অসমীয়া লোক কবিতা

লোক কবিতা হৈছে লোক সাহিত্যৰ এটা বিশিষ্ট শাখা৷ ছন্দ-অলংকাৰ আৰু ব্যংগ-ব্যঞ্জনাৰে মাৰ্ধুয্য মণ্ডিত লোক সাহিত্যসমূহকেই লোক কবিতা আখ্যা দিয়া হয়৷ লোক কবিতাবোৰ মৌখিকভাৱে প্ৰচলিত হৈ আহিছে। অসমীয়া প্ৰায়বোৰ লোক কবিতাৰেই এক সাংগীতিক মাৰ্ধুয্য আৰু সুৰীয়া লহৰ দেখা যায় আৰু সৰহ সংখ্যক লোক কবিতাকেই গীত বা নাম হিচাপে গোৱা কৰা হয়৷ সেয়ে ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত নামৰ গ্ৰন্থত লোকগীত বুলি লোক কবিতাবিলাকৰে আলোচনা কৰিছে৷

অসমীয়া লোক কবিতাৰ বৈশিষ্ট্য

অসমীয়া লোক কবিতাৰ সাধাৰণ বৈশিষ্ট্যবোৰ হৈছে অনাড়ম্বৰ সৰল ভাষা, ঘৰুৱা চিত্ৰৰ সমাহাৰ, আঞ্চলিক প্ৰকাশভংগী, ভাবৰ মুকলি প্ৰকাশ, সৰল বিশ্বাস আৰু অলৌকিকতাৰ প্ৰকাশ৷ লোক কবিতাবোৰৰ ভাব আৰু ভাষা শৃংখলিত নহয়, সাৱলীল আৰু উন্মুক্তহে৷ লোক কবিতাবোৰত চহা লোকৰ সমাজ-জীৱন আৰু ব্যক্তি-জীৱনৰ মুক্ত প্ৰকাশ ঘটে অকৃত্ৰিমভাৱে৷ তথাপিও ইয়াত সামূহিক জীৱনৰ আশা-আকাংক্ষাৰ প্ৰকাশহে সৰহ৷ লোক কবিতাবোৰ ছন্দোবদ্ধ আৰু ইয়াত অলংকাৰৰ প্ৰয়োভৰ দেখা যায়৷ লোক কবিতাবোৰত ছন্দ বা সুৰৰ লয় ৰাখিবৰ বাবে স্থান বিশেষে মূল ভাবৰ লগত সংগতি থকা বা নথকা একোফাঁকি গৌণ পদ ব্যৱহাৰ কৰা প্ৰায়বোৰ কবিতাতে দেখা যায়।

অসমীয়া লোক কবিতাৰ শ্ৰেণীবিভাজন

অসমীয়া লোক কবিতাবোৰক ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাই তিনিটা ভাগত ভাগ কৰি আলোচনা কৰিছে–

  1. অনুষ্ঠানমূলক
  2. আখ্যানমূলক বা বেলাড
  3. বিবিধ বিষয়ক৷

অন্যহাতে ড॰ প্ৰবীণ শইকীয়াই পৰিৱেশনৰ উপলক্ষ অনুসৰি লোক কবিতাসমূহক দুটা শ্ৰেণীত ভাগ কৰাৰহে পোষকতা কৰিছে–

  1. অনুষ্ঠানমূলক আৰু
  2. অনুষ্ঠান নিৰপেক্ষ আকৌ ড॰ শইকীয়াই বিষয়বস্তুৰ দিশৰ পৰাও ইয়াক দুটা ধাৰাত ভগাইছে–# ধৰ্মীয় ধাৰা আৰু # ধৰ্ম নিৰপেক্ষ ধাৰা৷

