ছেৰাব

ছেৰাব (ইংৰাজী: cherub; /ˈtʃɛrəb/; হিব্ৰু: כְּרוּב) হৈছে আব্ৰাহামিক ধৰ্ম অনুসৰি ঈশ্বৰৰ প্ৰত্যক্ষভাৱে যত্ন লোৱা অপাৰ্থিৱ সত্তাসমূহৰ ভিতৰত অন্যতম। ছেৰাবসকলৰ বিভিন্ন কলাকৃতিত ছেৰাবসকলে এদন বাগিচাৰ প্ৰৱেশদ্বাৰ ৰক্ষা কৰাকে আদি কৰি বহুতো ভিন্ন ভূমিকা পালন কৰাৰ দৃশ্য প্ৰদৰ্শন কৰা হৈছে।

ছেৰাব
এজন ছেৰাবৰ চিত্ৰ

পৰম্পৰা

ছেৰাবসকলক ইহুদী স্বৰ্গদূতৰ স্থান তালিকাত (Jewish angelic hierarchy) দ্বাদশ শতিকাৰ মাইমনিডেছৰ মিছনেহ টোৰাত (Maimonides' Mishneh Torah) নৱম স্থান, আৰু চতুৰ্দশ শতিকাৰ বেৰিট মেনুচাৰ (Berit Menuchah) দৰে কাবালিষ্টিক গ্ৰন্থত তৃতীয় স্থান প্ৰদান কৰা হৈছে। ডি ক'লেষ্টি হাইৰাৰ্চিয়াৰ (De Coelesti Hierarchia) দৰে খ্ৰীষ্টান গ্ৰন্থত তেওঁলোকক “চেৰাফিম” আৰু “থ্ৰ'নছ”ৰ সৈতে সৰ্বোচ্চ পদবীত স্থান দিয়া হৈছে।

ইছলামত আল-কাৰুবিয়িন (al-karubiyyin) "ছেৰাবসকল" বা আল-মুকাৰৰাবিন (al-muqarrabin) "ওচৰত থকা" বুলিলে ঈশ্বৰৰ ওচৰত থকা সৰ্বোচ্চ স্বৰ্গদূতসকলক বুজোৱা হয়, অৰ্থাৎ বাৰ্তাবাহী দূতসকলক বুজোৱা হয়। ইয়াৰ ভিতৰত সিংহাসন বাহক, সিংহাসনৰ চাৰিওফালে থকা স্বৰ্গদূত আৰু প্ৰধান স্বৰ্গদূত আদি অন্তৰ্ভুক্ত। মাইকেলৰ অধীনস্থ দয়াৰ স্বৰ্গদূতসকলকো ছেৰাব বুলি চিনাক্ত কৰা হৈছে। ইছমাইল ধৰ্মত সাতজন প্ৰধান স্বৰ্গদূত আছে যাক চেৰাব বুলি কোৱা হয়।

হিব্ৰু বাইবেলৰ প্ৰথম খণ্ড “এজেকিয়েল ১”ৰ (Ezekiel 1) বৰ্ণনা অনুসৰি, “প্ৰত্যেকৰে চাৰিখনকৈ মুখ আছিল, আৰু প্ৰত্যেকৰে চাৰিখন ডেউকা আছিল; প্ৰত্যেকৰে ভৰি দুটা লগলাগি এটা কঠিন ভৰিৰ হৈ পৰিছিল, আৰু প্ৰত্যেকৰে ভৰি দুখন এটা গৰু পোৱালিৰ খুৰাৰ দৰে আছিল; আৰু ইহঁতৰ ব্ৰঞ্জৰ দৰে জিলিকনি আছিল।” এজেকিয়েল আৰু অন্য কিছুমান খ্ৰীষ্টান ধৰ্মীৰ প্ৰতিমূৰ্তিত ছেৰাবসকলৰ দুযোৰ ডেউকা আৰু চাৰিখন মুখ থকা এটা হায়োথ (hayyoth, দেখাত সিংহ, ম’হ, মানুহ আৰু ঈগলৰ সংমিশ্ৰিত ৰূপৰ এটা জীৱ) বুলি চিত্ৰিত কৰা হৈছে।(পৃষ্ঠা 2–4) খ্ৰীষ্টান ধৰ্মমতে এই প্ৰাণীৰ মুখ চাৰিখনে “চাৰিজন ইভানজেলিষ্ট”ক (Four Evangelists) প্ৰতিনিধিত্ব কৰে।

পিছৰ পৰম্পৰাবোৰত ছেৰাবসকলৰ বিভিন্ন শাৰীৰিক ৰূপ আৰোপ কৰা হৈছে।(পৃষ্ঠা 2–4) কিছুমান প্ৰাচীন মিদ্ৰাছ সাহিত্যত ইহঁতক শৰীৰবিহীন বুলি ধাৰণা কৰে। পশ্চিমীয়া খ্ৰীষ্টান পৰম্পৰাত ছেৰাবসকলক ধ্ৰুপদী প্ৰাচীন কালত কিউপিডৰ পৰা আহৰণ কৰা পুটোৰ সৈতে জড়িত কৰা হয়, ফলস্বৰূপে ছেৰাবসকলক সৰু, ডাঠ, ডেউকাযুক্ত ল'ৰা হিচাপে চিত্ৰিত কৰা হৈছে।(পৃষ্ঠা 1)

