কেলাদি চেন্নাম্মা

কেলাদি চেন্নাম্মা (ইংৰাজী: Keladi Chennamma) কৰ্ণাটকৰ কেলাদি ৰাজ্যৰ ৰাণী আছিল। তেওঁ চিদ্দাপ্পা চেট্টী নামৰ এজন ব্যক্তিৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল। চিদ্দাপ্পা চেট্টী কৰ্ণাটকৰ কুণ্ডাপুৰ অঞ্চলৰ এজন স্থানীয় ব্যৱসায়ী আছিল। তেওঁ লিঙ্গায়ত সম্প্ৰদায়ৰ আছিল। চেন্নাম্মাই ১৬৬৭ চনত ৰজা সোমশেখৰ নায়কৰ হৈছে বিবাহপাশত আৱদ্ধ হৈছিল। ১৬৭৭ চনত সোমশেখৰ নায়কৰ মৃত্যুৰ পিছত চেন্নাম্মাই কেলাদি নায়ক ৰাজবংশৰ প্ৰশাসন দক্ষতাৰে চম্ভালিছিল। তেওঁৰ ২৫ বছৰীয়া শাসনকালত তেওঁ ভাৰতৰ কৰ্ণাটকৰ চাগাৰাত অৱস্থিত কেলাদি ৰাজ্যত থকা তেওঁৰ সামৰিক ঘাটিৰ পৰা ঔৰঙ্গজেৱৰ নেতৃত্বত মোগল সেনাৰ অগ্ৰগতি প্ৰতিহত কৰিছিল। তেওঁ হিৰিয়া বাসপ্পা নায়ক হিচাপে সফল হোৱা তেওঁৰ এগৰাকী নিকট আত্মীয় বাসৱপ্পা নায়কক দত্তক পুত্ৰ হিচাপে তুলি লৈছিল। তেওঁ পৰ্তুগীজসকলৰ সৈতে জালুক আৰু চাউলৰ দৰে সামগ্ৰীৰ সৈতে এটা বাণিজ্য চুক্তিও কৰিছিল। কৰ্ণাটকৰ চান্নাগিৰিৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

কেলাদি চেন্নাম্মা
কেলাদি চেন্নাম্মা
গণপতি আৰু কেলাদি চেন্নাম্মাৰ শিলত কটা মূৰ্তি
জন্ম চেন্নাম্মা
মৃত্যু ১৬৯৬
জনা যায় মোগল সম্ৰাট ঔৰঙ্গজেৱৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে
দাম্পত্যসঙ্গী সোমশেখৰ নায়ক

তেওঁ পৰ্তুগীজসকলক মিৰ্জান, হোন্নাভাৰা, চন্দ্ৰভাৰা আৰু কল্যাণপুৰত গীৰ্জা স্থাপনৰ অনুমতি দিছিল। কৰ্ণাটক ৰাজ্যত তেওঁক আব্বাক্কা চৌটা, কিট্টুৰ চেন্নাম্মা, বেলাৱাদি মাল্লাম্মা আৰু ওনাকে ওবাভাৰ সৈতে বীৰাংগনা, মহিলা যোদ্ধা আৰু দেশপ্ৰেমী হিচাপে স্মৰণ কৰা হয়।

জীৱন

কেলাদি চেন্নাম্মা বা কেলাদিৰ ৰাণী চেন্নাম্মা কৰ্ণাটকৰ সাগৰৰ এগৰাকী স্থানীয় ব্যৱসায়ী চিদ্দাপ্পা চেট্টীৰ জীয়ৰী আছিল। বিজয়নগৰ সাম্ৰাজ্যৰ পতনৰ পিছত কেলাদি সাম্ৰাজ্য গঠন হৈছিল। কেলাদি ৰাজ্য বেদনুৰ আৰু ইক্কেৰী নামেৰেও জনাজাত হৈছিল। ১৬৬৭ খ্ৰীষ্টাব্দত চেন্নাম্মা ৰজা সোমশেখৰ নায়কৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৬৭৭ চনত সোমশেখৰ নায়কৰ মৃত্যুৰ পিছত চেন্নাম্মাই কেলাদি নায়ক ৰাজবংশৰ প্ৰশাসন দক্ষতাৰে চম্ভালিছিল। তেওঁৰ ২৫ বছৰৰ শাসনকালত তেওঁ ঔৰঙ্গজেৱৰ নেতৃত্বত মোগল সৈন্যবাহিনীক তেওঁৰ ৰাজ্যৰ পৰা উলিয়াই দিছিল। তেওঁ তেওঁৰ এজন নিকট আত্মীয় বাসৱপ্পা নায়কক দত্তক পুত্ৰ হিচাপে তুলি লৈছিল। পিছলৈ তেওঁ হিৰিয়া বাচাপ্পা নায়ক হিচাপে জনাজাত হৈছিল চেন্নাম্মাৰ পৰ্তুগীজসকলৰ সৈতে জালুক আৰু চাউলৰ দৰে সামগ্ৰীৰ ওপৰত বাণিজ্যিক চুক্তি কৰিছিল। ইয়াৰ বাবে তেওঁক পৰ্তুগীজসকলে "দ্য পেপাৰ কুইন" বা "ৰাইনা দা পিমেণ্টা" উপাধি প্ৰদান কৰিছিল। তেওঁ পৰ্তুগীজসকলক গীৰ্জা নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল।