অনুষ্ঠানমূলক লোক কবিতা

উৎসৱ পাৰ্বণ আদি নিৰ্দিষ্ট উপলক্ষত সুৰসংগত কৰি আনুষ্ঠানিকভাৱে পৰিৱেশন কৰা লোক কবিতাসমূহেই অনুষ্ঠানমূলক লোক কবিতা৷ যেনে– বিবাহ উপলক্ষে গোৱা বিয়ানাম, বিহুত গোৱা বিহুনাম, আই সকাম উপলক্ষে গোৱা আইনাম, দিহানাম আদি৷ এই অনুষ্ঠানমূলক লোক কবিতাসমূহৰ ভিতৰত যিবোৰ ধৰ্মীয় উপলক্ষত ধৰ্মীয় বিষয়ৰ কথা সম্বলিত লোক কবিতা সেইবোৰেই অনুষ্ঠানমূলক ধৰ্মীয় ধাৰাৰ লোক কবিতা৷ উদাহৰণস্বৰূপে– আইনাম, লখিমী সবাহৰ নাম, অপেছৰা বা অপেছৰী সবাহৰ নাম, হাইদাং গীত আদি৷

আইনাম

বসন্ত ৰোগৰ অধিষ্ঠাত্ৰীদেৱী, যি অসমীয়া সমাজত আই নামেৰে পৰিচিত তেওঁক সন্তুষ্ট কৰিবলৈ পতা আই সকামত গোৱা তান্ত্ৰিক প্ৰভাৱসিক্ত স্তুতি প্ৰাৰ্থনামূলক নামবোৰেই হৈছে আইনাম৷ যেনে–
‘আইৰ চৰণৰে ছায়া
ভয় নকৰিবা তুতিকৈ মাতিবা
আয়ে কৰি যাব দয়া৷’

লখিমী সবাহৰ নাম

ধন-ধানৰ অধিষ্ঠাত্ৰী লক্ষ্মীদেৱীক সন্তুষ্ট কৰিবলৈ অসমীয়া ৰাইজে পতা মাংগলিক অনুষ্ঠান ‘লখিমী সবাহ’ত গোৱা স্তুতি-প্ৰাৰ্থনামূলক গীতসমূহকে লখিমী সবাহৰ গীত হিচাপে জনা যায়৷ যেনে–
‘হাবিতে কান্দিলে শৰে কি হৰিণা জাৰণিত কান্দিলে কুলি৷
পথাৰৰ মাজতে কান্দেনো লক্ষ্মী আই আনোগৈ মূৰতে তুলি৷৷’

অপেছৰা বা অপেছৰী সবাহৰ নাম

অজান কাৰণত বা কোনো ৰোগ ব্যাধিৰ লক্ষণ নেদেখাকৈ সৰু ল’ৰা ছোৱালীৰ শৰীৰ শুকাই খীনাই গ’লে বা কিশোৰীৰ উপযুক্ত বয়সত পুষ্পিতা নহ’লে অপেছৰা বা অপেছৰীৰ দোষ বুলি বিশ্বাস কৰি অপেছৰা বা অপেছৰীক সন্তুষ্ট কৰিবলৈ পতা সবাহত গোৱা স্তুতি-প্ৰাৰ্থনামূলক গীত বা লোক কবিতাসমূহেই হ’ল অপেছৰা বা অপেছৰী সবাহৰ নাম৷ যেনে–
‘ফুলৰে আসনে ফুলৰে বসনে এ আই ৰভাতল আমোলমোলায়৷
আই অপেছৰী ফুলাম পাখি মেলি ডেও দি পূজালৈ যায়৷৷’

হাইদাং গীত

সোণোৱাল কছাৰী লোকসকলৰ ধৰ্মীয় বিশেষত্বপূৰ্ণ এবিধ গীত হ’ল হাইদাং গীত৷ হাইদাং গীত বাথৌ পূজাত পৰিবেশন কৰা হয়৷ যেনে–
‘হা-ই-অ’হ’ নমো নাৰায়ণ
হা-ই-অ’হ’ পিথবী হেনো সৃজাইছে
হা-ই-অ’হ’ আকাশ হেনো সৃজাইছে...’
আকৌ ধৰ্মীয় গণ্ডীৰ বাহিৰৰ কিছুমান অনুষ্ঠানমূলক লোক কবিতাও আছে, সেইবোৰেই হৈছে অনুষ্ঠানমূলক ধৰ্ম নিৰপেক্ষ ধাৰাৰ লোক কবিতা৷ উদাহৰণস্বৰূপে– বিহুনাম, বিয়ানাম, ভেকুলী বিয়াৰ নাম, মহোহো গীত আদি৷