তৃতীয় শতিকাৰ ‘নষ্টিক’ (Gnostic) লিখনী “ছেকেন্দ ট্ৰিটিজ অৱ দ্য গ্ৰেট চেথ”তো (Second Treatise of the Great Seth) ছেৰাবৰ বিষয়ে উল্লেখ কৰা হৈছে।

কাৰ্য

ইষ্ৰায়েলী ছেৰাবসকলে বিভিন্ন কাম পালন কৰে বুলি বৰ্ণনা কৰা হৈছে – বেছিভাগ সময়তে, তেওঁলোকক য়াহৱেহৰ (ইষ্ৰায়েলী ভগৱান) সিংহাসনক শক্তিশালী কৰে বুলি বৰ্ণনা কৰা হৈছে। ‘এজেকিয়েল’ বৰ্ণনাতো ছেৰাবসকলেও এই কাম কৰা দেখুওৱা হৈছে, কিয়নো চাৰিটা ছেৰাবৰ ডেউকাৰ সংযুক্ত ঢালখনে ঈশ্বৰৰ ৰথৰ সীমা গঠন কৰে বুলি বৰ্ণনা কৰা হৈছে।

পৰম্পৰাগত হিব্ৰু বিশ্বাসমতে ছেৰাবসকলং ইডেন বাগিচাৰ ৰক্ষক হিচাপে কাম কৰে। এই ধাৰণামতে অতিমানৱীয় শক্তিৰ অধিকাৰী ছেৰাবসকলৰ কৰ্তব্য আছিল দেৱতাক প্ৰতিনিধিত্ব কৰা আৰু তেওঁলোকৰ বাগিছাৰ ৰক্ষক হিচাপে অনুপ্ৰৱেশকাৰীক বাধা দিয়া; নিমৰুদৰ (Nimrud) শিলালিপিৰ ৯ নং ফলিত পোৱা বিৱৰণৰ সৈতে এই ধাৰণাবোৰ মিল দেখা পোৱা যায়।

হিব্ৰু বাইবেল

হিব্ৰু বাইবেলত বৰ্ণনা কৰা স্বৰ্গীয় জাৱবোৰৰ ভিতৰত আটাইতকৈ বেছিকৈ বৰ্ণিত জীৱ হৈছে ছেৰাবসকল। ছেৰাবৰ হিব্ৰু শব্দটো বাইবেলখনত ৯১ বাৰ দেখা পোৱা যায়।(পৃষ্ঠা 2–4)

ইহুদী ধৰ্ম

ইহুদী ধৰ্মতো ছেৰাবকে ধৰি বহুতো স্বৰ্গদূতৰ অস্তিত্বৰ ওপৰত বিশ্বাস অন্তৰ্ভুক্ত কৰা হৈছে।

তথ্য সংগ্ৰহ

Tags:

ছেৰাব পৰম্পৰাছেৰাব কাৰ্যছেৰাব হিব্ৰু বাইবেলছেৰাব ইহুদী ধৰ্মছেৰাব তথ্য সংগ্ৰহছেৰাবen:Help:IPA for Englishআব্ৰাহামিক ধৰ্মইংৰাজী ভাষাৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

বেংক অৱ ইণ্ডিয়াপানীগদ্যআউনীআটী সত্ৰবাঁহছাকিৰা২০২২ ফিফা বিশ্বকাপবলভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাউদ্বিগ্নতাএম ভেঙ্কায়াহ নাইডুকাছযাদৱ পায়েংঅসমীয়া সাহিত্যত মালিতাভাৰতৰ ৰাষ্ট্ৰপতিমৌখিক সাহিত্যসোণঅৰুণ শৰ্মাআনন্দৰাম ঢেকিয়াল ফুকনজোনবিল মেলাবন্দে মাতৰম্‌অসমৰ কাঁহ শিল্পজ্যামিতিচ'মাংকানমামণি ৰয়ছম গোস্বামীঅসম আন্দোলনভাৰতীয় ৰেলঅসমৰ তেল শোধনাগাৰতাপগতি বিজ্ঞানশৰৎচন্দ্ৰ গোস্বামীফ্ৰান্সঅসমীয়া সাহিত্যইয়াণ্ডাবু সন্ধিভবেন্দ্ৰ নাথ শইকীয়াঅভিমন্যুমাৰ্ক্সবাদসাঁচিপাতৰ পুথি (উপন্যাস)আনন্দৰাম বৰুৱাবীৰবলভিটামিননতুন দিল্লীহাবুংপ্ৰযুক্তিবড়ো ভাষাজীৱনীঅসমীয়া লোক-সংস্কৃতিনৱকান্ত বৰুৱাগুণমালামিচিং জনগোষ্ঠীৰ সাজপাৰৰামধেনু (আলোচনী)দীপলিনা ডেকাৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছগোলকীয় উষ্ণতা বৃদ্ধিজয়মতী কুঁৱৰীবিশ্ব থিয়েটাৰ দিৱসবনলতা সেন (কবিতা)কৰ'নাভাইৰাছ ৰোগ ২০১৯উৰ্দু ভাষাভাৰতীয় দৰ্শনমনচীনা সাম্যবাদী বিপ্লৱউপভাষাৰজনীকান্ত বৰদলৈকামাখ্যা মন্দিৰঅসমীয়া খাদ্যাভ্যাসকৃষ্ণগঙ্গা নদীচন্দ্ৰগুপ্ত মৌৰ্যইলোৰা গুহাসমূহঅনুবাদআৰ. এম. এছ. টাইটানিকবাথৌ পূজাদিন🡆 More