আব্দুল মতলিব মজুমদাৰ

আব্দুল মতলিব মজুমদাৰ (ইংৰাজী: Abdul Motlib Mazumdar) ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু একাধিকবাৰ অসম বিধান সভালৈ নিৰ্বাচিত কংগ্ৰেছ প্ৰতিনিধি৷ তেওঁ খিলাফৎ আন্দোলনৰ সমৰ্থক আৰু প্ৰাক্-স্বাধীনতাকালত মুছলিম লীগৰ প্ৰতিদ্বন্দ্বীৰূপে “জমিয়ৎ উলেমা ই হিন্দ’’ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাতা৷ তেওঁৰ জন্ম ১৮৯০ চনৰ জুন মাহৰ ১ তাৰিখে, হাইলাকন্দি জিলাৰ বৰজুৰাই গাঁৱত৷

শিক্ষা

হাইলাকান্দিৰ ভিক্টোৰিয়া মেম’ৰিয়েল হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰি “আৰ্ল মেডেল’’ লাভ কৰে আৰু ঢাকালৈ গৈ বি,এ আৰু ইংৰাজীত এম,এ উপাধি লৈ তিনিবছৰ পাছত আইনৰো স্নাতক ডিগ্ৰী লাভ কৰে৷

কৰ্মজীৱন

শিক্ষা সাং কৰি তেওঁ শ্বিলঙৰ অসম সচিবালয়ত কিছুকাল চাকৰি কৰাৰ পাছত হাইলাকান্দিত ওকালতি কৰিবলৈ লয়, আৰু তেতিয়াই তেওঁ খিলাফৎ আন্দোলনত যোগ দিয়ে৷

ৰাজনৈতিক জীৱন

১৯২৫ চনৰ পৰা তেওঁ কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰে আৰু স্বাধীনতা যুঁজত অংশ গ্ৰহণ কৰে৷ ১৯৩৭ চনত তেওঁ হাইলাকান্দি জিলা কংগ্ৰেছ কমিটি গঠন কৰে আৰু তেওঁ তাৰ সভাপতিৰ পদ গ্ৰহণ কৰে৷ ১৯৪৫ চনত তেওঁ হাইলাকান্দি লোকেল বোৰ্ডৰ সভাপতি হয়৷ লোকেল বোৰ্ডৰ তেৱেঁই আছিল প্ৰথম ভাৰতীয় সভাপতি৷ ১৯৪৬ চনত মুছলিম লীগৰ প্ৰাৰ্থীক হৰুৱাই বিধান সভালৈ নিৰ্বাচিত হয় আৰু গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ সদস্যপদ লাভ কৰে৷ তেওঁ বিষ্ণুৰাম মেধি মন্ত্ৰীসভাতো মন্ত্ৰীপদ লাছ কৰিছিল৷ ১৯৬২ চনত তেওঁ নিৰ্বাচনত পৰাজিত হয় কিন্তু বিমলাপ্ৰসাদ চলিহাৰ অনুৰোধত পুনৰ ১৯৬৭ চনত নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হয় আৰু চলিহা মন্ত্ৰীসভাৰ সদস্য হৈ কিছুকাল থাকি তেওঁ সক্ৰিয় ৰাজনীতি ত্যাগ কৰে৷ স্বাধীনতা লাভৰ সময়ত তেওঁ কাছাৰ জিলাক চিলেটৰ লগত সংযুক্ত কৰাৰ বিৰোধীতা কৰিছিল৷

মৃত্যু

১৯৮০ চনৰ ২০ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয়৷

তথ্য সূত্ৰ

Tags:

আব্দুল মতলিব মজুমদাৰ শিক্ষাআব্দুল মতলিব মজুমদাৰ কৰ্মজীৱনআব্দুল মতলিব মজুমদাৰ ৰাজনৈতিক জীৱনআব্দুল মতলিব মজুমদাৰ মৃত্যুআব্দুল মতলিব মজুমদাৰ তথ্য সূত্ৰআব্দুল মতলিব মজুমদাৰইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

আউনীআটী সত্ৰআৱাহন (আলোচনী)কনকলতা বৰুৱাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানঅসমৰ সমস্যাঅসমৰ ধান খেতিৰ সঁজুলিসমূহদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাহৰপ্পাদেউৰী জনগোষ্ঠীকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানহৰণ (গণিত)লেটিন ভাষাকেঁচুসাৰধানফুলগুৰি ধেৱাজীৱনৰ বাটতকামাখ্যা মন্দিৰগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাজোনবিল মেলাজৈৱিক কৃষিঅসমৰ সাধুকথানয়ন নীলিমৰামশৰৎচন্দ্ৰ গোস্বামীমৌখিক পৰম্পৰাডিমাছা জনগোষ্ঠীবাঁহীজেং বিহুঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাবহনক্ষম ভূমি ব্যৱস্থাপনাকৃষ্ণনামঘোষাখ্ৰীষ্টান ধৰ্মকাৰেঙৰ লিগিৰীদৰ্শনশকুন্তলাসংক্ৰমণহীৰেন ভট্টাচাৰ্যবিশ্বনাথ চাৰিআলিলিখন পদ্ধতিবাণিজ্যবাইখো পূজাসুশোভন সোনু ৰায়ৰাজিয়া চুলতানাআধুনিকতাবাদআহোম ৰাজ্যঅতুল চন্দ্ৰ হাজৰিকাবুৰঞ্জী সাহিত্যগুণাভিৰাম বৰুৱাম'হৰ শিঙৰ পেঁপাসোৱণশিৰি নদীঅণুবীক্ষণ যন্ত্ৰঅৰুণোদইসংযুক্ত মুক্তি বাহিনী, অসমগুগলহাড়মুখমৈথুনঅন্নপ্ৰাশনপ্ৰাকৃতিক দুৰ্যোগকীৰ্তন ঘোষা সংকলনতোলনি বিয়াযোৰহাটভাৰতৰ শিক্ষাআৰবী ভাষাহিমালয়সমাজতত্ত্বত্ৰিপিটকসংখ্যামণিকৰ্ণেশ্বৰ দেৱালয়ভট্টদেৱৰ গদ্যশৈলীলোকবিশ্বাসভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহবহনক্ষম উন্নয়নৰ লক্ষ্য🡆 More