বিয়ানাম

বিবাহ অনুষ্ঠান উপলক্ষে মহিলাসকলে পৰিবেশন কৰা সুৰীয়া লোকগীতসমূহেই হৈছে বিয়ানাম৷ যেনে–
‘কাষে ঘট লোৱা ৰাধা মাথে লোৱা মালা
যমুনালৈ যাব লাগে নকৰিবা হেলা৷’

বিহুনাম

বিহুনাম অসমীয়া লোক সাহিত্যৰ অতি গুৰুত্বপূৰ্ণ উপাদান৷ ব’হাগৰ বিহুটিত আনন্দ প্ৰকাশ কৰি হুঁচৰি গাই গৃহস্থৰ কুশল কামনা কৰোঁতে ঢোল, পেঁপা, টকা, গগণা বজাই নাচি-বাগি গোৱা নামবোৰকে বিহুনাম আখ্যা দিয়া হয়৷ যেনে–
বিহুটি এনুৱা বিহুটি তেনুৱা
বিহুটি আলাসৰ লাৰু,
ব্ৰহ্মা বিষ্ণুৱে বিহুগীত স্ৰজিলে
নকৰি কেনেকৈ পাৰোঁ।

ভেকুলী বিয়াৰ নাম

বহুদিন খৰাং হ’লে বৰষুণ দিবৰ বাবে অসমীয়া ৰাইজে ভেকুলী বিয়া পাতে৷ ভেকুলী বিয়াত গোৱা নামবোৰো অসমীয়া লোক সাহিত্যৰ অন্যতম এক উপাদান৷ ভেকুলী বিয়া নামৰ উদাহৰণ– ‘অ মন তৰা
ৰাইজে পাতিছোঁ ভেকুলীৰ বিয়া
বৰুণদেৱতা বৰষুণ দিয়া৷’

মহোহো গীত

নামনি অসমৰ এক বিশেষ লোক উৎসৱ মহ খেদা উৎসৱত মহোহো গীত গোৱা হয়৷ যেনে–
‘অ’ হৰি মহোহো
মহ খেদ্‌বা টাকোন লৌ...৷’

অনুষ্ঠান নিৰপেক্ষ লোক কবিতা

যিবোৰ গীত-পদ বা লোক কবিতা আনুষ্ঠানিক উপলক্ষ নথকাকৈ স্থান-কাল-পাত্ৰ অনুসৰি সাংস্কৃতিক পৰিৱেশ সৃষ্টিৰ বাবে বা আন প্ৰয়োজনত পৰিবেশন কৰা হয়, সেইবোৰেই অনুষ্ঠান নিৰপেক্ষ লোক কবিতা৷ যেনে– নিচুকনি গীত, ওমলা গীত, বাৰমাহী গীত আদি৷ এই ধৰণৰ অনুষ্ঠান নিৰপেক্ষ লোক কবিতাবোৰতো ধৰ্মীয় আৰু ধৰ্ম নিৰপেক্ষ– এই ধাৰা দুটা দেখা যায়৷ অনুষ্ঠান নিৰপেক্ষ ধৰ্মীয় ধাৰাৰ লোক কবিতাসমূহ হৈছে– টোকাৰী গীত, দেহ বিচাৰৰ গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদি৷

টোকাৰী গীত

টোকাৰী বাদ্যক প্ৰাধান্য দি পৰিবেশন কৰা ভক্তিতত্ত্ব, ভগবানৰ মহিমা, গুৰু ভক্তিৰ মহিমা, বিষয় বাসনাৰ প্ৰতি অনাসক্তি আদি বিষয়ক ধৰ্মগন্ধী গীতবোৰেই হৈছে টোকাৰী গীত৷ টোকাৰী গীতৰ উদাহৰণ–
‘পুত্ৰই মোক নোখোৱাই দেখাতেই চিন
জীয়ে মোক নোখোৱাই আনলৈ দিম৷
ভাৰ্যালৈ হ’ল মোৰ কালৰে বৈৰী
মিছাতে লগালোঁ মই গলত জৰী৷৷'

