰাভা জনগোষ্ঠীপাণবাৰী মছজিদচৰাইহাবুংমূৰাৰা, ৰঙিয়াজন গণ মনভাওনাভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগউৎসৱচৰক সংহিতাসূৰ্যকুমাৰ ভূঞাচিৰ চেনেহী মোৰ ভাষা জননীমিচিং জনগোষ্ঠীৰ সাজপাৰফাট বিহুহেম বৰুৱা (ত্যাগবীৰ)জ'মাট'অসমৰ নৃ-প্ৰজাতীয় গাঁথনিউইলিয়াম শ্বেইকছপীয়েৰসিন্ধু সভ্যতাচিলাৰায়অণুজীৱঅসমীয়া ভাষা আন্দোলন🡆 More