কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷
কিফিৰে | |||
— নগৰ — | |||
স্থানাঙ্ক | 25°53′57″N 94°46′51″E / 25.8992°N 94.7808°E | ||
দেশ | ভাৰত | ||
ৰাজ্য | নাগালেণ্ড | ||
জিলা | কিফিৰে | ||
জনসংখ্যা • ঘনত্ব | 11,799 (2011[update]) • 1,311 /কিমি২ (3,395 /বৰ্গ মাইল) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা | >9 km2 (3 sq mi) • 896 m (2,940 ft) | ||
ক'ড
| |||
ৱেবছাইট | http://kiphire.nic.in |
কিফিৰে জিলাখন নাগালেণ্ডৰ টুৱেনচাং জিলাৰ পৰা পৃথক কৰাৰ পিছত কিফিৰে নগৰ জিলাখনৰ সদৰঠাই হিচাপে স্বীকৃত হয়৷ এই নগৰখন নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা ২৫৪ কিমি দুৰত্বত অৱস্থিত৷ এই জিলাতে নাগালেণ্ড ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত মাউন্ট চাৰামাটি অৱস্থিত৷
কিফিৰে নগৰৰ অধিকাংশ লোকেই চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আৰু চেমা (Sema) নগা জনজাতিৰ লোক৷
This article uses material from the Wikipedia অসমীয়া article কিফিৰে, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.