দেহ বিচাৰৰ গীত

দেহতত্ত্ব আৰু মানৱী জনমৰ অসাৰতাৰ কথাক মূখ্য হিচাপে লৈ গোৱা গীতসমূহেই হ’ল দেহ বিচাৰৰ গীত৷ উদাহৰণ–
‘দেহা এদিনীয়া দেহা দুদিনীয়া দেহাৰ ভাৰসা নাই
এই নৰ দেহা নহয় যুগমীয়া মৰিলে হৈ যাব ছাঁই৷৷’

কামৰূপী আৰু গোৱালপৰীয়া লোকগীত

নামনি অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাত দুই ধৰণৰ লোকগীত প্ৰচলিত হৈ আছে৷ সেয়াই হৈছে কামৰূপী আৰু গোৱালপৰীয়া লোকগীত৷ দুয়োবিধ কিন্তু একে নহয়, কিছু বৈসাদৃশ্য আছে৷ কামৰূপী লোকগীতসমূহ ঘাইকৈ ধৰ্মমূলক৷ যেনে–
‘কানাই পাৰ কৰা হে বেলিৰ পৰিল ছায়া৷
নষ্ট হৈল দধিৰ ভাণ্ড বজাৰ হৈল বয়া৷৷’
অন্যহাতে গোৱালপৰীয়া লোকগীতসমূহত ধৰ্ম-কথাতকৈ বিষয়-বাসনা, জীৱন-যৌৱন, প্ৰণয়-বিৰহ আদি বেছিকৈ দেখা যায়৷ যেনে–
‘একবাৰ হৰি বোল মন ৰসনা৷
মানৱ দেহাৰ গৈৰৱ কৈৰ না৷৷’
অন্যহাতে অনুষ্ঠান নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ ধাৰাৰ লোক কবিতাসমূহ হৈছে– নিচুকনি গীত, মালিতা আদি৷

নিচুকনি গীত

কেচুৱা বা শিশুক ওমলাবৰ বাবে গোৱা নামসমূহেই হ’ল নিচুকনি গীত৷ শিশুক ওমলোৱা, টোপনি অনা আৰু শিশুৰ মনোৰঞ্জনৰ বাবে সৃষ্ট এই শ্ৰেণী গীতো অসমীয়া লোক সাহিত্যৰ এক গুৰুত্বপূৰ্ণ উপাদান৷ নিচুকনি গীতৰ উদাহৰণ–
‘আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ৷
বাৰীৰে বগৰী পকি সৰিব
মইনাই বুটলি খাব৷৷’

মালিতা

মালিতা হ’ল সাংগীতিক ৰূপত পৰিৱেশিত হোৱা একোটা স্বয়ং সম্পূৰ্ণ কাব্য কাহিনী৷ লোক কবিৰ দ্বাৰা ৰচিত আৰু মৌখিকভাৱে প্ৰচলিত এই শ্ৰেণীৰ গীতি-সাহিত্যক ‘কাহিনী কাব্য’, ‘আখ্যানমূলক গীত’ বা ‘বেলাড’ বুলিও কোৱা হয়৷ মালিতাক তিনিপ্ৰকাৰে ভাগ কৰা হয়–

  1. কিংবদন্তীমূলক বা জনশ্ৰুতিমূলক মালিতা
  2. বুৰঞ্জীমূলক মালিতা
  3. কাল্পনিক মালিতা

