গমধৰ কোঁৱৰ

গমধৰ কোঁৱৰ (ইংৰাজী ভাষা:Gamadhar Konwar) অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।

গমধৰ কোঁৱৰ
নেতা অসমৰ স্বাধীনতা সংগ্ৰামী
ব্যক্তিগত তথ্য
জন্ম অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পিতৃ ফেনা কোঁৱৰ
পেচা স্বাধীনতা সংগ্ৰামী, মুক্তি যুঁজাৰু
জীৱিকা আহোম ৰাজকোঁৱৰ

ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৮ চনৰ আগভাগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। আৰম্ভণিতে ব্ৰিটিছ শাসনে কথা দিছিল যে মানক অসমৰ পৰা খেদি শাসন ভাৰ আহোমসকলক গতাই দিব। কিন্তু এই প্ৰতিশ্ৰুতি নৰখাৰ বাবেই ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহে গা কৰি উঠে। ভাৰত বুৰঞ্জীত এই বিদ্ৰোহ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভণিৰ এক স্বাধীনতা সংগ্ৰাম।

বিদ্ৰোহী সকলে যোৰহাটত আহোম ৰীতিমতে গমধৰ কোঁৱৰক অসমৰ স্বৰ্গদেউ ৰূপে প্ৰতিষ্ঠা কৰে যদিও ব্ৰিটিছে ১৮২৮ চনৰ শেষ ভাগলৈ এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয়। বিদ্ৰোহৰ অন্তত গমধৰ কোঁৱৰ নগা পাহাৰলৈ পলাই যায়। কিন্তু ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনে তেওঁক ৰাজদ্ৰোহৰ অপৰাধত ১৪ বছৰৰ বাবে কাৰাদণ্ড বিহে আৰু ৰংপুৰৰ (বৰ্তমান বাংলাদেশত) জেললৈ প্ৰেৰণ কৰে। কিন্তু বেমাৰৰ বাবে তেওঁক ৭ বছৰ কাৰাবাসৰ পিছত নিজৰ জন্মভূমিলৈ উভতাই পঠোৱা হয়।

তথ্য সংগ্ৰহ

Tags:

অসমআহোমইংৰাজী ভাষাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

ইলিয়াডবড়ো জনগোষ্ঠীহোমাৰকলাশক্তিভূমিকম্পমামৰে ধৰা তৰোৱালঅসমৰ চাহ জনগোষ্ঠীভৃগু কুমাৰ ফুকনযুগ্ম সংখ্যাজয় দৌলমুদ্ৰাসন্ধিআহোম বিবাহ পৰম্পৰাডিব্ৰুগড় জিলাগুমৰাগমৌখিক ইতিহাসঅশ্বিনী কুমাৰ বৰুৱাভাস্কৰ (প্ৰথম)অসমীয়া ভাষা আন্দোলনঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলশ্ৰীকৃষ্ণকীৰ্তনগাঁও পঞ্চায়তএকচেটীয়া বজাৰবসন্ত ৰোগভাৰতৰ সংৰক্ষণ ব্যৱস্থানাৰীবাগ্‌ধ্বনিৰঘুনাথ চৌধাৰীবৰপেটাআইদেউ সন্দিকৈউমাচল শিলালিপিমৃণাল কলিতাএহাত ডাবাবাজেটহৰপ্পাঅসমৰ নদীসমূহৰ তালিকাবৌদ্ধ ধৰ্মমৰুদ্যানজৱাহৰলাল নেহৰুজ'মাট'সাধুকথামহাদেশস্বাভাৱিক সংখ্যাধৰিত্ৰী দিৱসঅসমৰ মন্ত্ৰ-সাহিত্যভাৰত-আৰ্য ভাষা পৰিয়ালবগেজাৰী গীতমনোমতীপৰিৱেশ বিজ্ঞানবাঁহঅসমৰ মাছ ধৰা সঁজুলিগুণাভিৰাম বৰুৱাঅসমৰ বাঁহ-বেতৰ শিল্পবায়ু প্ৰদূষণআলোচনীঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাবড়োলেণ্ডআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডফকৰা যোজনাযতি-চিনচৈয়দ আব্দুল মালিকপোৱামক্কাঅসমৰ কাঁহ শিল্পমিচিং জনগোষ্ঠীৰ সাজপাৰচৰাইদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাশিক্ষাৰ অধিকাৰপৰ্যটনপদ্মনাথ গোহাঞি বৰুৱামাৰ্ক্সবাদনীলপৱন বৰুৱা🡆 More