ঔৰঙ্গজেৱৰ আক্ৰমণ

তেওঁ মোগল সম্ৰাট ঔৰঙ্গজেৱৰ পৰা পলায়ন কৰি অহা শিৱাজীৰ পুত্ৰ ৰাজাৰাম ছত্ৰপতিক তেওঁৰ মন্ত্ৰীসভাৰ সৈতে বৈঠকৰ পিছত আশ্ৰয় প্ৰদান কৰিছিল আৰু ৰাজাৰামক সন্মানৰ সৈতে ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত ক্ষুদ্ধ হৈ ঔৰঙ্গজেৱে কেলাদিক আক্ৰমণ কৰিছিল। কেলাদি চেন্নাম্মাই পৰাজয় বৰণ নকৰাকৈ যুদ্ধ কৰিছিল আৰু শেষত মোগলৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰিছিল। কেলাদি ৰাজ্যৰ অধীনস্থ স্বদি ৰাজ্যৰ সদাশিৱেও ঋণৰ জৰিয়তে ৰাজাৰামক সহায় কৰিছিল। মহীশূৰৰ শাসক আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছসকলৰ হাতত স্বায়ত্তশাসন হেৰুৱাই কেলাদি ৰাজ্য সম্ভৱতঃ নিঃশেষ হৈছিল। টিম্মান্না নায়কে তেওঁৰ মন্ত্ৰীসভাৰ নেতৃত্ব দিছিল। টিম্মান্না নায়ক বিজয়নগৰ ৰাজ্যৰ এজন সেনাপতিৰ বংশধৰ আছিল।

উত্তৰাধিকাৰ

তেওঁক ৰাণী আব্বাক্কা চৌটা, ওনাকে ওবাভা আৰু কিট্টুৰ চেন্নাম্মাৰ সৈতে কানাড়া বীৰাংগনাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। চেন্নাম্মা এগৰাকী অতি সৎ আৰু ধাৰ্মিক মহিলা আৰু তেওঁৰ সময়ৰ এগৰাকী ব্যৱহাৰিক প্ৰশাসক হিচাপে পৰিচিত আছিল।

জনপ্ৰিয় সংস্কৃতিত

সুৱৰ্ণ টিভিত সম্প্ৰচাৰিত এক কানাড়া ভাষাৰ ঐতিহাসিক টিভি শৃংখলা 'কেলাদি চেন্নাম্মা' তেওঁৰ জীৱনৰ ওপৰত আধাৰিত।

তথ্য উৎস

Tags:

কেলাদি চেন্নাম্মা জীৱনকেলাদি চেন্নাম্মা ঔৰঙ্গজেৱৰ আক্ৰমণকেলাদি চেন্নাম্মা উত্তৰাধিকাৰকেলাদি চেন্নাম্মা জনপ্ৰিয় সংস্কৃতিতকেলাদি চেন্নাম্মা তথ্য উৎসকেলাদি চেন্নাম্মাইংৰাজী ভাষাকৰ্ণাটক

🔥 Trending searches on Wiki অসমীয়া:

সাতসৰী (আলোচনী)মমিতা বৈজুপৰ্যটনস্বাভাৱিক সংখ্যাঅসমৰ পৰম্পৰাগত সাজ-পাৰকুমাৰ ভাস্কৰ বৰ্মাঅসমত মহাত্মাশ্ৰী সূৰ্য পাহাৰবিষ্ণুপ্ৰসাদ ৰাভাথমাছ আলভা এডিচনতেজীমলাশব্দ প্ৰদূষণহিন্দী ভাষাঅসীমত যাৰ হেৰাল সীমাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকামামণি ৰয়ছম গোস্বামীৰবীন্দ্ৰনাথ ঠাকুৰশ্ৰীমন্ত শংকৰদেৱপৰ্যাবৃত্ত তালিকাবায়ু প্ৰদূষণস্বদেশী আন্দোলনপ্ৰান্তিকআলি আঃয়ে লৃগাংভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহসম্পাদনাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাকাতি বিহুঅৰুণাচল প্ৰদেশপৰিয়ালগোপীনাথ বৰদলৈমেলেৰিয়াছক্ৰেটিছমহাকাব্যনাৰীলোকবিশ্বাসশকুন্তলাসিন্ধু নদীগঙ্গা নদীঅসমীয়া ব্যাকৰণইন্দিৰা মিৰিগুপ্ত সাম্ৰাজ্যভাষাবিজ্ঞানউপন্যাসসময়জ্যোতি সংগীতঅসমৰ শাক-পাচলিৰ তালিকাঅসম বিধানসভামানৱ ভূগোলঅম্বিকাগিৰি ৰায়চৌধুৰীপাচন তন্ত্ৰগৰীয়সীযৌগিক সংখ্যাদিহানামঅসমনিঃসঙ্গতাদীনেশ চন্দ্ৰ গোস্বামীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানশালস্তম্ভ ৰাজবংশঅসম চাহৰাজিয়া চুলতানাপানীচ'মাংকানপ্ৰাক-ইতিহাসমৌখিক ইতিহাসতামোলভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাশিশুৰ খেল-ধেমালিশিৱঅসম আৰক্ষী🡆 More