জন কীটছ

জন কীটছ (ইংৰাজী: John Keats; ৩১ অক্টোবৰ ১৭৯৫ – ২৩ ফেব্ৰুৱাৰী ১৮২১) আছিল এগৰাকী ইংৰাজী ৰমন্যাসবাদৰ কবি। ২৫ বছৰ বয়সত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ মাত্ৰ চাৰি বছৰ পূৰ্বে তেওঁৰ সৃষ্টিৰাজি প্ৰকাশ পোৱা স্বত্বেও তেওঁ আছিল লৰ্ড বাইৰণ, পাৰ্ছি বাইছ শ্যেলী আদিৰ লগত দ্বিতীয় প্ৰজন্মৰ ৰোমাণ্টিক কবিসকলৰ অন্যতম।

জন কীটছ
জন কীটছ
মৃত্যুৰ পিচত উইলিয়াম হিল্টনৰ তুলিকাত জন কীটছৰ প্ৰতিচ্ছবি, নেশ্যনেল পট্ৰেইট গেলেৰী, লণ্ডন
জন্ম ৩১ অক্টোবৰ, ১৭৯৫
ম'ৰগেট, লণ্ডন, ইংলেণ্ড
মৃত্যু ২৩ ফেব্ৰুৱাৰী, ১৮২১ (২৫ বছৰ)
ৰোম, পেপেল ৰাজ্য
পেচা কবি
সাহিত্যিক বিপ্লৱ ৰমন্যাসবাদ
আত্মীয়-স্বজন জৰ্জ কীটছ (ভাতৃ)

জীৱিত কালত তেখেতৰ কবিতাই সমালোচকসকলৰ সমাদৰ লাভ কৰা নাছিল যদিও,মৃত্যুৰ পিচতহে তেখেতৰ কবিতাসমূহে সঠিক মূল্যায়ন লাভ কৰে, উনৈশ শতিকাৰ শেষৰভাগত সেই সময়ৰ জনপ্ৰিয় ইংৰাজ কবিসকলৰ মাজৰ তেৱোঁ এজন অন্যতম জনপ্ৰিয় ইংৰাজ কবিৰ স্বীকৃতি লাভ কৰিছিল। পৰৱৰ্তী কালত অসংখ্য কবি আৰু সাহিত্যিকৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছিল। হোৰ্হে লুইস বৰ্হেইসৰ মতে কীটছৰ সৃষ্টিৰাজীৰ সৈতে তেখেতৰ প্ৰথম পৰিচয়েই হৈছে তেখেতৰ সাহিত্যিক জীৱনৰ উল্লেখযোগ্য অভিজ্ঞতা।

কিটছৰ কবিতাৰ অন্যতম বৈশিষ্ট্য হৈছে আৱেদনময়ী শৈলী। বিশেষকৈ তেওঁৰ অ'ডছ শৃংখলাত এয়া স্পষ্টৰূপত ফুটি উঠিছে। এয়া ৰোমাণ্টিক কবিসকলৰ এক সাধাৰণ বৈশিষ্ট্যস্বৰূপ কিয়নো তেওঁলোকে প্ৰাকৃতিক প্ৰতীকৰ মাধ্যমত দুৰন্ত আৱেগৰ বহিৰ্প্ৰকাশ ঘটাব বিচাৰে। বৰ্তমান তেওঁৰ কবিতা আৰু চিঠিবোৰ ইংৰাজী সাহিত্যৰ অন্যতম জনপ্ৰিয় আৰু বিশ্লেষণ হোৱা বিষয়। তেওঁৰ বহুল সমাদৃত সৃষ্টিৰাজিৰ মাজৰ অন্যতম হ'ল "অ'ড ট্যু নাইটিংগেল", "শ্লিপ এণ্ড পয়েট্ৰি", আৰু জনপ্ৰিয় চনেট "অন ফাৰ্ষ্ট লুকিঙ ইনটু ছেপেনচ্ হ'মাৰ"।

