আধা লেখা দস্তাবেজ

আধালেখা দস্তাবেজ (ইংৰাজী: Adha Lekha Dastabej) সাহিত্যিক ড॰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। গ্ৰন্থখন ১৯৮৮ চনত প্ৰকাশ পায়। ১৯৬৮ চনৰ জুন মাহৰ দুই তাৰিখে প্ৰসিদ্ধ সাহিত্যক হোমেন বৰগোহাঞিৰ প্ৰেৰণাদায়ক চিঠিয়ে তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল। তেওঁৰ সেই উপদেশতে তেওঁ নিজৰ জীৱন-কাহিনীৰ বিষয়ে কিছু অংশ লিখিবলৈ লৈছিল।

আধা লেখা দস্তাবেজ  
লেখক ড॰ মামণি ৰয়ছম গোস্বামী
প্ৰচ্ছদ শিল্পী মনজিৎ ৰাজখোৱা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় মামণি ৰয়ছম গোস্বামী
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক চন্দ্ৰ প্ৰকাশ (২০১১)
প্ৰকাশ ১৯৮৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২২৩
আই.এচ.বি.এন. 978-81-244-0168-2

১৯৮৬ চনৰ 'অসম বাণী'ৰ বিহু সংখ্যাত 'দস্তাবেজৰ এক অংশ' বুলি তেওঁৰ স্মৃতিৰ কাহিনী এটা প্ৰকাশ পাইছিল। ১৯৭০ চনলৈকে জীৱনত ঘটি যোৱা কিছুমান ঘটনাৰ কাহিনীক লৈ গ্ৰন্থখন ৰচনা কৰিছে।

গ্ৰন্থখনৰ বিষয়বস্তু

আধালেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি। এই গ্ৰন্থখনটো ইয়াৰ চিত্ৰ অংকন প্ৰতিফলিত হৈছে।

লেখিকাৰ চমু পৰিচয়

মামণি ৰয়ছম গোস্বামী হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

আধা লেখা দস্তাবেজ গ্ৰন্থখনৰ বিষয়বস্তুআধা লেখা দস্তাবেজ লেখিকাৰ চমু পৰিচয়আধা লেখা দস্তাবেজ তথ্য সংগ্ৰহআধা লেখা দস্তাবেজ বাহ্যিক সংযোগআধা লেখা দস্তাবেজইংৰাজী ভাষাহোমেন বৰগোহাঞি

🔥 Trending searches on Wiki অসমীয়া:

সাধুকথাশামুকনীলমণি ফুকন (জ্যেষ্ঠ)ভাস্কৰ (প্ৰথম)ঁ (চন্দ্ৰবিন্দু)জামুগুৰিহাটআলোচনীপাৰিপাৰ্শ্বিক সংঘাতএলবাৰ্ট আইনষ্টাইনশাল গছতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰাজনৈতিক দলজৈৱ বৈচিত্ৰ্যজাতীয়তাবাদতলাতল ঘৰপাচন তন্ত্ৰজ্ঞানপীঠ বঁটাঅসমত দেখা পোৱা সাপবোৰবহল ব্যাকৰণবিহুগীতজৈৱিক কৃষিজ্যোতিপ্ৰসাদ ৰচনাৱলীতেজকামৰূপ ৰাজ্যমালিতাভাৰতৰ ইতিহাসভেদাই লতাবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসহিমবাহঅখণ্ড সংখ্যাসাহিত্যঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঘৰ শালিকাবাইখো পূজাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমৰ সত্ৰসমূহৰ তালিকাযোগাসননগাঁও (লোকসভা সমষ্টি)তিনিচুকীয়া জিলাবড়ো ভাষাজাভাসাম্যবাদএহাত ডাবাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক্ৰিকেটলেটিন ভাষাজল প্ৰদূষণকবিতাবাঁহী (আলোচনী)এ পি জে আব্দুল কালামমাতৃভাষাজ'মাট'অসমীয়া লোকসাহিত্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহপৰিমেয় সংখ্যাবংগ বিভাজন (১৯০৫)লুই পেষ্ট'ৰহিমাংশু প্ৰসাদ দাসঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাখামটি জনগোষ্ঠীঅলিম্পিকহেমচন্দ্ৰ গোস্বামীঅসীমত যাৰ হেৰাল সীমাহোমেন বৰগোহাঞিভূপেন হাজৰিকাউদ্বিগ্নতাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅসমৰ গামোচাআকাশবাণী গুৱাহাটীপদুমমহেঞ্জোদাৰো🡆 More