জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী

জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী (দেৱনাগৰী লিপিত: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी; IAST: Jananī janmabhūmiś ca svargād api garīyasī; উচ্চাৰিত: d͡zʌnʌni d͡zʌnmʌbʱumist͡sʌ swʌrɡadʌpi ɡʌrijʌsi) ৰামায়ণৰ এটি সংস্কৃত শ্লোকৰ এশাৰী। ই নেপাল চৰকাৰৰ মূলমন্ত্ৰও।

অনুবাদ

"মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈও উত্তম"।

উৎপত্তি

এই বাক্য হিন্দু মহাকাব্য ৰামায়ণৰ কিছু পুনৰাবৃত্তিত প্ৰদৰ্শিত হ'ব পাৰে, যদিও ৰামায়ণৰ সমালোচকীয় সংস্কৰণত ই সন্নিৱিষ্ট নহয়।

তদুপৰি, এই শ্লোকৰ অন্ততঃ দুটি সংস্কৰণ পোৱা যায়। প্ৰথম সংস্কৰণ ১৯৩০ চনত টি আৰ কৃষ্ণচাৰী আৰু টি আৰ ভেম্বকাচাৰীৰ দ্বাৰা মাদ্ৰাচ হিন্দী প্ৰচাৰ প্ৰেছৰ সহায়ত প্ৰকাশিত ৰামায়ণত পোৱা যায়। তাত ভৰদ্বাজে ৰামক কয়:

मित्राणि धन धान्यानि प्रजानां सम्मतानिव |

जननी जन्म भूमिश्च स्वर्गादपि गरीयसी ||

(মিত্ৰাণি ধন ধান্যানি প্ৰজানাং সম্মতানিৱ।

জননী জন্ম ভূমিশ্চ স্বৰ্গাদপি গৰীয়সী।।)

অৰ্থ: মিত্ৰ, ধন আৰু ধান্যক প্ৰজাই অতিকৈ সন্মান কৰে। কিন্তু জননী আৰু জন্মভূমি স্বৰ্গতকৈও উত্তম।


অন্য এক সংস্কৰণত ৰামে লক্ষ্মণক কয়:

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते |

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ||

(অপি স্বৰ্ণময়ী লঙ্কা ন মে লক্ষ্মণ ৰোচতে।

জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী।।)

অৰ্থ: এই স্বৰ্ণময়ী লংকায়ো মোক ৰুচী প্ৰদান কৰা নাই লক্ষ্মণ। জননী আৰু জন্মভূমি স্বৰ্গতকৈও উত্তম।

তথ্য সংগ্ৰহ

Tags:

en:International Alphabet of Sanskrit Transliterationদেৱনাগৰী লিপিনেপালসংস্কৃত ভাষাৰামায়ণ

🔥 Trending searches on Wiki অসমীয়া:

দিহানামগৱেষণাধানপঞ্জাৱ এণ্ড সিন্ধ বেংকব্ৰহ্মগুপ্তঅৰ্কিডআকাশী গংগা জলপ্ৰপাতবৰদলৈ ট্ৰফীবনঘোষাআহোম ৰাজবংশঅসমীয়া সাহিত্যত মালিতাভাৰতউদ্বিগ্নতাচিত্ৰ-ভাগৱতসপ্তকাণ্ড ৰামায়ণঅসমৰ চলচ্চিত্ৰমোগল সাম্ৰাজ্যচুতীয়া ৰাজ্যচানডুবি বিলকানাই বৰশী বোৱা শিলালিপিআৱাহন (আলোচনী)ভৌতিক সংস্কৃতিপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰসৰ্বশিক্ষা অভিযানস্বাধীনতা দিৱস (ভাৰত)এলবাৰ্ট আইনষ্টাইনচ'মাংকানগদী ভাষাম'লউৎসেচকচন্দ্ৰগুপ্ত মৌৰ্যগীতি-ৰামায়ণডালিমীশ্ৰীমন্ত শংকৰদেৱগোৱালপৰীয়া লোকগীতপৰ্যাবৃত্ত তালিকালক্ষ্মীনন্দন বৰাউত্তৰ-পূব ভাৰতঈয়াৰুইঙ্গমনাগালেণ্ডহেঙুল আৰু হাইতালছক্ৰেটিছৰমজানসংস্কৃতিনীলিম কুমাৰতেজচীনা সাম্যবাদী বিপ্লৱৰজনীকান্ত বৰদলৈভৰবেগঅসম দিৱসৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘগণতন্ত্ৰবিহুগীতমনকৰচাহভাওনাআজান পীৰৰাভা জনগোষ্ঠীজালিয়ানৱালাবাগৰ হত্যাকাণ্ডমধুপুৰ সত্ৰভাৰতৰ ৰাষ্ট্ৰপতিভূপেন হাজৰিকাঅসমৰ জিলাসমূহমিচিং জনগোষ্ঠীসিন্ধু সভ্যতাসোণোৱাল কছাৰীঅজন্তা গুহাসমূহৰামমোহন ৰায়ৰামায়ণঅংগনবাদীশ্ৰী শ্ৰী বটদ্ৰৱা থানসমাজবাদব্ৰাহ্ম সমাজ🡆 More