অবিভক্ত গোৱালপাৰা জিলা

অবিভক্ত গোৱালপাৰা জিলা (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল। বৰ্তমানৰ অসম ৰাজ্যৰ পশ্চিম অংশৰ ছয়খন জিলা পূৰ্বতে এই জিলাৰ অন্তৰ্গত আছিল। সেইবোৰ হ'ল: গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা।

ইতিহাস

ঐতিহাসিক পটভূমি

এই অঞ্চলটো প্ৰথম সহস্ৰাব্দত কামৰূপ ৰাজ্যৰ অংশ আছিল। কামৰূপ ৰাজ্যৰ বিভাজনৰ পিছত, অঞ্চলটো কমতা ৰাজ্যৰ অধীনলৈ আহে। ১৪৯৮ চনত, আলাউদ্দিন হুছেইন শ্বাহৰ কমতা বিজয়ৰ ফলত অঞ্চলটো বংগ চুলতানীৰ অন্তৰ্ভুক্ত হৈ পৰে। বংগ চুলতানিত থকা সময়ত অঞ্চলটো ৰাঙামাটি নামেৰে জনাজাত আছিল। ১৫০৫-০৯ চনৰ ভিতৰত অসমৰ বাৰ ভূঞাসকলে হুছেইন শ্বাহৰ পুত্ৰ আৰু কমতাৰ শাসক শ্বাহজাদা দানিয়াল ওৰফে দুলাল গাজীক পৰাস্ত কৰি অঞ্চলটোৰ নিয়ন্ত্ৰণ লৈছিল। তাৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশে তেওঁলোকক উৎখাত কৰে অঞ্চলটোৰ নিয়ন্ত্ৰণ লয়।

ষোড়শ শতিকাৰ শেষৰ ফালে কোচ ৰাজ্য ভাঙি যায় আৰু এই অঞ্চল কোচ হাজো ৰাজ্যৰ অংশ হৈ পৰে। আহোম-মোগল সংঘাত আৰম্ভ হোৱাৰ পিছত (১৬১৯-১৬৮২) মোগল সাম্ৰাজ্যই অঞ্চলটো জয় কৰি বংগ চুবাহৰ লগত সংযুক্ত কৰে । ১৬৫৮ চনৰ আশে-পাশে এই অঞ্চলটো প্ৰায় তিনি বছৰ আহোম ৰাজ্যৰ প্ৰভাৱত আছিল। কিন্তু অঞ্চলটো কেতিয়াও আহোম ৰাজ্যৰ নিয়মীয়া অংশ নাছিল। মোগলৰ অধীনত ইয়াৰ প্ৰশাসনিক এলেকা চৰকাৰ ঢেকুৰী নামেৰে গঠিত হয়। ১৭৬৫ চনত বংগত নৱাবী শাসন পতনৰ পিছত বংগৰ বাকী অংশৰ লগতে এই অঞ্চলটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণলৈ আহে। সেই সময়ত, তেওঁলোকে ৰংপুৰ প্ৰশাসনৰ অধীনত অঞ্চলটো পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ সেই সময়ৰ পৰা গোৱালপাৰা ৰংপুৰ জিলাৰ অংশ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সীমান্ত নীতিৰ অংশ হিচাপে, ১৮১৬ চনৰ কিছু সময়ৰ পিছত "ৰংপুৰৰ উত্তৰ-পূব অংশ" নামৰ এক বিশেষ প্ৰশাসনিক অঞ্চল গঠন কৰা হৈছিল। ১৮২২ চনৰ জানুৱাৰী মাহত ডেভিড স্কটক ইয়াৰ অসামৰিক আয়ুক্ত হিচাপে নিযুক্ত কৰা হয়।

গোৱালপাৰা গঠন

তথ্যসূত্ৰ

সন্দৰ্ভ

 

Tags:

অবিভক্ত গোৱালপাৰা জিলা ইতিহাসঅবিভক্ত গোৱালপাৰা জিলা তথ্যসূত্ৰঅবিভক্ত গোৱালপাৰা জিলা সন্দৰ্ভঅবিভক্ত গোৱালপাৰা জিলাঅসমঅসমৰ জিলাসমূহঔপনিৱেশিক অসমকোকৰাঝাৰ জিলাগোৱালপাৰা জিলাচিৰাং জিলাদক্ষিণ শালমাৰা-মানকাচৰ জিলাধুবুৰী জিলাবঙাইগাঁও জিলাবেংগল প্ৰেচিডেঞ্চিব্ৰিটিছ ৰাজ

🔥 Trending searches on Wiki অসমীয়া:

ব’হাগছুনামিবৰ্মণ ৰাজবংশইষ্ট ইণ্ডিয়া কোম্পানীনেপালঅণুগল্পবাজেটকামৰূপ ৰাজ্যঅখণ্ড সংখ্যাজেং বিহুপৃথিৱীঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাআনন্দ চন্দ্ৰ আগৰৱালাঅসমীয়া বৰ্ণমালাআফগানিস্তানঅসমৰ গামোচাঅসমৰ তেল শোধনাগাৰসূৰ্যকুমাৰ ভূঞাজৈৱ বৈচিত্ৰ্যবৈচাগুইন্দিৰা মিৰিফুলকাৰেংঘৰসাম্যবাদলাচিত বৰফুকনমহাভাৰতঅযোধ্যা (পৌৰাণিক নগৰ)ভগদত্তসন্ধ্যাৰাগ (চলচ্চিত্ৰ)অন্নপ্ৰাশননলবাৰী জিলাকুলধৰ শইকীয়াবিশেষ শিক্ষাঅসম সাহিত্য সভাশ্ৰী সূৰ্য পাহাৰপদ (ব্যাকৰণ)ব্ৰহ্মপুত্ৰ নদআহোম-মোগলৰ সংঘৰ্ষঅসমীয়া ভাষাপোৱামক্কাঅসমৰ পুৰণি স্থাপত্যছিৰিমাভো বন্দৰনাইকেঅসমীয়া প্ৰতিদিনধৰিত্ৰী দিৱসভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যৰমন্যাসবাদৰাষ্ট্ৰসংঘগণিতকৃত্ৰিম বুদ্ধিমত্তামোগল সাম্ৰাজ্যঋতুচামেলি মেমচা'বগমধৰ কোঁৱৰচিলাৰায়অপভ্ৰংশবাণীকান্ত কাকতিপাৰিপাৰ্শ্বিক সংঘাতইন্দ্ৰতথ্যকোচ ৰাজবংশীসতী সাধনীত্ৰিভুজব্ৰহ্মপুত্ৰ উপত্যকাদেওপাহাৰসদৌ অসম ছাত্ৰ সন্থাপাঠ্যক্ৰমমৃণাল কলিতাপ্ৰতিমা (কাব্য গ্ৰন্থ)ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫আকবৰভাৰতৰ শিক্ষাগোলাঘাট জিলাফকৰা যোজনাগণতন্ত্ৰভাৰতৰ প্ৰধানমন্ত্ৰী🡆 More