আলি আঃয়ে লৃগাং

আলি আঃয়ে লৃগাং (ইংৰাজী: Ali-Ai-ligang) অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

আলি আঃয়ে লৃগাং
আলি আঃয়ে লৃগাং
আলি আঃয়ে লৃগাং উপলক্ষে কৰা পূজাৰ দৃশ্য
আৰম্ভ ফাগুন মাহৰ প্ৰথম বুধবাৰ
অন্তৰ বাৰ্ষিক
ঠাই অসম
অংশগ্ৰহণকাৰী মিচিং জনগোষ্ঠী

উৎসৱৰ বিৱৰণ

আলি আঃয়ে লৃগাং 
আলি আঃয়ে লৃগাং অনুষ্ঠান

মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজ-ভাত খাই নানান নৃত্য-গীত কৰে।

পূৰ্বতে আলি আঃয়ে লৃগাং উৎসৱ পাঁচদিনীয়াকৈ পালন কৰা হৈছিল। প্ৰথমদিনা ৰীতি অনুসৰি শস্য সিঁচা হয়। পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় ২-৩ফুট বহল আৰু ৩-৪ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয়। পুৱাতে ঘৰৰ গৃহস্থই 'ইগিন'ত লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্তু যেনে- পঃৰ আপং (পৰম্পৰাগত পানীয়), পুৰাং (তৰা পাতত সিজোৱা টোপোলা ভাত), আদা, আহু ধানৰ বীজ, কপাহ, পিঃৰ (মেগেলা গছ), কপাহী সূতা, কাঠ আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি-তেল আদি ভৰাই লৈ পথাৰলৈ যায়। যোৱাৰ পূৰ্বে জুহালত নিৰ্দিষ্ট নিয়মেৰে গৃহৰক্ষক ডাঙৰীয়া, পূৰ্বপুৰুষসকলক সাক্ষী হিচাপে লৈ শস্য সিঁচাৰ শুভকাৰ্যত সফলতা লাভৰ মানসেৰে আৰ্শীবাদ কামনা কৰে। খেতিপথাৰৰ নিৰ্দিষ্ট ঠাইডোখৰত মেগেলা গছবোৰ পুতি দি কপাহী সূতাৰে মেৰিয়াই তৈয়াৰ কৰা বেদীত ছটিয়াই চাকিগছি জ্বলাই দি পুৰাং, আপং, মাছ আদি খাদ্য সামগ্ৰীবিলাক আগবঢ়াই দিয়ে। তাৰ পাছত সোঁহাতত আহুধানৰ সঁচ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ চেদি-মেল, আৰাধ্য দেৱ-দেৱী দঞি-পল (বেলি-জোন), কাৰ্ছিং-কাৰ্তাং (গ্ৰহ-নক্ষত্ৰ)-ক সাক্ষী কৰি ধৰিত্ৰী শস্য-শ্যামলা হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাই বীজ সিঁচে।

উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে। লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰৰে কিছুমান মচাং, এগ, ৰিঃ বি গাচেম, গেৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে। গৃহিণীহঁতে দোকমোকালিতে উঠি ঘৰৰ চোতাল, চাংতল আদি সাৰি-মচি পৰিষ্কাৰ কৰে। গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে। আলি আঃয়ে লৃগাং উপলক্ষে ঘৰে ঘৰে পুৰাং, আপং আদিৰ লগতে শুকান মাছৰ চাটনি, মাছৰ আঞ্জা, গাহৰি মাংসৰ তৰকাৰী আদি প্ৰস্তুত কৰে। পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি 'পুৰাং' আপিন সিজায়। খোৱা-বোৱাৰ অন্তত নৃত্য-গীত কৰা হয়। ল'ৰা-বুঢ়া, ডেকা-গাভৰু সকলোৱে উলহ-মালহেৰে অংশ লোৱা এই নৃত্যক 'পাক্ছ-মনাম্' বোলা হয়। এই নৃত্যৰ সৈতে বজোৱা ঢোলৰ বিশেষ ছেওৰ অনুকৰণত এই নৃত্যক 'গুম্ ৰাগ্' বুলিও কোৱা হয়। বৃত্তাকাৰে ঘূৰি ঘূৰি নচা এই নৃত্যৰ ভংগীয়ে ঋতু পৰিৱৰ্তন আৰু জীৱন চক্ৰৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰে। লোকবিশ্বাস মতে এই নৃত্য নকৰিলে ধানৰ গঁজালি ঠন্ ধৰি নুঠে, থোক লেৰেলি যায় বা পোক-পতংগই ক্ষতি সাধন কৰে। এই উৎসৱত পৰিৱেশন কৰা গীতক 'লৃগাং-নিঃতম' নামেৰে জনা যায়।