কিংবদন্তীমূলক বা জনশ্ৰুতিমূলক মালিতাবোৰৰ ভিতৰত ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, কমলা কুঁৱৰীৰ গীত, জনা গাভৰুৰ গীত, কন্যাবাৰমাহী গীত আদি প্ৰধান৷ বুৰঞ্জীমূলক মালিতাৰ ভিতৰত নাহৰৰ গীত, বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য৷ কাল্পনিক মালিতাৰ ভিতৰত তেলটুপী চৰাইৰ জন্মকথা, ঢোলবাদ্যৰ জন্মকথা আদি প্ৰধান৷এইবোৰৰ উপৰিও অসমীয়া লোক কবিতাৰে অন্তৰ্গত ডাকৰ বচন, দৃষ্টান্ত, ফকৰা, মন্ত্ৰ আদিয়েও লোক সাহিত্যৰ ভঁৰাললৈ যথেষ্ট বৰঙণি আগবঢ়াইছে৷ এইবোৰত চহা জীৱনৰ অভিজ্ঞতা, উপদেশ আদি সোমাই থাকে৷ যেনে– ‘এহাত এমুঠন দিবা পোত, তেহে চাবা কলৰ গোট’ [ডাকৰ বচন]; ‘দিনৰ পৰ্বত ৰাতিৰ জুই, তাক নেখেদি থাকিবা শুই [দৃষ্টান্ত] আদি৷

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

  1. ৰাজখোৱা, অৰবিন্দ [সম্পা.] , অসমীয়া কাব্য পৰিক্ৰমা, বনলতা প্ৰকাশ, ডিব্ৰুগড়, তৃতীয় সংস্কৰণ, ২০১৩
  2. শৰ্মা, সত্যেন্দ্ৰনাথ , অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী, দশম সংস্কৰণ, ২০১৮

Tags:

অসমীয়া লোক কবিতা ৰ বৈশিষ্ট্যঅসমীয়া লোক কবিতা ৰ শ্ৰেণীবিভাজনঅসমীয়া লোক কবিতা তথ্যসূত্ৰঅসমীয়া লোক কবিতা গ্ৰন্থপঞ্জীঅসমীয়া লোক কবিতাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তলোকগীতসত্যেন্দ্ৰ নাথ শৰ্মা

🔥 Trending searches on Wiki অসমীয়া:

ৰামায়ণকেতেকীশব্দগীতি-ৰামায়ণআনন্দ চন্দ্ৰ আগৰৱালাব্যাকৰণজলবিদ্যুৎনাৰীশামুকএলবাৰ্ট আইনষ্টাইনমৰুভূমিগুৱাহাটীআহোম জনগোষ্ঠীবিয়া নামপানীশব্দ (অভিধান)ৰাতাবাৰী (বিধানসভা সমষ্টি)লোক-নৃত্যজলসিঞ্চনপুথিভঁৰালপূৰবী বৰমুদৈফেইচবুকলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানসত্যাগ্ৰহকাতি বিহুনামঘৰৰঘুনাথ চৌধাৰীতাল (বাদ্যযন্ত্ৰ)দৰিদ্ৰতামহাদেশআৱাহন (আলোচনী)আগ্নেয়গিৰিশীতল যুদ্ধসমাজতত্ত্বআউনীআটী সত্ৰআজান পীৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাভূগোলশিশু সাহিত্যঅসমৰ তামোল-পাণ সংস্কৃতিভাৰতীয় ভাষাঅসমৰ তেল শোধনাগাৰফুৰালুং ধৰ্মগোৱালপাৰীয়া উপভাষাবুৰঞ্জীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিম’বাইল ফোনজ্যোতিপ্ৰসাদ আগৰৱালাকৃষ্ণচূড়াদৰ্শনডিব্ৰুগড় জিলাভাৰতৰ ৰাষ্ট্ৰপতিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰাজনৈতিক দলভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাধুবুৰী (লোকসভা সমষ্টি)শচীন তেণ্ডুলকাৰনৱ-বৈষ্ণৱ ধৰ্মআৰৱ সাগৰঅব্যয় পদৰাষ্ট্ৰসংঘ দিৱসৰামধেনু (আলোচনী)অসমৰ কুঁহিলা শিল্পকৰ্কট ক্ৰান্তিদাণ্ডী যাত্ৰাঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসীমত যাৰ হেৰাল সীমাকলাএচিদ বৰষুণবহনক্ষম উন্নয়নৰ লক্ষ্যভাৰতীয় ৰেলকপিৰাইটহৰি-হৰ যুদ্ধবৰপেটানীলমণি ফুকন (জ্যেষ্ঠ)যৌন সংক্ৰামক ৰোগ🡆 More