জীৱনী

প্ৰাৰম্ভিক জীৱন

থমাচ কিটছ আৰু তেওঁৰ পত্নী ফ্ৰাঞ্চেচ জেনিংছৰ সন্তান জন কীটছৰ জন্ম হয় ৩১ অক্টোবৰ ১৭৯৫ চনত লণ্ডনৰ ম'ৰগেট নামৰ ঠাইখনত। যদিওবা কীটছৰ জন্মস্থানৰ সঠিক তথ্য প্ৰমাণ নাই তেখেতৰ পৰিয়ালবৰ্গই তেওঁৰ জন্ম ২৯ অক্টোবৰ বুলি বিবেচনা কৰে। চাৰিওটি সন্তানৰ আটাইতকৈ জেষ্ঠজনেই আছিল জন কীটছ। তেখেতৰ পিচত একাদিক্ৰমে তেওঁৰ ভাতৃ জৰ্জ(১৭৯৭-১৮৪১),থমাছ(১৭৯৯-১৮১৮) আৰু ভগ্নী ফ্ৰাঞ্চেছ মেৰী "ফেনী"(১৮০৩-১৮৮৯)যিয়েই ঘটনাক্ৰমে স্পেইনৰ প্ৰবন্ধকাৰ ভেলেণ্টিন চেন'চ গুটিয়াৰেচৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাযক্ষ্মা ৰোগ

🔥 Trending searches on Wiki অসমীয়া:

চিলাৰায়কলাজবগীবিল দলংশৰাইঘাটৰ যুদ্ধৰাম সৰস্বতীহাজং জনগোষ্ঠীমোগল সাম্ৰাজ্যঐনিতমযোগাসনঅসমীয়া ব্যাকৰণচাহেবপুৰাৰ বৰষুণকুলধৰ শইকীয়ামানস ৰাষ্ট্ৰীয় উদ্যানবাহৰেইনৰ নাৰীনামঘৰসত্য প্ৰসাদ বৰুৱাগান্ধীবাদশ্ৰীমন্ত শংকৰদেৱদেও লাংখুইনগাঁওকেঁচুহিমা দাসখিলঞ্জীয়া লোকভাৰতৰ উচ্চতম ন্যায়ালয়ছক্ৰেটিছপঞ্জাবী ভাষাবিশ্ব বাণিজ্য সংস্থাঅৰুণোদইখেৰাইপুথিভঁৰালৰাজেন্দ্ৰ প্ৰসাদঅশোকাষ্টমীঅসমীয়া উপন্যাসছ'ভিয়েট সংঘপৰিমেয় সংখ্যাৰঘুনাথ চৌধাৰীৰামায়ণশোভা ব্ৰহ্মহেঙুল আৰু হাইতালচিৰাং জিলাব’হাগছাকিৰাঅসমীয়া সাহিত্যত মালিতাভ্ৰাম্যমাণ থিয়েটাৰজৈন ধৰ্মবেংক অৱ ইণ্ডিয়াৰমন্যাসবাদইউক্লিডবাংলাদেশখোলএম ভেঙ্কায়াহ নাইডুদেৱকান্ত বৰুৱাৰাজিয়া চুলতানাভাৰতৰ ৰাষ্ট্ৰপতিৱাশ্বিংটন ডি.চি.অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাবজ্ৰাংগী আইজৱাহৰলাল নেহৰুচৰাইগঙ্গা নদীবৰগীতমোৰ জীৱন সোঁৱৰণসতীদাহ প্ৰথাস্নায়ুকোষঅসমত দেখা পোৱা মাছৰ তালিকাকমতা ৰাজ্যঅতুল চন্দ্ৰ হাজৰিকাস্বৰ্গৰোমান সাম্ৰাজ্যউপনিষদইণ্ডিয়ান অভাৰচিজ বেংকপ্ৰাকৃতিক পৰিৱেশঅসমত দেখা চৰাইবোৰহিচাপবিদ্যাঅৰ্থনীতিদৈনিক অসম🡆 More