বিশ্বাস

আলি আঃয়ে লৃগাং উৎসৱৰ সৈতে বহু বিশ্বাস যুক্ত হৈ আছে। এনে বিশ্বাসমতে শস্য সিঁচিবলৈ যাওঁতে গৃহস্থজনে ধানৰ থোক ঘিলাৰ চেইনৰ দৰে দীঘল আৰু শিলৰ দৰে গধুৰ হোৱাৰ কামনাৰে লগত ঘিলা আৰু শিলগুটি লৈ যাব লাগে। শস্য সিঁচাৰ পাছৰ পৰা কেইদিনমান তেওঁলোকে মাটি নাখান্দে, বাঁহ-বেত, খেৰ-খাগৰি আদি নাকাটে, ভজা-পোৰা নাখায়। অন্যথা শস্যৰ বীজ শুকাই যায় বুলি ভবা হয়। বীজ সিঁচি ঘৰলৈ আহি গৃহস্থজনে এবাটি পঃৰ আপং আৰু পুৰাং খায় আৰু এই কামনা কৰে যাতে খাদ্যবস্তুৰ কোনোদিনে অভাৱ নহয়। শস্য সিঁচাৰ তিনিদিন পাছত ৰীতি-নীতি মতে এই বাধা-নিষেধ ভঙা হয়। মিচিংসকলে বিশ্বাস কৰে যে - দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; তেতিয়া শস্যৰ উৎপাদন নহ'ব। সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

আলি আঃয়ে লৃগাং উৎসৱৰ বিৱৰণআলি আঃয়ে লৃগাং বিশ্বাসআলি আঃয়ে লৃগাং তথ্যসূত্ৰআলি আঃয়ে লৃগাং বাহ্যিক সংযোগআলি আঃয়ে লৃগাংঅসমইংৰাজী ভাষাফাগুনমিচিং জনগোষ্ঠী

🔥 Trending searches on Wiki অসমীয়া:

অসমত দেখা পোৱা মাছৰ তালিকাতাল (বাদ্যযন্ত্ৰ)থাই ভাষাঅসমৰ ইতিহাসঅসমৰ লোকবাদ্যএচিদ বৰষুণজাতনামসাহিত্য সমালোচনাৰাজনৈতিক দলজৈন ধৰ্মঅশ্বিনী কুমাৰ বৰুৱাস্বদেশী আন্দোলনসাত বিহুভাৰতত মহিলা শিক্ষানামেৰি ৰাষ্ট্ৰীয় উদ্যানঅসমৰ মুখা শিল্পমিজোৰামঅসমৰ ধান খেতিৰ সঁজুলিসমূহনেতাই ধুবুনী ঘাটকালিদাসগুৱাহাটী বিশ্ববিদ্যালয়অসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)কাঞ্চন (উপন্যাস)মেঘালয়অৰুণাচল প্ৰদেশঋণাত্মক অখণ্ড সংখ্যাঅসমৰ নদীসমূহৰ তালিকাকৰ্কট ক্ৰান্তিজেং বিহুবৰাক উপত্যকাইউনিক’ডধতুৰানামঘৰপৰিয়ালঅৰুণোদইমণিৰাম দেৱানৰাধাগোবিন্দ বৰুৱাপাকস্থলীঅসমীয়া যুক্তাক্ষৰমাছঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপ্ৰকৃতিহোমেন বৰগোহাঞিভূগোলঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাসাগৰবিহু নৃত্যবাঁহী (আলোচনী)বিচূৰ্ণীভৱনভাৰতৰ স্বাধীনতা আন্দোলনবসন্ত ৰোগবিশ্বকোষজৈৱ বৈচিত্ৰ্যৱিকিমিডিয়া ফাউণ্ডেশ্যনজীৱনীইষ্ট ইণ্ডিয়া কোম্পানীদৰ্শনবেদ২৩ এপ্ৰিলচকলংদীনেশ চন্দ্ৰ গোস্বামীপুৰাণকোচ ৰাজবংশশচীন তেণ্ডুলকাৰৰাজহুৱা ক্ষেত্ৰসংঘাতনামঘোষাজাতি লাউভাৰত-ইউৰোপীয় ভাষা পৰিয়ালগোৱালপৰীয়া লোকগীতহিমবাহঅসমৰ পুৰণি স্থাপত্যশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাৰাসোৎসৱভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫কেশৱ মহন্তকাৰেংঘৰ🡆 More